গুৱাহাটীত ফ্লেট বিক্ৰীৰ নামত প্ৰবঞ্চনা
প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইৰ পৰা হেজাৰ বিজাৰ মানুহ গুৱাহাটীত বসবাস কৰিবলৈ লয় - কোনোবাই চাকৰি সুত্ৰে, আন কোনোবাই ব্যৱসায়ৰ বাবে ৷ সেই সকলো মানুহৰে মনত একান্ত ইচ্ছা তেওঁলোকে কাম কৰা চহৰখনতে এটা সৰুকৈ হ’লেও ঘৰ সাজি থাকিবলৈ ৷ ঘৰ সাজিবলৈ প্ৰথমে প্ৰয়োজন এডোখৰ মাটিৰ ৷ গুৱাহাটী চহৰত মাটিৰ যি জুই-ছাই দাম, কিনাৰ সাধ্য দুই-এজনৰ হে থাকে ৷ মাটি কিনিলেও হয় পাহাৰৰ ওপৰত, নহ’লে মহানগৰৰ নিলগত পথাৰৰ মাজত ৷ বাট-পথ হোৱালৈ বছৰ বছৰ ধৰি ৰৈ থাকিব লাগে ৷ আনফালে মাটি কিনিবলৈ বেঙ্কৰ ঋণ পোৱা নাযায় ৷ তেনে সময়তে বিংশ শতিকাৰ শেষৰ ফালে গুৱাহাটীত আৰম্ভ হয় এপাৰ্টমেণ্টৰ নিৰ্মাণ ৷ লাহে লাহে মানুহে ফ্লেট কিনিবলৈ ল’লে ৷ ফ্লেটত থাকি অভ্যস্ত হ’বলৈ ল’লে ৷ দিনে দিনে ফ্লেটৰ চাহিদা বাঢ়িবলৈ ধৰে ৷ এতিয়া চহৰৰ চুকে কোণে সকলোতে দেখিবলৈ পোৱা যায় ডাঙৰ-সৰু এপাৰ্টমেণ্টবোৰ ৷
গুৱাহাটীত চাকৰি সূত্ৰে থকা ত্ৰিশ বছৰ পাৰ হ’ল ৷ মোৰো এপাৰ্টমেণ্ট
কিনাৰ কিছু অভিজ্ঞতা হ’ল ৷ সেই অভিজ্ঞতাৰ পৰা দেখা গৈছে যে এপাৰ্টমেণ্টৰ বিল্ডাৰ বা
প্ৰম’টাৰ বোৰক তিনি ভাগত ভগাব পাৰি ৷ প্ৰথম শ্ৰেণীৰ বিল্ডাৰ সকলে বিস্তৃত এলেকা লৈ
কেইবাটাও এপাৰ্টমেণ্ট বিল্ডিঙ একেলগে নিৰ্মাণ কৰে ৷ পাৰ্ক, ছুইমিং পুল, কমিউনিটি হ’ল,
ব্যায়াম ঘৰ আদি নানান সুবিধা উপলব্ধ কৰি নিৰ্মাণ কৰা হয় এই এপাৰ্টমেণ্টবোৰ ৷ সুবিধা
যিমানে বেছি হয় তাৰ দামো সিমানে বেছি হয় ৷ নিম্ন মধ্যবিত্তৰ বাবে ইয়াক কিনা সম্ভৱ নহয়
৷ দ্বিতীয় শ্ৰেণীৰ বিল্ডাৰে মধ্যম আকৃতিৰ এপাৰ্টমেণ্ট বোৰ নিৰ্মাণ কৰে৷ প্ৰয়োজনীয় সুবিধাখিনি
প্ৰদান কৰি গ্ৰাহকক কিছু কম দামত ফ্লেট কিনিবলৈ সুবিধা কৰি দিয়ে ৷ তথপি এই দ্বিতীয়
শ্ৰেণীৰ বিল্ডাৰৰ পৰা ফ্লেট কিনাৰ সামৰ্থ্যও আমাৰ দৰে দৰমহাৰ টকাৰে চলা মানুহৰ নাথাকে
৷ তৃতীয় শ্ৰেণীৰ বিল্ডাৰবোৰে তুলনামূলক ভাৱে কম দামত ফ্লেটৰ যোগান ধৰে ৷ কিন্তু তেওঁলোকৰ
বিশ্বাসযোগ্যতা একেবাৰে ক’ম ৷ দাম ক’মাবলৈ চৰকাৰী নীতি-নিয়ম উলংঘা কৰে ৷ একৈশ শতিকাৰ আৰম্ভণিৰ কথা, বিয়াৰ পিছতে থাকিবলৈ ঘৰ বিচাৰি ফ্লেট চাবলৈ লৈ সেই
তৃতীয় শ্ৰেণীৰ বিল্ডাৰ এজনেই মোৰ ভাগ্যত পৰিল ৷ ৪০ টা ইউনিট থকা এপাৰ্টমেণ্টৰ ফ্লেট
এটাৰ বুকিং কৰি ঋণলৈ সময়ত টকা জমা দিয়াৰ পিছতো বছৰ বছৰ পাৰ হ’ল ৷ বিল্ডিঙৰ কাম শেষ
নহ’ল ৷ ইতিমধ্যে খবৰ পালোঁ বিল্ডাৰে ৪০ টা ফ্লেটৰ বিপৰীতে ৫৫ জন গ্ৰাকৰ পৰা অগ্ৰীম
ধন লৈ বহি আছে ৷ উপাইবিহীন হৈ মোৰ নিচিনা অন্য গ্ৰাহকসকলে লগ হৈ এপাৰ্টমেণ্টৰ কাম নিজে
কৰিবলৈ আৰম্ভ কৰোঁ আৰু যিমান পাৰি সোনকালে ফ্লেটত সোমাই পৰোঁ ৷ কিছু ধন বেছিকৈ গ’ল,
কিন্তু অৱশেষত ফ্লেটটো পালোঁ ৷ বাকী বহুজনে বিল্ডাৰক আধাতকৈ বেছি ধন জমা দিয়াৰ পিছতো
ফ্লেটৰ মুখ দেখা নাপালে ৷ পিছলৈ বিল্ডাৰ জেলৰ ভাত খাবলগীয়া হ’ল যদিও যিসকলে টকা দি
ফ্লেট নাপালে তেওঁলোকে এতিয়ালৈ টকা ঘূৰাই নাপালে ৷
ফ্লেট
লোৱা প্ৰায় ১০ বছৰ হ’ল, বেঙ্কৰ ঋণ পৰিষোধ কৰা হ’ল ৷ তিনিটা শোৱা কোঠাৰ ফ্লেট এটা কিনাৰ
কথা মনলৈ আহিল, বৰ্তমানৰ ফ্লেট দুটা কোঠাৰহে, কিছু অসুবিধা পাবলৈ আৰম্ভ কৰিছোঁ ৷ দূৰ্ভাগ্যবশত
এইবাৰো তৃতীয় শ্ৰেণীৰ বিল্ডাৰহে ভাগ্যত পালোঁ ৷ আছিয়ানা বিল্ডকন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ
প্ৰম’টাৰ স্বামিম আহমেদৰ কথা বতৰা ইমানেই মিঠা যে তেওঁ পতা জালত নিজেই সোমাই পৰোঁ ৷ ২০১৬ চনত অগ্ৰীম ধন জমা দিলোঁ ৷ কিন্তু বিল্ডিঙৰ
কাম আগ নাবাঢ়ে ৷ দুবছৰ বিল্ডাৰক বিচাৰি দৌৰা-দৌৰি কৰাৰ পিছত এদিন জনালে যে মাটিৰ মালিকৰ
লগত হেনো কেছ আৰম্ভ হ’ল সেয়ে মোক বেলেগ এঠাইত এটা ফ্লেট দিব ৷ নতুনকৈ এগ্ৰিমেণ্ট হ’ল
৷ পুনৰ অগ্ৰীম ধন দিলোঁ ৷ বিল্ডাৰে দুদিন কাম
কৰিয়ে টকা বিচাৰে , টকা পালে কাম বন্ধ কৰে ৷ টকা দি দি বেঙ্ক একাউণ্ট খালি ৷ এপাৰ্টমেণ্টৰ
সকলো কাগজ দিবলৈ ক’লো যাতে বেঙ্কৰ পৰা ঋণ ল’ব পাৰোঁ ৷ বিল্ডাৰে বেলেগ এটা বেঙ্কৰ পৰা
ঋণ ল’বলৈ কয়, তেওঁৰ লগত হেনো সেই বেঙ্কৰ লগত সু-সম্পৰ্ক, ঋণ পোৱাত মোৰ অকনো অসুবিধা
নহয় ৷ পিছে মই তেখেতৰ কথা নামানিলোঁ, যি বেঙ্কত দৰমহা হয় সেই বেঙ্কৰ পৰাহে ঋণ ল’ম বুলি
জোৰ দিলোঁ ৷ শেষত বিল্ডাৰে অন্য উপাই নেদেখি মোক কিছু নথি-পত্ৰ দিলে ৷ ফ্লেটৰ অনুমতি
পত্ৰ দেখিহে মোৰ চকু কপালত উঠিল ৷ গুৱাহাটী পৌৰনিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে
মাটিৰ মালিকক ঘৰ বান্ধিবলৈ অনুমতি দিছে ১৭০ বৰ্গ মিটাৰ এলেকা ৷ বিল্ডাৰে নিৰ্মাণ কৰিলে
২৪২ বৰ্গ মিটাৰ অৰ্থাৎ ৪২% নীতি বহিৰ্ভূত ভাবে বেছিকৈ নিৰ্মাণ কৰে ৷ ফলত বেঙ্কে ঋণ
দিবলৈ অমান্তি হয় ৷ বিল্ডাৰক টকা ঘূৰাই দিবলৈ ক’লো ৷ নিদিও বুলি জনাই দিলে ৷ উপাই বিহীন
হৈ থানাত কেছ এটা পঞ্জীয়ন কৰোঁ ৷ এবছৰ দৌৰা-দৌৰিৰ পাছত বিল্ডাৰৰ পৰা টকা ঘূৰাই পাওঁ
৷
টকা
ঘূৰাই পাওঁতে পাঁচ বছৰ লাগিল যদিও মনত শান্তি পাওঁ ৷ কিন্তু মনত বহুতো প্ৰশ্ন উদয় হ’ল
৷ মোৰ নিচিনা শ শ গ্ৰাহকক কিছুমান বিল্ডাৰে বছৰ বছৰ ধৰি প্ৰবঞ্চনা কৰি আহিছে ৷ লাখ লাখ টকা বিল্ডাৰৰ হাতত পৰিশোধ কৰাৰ পিছতো
থাকিবলৈ ফ্লেট নাপায় ৷ আছিয়ানা বিল্ডাৰৰ মালিক স্বামিম আহমেদে নিৰ্মাণ কৰি থকা কেইবাটাও
ঘৰৰ অনুমতি পত্ৰ পৰীক্ষা কৰি দেখিবলৈ পালোঁ যে প্ৰতিটো এপাৰ্টমেণ্টতে নীতি বহিৰ্ভূত
ভাবে ৪০%-৫০% বৰ্গ মিটাৰ এলেকা বঢ়াই ঘৰ নিৰ্মাণ
কৰিছে ৷ প্ৰশ্ন হয় গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ঘৰ নিৰ্মাণৰ অনুমতি দিয়াৰ পিছত নিৰীক্ষণ কৰিব নাযায়
নেকি ৷ নীতি বহিৰ্ভূত ভাবে নিৰ্মাণ কৰা ঘৰবোৰত যদিহে হাতোৰা নলগায় ভৱিষ্যতেও কিছুমান
বিল্ডাৰে মোৰ দৰে শ শ গ্ৰাহকৰ পৰা ধন হৰলুকি
কৰিব ৷ চৰকাৰে স্থাপন কৰা অসম ৰিয়েল ইষ্টেট ডেভেলপমেণ্ট অথৰিটীত (ৰেৰা)
প্ৰতিজন বিল্ডাৰ আৰু প্ৰতিটো এপাৰ্টমেণ্টৰ পঞ্জীয়ন বাধ্যতামূলক কৰিলে গ্ৰাহকৰ স্বাৰ্থ
সুৰক্ষিত হ’ব বুলি ধাৰণা হয় ৷ তদুপৰি স্বামিম আহমদৰ নিচিনা বিল্ডাৰক দৃষ্টান্তমূলক
শাস্তি বিহিলেহে ভৱিষ্যতে গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ কোনেও সাহস নকৰিব ৷
(নিয়মীয়া বাৰ্তা কাকতত ৯ মে’ত প্ৰকাশিত)
Comments
Post a Comment