জাপানী সাহিত্য আৰু হাৰুকি মুৰাকামি
জাপানী
সাহিত্যৰ ইতিহাস গ্ৰীক সাহিত্যতকৈ কেইবা শতক পিছৰ ৷ পঞ্চম আৰু ষষ্ঠ শতিকাত বৌদ্ধ ধৰ্মৰ সংস্পৰ্শত জাপানী সাহিত্যৰ উত্থান আৰম্ভ
হয়। এই সময়ছোৱাত চীনৰ পৰা কেইবাখনো কিতাপ জাপানী ভাষালৈ অনূদিত হয় । অষ্টম শতিকাৰ
শেষৰ ফালে জাপানত আৰম্ভ হোৱা হেইয়ান যুগ বাৰ শতিকালৈ বিস্তৃত আছিল ৷ কলা আৰু সাহিত্যৰ
ক্ষেত্ৰত এই যুগক জাপানৰ সোণালী যুগ বুলি কোৱা হয় । এঘাৰ শতিকাত মুৰাচাকি শিকিবুৰ
“ডা টেল অব গেঞ্জি“ হৈছে জাপানী কল্পকাহিনীৰে
লিখা অন্যতম শ্ৰেষ্ঠ ৰচনা আৰু এইখনে বিশ্বৰ আটাইতকৈ পুৰণি উপন্যাস হিচাপে বহুতে ক’ব
খোজে ৷ মন কৰিবলগীয়া কথা এইটো যে শিকিবু আছিল এগৰাকী মহিলা ৷ জাপানত সেই সময়তে মহিলাৰ
স্থান কিমান উচ্চ আছিল ইয়ে এক প্ৰমাণ ৷
আধুনিক
জাপানী সাহিত্যৰ আৰম্ভণি ঘটে মেইজি যুগত (১৮৮৬ চনৰ পৰা -১৯১২ চনলৈ) ৷ এই সময়ছোৱাত জাপানে ইয়াৰ দীঘলীয়া যুদ্ধ-বিগ্ৰহৰ পৰা আঁতৰত
থাকি বহি:ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু দ্ৰুতগতিত ঔদ্যোগিকৰণৰ দিশে আগবাঢ়ে।
ইউৰোপীয় সাহিত্যৰ লগত ভালদৰে পৰিচিত হোৱাৰ ফলত জাপানী সাহিত্যত মুক্ত চিন্তাধাৰাৰ
আগমন ঘটে ৷ যুৱ জাপানী লেখক আৰু কবিসকলে লিখনিৰ মাজত অসংখ্য নতুন চিন্তাচৰ্চা আৰু সম্পৰীক্ষা
আৰম্ভ কৰে আৰু ঔপন্যাসিকসকলে প্ৰথমে এই কামত সফলতাৰ মুখ দেখে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ
পৰাজয়ে জাপানৰ সাহিত্য, কলা-সংস্কৃতিত বেয়াকৈ প্ৰভাৱ পেলায় ৷ ইপিনে
ফিলিপাইনছ, কোৰিয়া আদি দেশত জাপানী সৈন্যৰ
দ্বাৰা সংঘটিত যুদ্ধকালীন হত্যা আৰু ধৰ্ষণৰ জীয়া কাহিনীৰ বাবে জাপানী বুদ্ধিজীৱী আৰু
লেখকসকল অধিক লজ্জিত হ’ব লগীয়া হয়।
জাপানী
সাহিত্যৰ এই স্থবিৰতা বেছি দিনলৈ নাথাকিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ জাপানৰ প্ৰতিষ্ঠিত
লেখক সকলে যুদ্ধৰ সমাপ্তিৰ পিছত পৰিৱৰ্তনশীল পৰিৱেশত নতুনকৈ উপন্যাস ৰচনাৰ মাজেৰে দেশৰ
ৰাজনৈতিক, অৰ্থনৈতিক, দাৰ্শনিক আৰু সামাজিক দৃষ্টিভংগী বিশ্লেষণ কৰিবলৈ আগবাঢ়ি আহিল।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কেইবাজনো শক্তিশালী উপন্যাসিকে জাপানী সাহিত্যত ভূমুকি মাৰে
৷ নোবেল বঁটা প্ৰাপক কেনজাবুৰো ওয়ে “দা চাইলেন্ট
ক্ৰাই“ উপন্যাসত তেওঁ জাপানী সমাজৰ ওপৰত যুদ্ধৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। নোবেল কমিটিয়ে
কেনজাবুৰোৰ এই কিতাপখনক তেওঁৰ উৎকৃষ্ট লেখা হিচাপে স্বীকৃতি দিছে ।
বিংশ
শতিকাৰ শেষৰ ফালে যিকেইজন জাপানী সাহিত্যিকে বিশ্ব সাহিত্যত অধিক জনপ্ৰিয় হৈছে তেওঁলোকৰ
ভিতৰত শীৰ্ষ স্থানত আছে হাৰুকি মুৰাকামি ৷ মুৰাকামিৰ লিখনিৰ মাজত দেখিবলৈ পোৱা যায়
বাস্তৱৰ লগতে যাদুকৰী বাস্তৱবাদৰ সংযোগ ৷ প্ৰতিখন উপন্যাসতে এক ৰহস্যময়তাৰ মাজেৰে কাহিনী
আগবঢ়া দেখিবলৈ পোৱা যায় ৷
মুৰাকামিৰ
জন্ম হৈছিল ১৯৪৯ চনৰ ১২ জানুৱাৰীত ৷ পিতৃ-মাতৃ
দুয়ো আছিল জাপানী ভাষা আৰু সাহিত্যৰ শিক্ষক । কিয়োটো চহৰত জন্মগ্ৰহণ কৰা মুৰাকামিয়ে
শৈশৱ কোবে অঞ্চলত অতিবাহিত কৰিছিল । টকিঅ’
চহৰত কলেজত পঢ়ি থাকোঁতে মুৰাকামিৰ প্ৰেম বিবাহ হয় ৷ স্বামী-স্ত্ৰীয়ে টকিঅ'ৰ কোকুবুঞ্জি
অঞ্চলত "পিটাৰ কেট" নামৰ এটা কফী হাউচ আৰু বাৰ খুলিছিল ৷ ধীৰে ধীৰে দুয়ো
ব্যৱসায়িক সফলতা লাভ কৰে । ১৯৭৮ চনত ত্ৰিশ বছৰ বয়সত মুৰাকামিয়ে এদিন দুটা জাপানী ক্লাবৰ মাজত চলা বেছবল
খেল উপভোগ কৰাৰ সময়ত এখন উপন্যাস লিখাৰ ইচ্ছা মনলৈ আহে । সেই নিশাই ঘৰলৈ উভতি আহি লিখিবলৈ
আৰম্ভ কৰে তেওঁৰ প্ৰথম খন উপন্যাস ৷ এবছৰৰ ভিতৰত ১৯৭৯ চনত প্ৰকাশিত হৈছিল তেওঁৰ প্ৰথমখন
উপন্যাস ”Hear the wind sing” আৰু কিতাপখন সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ
দ্বাৰা উৎসাহিত হৈ তেওঁ "পিনবল, ১৯৭৩" নামৰ এটা ছিৰিজ ও লিখিছিল। এনেদৰেই তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলে
।
প্ৰাৰম্ভিক
উপন্যাসবোৰ তেওঁৰ মতে দুৰ্বল আৰু সেয়ে তেওঁ বিদেশী ভাষাত অনুবাদৰ অনুমতি দিয়া নাছিল।
১৯৮৭ চনত প্ৰকাশিত "নৰৱেজিয়ান উড" উপন্যাসখনে তেওঁক যুৱ জাপানী পঢ়ুৱৈসকলৰ
মাজত জনপ্ৰিয় কৰি তুলিছিল। উপন্যাসখনৰ নাম বিটল্চৰ এটা গানৰ পৰা লোৱা হৈছে । কিতাপখন
ইংৰাজীলৈ অনুবাদ কৰাৰ পাছত সমগ্ৰ বিশ্বত ই জনপ্ৰিয় হৈ পৰে ৷ উপন্যাসৰ মুখ্য চৰিত্ৰ
টৰু ৱাটানাবেয়ে লেখকৰ নিজৰ জীৱনৰ প্ৰভাৱ পৰিছিল।
নৰৱেজিয়ান উড উপন্যাসৰ মূল বাৰ্তাটো হৈছে জীয়াই থকা। ইয়াত তিনিটা মুখ্য চৰিত্ৰৰ
(টৰু, নাওকো, আৰু মিডোৰী) সংগ্ৰাম আৰু তেওঁলোকে জীৱন যুদ্ধত নিজৰ লগত আৰু সমাজৰ লগত
গ্ৰহণ কৰা ভিন ভিন স্থিতি দেখুওৱা হৈছে । জীৱনৰ
দুখ, বেদনা, আৰু মাৰাত্মক ৰোগ, যি টৰু আৰু নাওকোৰ জীৱনত অপৰিসীম শোক আৰু বিষাদৰ অনুভূতি সৃষ্টি কৰে আৰু মিডোৰীৰ
বেপৰোৱা স্বভাৱে টৰুক প্ৰভাৱিত কৰে। অৱশেষত, ৰেইকোৰ তথাকথিত চিন্তাধাৰা, মিডোৰীৰ জীৱনমুখী
স্বভাৱে উপন্যাসৰ মাজেৰে জীৱনত যথাসম্ভৱ সুখেৰে জীয়াই থাকিবলৈ সদায়ে প্ৰয়াস কৰাৰ বাৰ্তা প্ৰদান কৰে। নৰৱেজিয়ান উডৰ
জনপ্ৰিয়তাৰ আঁৰত আছে ইয়াৰ মূল চৰিত্ৰসমূহ আছিল কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলিত থিয় হোৱা
শিক্ষাৰ্থীসকল, আৰু সেই চৰিত্ৰবোৰৰ মাজত থকা প্ৰেম, যৌনতা, মৃত্যু , হতাশা আৰু শোক
৷ উপন্যাসৰ পটভূমি হৈছে ১৯৬০ ৰ দশকৰ শেষৰ ফালে জাপানৰ জনসাধাৰণৰ হা-হুতাশা আৰু অস্থিৰতাৰ
পৰিবেশৰ মাজত ৷ পঢ়ুৱৈ সকলে চৰিত্ৰবোৰৰ মাজত নিজকে বিচাৰি পায় আৰু নষ্টালজিক হৈ পৰে
৷ উপন্যাসৰ এটা চৰিত্ৰৰ মুখেৰে কোৱা হয়,
"যদি আপুনি কেৱল আন সকলোৱে পঢ়ি থকা কিতাপবোৰ পঢ়ে, তেন্তে আপুনি কেৱল আন সকলোৱে
কি ভাবি আছে তাকেই ভাবিব পাৰে।" আপুনি পঢ়িব পৰা প্ৰতিখন মুৰাকামি কিতাপৰ বাবে এক সঁচা বিবৃতি যিয়ে আপোনাক অজ্ঞাত পৃথিৱীলৈ লৈ
যাব য'ত বাস্তৱতা কল্পনাৰ সৈতে জড়িত হৈ আছে আৰু অৱশেষত আপুনি বাস্তৱৰ মাজত যাদুকৰী প্ৰভাৱ বিচাৰি পাব।
২০০২
চনত লিখা “কাফকা অন দা ছোৰ“ (সাগৰ তীৰত কাফকা) উপন্যাস খনত দেখিবলৈ পোৱা যায় কাফকা
টামুৰা নামৰ এজন পোন্ধৰ বছৰীয়া ল’ৰা যি এক ভয়ংকৰ অডিপাছ ভৱিষ্যতবাণীৰ পৰা ৰক্ষা পাবলৈ
ঘৰৰ পৰা পলাই যায়, আৰু আনফালে নাকাটা নামৰ এজন বৃদ্ধ আৰু নিৰক্ষৰ হোজা মানুহ যি দ্বিতীয়
বিশ্বযুদ্ধৰ যুদ্ধকালীন প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলে । এই অজ্ঞাত যাত্ৰাই কাফকাক লৈ যায় দূৰণিৰ চহৰ তাকামাৎসুৰ এখন সৰু ব্যক্তিগত পুথিভঁৰাললৈ আৰু
পিছলৈ এটা পাহাৰৰ মাজলৈ য'ত সময়ৰ সাধাৰণ নিয়ম বোৰ তাত প্ৰযোজ্য নহয়। কিন্তু অডিপাছৰ
দৰে কাফকাই নিজৰ দুৰ্ভাগ্যৰ পৰা এৰাই চলিবলৈ যিমানে চেষ্টা কৰে সিমানেই সেই ভয়ংকৰ ভৱিষ্যৎ
বাণী সঁচা হ’বলৈ ধৰে । নাকাটাই এটা ৰহস্যময়
প্ৰৱেশপথৰ শিলৰ সন্ধানত আগবাঢ়ে । কাফকা আৰু নাকাটাৰ কাহিনী একেলগে এনেদৰে আগবাঢ়ে যেন
দুটা ৰেলৰ ট্ৰেক সমান্তৰালভাৱে এটাফালেই গৈ
আছে, আমি জানো যে ট্ৰেকদুটা কোনো এটা সময়ত লগ লাগি যাব, কিন্তু এইটো নাজানো কেতিয়া,
ক'ত, কেনেকৈ লগ হ’ব ৷ শেষ মুহূৰ্তলৈ সৃষ্টি কৰা চাচপেন্সে উপন্যাসখনক যথেষ্ট আকৰ্ষণীয় কৰি তোলে । উপন্যাসখনত
কিছুমান অসাধাৰণ চৰিত্ৰ আৰু অবিশ্বাস্য ঘটনা বৰ্ণনা কৰা হৈছে যেনে আকাশৰ পৰা সৰি পৰা মাছ, কেতিয়াবা জোক, মানুহ আৰু
মেকুৰীৰ মাজত কথোপকথন, এজন অতিপ্ৰাকৃতিক কৰ্ণেল চেণ্ডাৰ্ছৰ দৰে ভৌতিক কিন্তু কামুক প্ৰেমিক, এগৰাকী দাৰ্শনিক পতিতা, দ্বিতীয়
বিশ্বযুদ্ধৰ সৈনিকসকল সময়ৰ আঁচোৰ নপৰা, বাস্তৱ জগতৰ লগত সমান্তৰালভাৱে আন এখন কল্পনাৰ
জগত আৰু আন বহুতো ঘটনাৰ বৰ্ণনা আছে যাৰ জৰিয়তে লেখকে বাস্তৱৰ সৈতে যাদুকৰী বাস্তৱবাদৰ
সফল প্ৰয়োগ ঘটাইছে ৷ গোটেই উপন্যাসখনত লেখকৰ গদ্যৰ গভীৰতা, কাহিনী-কথনৰ সৌন্দৰ্যতা আৰু লেখকৰ
কল্পনাৰ জগতখনৰ সৈতে আগবাঢ়িবলৈ যিকোনো পাঠকে কিতাপৰ পৃষ্ঠাবোৰ দ্ৰুতগতিত লুটিয়াই পঢ়ি
শেষ কৰিবলৈ বাধ্য হয়। এই উপন্যাসখনৰ বাবে মুৰাকামিয়ে ২০০৬ চনত বিশ্ব ফেণ্টাচী বঁটা
লাভ কৰিবলৈ সক্ষম হয় ৷ তেখেতৰ অন্যান্য উল্লেখনীয় অৱদান হ’ল ২০০৯ চনত প্ৰকাশ পোৱা উপন্যাস
১Q৮৪, মেন উইডাউট ৱ’মেন, আফ্টাৰ ডাৰ্ক, এ ৱাইল্ড ছিপ চেজ ইত্যাদি ৷ ২০১৫ চনৰ
টাইম আলোচনীত বিশ্বৰ প্ৰথম ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মুৰাকামিৰ নাম অন্তৰ্ভুক্ত
হয় ৷
মুৰাকামিৰ
আন এটা পৰিচয় হ’ল এজন সফল মাৰাথান দৌৰবিদ হিচাপে ৷ যদিও তেখেতে ৩৩ বছৰ বয়সত দৌৰিবলৈ
আৰম্ভ কৰে, অতি কম সময়তে হাফ মাৰাথন আৰু ফুল মাৰাথনত সফলতাৰে দৌৰে ৷ ১০০ কিলোমিটাৰৰ
আল্ট্ৰা মাৰাথান দৌৰো তেওঁ সফলতাৰে সমাপ্ত কৰিছিল ৷ মাৰাথন দৌৰৰ মনোৰম কাহিনীক লৈ তেওঁ
লিখিছিল “What I Talk About When I Talk About Running” ৷
বাস্তৱ,
অধিবাস্তৱ, যাদুবাস্তৱ আৰু কল্পকাহিনীৰ সংমিশ্ৰণেৰে লিখা মুৰাকামিৰ উপন্যাস সমূহে সমগ্ৰ বিশ্বত কম সময়ৰ ভিতৰতে
জনপ্ৰিয় হৈ পৰে ৷ বিশ্ব সাহিত্য অধ্যয়ন মুৰাকামিৰ গ্ৰন্থ অবিহনে আধৰুৱা হৈ ৰ’ব ৷
(মে’ সংখ্যা আইনা জীৱনৰ আলোচনীত প্ৰকাশিত)
Comments
Post a Comment