নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা
চিত্তৰঞ্জন ওজা
“The empowered woman is powerful beyond
measure and beautiful beyond description.' -Steve Maraboli
মানৱ সৃষ্টিৰ মূল উৎস হৈছে নাৰী৷ নাৰী হ’ল শক্তিৰ স্বৰূপ৷ নাৰী অবিহনে সকলো অসাৰ৷ অথচ ৰামায়ত-মহাভাৰতৰ
দিনৰ পৰা বৰ্তমানৰ সময়লৈ নাৰী নিৰ্যাতিত হৈ আহিছে৷ শিক্ষাৰ প্ৰচাৰ, সমাজ সচেতনতা, অৰ্থনৈতিক
উন্নয়নৰ পিছতো সকলো ধৰ্ম, ভাষা, জাতি-জনগোষ্ঠীয় লোকৰ মাজত নাৰী নিৰ্যাতনৰ ঘটনা ঘটিয়ে
আছে৷
নাৰী নিৰ্যাতন ৰোধ কৰিবলৈ কেইবাখনো আইন চৰকাৰে প্ৰণয়ন কৰিছে৷ বহু
চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানে এই ক্ষেত্ৰত কাম কৰি আছে৷ কিন্তু কাৰ্য্যক্ষেত্ৰত দেখা
গৈছে যে বহুতো শিক্ষিত নাৰী এই আইনবোৰৰ বিষয়ে জ্ঞাত নহয়৷ সেয়ে এই লিখনিৰ জৰিয়তে একবিংশ
শতিকাত চৰকাৰে প্ৰণয়ন কৰা দুখন আইনৰ বিষয়ে সম্যক ধাৰণা দিবলৈ প্ৰয়াস কৰিলোঁ৷
এই আইন দুখন হ’ল:
১)ঘৰুৱা হিংসা আইন ২০০৫ আৰু:
২) কৰ্মস্থানত যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ)
আইন–২০১৩
অকল স্বামীৰ গৃহতে নহয়, নাৰী নিজৰ পিতৃগৃহতো নিৰ্যাতিত হ’ব পাৰে৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুযায়ী ভাৰতৰ ৩১%
মহিলা (১৫ বছৰৰ ওপৰৰ) ঘৰুৱা হিংসাৰ সন্মুখীন হয়৷ তাৰ ১০% মহিলাই হে আইনৰ ওচৰ চাপে আৰু
৯০% ই নীৰৱে সহ্য কৰি যায়৷ নিৰ্যাতিত মহিলাই ঘৰুৱা হিংসা আইন ২০০৫ জৰিয়তে মহিলা সুৰক্ষা
বিষয়া আৰু তেখেতৰ কৰ্মীবৃন্দ, আশ্ৰয় গৃহ, আৰক্ষী তথা চিকিৎসা বিষয়া বা কোনো পঞ্জীভুক্ত
মহিলা সংগঠনৰ সহায় লাভ কৰিব পাৰে যাৰ দ্বাৰা নিৰ্যাতিত মহিলাগৰাকী সাময়িকভাবে কিছু
আইনী সুৰক্ষা পাব পাৰে৷ দ্বিতীয়তে, এই আইনে নিৰ্যাতিত মহিলা গৰাকীক স্বামীৰ গৃহত বাস
কৰাৰ সুবিধা প্ৰদান কৰে৷ তৃতীয়তে, মহিলাগৰাকীক ভীতি প্ৰদৰ্শন কৰি যৌতুক দাবী কৰা, কৰ্মস্থান
আৰু আন স্থানত ভাবুকি প্ৰদান কৰা আৰু মহিলাগৰাকীক সহায় কৰা পৰিয়ালৰ লোক বা আন লোকক
অসুবিধা দিব নোৱৰা আদি আইনখনৰ কেইটামান ইতিবাচক দিশ৷ মহিলা সুৰক্ষা বিষয়া, আশ্ৰয় গৃহ
ইত্যাদিয়ে সাময়িকভাবেহে মহিলাগৰাকীক সুৰক্ষা বা আশ্ৰয় প্ৰদান কৰে৷ আশ্ৰয় গৃহত মহিলাগৰাকীয়ে
অধিকতম ছমাহৰ বাবে আশ্ৰয় পায় আৰু সেই ছমাহৰ ভিতৰত মহিলাগৰাকীয়ে নিজৰ আৰ্থিক সংস্থাপনৰ
লগতে স্থায়ী ঠিকনাও নিশ্চিত কৰিব লাগে৷
আইনখনৰ এক কাৰিকৰী অসুবিধা হৈছে জিলা সমাজ কল্যাণ বিষয়াজনেই মহিলা
সুৰক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে, যাৰ বাবে জিলা সমাজ কল্যাণ বিষয়াই অতিৰিক্ত
দায়িত্ব ল’বলগীয়া হয়৷ ইয়াৰ উপৰি বহু ক্ষেত্ৰত ন্যায়ালয়, সুৰক্ষা বিষয়া, আৰক্ষী
বিষয়া, মহিলা সংগঠনৰ সদস্য আটায়ে নিৰ্যাতিত মহিলাগৰাকীক তেওঁৰ সিদ্ধান্তক পুনৰ বিবেচনা
কৰিবলৈ প্ৰস্তাৱ দিয়া কাৰ্যই আওপকীয়াভাবে মহিলাগৰাকীৰ উপকাৰ কৰাৰ পৰিবৰ্তে নিৰ্যাতনৰ
মুখলৈ পুনৰাই ঠেলি দিয়াহে হয়৷ এনেবোৰ আসোঁৱাহৰ বাবেই আইনখনে আশা কৰা মতে মহিলাক সুৰক্ষা
প্ৰদান কৰাত সফল হ’ব পৰা নাই৷
সমাজত নাৰী সবলীকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব দি আহিছে আৰু শিক্ষিত
নাৰীৰ সংখ্যা দিনক দিনে বাঢ়িছে৷ চৰকাৰী চাকৰিৰ ৩০% পদ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা
কৰাৰ লগে লগে চৰকাৰী প্ৰতিষ্ঠানত কাম কৰা নাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ কিন্তু দুখৰ কথা
যে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰা নাৰী প্ৰতি দিনে যৌন নিৰ্যাতন, উৎপীড়নৰ
সন্মুখীন হৈ আছে৷ শেহতীয়াকৈ স্বেচ্ছাসেৱী অনুষ্ঠান নৰ্থ–ইষ্ট নেটৱৰ্ক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে চলোৱা যৌথ সমীক্ষাত
দেখা গৈছে যে অসমৰ চৰকাৰী–বেচৰকাৰী কাৰ্যালয়ত ৪১ শতাংশ মহিলা কৰ্মচাৰী ওপৰৱালা
বা সহকৰ্মীৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হয়৷ প্ৰতিবেদনৰ মতে কৰ্মক্ষেত্ৰত ৩৫.৭ শতাংশ
মহিলাই যৌনগন্ধী মন্তব্যৰ সন্মুখীন হোৱাৰ বিপৰীতে ৩২.৭ শতাংশই পুৰুষ সহকৰ্মীৰ পৰা অশ্লীল
অংগী–ভংগীৰ সন্মুখীন হৈছে৷ ইয়াৰ উপৰিও ১৫.২ শতাংশ মহিলাক পুৰুষে ইচ্ছাকৃত
ভাৱে গা ঘহোৱা, সাবটি ধৰা, যৌন নিৰ্য়াতন চলোৱা, যৌন নিগ্ৰহৰ চেষ্টা কৰা ইত্যাদি শাৰীৰিক
নিৰ্যাতনৰ সন্মুখীন হৈছে৷ এইটো নিশ্চয় এখন সভ্য সমাজৰ বাবে উদ্বেগজনক কথা৷
এইখিনিতে উল্লেখ কৰিব পাৰি মি টু আন্দোলনৰ কথা৷ ২০০৭ চনত এমেৰিকাৰ
তাৰানা বাৰ্কে “মি টু“ (MeToo) শব্দ ব্যৱহাৰ কৰিছিল কৰ্মস্থানত যৌন নিৰ্যাতনৰ
বিপৰিতে মাত মাতিবলৈ সকলো মহিলাক আগ বাঢ়ি আহিবলৈ৷ এক দশকৰ ভিতৰতে #MeToo আন্দোলন গোটেই
বিশ্বত বিয়পি পৰে৷ ভাৰতবৰ্ষ এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ২০১৮ চনত বহু গৰাকী প্ৰতিষ্ঠিত
নাৰী তেওঁলোকৰ ওপৰত চলা নিৰ্যাতনৰ বিষয়ে খোলোচা কৰে আৰু এই ঘৃনণীয় কামত জঢ়িত দেশৰ নামী-দামী
অভিনেতা, চিনেমা পৰিচালক, শিল্পী, ৰাজনীতিবিদ সকলক ভৎসর্না কৰে৷
কৰ্মস্থানত নাৰী নিৰ্যাতনৰ এক ঘৃণনীয় ঘটনা ঘটিছিল ৰাজস্থানৰ ভাটেৰী
গাৱঁত ১৯৯২ চনত৷ ৰাজস্থানৰ এক অখ্যাত গাৱঁত ভাৱৰী দেৱী নামে এগৰাকী মহিলা এটা সামাজিক
প্ৰতিষ্ঠানত চাকৰি কৰিছিল৷ তেওঁৰ মূল কাম আছিল গাঁৱত বাল্য বিবাহ বন্ধ কৰা৷ ৰাজস্থানৰ
ভাটেৰী নামৰ গাঁওখনৰ ৰামকৰণ গুজ্জাৰৰ কণ্যা শিশুৰ বিবাহত বাধা দিয়া বাবে গাৱঁৰ উচ্চ
বৰ্ণৰ লোক সকল নিম্ন বৰ্ণৰ ভাৱৰী দেৱীৰ ওপৰত খৰ্গহস্ত হৈ পৰে৷ ১৯৯২ চনৰ ২২ ছেপ্টেম্বৰত ভাৱৰীয়ে পতি মোহনলালৰ লগত
পথাৰত কাম কৰি থকা অৱস্থাত পাঁচজন লোকে মোহনলালক মাৰ-পিট কৰি অচেতন কৰি তোলে আৰু ভাৱৰীক
দলবদ্ধ ধৰ্ষণ কৰে৷ পিচত পৰিয়ালটোক সামাজিক ভাৱে বহিষ্কাৰো কৰে৷ আৰক্ষীয়ে প্ৰথমে ধৰ্ষণৰ
অভিযোগ ল’বলৈ অস্বীকাৰ কৰে৷ স্বাস্থ্য পৰীক্ষাৰ বাবে ভাৱৰী উপস্থিত হোৱা
জয়পুৰৰ চিকিৎসা-কৰ্মীসকলে মেজিষ্ট্ৰেটৰ নিৰ্দেশ নোপোৱালৈকে পৰীক্ষা নকৰাৰ সিদ্ধান্ত
লয়৷ ফলস্বৰূপে ৪৮ ঘণ্টাৰ পাছত স্বাস্থ্য পৰীক্ষা লোৱা হয়, যদিও আইনৰ নিয়মত ধৰ্ষণৰ ঘটনা
থানাত জনোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত স্বাস্থ্য পৰীক্ষা কৰা বাধ্যতামূলক৷ ধৰ্ষণৰ দুবছৰ পাছত
অভিযুক্ত সকলক ন্যায়ালয়ে নিৰ্দোষী ঘোষণা কৰে এই যুক্তিত যে ভাৱৰী দেৱীৰ স্বাস্থ্য পৰীক্ষা
৪৮ ঘণ্টাৰ পাছত কৰা হৈছিল আৰু ধৰ্ষণ সংঘটিত হোৱাৰ সময়ত ভাৱৰীৰ পতি অচেতন অৱস্থাত আছিল,
গতিকে বিচাৰকে ভাৱৰীয়ে মিছাকৈ অভিযোগ অনা সম্ভৱ৷ এই ৰায়দানৰ পিছতে বিশাখা নামৰ নাৰী
কল্যাণৰ হকে কাম কৰা বেচৰকাৰী সংগঠন এটাই ভাৱৰী দেৱীৰ ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়লত
দ্বাৰস্থ হয়৷ সংগঠনটোৱে গোটেই দেশত ভাৱৰী দেৱীৰ ন্যায়ৰ বাবে আন্দোলন গঢ়ি তোলে৷ বিশাখাৰ
এই পদক্ষেপৰ বাবেই ১৯৯৭ চনত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷ প্ৰথমবাৰৰ
বাবে ভাৰতবৰ্ষত কৰ্মস্থানত নাৰীৰ যৌন উৎপীড়নৰ প্ৰাথমিক সংজ্ঞা নিৰ্ধাৰণ কৰা হয় আৰু
বিশাখা গাইড লাইন গঠন কৰি তোলা হয়৷ কৰ্মস্থানত যৌন নিৰ্যাতনৰ পৰা নাৰীক সুৰক্ষা দিবলৈ
এখন আইন প্ৰনয়ণ কৰিবলৈ ভাৰতৰ জনসাধাৰণে ১৯৯৭ চনৰ পিছত ১৬ বছৰ ৰ’ব লগীয়া হ’ল৷
২০১৩ চনত প্ৰনয়ণ কৰা হয় এখন নতুন আইন - কৰ্মস্থানত যৌন নিৰ্যাতন
(প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইন–২০১৩৷ এই আইনৰ অধিনত যৌন নিৰ্যাতনৰ সংজ্ঞা নিৰ্ধাৰণ
কৰা হয়৷ শাৰীৰিক সংস্পৰ্শ, যৌন সম্পৰ্কৰ বাবে অনুৰোধ বা ভাবুকি, যৌনগন্ধী মন্তব্য,
অশ্লীল ছবি প্ৰদৰ্শন, মহিলাই নিবিচৰা দৈহিক, মৌখিক বা ইঙ্গিতেৰে দেখুওৱা যৌন আবেদন
এইবোৰকে যৌন নিৰ্যাতন হিচাপে বিবেচনা কৰা হয়৷ এই নতুন আইনে বিশাখা গাইড লাইনৰ ‘কৰ্মস্থান’ৰ সংজ্ঞা নতুনকৈ নিৰূপন কৰিছে, য’ত কৰ্মস্থানে সাঙুৰি লৈছে চৰকাৰী, বেচৰকাৰী বা মালিকানাধীন, সমবায়
সমিতিৰ অধিনৰ সকলোধৰণৰ অনুষ্ঠান, প্ৰতিষ্ঠান, অফিচ বা অফিচৰ শাখা, সংস্থা, লগতে সকলো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান, হাস্পাতাল,
শিক্ষানুষ্ঠান, ক্ৰীড়া প্ৰতিষ্ঠান ইত্যাদি৷ কৰ্তব্যত থাকোঁতে মহিলাই পৰিদৰ্শন কৰা সকলো
ঠাই লগতে পৰিবহণ ব্যৱস্থালৈ ’কৰ্মস্থান’ৰ পৰিভাষা সম্প্ৰসাৰিত কৰা হৈছে ৷
এই আইন অনুসৰি প্ৰতিজন নিয়োগকৰ্তাই নিজৰ কৰ্মস্থানত যদি ১০ বা
ততোধিক মহিলা কৰ্মচাৰীক কামত নিয়োগ কৰিছে তেনেহলে একোখন আভ্যন্তৰীণ অভিযোগ কমিটি
(Internal Complaint Committee বা ICC) গঠন কৰাটো নিতান্তই বাধ্যতামূলক৷ এই কমিটিৰ
সভানেত্ৰী গৰাকী সেই কৰ্মস্থানৰ এগৰাকী জৈষ্ঠ্য মহিলা কৰ্মচাৰী হ’ব লাগিব, এগৰাকী সদস্যা এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ হ’ব লাগিব লগতে কমিটিৰ আধাতকৈ বেছি সদস্যই মহিলা হোৱাটো বাধ্যতামূলক৷
যিগৰাকী নিয়োগকৰ্তাই আভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰাত ব্যৰ্থ হয়, তেওঁ জৰিমনা ৫০,
০০০ টকালৈকে ভৰিব লগা হ’ব আৰু লগতে অনুষ্ঠান চলাই যোৱাৰ অনুজ্ঞাপত্ৰও হেৰুৱাব
লগা হ’ব পাৰে৷ কৰ্মস্থানত ১০জনতকৈ কম সংখ্যক মহিলা কৰ্মচাৰী থাকিলে,
স্থানীয় অভিযোগ কমিটিত (Local Complaint Committee বা LCC) অভিযোগ দাখিল কৰিব পাৰিব৷
ভুক্তভোগী মহিলাই ঘটনাৰ তিনি মাহৰ ভিতৰত আভ্যন্তৰীণ অভিযোগ কমিটিৰ
আগত প্ৰতিবেদন দাখিল কৰিব পাৰে৷ কমিটিয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে ভুক্তভোগী
মহিলা গৰাকীৰ লগত অভিযুক্তক লগ কৰাই মোকামিলাৰ বাবে প্ৰথমে চেষ্টা চলাব লাগে, যদি ইয়াৰ
পিছতো ভুক্তভোগী মহিলাই বিচাৰে, কমিটিয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব৷ তদন্তৰ
সময়ত যদিহে ভুক্তভোগী মহিলাই বিচাৰে মহিলা গৰাকীক নতুবা অভিযুক্তক সাময়ীকভাৱে বদলি
বা অভিযুক্তক বাধ্যতামূলক ছুটি প্ৰদান কৰিব পাৰে৷ তদন্তত যদি ভুক্তভোগী মহিলাৰ অভিযোগ
সঁচা বুলি প্ৰমাণিত হয়, অভিযুক্তক ক্ষতিপুৰণ দিবলৈ বাধ্য কৰাব পাৰে আৰু অভিযুক্তক সেই
অফিচৰ সেৱা-নিয়মৰ অধিনত উচিত দণ্ড দিয়াব পাৰে৷
এই আইনৰ এটা মনকৰিবলগীয়া কথা হ’ল যদি কোনো মহিলাই কু-অভিপ্ৰায়েৰে মিছা অভিযোগ উত্থাপন
কৰিব বিচাৰে বা কোনো অভিযোগকাৰীয়ে দাখিল কৰা প্ৰমাণবোৰ যদি মিছা প্ৰমাণিত হয়, তেন্তে
তেনে অভিযোগকাৰীৰ বিৰুদ্ধে কমিটিয়ে কাৰ্যপন্থা ল’ব পাৰে৷ কৰ্মস্থানত অকল মহিলাই নহয় কিছুসংখ্যক পুৰুষো
মহিলাৰ দ্বাৰা নিৰ্যাতিত হৈ আহিছে৷ তদুপৰি দুই-এক মহিলাই নিজৰ স্বাৰ্থৰ বাবে এই আইনখন
অপপ্ৰয়োগ কৰাও দেখা যায়৷
এই আইনৰ কিছু সীমাব্ধতা আছে৷ কৃষিখণ্ড, পথ নিৰ্মাণত কাম কৰা মহিলাসকল,
আৰু সামৰিক বাহিনীৰ মহিলাসকল এই আইনৰ পৰিধিত নপৰে৷ আভ্যন্তৰীণ অভিযোগ কমিটিৰ ওচৰত অভিযোগ
দাখিল কৰিও বহু ভূক্তভোগীয়ে অন্য ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগীয়া হৈছে৷ উদাহৰণ স্বৰূপে
উল্লেখ কৰিব পাৰি দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এটা মকৰ্দমা ৰুচিকা সিং চাব্ৰা বনাম
এয়াৰ ফ্ৰান্স৷ ৰুচিকা সিং চাব্ৰা ভাৰতত থকা এয়াৰ ফ্ৰান্স কোম্পানীত চন ২০০১ ত চাকৰিত
ভৰ্তি হৈছিল৷ ২০১৩ চনত ব্ৰান উপাধিৰ এজন নতুন পৰিচালন সঞ্চালক ভাৰতলৈ আহে আৰু ৰুচিকাৰ
ওপৰত কেবাদিনো যৌন নিৰ্যাতন চলায়৷ ৰুচিকাই কোম্পানীৰ আভ্যন্তৰীণ অভিযোগ কমিটিৰ আগত
অভিযোগ দাখিল কৰে৷ কিন্তু ইয়াৰ পিছত কোম্পানীৰ ওপৰৱালাৰ হেঁচাত এনে এটা অৱস্থাৰ মুখা-মুখী
হয় যে ভূক্তভোগী ৰুচিকা ২০১৭ চনত স্বেচ্ছামূলক অৱসৰ লবলৈ বাধ্য হয়৷ পিছত অৱশ্যে দিল্লী
উচ্চ ন্যায়ালয়ে ৰুচিকাৰ হকে ৰায় দান দিয়ে৷
আমাৰ সমাজৰ বহুতো শিক্ষিত মহিলাই উপৰোক্ত দুইখন আইনৰ বিষয়ে বিশেষ
অৱগত নহয়৷ সেয়ে শাৰীৰিক, মানসিক ভাৱে নিৰ্যাতিত হৈ বা যৌন নিৰ্যাতনৰ সন্মুখীন হ’লেও ইয়াৰ প্ৰতিবাদ কৰিবলৈ আৰু ন্যায় বিচাৰ পাবলৈ বহুতে আগবাঢ়ি
নাযায়৷ দেখা গৈছে যে বেচিভাগ চৰকাৰী বা বেচৰকাৰী অফিচত আভ্যন্তৰীণ অভিযোগ কমিটি গঠন
কৰা হোৱাই নাই, যিটো আইনৰ ফালৰ পৰা দণ্ডনীয়৷ সকলো নাৰী সজাগ আৰু একত্ৰিত হ’লে লগতে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে আগ বাঢ়ি আহিলে
নাৰী নিৰ্যাতনৰ নিচিনা ঘৃনণীয় ঘটনা নোহোৱা হৈ যাব৷ তেতিয়াহে আমি এখন সুষ্ঠ সমাজ দেখিবলৈ
পাম৷ সেই সমাজৰ সকলো নাৰীয়ে হ’ব সবল যাৰ শক্তি কোনো পৰিমাপকেৰে জুখিব নোৱাৰিব,
যাৰ সৌন্দৰ্য কোনো ভাষাৰে বান্ধি ৰাখিব নোৱাৰিব৷
(মো নং ৯৮৬৪০৩৬১৪৩)
বি বৰুৱা মহাবিদ্যালয়ৰ মহিলা গোটৰ দ্বাৰা প্ৰকাশিত আলোচনী “খোজ“ ত ৮ মাৰ্চ, ২০২১ ত প্ৰকাশ পালে
Comments
Post a Comment