আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন !
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ
কবিতাৰ ভিতৰত এটা হ’ল অজিত বৰুৱাৰ জেংৰাই ১৯৬৩ ৷ কবিতাটোৰ মাজৰ তিনিটা লাইন আছিল এনেধৰণৰ “আমি অন্ধবিশ্বাসী-/ কেৱল/ আমাৰ অন্ধবিশ্বাস
যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন!” বিংশ শতিকাত লিখা কবিতাটোৰ এই কথাখিনি আজিও সমানে প্ৰাসংগিক
৷ আমি প্ৰায় সকলোৱে কিছু পৰিমাণে হ’লেও অন্ধবিশ্বাসী, কিন্তু সেই অন্ধ বিশ্বাসো নিৰন্ধ্ৰ
অন্ধ নহয় ৷ অন্ধ বিশ্বাসৰ মাজতে আমি বিজ্ঞান মনস্কতাৰ কথাও কওঁ ৷ সকলো কথাতে যুক্তি
বিচাৰোঁ ৷ একৈশ শতিকাত মানৱজাতি সভ্যতাৰ উচ্চ শিখৰত উঠা বুলি দাবী কৰাৰ পাছতো আমাৰ
মাজত এতিয়াও জীয়াই আছে ডাইনী, ওজা, জাৰা-ফুঁকা আদি অন্ধবিশ্বাস সমূহ ৷
প্ৰায় বাৰ হাজাৰ বছৰ আগৰ পৰা মানৱজাতিয়ে
চিকাৰ কৰিব এৰি কৃষিজিৱী হ’ল ৷ তেতিয়াৰ পৰা অঘৰী জীৱন ত্যাগ কৰি মানুহে সমাজ
পাতি সভ্য ভাৱে জীৱন নিৰ্বাহ কৰিবলৈ ল’লে ৷ সমাজ পাতি থাকিবলৈ আৰম্ভ কৰাৰ লগতে মানুহৰ
মনলৈ অহা বিশ্বাস আৰু লোকবিশ্বাস পৰম্পৰাগত ভাবে এটা পীড়িৰ পৰা আন এটা পীড়িলৈ চলি থাকে
। এই বিশ্বাস বা লোকবিশ্বাসৰ মাজত অন্ধবিশ্বাসো সোমাই পৰে । অন্ধবিশ্বাসৰ অৰ্থ
হৈছে আধুনিক বিজ্ঞানেৰে বিশ্লেষণ কৰিব নোৱৰা যিকোনো বিশ্বাস বা অনুশীলন । অন্ধবিশ্বাস প্ৰায়ে এখন সমাজৰ পৰা আন এখন সমজলৈ পৃথক হয় ।
ক’লা মেকুৰী ৰাস্তাৰে পাৰ হোৱা মানে বিপদৰ আগজাননী দিয়া বা কাউৰীয়ে ঘৰৰ মূধচত কা কা
চিঞৰিলে আলহী ঘৰলৈ আহা আদি হ’ল অন্ধবিশ্বাস ৷
আইনা এখন হাতৰ পৰা পৰি ভাঙি যোৱা মানে নিজলৈ বছৰ দিন ধৰি দুৰ্ভাগ্য নামি আহা
এই অন্ধবিশ্বাস কেৱল ভাৰততে নহয় বিশ্বৰ বহু ঠাইত আছে ৷ এই অন্ধবিশ্বাসৰ ভিতৰত কোনো
ব্যক্তিক ডাইনী সজাই অত্যাচাৰ কৰা, গাঁৱৰ পৰা খেদি দিয়া বা হত্যা কৰা হ’ল আটাইতকৈ ঘৃণনীয়
কাণ্ড ৷ এখন গাঁৱত যদি কেইবাজনৰ দেহত একেলগে
ৰোগ দেখা দিয়ে, গাঁৱৰ পোহনীয়া গৰু, ছাগলী মৃত্যু মুখত পৰে, আজাৰৰ প্ৰাদূৰ্ভাৱত বহুজনৰ
মৃত্যু হয়, তাৰ কাৰণ হিচাপে গাঁৱৰ এজনী মহিলা বা এজন পুৰুষক যাদুকৰী বা মায়াবী শক্তিৰ অধিকাৰী বুলি ডাইনী হিচাপে চিহ্নিত কৰা হয় ৷
মধ্যযুগৰ ইউৰোপৰ এক ক’লা
ইতিহাস আছে য’ত হাজাৰ হাজাৰ নিৰপৰাধী লোকক ডাইনী সজাই অমানৱীয় অত্যাচাৰ চলাই হত্যা
কৰা হৈছিল ৷ গাঁৱৰ স্থানীয় বিচাৰক আৰু পুৰোহিতসকলে ডাইনীৰ ন্যায় বিচাৰৰ নামত মৃত্যুদণ্ডেৰে
দণ্ডিত কৰিছিল । ১৪৫০ চনৰ পৰা ১৭৫০ চনৰ ভিতৰত
ইউৰোপত প্ৰায় ৩৫ হাজাৰ লোকক ডাইনী সজাই হত্যা কৰা হৈছিল ৷ কেৱল সন্দেহৰ আৱৰ্তত ৰাখি
সেই নিৰপৰাধী মানুহৰ হত্যা সংঘটিত হৈছিল ৷ বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহৰ মনৰ পৰা
অন্ধবিশ্বাস নোহোৱা হ’ল আৰু ওঠৰ শতিকাৰ পাছত ইউৰোপত ডাইনী হত্যাৰ ঘটনা বন্ধ হয় ৷
ব্ৰিটিছৰ
আমোলত ভাৰতত সতী যোৱা প্ৰথা, ডাইনী সন্দেহত
ঘটা অজস্ৰ ঘটনা পোহৰলৈ আহে ৷ বিশেষকৈ চাওঁতাল
অধ্যুষিত অঞ্চলত ডাইনী সন্দেহত হত্যা বা অমানৱীয় অত্যচাৰ চলোৱা হৈছিল ৷ ব্ৰিটিছ কৰ্তৃপক্ষই
সমগ্ৰ পূৱ ভাৰতত ১৮৪০ চনৰ পৰা ১৮৬০ চনৰ ভিতৰত ডাইনী হত্যাৰ
ওপৰত কেইবাটাও নিষেধাজ্ঞা জাৰি কৰে । এই নিষেধাজ্ঞাবোৰে ধৰ্মগুৰু আৰু আধ্যাত্মিক গুৰুক
লক্ষ্য কৰি লৈছিল যিয়ে গাঁৱত ডাইনী সজাই অত্যাচাৰ
চলাইছিল ৷ চন ১৮৫৫ আৰু ১৮৫৭ ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে কৰা চাওঁতাল বিদ্ৰোহৰ
সময়ত, চাওঁতাল গাঁওবোৰত নেতা সকলে ডাইনীৰ নামত বহুতো মহিলাক অমানৱীয় অত্যাচাৰ কৰা দেখিবলৈ
পোৱা যায় ৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত উপনিৱেশ পতা সময়ত উত্তৰ ভাৰতৰ বহু ঠাইত চলি
থকা সতী যোৱা প্ৰথাও আছিল এক ঘৃণনীয় অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰিণতি ৷ ব্ৰিটিছ শাসনৰ অধীনত ভাৰতত সতী যোৱা প্ৰথাৰ দৰে
বহুতো অন্ধবিশ্বাস নোহোৱা হৈছিল বা কমি আহিছিল ৷ কিন্তু ডাইনী সন্দেহৰ দৰে অন্ধবিশ্বাস
স্বাধীনোত্তৰ ভাৰতবৰ্ষত দুৰাৰোগ্য ব্যাধিৰ দৰে বহু অঞ্চলত থাকি গ’ল ৷ বিশেষকৈ ঝাৰখণ্ড,
অসম, বিহাৰৰ দৰে ৰাজ্যবোৰত আজিও ডাইনী হত্যাৰ খবৰ শুনিবলৈ পোৱা যায় ৷
বিজ্ঞানৰ উত্তৰণৰ লগে লগে আমাৰ জীৱনধাৰা সলনি হৈ পৰিল
৷ স্বাস্থ্য খণ্ডত আজি আমূল পৰিবৰ্তন দেখিবলৈ পাইছোঁ ৷ ৰব’টিক চাৰ্জাৰী, অৰ্গেন ট্ৰান্সপ্লেণ্টেচন
দৰে চিকিৎসা অসমতে সহজে কৰিব পৰা হৈছে ৷ স্বাস্থ্যসেৱা খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ
ব্যৱহাৰে সঠিককৈ সম্ভাব্য ৰোগৰ ভৱিষ্যতবাণী কৰিব পৰা হৈছে ।
স্বাস্থ্যখণ্ডত উন্নত প্ৰযুক্তিৰ প্ৰয়োগে মানুহক এনেদৰে ভাবিবলৈ বাধ্য কৰাইছে যে
মানুহে ১২০ বছৰ কিয় ১৫০ বছৰীয়া জীৱন যাপন কৰা সম্ভৱ হৈ পৰিব ৷ কিন্তু তাৰ মাজতো অসমত
এনে কিছু অঞ্চল আছে য’ত চিকিৎসাৰ বাবে
হাস্পতালৰ পৰিবৰ্তে ওজাৰ ওচৰলৈ যায় ৷ ওজাই জৰা-ফুঁকা কৰি বা বীৰা জাতীয় অলৌকিক
শক্তিৰে ৰোগীৰ দেহত প্ৰবেশ কৰা অপশক্তিক খেদি পঠিয়াই ৰোগ নিৰাময় কৰিব পাৰে বুলি
জনসমাজত বিশ্বাস আজিও বিৰাজমান ৷
Good
ReplyDelete