শ্বেইক্সপীয়েৰৰ নাটকত বিষাদগ্ৰস্ততা
ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ
লেখক আৰু বিশ্বৰ শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে
স্বীকৃতি পোৱা উইলিয়াম শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল ২৬ এপ্ৰিল, ১৫৬৪
চনত আৰু মৃত্য হৈছিল ২৩ এপ্ৰিল ১৬১৬ চনত ৷
জন্মৰ তাৰিখ আৰু মৃত্যুৰ তাৰিখৰ ব্যৱধান তিনি দিনৰ যদিও তেখেতৰ জন্ম আৰু মৃত্যু
বাৰ্ষিকী পৰম্পৰাগতভাৱে ২৩ এপ্ৰিলত পালন কৰা হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ ৰাষ্ট্ৰীয়
কবি বুলি কোৱা হয় । তেওঁৰ অমৰ সৃষ্টিৰ ভিতৰত আছে ৩৮ খন নাটক আৰু ১৫৪ টা চনেট
৷ তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় সকলো ভাষালৈ অনূদিত হৈছে আৰু ক’বলৈ গ’লে পৃথিৱীৰ
সকলো ৰঙ্গমঞ্চতে এখন হ’লেও শ্বেইক্সপীয়েৰৰ নাটক
মঞ্চস্থ হৈছে । শ্বেইক্সপীয়েৰে তেওঁৰ বেছিভাগ লিখনি ১৫৮৯ আৰু ১৬১৩ৰ মাজত ৰচনা
কৰে। প্ৰথমাৱস্থাত তেওঁ মূলত মিলনান্তক আৰু ইতিহাসমূলক নাট লিখে । তাৰ পিছত তেওঁ হেমলেট, কিং
লীয়াৰ, অ’থেলো, মেকবেথ আদি বিয়োগান্তক নাট লিখে যাক ইংৰাজী ভাষাৰ উৎকৃষ্ট সাহিত্য কৰ্মৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়।
মৃত্যুৰ দুদিন পিছত শ্বেইকছপীয়েৰক ইংলেণ্ডৰ ৱাৰৱিকশ্বায়াৰৰ হোলী
ট্ৰিনিটি চাৰ্চত সমাধিস্থ কৰা হয় । শ্বেইক্সপীয়েৰৰ
সমাধিৰ প্ৰতি এক অস্বাভাৱিক আসক্তি আছিল আৰু নিজৰ সমাধিস্থলী খননৰ প্ৰতি অত্যধিক ভয়
মনলৈ আহিছিল । কিয়নো সমাধিস্থলবোৰত বসবাসৰ
বাবে ঘৰ নিৰ্মাণ কৰিবলৈ পিছলৈ সমাধিস্থ মৃতদেহ বোৰ উলিয়াই অনাটো অস্বাভাৱিক নাছিল
৷ শ্বেইকছপীয়েৰে, তেওঁৰ নিজৰ সমাধিৰ সৈতে এনে হোৱাটো এৰাই চলিবলৈ তেওঁৰ এপিটাফত এটা বিবৃতি লিখিবলৈ কৈছিল । পৃথিৱীৰ
আটাইতকৈ বেছি ভ্ৰমণকাৰীৰ আগমন ঘটা এই সমাধিত শ্বেইক্সপীয়েৰৰ কবৰত লাগি থকা শিলালিপিত
খেদিত আছে তলৰ এইখিনি কথা ৷
GOOD FREND FOR IESVS
SAKE FORBEARE
TO DIGG THE DVST ENCLOASED HEARE
BLESTe BE Ye MAN Yt SPARES THES STONES
AND CVRST BE HE Yt MOVES MY BONES
ইয়াৰ অৰ্থ হ’ল “হে বন্ধু,
যীশুৰ শপত নিজক সম্বৰণ কৰা । ইয়াত থকা মাটিখিনি
নাখান্দিবা ৷ ইয়াক স্পৰ্শ নকৰা সকলে ভগৱানৰ আশীৰ্ব্বাদ পাঁওক আৰু যিয়ে সমাধিৰ হাড়ত
হাত লগায় সেইসকলৰ গাত শাও লাগক।“
শ্বেইক্সপীয়েৰৰ পিছৰ
ফালে লিখা নাটকবোৰ যেনে মেকবেথ, কিং লীয়েৰ আৰু হেমলেটৰ কেইবাটাও চৰিত্ৰত মনৰ বিষাদগৰস্ততা
চকুত পৰে ৷ শ্বেইক্সপীয়েৰৰ কৌতূহলৰ বিষয় আছিল মানুহৰ মানসিক জগতখন । প্ৰেমৰ প্ৰত্যাখ্যান বা প্ৰেমৰ অসন্তুষ্টিয়ে প্ৰেমিকসকলৰ
মানসিক ৰোগৰ আশংকা থকা বুলি ভবা যায়, আৰু বিশেষকৈ বিষাদগ্ৰস্ততা হৈছে এনে এক ৰোগ যিয়ে
লেখক আৰু বুদ্ধিজীৱীসকলক সহজে চুব পাৰে ।
সৰ্বকালৰ এখন শ্ৰেষ্ঠ নাটক হেমলেটৰ তৃতীয় দৃশ্যত দেউতাকৰ ভূতে হেমলেটক তেওঁৰ হত্যাৰ
প্ৰতিশোধ ল'বলৈ কয় (দিঠকত ভূত দেখাটো এক মানসিক ৰোগৰে কাৰক) । একেবাৰে শেষ দৃশ্যত
হেমলেটে প্ৰতিশোধ ল’বলৈ সক্ষম হয় । তেওঁৰ প্ৰতিশোধ লওঁতে হোৱা বিলম্বৰ ফলত সাতজনৰ অপ্ৰয়োজনীয়ভাৱে
মৃত্যু হয় । তেওঁলোক হ’ল হেমলেট নিজে, তেওঁৰ মাক আৰু তেওঁ ভাল পোৱা ছোৱালীজনী, তাইৰ
দেউতাক আৰু তাইৰ ভায়েক, আৰু দুজন সহপাঠীৰো মৃত্যু হয়। কথাটো অন্যধৰণেও আমি ক’ব পাৰো
যে প্ৰতিশোধৰ বিলম্ব ঘটাৰ বাবেহে হেমলেট নাটকখন আমি পালোঁ, নাটকৰ খাতিৰত বিলম্বৰ প্ৰয়োজন
আছিল ৷ সমালোচকসকলে যোৱা চাৰিটা শতিকা ধৰি হেমলেটৰ চৰিত্ৰৰ বহুতো ব্যাখ্যা আগবঢ়াইছে । হেমলেট চৰিত্ৰটো শ্বেইক্সপীয়েৰে
তীব্ৰ হতাশাজনিত ৰোগ থকা এজন ব্যক্তিক অতি সংবেদনশীল, আৱেগিক বৈশিষ্ট্যৰ সৈতে চিত্ৰিত কৰিছে, যিয়ে গধুৰ দায়িত্বৰ
সৈতে মোকাবিলা কৰিব নোৱাৰিলে । সেই সময়ত, মানসিক বিকাৰগ্ৰস্ততা বা হতাশাজনিত ৰোগৰ
কোনো ধাৰণা নাছিল আৰু শ্বেইক্সপীয়েৰে হেমলেটৰ বিষাদক চৰিত্ৰৰ ত্ৰুটি হিচাপে প্ৰক্ষেপ
কৰিছিল । হেমলেটে দেউতাকৰ হত্যাক লৈ যথেষ্ট বিষাদগ্ৰস্ত হৈ পৰে আৰু ইয়াৰ ফলস্বৰূপে
জীৱনক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে। যদিও হেমলেটে তেওঁৰ দেউতাকৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ
প্ৰয়োজনীয়তা অনুভৱ কৰে, তেওঁ লগতে চিন্তা কৰে যে ভূতটো তেওঁৰ দেউতাকৰ প্ৰকৃত ভূতৰ
সলনি দৰাচলতে "নিজৰ আত্মাৰ সৈতে বিশ্বাসঘাতকতা কৰা চয়তান" হ'ব পাৰে ।
দেউতাকৰ হত্যাকাৰীক প্ৰকৃততে কি কৰা উচিত সেই চিন্তাৰ দোমোজাত হেমলেটক
বিভ্ৰান্ত কৰি তোলে আৰু শেষত হতাশাগ্ৰস্ত অৱস্থালৈ লৈ যায়। সমগ্ৰ নাটকখনত, হেমলেটে নিৰাশাবাদী আৰু নেতিবাচকতা চিন্তা প্ৰদৰ্শন কৰে। হেমলেটে
সেই বিখ্যাত ডায়লগ “to be or not to
be”, মানসিক অস্থিৰতাৰ এক পৰিচয় ৷
হেমলেট নাটকত মানসিক বিকাৰগ্ৰস্ত বুলি গণ্য কৰিব পৰা আন এটা চৰিত্ৰ
হ'ল হেমলেটৰ প্ৰেয়সী অফিলিয়া। অফিলিয়াক এক দুৰ্বল চৰিত্ৰ হিচাপে চিত্ৰিত কৰা হৈছে
যি নিজৰ কথা স্পষ্টভাৱে ভাবিব নোৱাৰে । নাটকখনৰ আৰম্ভণিতে অফিলিয়াই তাইৰ দেউতাক পোলোনিয়াছক
কয়, "মই নাজানো, হে ঈশ্বৰ, মই কি ভাবিব লাগে" ৷
মানসিক বিকাৰগ্ৰস্ততা হেমলেট নাটকৰ মুখ্য
বিষয়বস্তু। কিন্তু দুই চৰিত্ৰ - হেমলেট আৰু অফিলিয়াৰ উন্মাদনাৰ কাৰণত ভিন্ন। হেমলেটৰ
উন্মাদনা তেওঁৰ দেউতাকৰ হত্যা আৰু সেই হত্যাকাৰীৰ ওপৰত প্ৰতিশোধ লোৱাৰ ইচ্ছাৰ ফলত সৃষ্টি
হোৱা । অফিলিয়াৰ উন্মাদনা নিজস্ব পৰিচয়ৰ অভাৱ আৰু নিজৰ জীৱন সম্পৰ্কে অসহায়বোধৰ
পৰা উদ্ভৱ হৈছে। মনোবিজ্ঞানীয়ে আজি ক’ব খোজে যে নাটকখনত যেনেকৈ হেমলেটৰ চৰিত্ৰৰ কেইবাবাৰো
মুড পৰিবৰ্তন হোৱা দেখিবলৈ পোৱা যায়, সেয়া এজন ’বাইপোলাৰ’ মানসিক ৰোগীৰ ক্ষেত্ৰত হে
সম্ভৱ ৷
উইলিয়াম শ্বেইকছপীয়েৰৰ মেকবেথ নাটক সম্ভৱত ১৬০৬ চনত প্ৰথম প্ৰদৰ্শন
কৰা হৈছিল। নাটকখনত আছে ৰাজনৈতিক উচ্চাকাংক্ষা আৰু ক্ষমতাৰ কাহিনী, আৰু লগতে মানসিক
ৰোগীৰ চৰিত্ৰৰে গঠিত কাহিনী ৷ ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰবোৰ অপৰাধ, হতাশাগ্ৰস্ততা আৰু
বিভ্ৰান্তিৰ দ্বাৰা আক্ৰান্ত হৈ পৰে । মেকবেথ হৈছে সপ্তদশ শতিকাত মানসিক ৰোগক চৰিত্ৰৰ
মাধ্যমেৰে চিত্ৰায়িত কৰা এখন নাটক ।
শ্বেক্সপিয়াৰৰ আন এখন জনপ্ৰিয় নাটক কিং লীয়েৰত উল্লেখ থকা বাক্যাংশ
“trinity of madness“ অৰ্থাৎ উন্মাদনাৰ ত্ৰিমূৰ্তি হৈছে তিনিজন উন্মাদ ব্যক্তি যি কিং লীয়েৰৰ নাটকৰ
মুখ্য চৰিত্ৰ লীয়েৰ, এডগাৰ আৰু লীয়েৰৰ মুৰ্খ
ভৃত্য ।
মনকৰিবলগীয়া কথা হ’ল শ্বেক্সপিয়েৰৰ সময়লৈ মানসিক ৰোগৰ বৈজ্ঞানিক
ব্যাখ্যা ওলোৱা নাছিল ৷ সেয়ে তেওঁ নাটকৰ চৰিত্ৰৰ জৰিয়তে তাক প্ৰকাশ কৰিছিল, তাৰ সমাধানৰ
পথ বিচাৰি ৷ আজিও আমাৰ সমাজত বহুতে শ্বেক্সপিয়েৰৰ নাটকৰ চৰিত্ৰবোৰৰ দৰে হতাশাগ্ৰস্ততা
বা মানসিক ৰোগত ভুগি আছে ৷ তেওঁলোকে নিজেও নাজানে যে ক’ব নোৱাৰাকৈ হতাশাগ্ৰস্ততাই মানসিক
ৰোগীৰ পৰ্যায়লৈ গুচি যায় ৷ মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈ চিকিৎসা নকৰাৰ বাবে নিজৰ লগতে
সমাজৰ বাবে এক সমস্যা হৈ দেখা দিয়ে ৷
(আমাৰ অসম কাকতত ৭ মে’ত প্ৰকাশিত)
Comments
Post a Comment