Posts

Showing posts from May, 2023

বৰপেটা সত্ৰ আৰু মথুৰাদাস বুঢ়াআতা

  শ্ৰীমন্ত শংকৰদেৱে ১৪৪৯ চনত জন্মলাভ কৰাৰ পৰা ১৫৪৬ চনলৈ   উজনি অসমতে ধৰ্ম প্ৰচাৰ কৰিছিল ৷   কৰ্মকাণ্ডী ব্ৰাহ্মণ সকলৰ আৰু স্বৰ্গদেউ চুহুংমুঙ আৰু চুক্লেংমুংৰ অত্যাচাৰ সহিব নোৱাৰি গুৰুজনাই ৯৭ বছৰ বয়সত ধূৱাহাটৰ পৰ কোচ ৰাজ্যৰ   পিনে ৰাওনা হয় ৷ তেৰাৰ শেষ জীৱনৰ প্ৰায় ১৮ বছৰ ৬ মাহ   কাল বৰপেটাৰ গাতে লাগি থকা পাটবাউসীত     কটায় ৷   একেদৰে মাধৱদেৱে প্ৰায় ৪০ বছৰ কাল বাস কৰে ক্ৰমে বাৰাদী, গণককুচী, সুন্দৰীদিয়া আৰু বৰপেটা সত্ৰত ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰাপ্তিৰ পিছত   মাধৱদেৱে ধৰ্মপ্ৰচাৰৰ সুবিধাৰ্থে অসমক তিনি ভাগত বিভক্ত কৰিছিল ৷ উজনিৰ ফালে ধৰ্বপ্ৰচাৰৰ দায়িত্বত আছিল পদ্মআতা, মধ্যমখণ্ডৰ দায়িত্বত মথুৰাদাস বুঢ়াআতা আৰু নামনিৰ ফালে অৰ্থাৎ কোচবে হাৰলৈ দায়িত্বত শ্ৰীশ্ৰী মাধৱদেৱ নিজে ৷ এই তিনিৰাজ্যৰ কেন্দ্ৰবিন্দু আছিল বৰপেটা সত্ৰ ৷ সেয়েহে এই সত্ৰক তিনিও ৰাজ্যৰ বন্দনী বুলি কোৱা হয় ৷ ইংৰাজ আমোলৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ছাৰ এডৱাৰ্ড গেইটে ১৮৮২ চনত নগাওঁত সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰে ৷ অসমত কাৰ্যনিৰ্বাহ কৰা সময়খিনিত গেইটে অসম বুৰঞ্জী নতুন ধৰনে অধ্যয়...

Artificial Intelligence : Challenges and Opportunities

  A few days ago, Artificial Intelligence (AI) generated art created by Chinmoy Barma, Engineer turned Film Director became viral in social media. The pictures were created through AI depicting ghost and demon viz. Bordoisila, blood thirsty Pixas, Jokhini, Burha Dangoriya etc from Assam Folklore. Many of us were not satisfied with the pictures he portrayed through AI as because we have   different pictures of Lady Bordoloisila in our imagination the way she came to meet her mother from her husband’s home creating thundering and storm. In case, I use the same AI tool to portray Bordoisila definitely it will be of different art than that of Mr Barma. There are several AI generator apps available in the play store that can be used to create multiple images by entering text describing about the art that is in your mind. Lensa, Wonder, Fotor, Deep art are a few example of AI apps. Sometimes we have an imagination to draw an art in a canvas, but we can not draw or sometime it does n...

জোনমনি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু আৰু সামাজিক মাধ্যম

  মে’ মাহৰ আৰম্ভণিৰ পৰা অসমৰ সংবাদ জগত, টেলিভিচন, নিউজ পৰ্টেল, সামাজিক মাধ্যম গৰম খবৰেৰে ভৰি আছে ৷ যোৱা ৪ মে’ত বাতৰি ওলাল জনপ্ৰিয় মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডা° সংগীতা দত্তৰ কণমানি সন্তানৰ ওপৰত অত্যাচাৰ চলোৱাৰ কাহিনী ৷ তাৰ লগে লগে চিকিৎসক দম্পতীহালক আটক কৰা হয় ৷ সেই ঘটনাৰ লগতে চিকিৎসক দম্পতীহাল   বিভিন্ন অনৈতিক কামৰ মাজত সাঙোৰ খাই পৰে – আইনী প্ৰক্ৰিয়াৰ সহায়ত সন্তানদুটি তুলি লোৱা নাছিল, কণমানি সন্তানদুটিক শৰীৰিক অত্যাচাৰৰ লগতে যৌনসম্পৰ্ক, চাৰোগেচী ইত্যাদি অনেক কথা পোহৰলৈ আহিল ৷ অসমৰ অধিকাংশ লোকৰ মগজু গৰম কৰি ৰখা এই বাতৰিয়ে বহুতকে আমোদ দিয়ে ৷ মানুহৰ কল্পনাই ঢুকি নোপোৱা কথাবোৰ বাস্তৱত দেখি জনসাধাৰণে বিস্ময়ত হতবাক হৈ পৰে ৷ ৰাস্তাই ঘাটে, বজাৰত, চাহমেলত মানুহৰ আলোচনাৰ এক নতুন বিষয় হৈ পৰে চিকিৎসক দম্পতী ৷ দুদিন আগলৈ যাক মূৰৰ ওপৰত তুলি থৈছিল তেওঁলোকৰ কুৎসা ৰটনাত সকলোৱে উঠি পৰি লাগিল ৷ সেই ঘটনাই ৰাজ্যখনত তোলপাল লগোৱাৰ দহ দিন পাছতে ওলাল নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক জোনমনি ৰাভাৰ মাজনিশা পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ বাতৰি ৷ ১৬ মে’ ৰ পৰা   অসমৰ সংবাদ মাধ্যম, সামাজিক মা...

আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন !

  অসমীয়া ভাষাৰ  শ্ৰেষ্ঠ কবিতাৰ ভিতৰত এটা হ’ল অজিত বৰুৱাৰ জেংৰাই ১৯ ৬ ৩ ৷ কবিতাটোৰ মাজৰ তিনিটা লাইন আছিল এনেধৰণৰ “ আমি অন্ধবিশ্বাসী-/ কেৱল/ আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন!” বিংশ শতিকাত লিখা কবিতাটোৰ এই কথাখিনি আজিও সমানে প্ৰাসংগিক ৷ আমি প্ৰায় সকলোৱে কিছু পৰিমাণে হ’লেও অন্ধবিশ্বাসী, কিন্তু সেই অন্ধ বিশ্বাসো নিৰন্ধ্ৰ অন্ধ নহয় ৷ অন্ধ বিশ্বাসৰ মাজতে আমি বিজ্ঞান মনস্কতাৰ কথাও কওঁ ৷ সকলো কথাতে যুক্তি বিচাৰোঁ ৷ একৈশ শতিকাত মানৱজাতি সভ্যতাৰ উচ্চ শিখৰত উঠা বুলি দাবী কৰাৰ পাছতো আমাৰ মাজত এতিয়াও জীয়াই আছে ডাইনী, ওজা, জাৰা-ফুঁকা আদি অন্ধবিশ্বাস সমূহ ৷ প্ৰায় বাৰ হাজাৰ বছৰ আগৰ পৰা মানৱজাতিয়ে চিকাৰ কৰিব এৰি কৃষিজিৱী হ’ল ৷ তেতিয়াৰ পৰা অঘৰী জীৱন ত্যাগ কৰি মানুহে  সমাজ পাতি সভ্য ভাৱে জীৱন নিৰ্বাহ কৰিবলৈ ল’লে ৷ সমাজ পাতি থাকিবলৈ আৰম্ভ কৰাৰ লগতে মানুহৰ মনলৈ অহা বিশ্বাস আৰু লোকবিশ্বাস পৰম্পৰাগত ভাবে এটা পীড়িৰ পৰা আন এটা পীড়িলৈ চলি থাকে । এই বিশ্বাস বা লোকবিশ্বাসৰ মাজত অন্ধবিশ্বাসো সোমাই পৰে । অন্ধবিশ্বাসৰ অৰ্থ হৈছে আধুনিক বিজ্ঞানেৰে বিশ্লেষণ কৰিব নোৱৰা যিকোনো বিশ্বাস বা ...

জাপানী সাহিত্য আৰু হাৰুকি মুৰাকামি

  জাপানী সাহিত্যৰ ইতিহাস গ্ৰীক সাহিত্যতকৈ কেইবা শতক পিছৰ ৷ পঞ্চম আৰু ষষ্ঠ শতিকাত   বৌদ্ধ ধৰ্মৰ সংস্পৰ্শত জাপানী সাহিত্যৰ উত্থান আৰম্ভ হয়। এই সময়ছোৱাত চীনৰ পৰা কেইবাখনো কিতাপ জাপানী ভাষালৈ অনূদিত হয় । অষ্টম শতিকাৰ শেষৰ ফালে জাপানত আৰম্ভ হোৱা হেইয়ান যুগ বাৰ শতিকালৈ বিস্তৃত আছিল ৷ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত এই যুগক জাপানৰ সোণালী যুগ বুলি কোৱা হয় । এঘাৰ শতিকাত মুৰাচাকি শিকিবুৰ “ডা টেল অব গেঞ্জি“ হৈছে   জাপানী কল্পকাহিনীৰে লিখা অন্যতম শ্ৰেষ্ঠ ৰচনা আৰু এইখনে বিশ্বৰ আটাইতকৈ পুৰণি উপন্যাস হিচাপে বহুতে ক’ব খোজে ৷ মন কৰিবলগীয়া কথা এইটো যে শিকিবু আছিল এগৰাকী মহিলা ৷ জাপানত সেই সময়তে মহিলাৰ স্থান কিমান উচ্চ আছিল ইয়ে এক প্ৰমাণ ৷ আধুনিক জাপানী সাহিত্যৰ আৰম্ভণি ঘটে মেইজি যুগত (১৮৮ ৬ চনৰ পৰা -১৯১২ চনলৈ) ৷ এই সময়ছোৱাত   জাপানে ইয়াৰ দীঘলীয়া যুদ্ধ-বিগ্ৰহৰ পৰা আঁতৰত থাকি বহি:ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু দ্ৰুতগতিত ঔদ্যোগিকৰণৰ দিশে আগবাঢ়ে। ইউৰোপীয় সাহিত্যৰ লগত ভালদৰে পৰিচিত হোৱাৰ ফলত জাপানী সাহিত্যত মুক্ত চিন্তাধাৰাৰ আগমন ঘটে ৷ যুৱ জাপানী লেখক আৰু কবিসকলে লিখনিৰ মাজত অসংখ...

গুৱাহাটীত ফ্লেট বিক্ৰীৰ নামত প্ৰবঞ্চনা

     প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইৰ পৰা হেজাৰ বিজাৰ মানুহ গুৱাহাটীত বসবাস কৰিবলৈ লয় - কোনোবাই চাকৰি সুত্ৰে, আন কোনোবাই ব্যৱসায়ৰ বাবে ৷ সেই সকলো মানুহৰে মনত একান্ত ইচ্ছা তেওঁলোকে কাম কৰা চহৰখনতে এটা সৰুকৈ হ’লেও ঘৰ সাজি থাকিবলৈ ৷ ঘৰ সাজিবলৈ প্ৰথমে প্ৰয়োজন এডোখৰ মাটিৰ ৷ গুৱাহাটী চহৰত মাটিৰ যি জুই-ছাই দাম, কিনাৰ সাধ্য দুই-এজনৰ হে থাকে ৷ মাটি কিনিলেও হয় পাহাৰৰ ওপৰত, নহ’লে মহানগৰৰ নিলগত পথাৰৰ মাজত ৷ বাট-পথ হোৱালৈ বছৰ বছৰ ধৰি ৰৈ থাকিব লাগে ৷ আনফালে মাটি কিনিবলৈ বেঙ্কৰ ঋণ পোৱা নাযায় ৷ তেনে সময়তে বিংশ শতিকাৰ শেষৰ ফালে গুৱাহাটীত আৰম্ভ হয় এপাৰ্টমেণ্টৰ নিৰ্মাণ ৷ লাহে লাহে মানুহে ফ্লেট কিনিবলৈ ল’লে ৷ ফ্লেটত থাকি অভ্যস্ত হ’বলৈ ল’লে ৷   দিনে দিনে ফ্লেটৰ চাহিদা বাঢ়িবলৈ ধৰে ৷ এতিয়া চহৰৰ চুকে কোণে সকলোতে দেখিবলৈ পোৱা যায় ডাঙৰ-সৰু এপাৰ্টমেণ্টবোৰ ৷ গুৱাহাটীত চাকৰি সূত্ৰে থকা ত্ৰিশ বছৰ পাৰ হ’ল ৷ মোৰো এপাৰ্টমেণ্ট কিনাৰ কিছু অভিজ্ঞতা হ’ল ৷ সেই অভিজ্ঞতাৰ পৰা দেখা গৈছে যে এপাৰ্টমেণ্টৰ বিল্ডাৰ বা প্ৰম’টাৰ বোৰক তিনি ভাগত ভগাব পাৰি ৷ প্ৰথম শ্ৰেণীৰ বিল্ডাৰ সকলে বিস্তৃত এলেকা লৈ কেইবাটাও এপাৰ্টমে...

শ্বেইক্সপীয়েৰৰ নাটকত বিষাদগ্ৰস্ততা

  ইংৰাজী ভাষা ৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে স্বীকৃতি পোৱা উইলিয়াম শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল ২৬ এপ্ৰিল, ১৫৬৪ চনত আৰু মৃত্য হৈছিল ২৩ এপ্ৰিল ১৬১৬ চনত ৷   জন্মৰ তাৰিখ আৰু মৃত্যুৰ তাৰিখৰ ব্যৱধান তিনি দিনৰ যদিও তেখেতৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী পৰম্পৰাগতভাৱে ২৩ এপ্ৰিলত পালন কৰা হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় কবি বুলি কোৱা হয় । তেওঁৰ অমৰ সৃষ্টিৰ ভিতৰত আছে ৩৮ খন নাটক আৰু ১৫৪ টা চনেট ৷ তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় সকলো ভাষালৈ অনূদিত হৈছে আৰু ক’বলৈ গ’লে পৃথিৱীৰ সকলো ৰঙ্গমঞ্চতে এখন হ’লেও শ্বেইক্সপীয়েৰৰ নাটক   মঞ্চস্থ হৈছে । শ্বেইক্সপীয়েৰে তেওঁৰ বেছিভাগ লিখনি ১৫৮৯ আৰু ১৬১৩ৰ মাজত ৰচনা কৰে। প্ৰথমাৱস্থাত তেওঁ মূলত মিলনান্তক আৰু ইতিহাসমূলক নাট লিখে । তাৰ পিছত তেওঁ হেমলেট, কিং লীয়াৰ, অ’থেলো, মেকবেথ আদি বিয়োগান্তক নাট লিখে যাক  ইংৰাজী ভাষা ৰ উৎকৃষ্ট সাহিত্য কৰ্মৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। মৃত্যুৰ দুদিন পিছত শ্বেইকছপীয়েৰক ইংলেণ্ডৰ ৱাৰৱিকশ্বায়াৰৰ হোলী ট্ৰিনিটি চাৰ্চত   সমাধিস্থ কৰা হয় । শ্বেইক্সপীয়ে...