জোনমনি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু আৰু সামাজিক মাধ্যম

 

মে’ মাহৰ আৰম্ভণিৰ পৰা অসমৰ সংবাদ জগত, টেলিভিচন, নিউজ পৰ্টেল, সামাজিক মাধ্যম গৰম খবৰেৰে ভৰি আছে ৷ যোৱা ৪ মে’ত বাতৰি ওলাল জনপ্ৰিয় মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডা° সংগীতা দত্তৰ কণমানি সন্তানৰ ওপৰত অত্যাচাৰ চলোৱাৰ কাহিনী ৷ তাৰ লগে লগে চিকিৎসক দম্পতীহালক আটক কৰা হয় ৷ সেই ঘটনাৰ লগতে চিকিৎসক দম্পতীহাল  বিভিন্ন অনৈতিক কামৰ মাজত সাঙোৰ খাই পৰে – আইনী প্ৰক্ৰিয়াৰ সহায়ত সন্তানদুটি তুলি লোৱা নাছিল, কণমানি সন্তানদুটিক শৰীৰিক অত্যাচাৰৰ লগতে যৌনসম্পৰ্ক, চাৰোগেচী ইত্যাদি অনেক কথা পোহৰলৈ আহিল ৷ অসমৰ অধিকাংশ লোকৰ মগজু গৰম কৰি ৰখা এই বাতৰিয়ে বহুতকে আমোদ দিয়ে ৷ মানুহৰ কল্পনাই ঢুকি নোপোৱা কথাবোৰ বাস্তৱত দেখি জনসাধাৰণে বিস্ময়ত হতবাক হৈ পৰে ৷ ৰাস্তাই ঘাটে, বজাৰত, চাহমেলত মানুহৰ আলোচনাৰ এক নতুন বিষয় হৈ পৰে চিকিৎসক দম্পতী ৷ দুদিন আগলৈ যাক মূৰৰ ওপৰত তুলি থৈছিল তেওঁলোকৰ কুৎসা ৰটনাত সকলোৱে উঠি পৰি লাগিল ৷

সেই ঘটনাই ৰাজ্যখনত তোলপাল লগোৱাৰ দহ দিন পাছতে ওলাল নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক জোনমনি ৰাভাৰ মাজনিশা পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ বাতৰি ৷ ১৬ মে’ ৰ পৰা  অসমৰ সংবাদ মাধ্যম, সামাজিক মাধ্যমত জোনমনি ৰাভাৰ মৃত্যুই  বিশেষ গুৰুত্ব লাভ কৰে ৷ বহুতে সেই দুৰ্ঘটনাক হত্যা বুলি ভাবিবলৈ ল’লে ৷ নগাঁও আৰক্ষীৰ গাড়ীচালক এজনৰ এটা ফোনকলৰ ৰেকৰ্ড ভাইৰেল হৈ পৰে ৷ কথাখিনিৰ সত্যাসত্য বিচাৰ নকৰি তাৰ ওপৰতে সকলোৱে সিদ্ধান্ত লৈ পেলালে যে জোনমনি ৰাভাক অমানুষিক অত্যাচাৰ চলাই হত্যা কৰা হয় আৰু পিছত দুৰ্ঘটনাৰ ৰূপ দিয়া হয় ৷ সেইখিনি কথা মানুহে দৃঢ়তাৰে  ভাবিবলৈ ল’লে যেতিয়া প্ৰণৱ দাস বুলি ব্যক্তি এজনে স্বচক্ষে দেখা বুলি দাবী জনালে ৷ সেই ব্যক্তিজনৰ কথাই বেদৰ বাক্য বুলি সকলোৱে মানি ল’লে ৷ ইপিনে হাছিনা বেগম নামৰ মহিলা ইন্ফৰ্মাৰ এগৰাকীয়ে উলিয়াই দিয়া ফোনকলৰ ৰেকৰ্ডে গোটেই ঘটনাটোক সন্দেহৰ আৱৰ্তলৈ লৈ গ’ল ৷ ডা° সংগীতা দত্তৰ ঘটনাবোৰক পাহৰি জোনমনি ৰাভাৰ মৃত্যুক লৈ সকলো ব্যস্ত হৈ পৰিল ৷ মানুহৰ কল্পনা শক্তিৰে যিমান পাৰে ভাবি লৈ সেয়া সত্য বুলি পতিয়ন গ’ল ৷ প্ৰতিজন মানুহে একো একোজন অনুসন্ধানকাৰীদলৰ অংশ হৈ পৰিল, তাৰ লগে লগে বিচাৰপতিৰ আসনতো নিজকে প্ৰক্ষেপ কৰিবলৈ ল’লে ৷

পিছে মানুহে কল্পনাৰে যিবোৰ দৃশ্য দেখিবলৈ লৈছিল সেয়া বাস্তৱত হৈ নুঠিল ৷ নগাঁও আৰক্ষীৰ গাড়ীচালকজনৰ কথাকিনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, নিজে ভাবিলৈহে কথাখিনি নিজৰ ভাগিনীয়েকক কৈছিল তাক অকপটে স্বীকাৰ কৰে ৷ প্ৰণৱ দাস নামৰ মানুহজনৰ কোনো এটা কথা সঁচা নহয় বুলি ইতিমধ্যে প্ৰমাণিত হ’ল ৷ হাছিনা নামৰ মহিলাগৰাকীৰ চৰিত্ৰ ইতিমধ্যে ওলাই পৰিল ৷ ইন্ফৰ্মাৰৰ কামেই হ’ল লোকচক্ষুৰ আঁৰত থাকি অতি গোপনে অপৰাধীৰ খবৰ আৰক্ষীক দিয়া ৷ হাছিনাই নিজে টেলিভিচনত ওলাই ইন্ফৰ্মাৰ বুলি কোন সতেৰে কৈ ফুৰিল তাক বুজা নগ’ল ৷ ইপিনে সামাজিক মাধ্যমত সকলোৱে দাবী জনালে যে ঘটনাৰ উচ্চস্তৰৰ অনুসন্ধান আৰম্ভ কৰিব লাগে ৷ চৰকাৰে তাক বিনাবাক্যে মানি লৈ চিআইডিক  অনুসন্ধানৰ দায়িত্ব দিয়ে ৷ লগে লগে অনুসন্ধানকাৰী দলে কাম আৰম্ভ কৰে ৷ কিন্তু সামাজিক মাধ্যম তাতেই সন্তুষ্ট নহ’ল ৷ এইবাৰ দাবী আহিল চিবিআইৰ হাতত অনুসন্ধানৰ দায়িত্ব দিবলৈ ৷ শেষত সেয়াও মানি ল’লে ৷ তথাপি সামাজিক মাধ্যম সুখী হোৱা দেখা নগ’ল ৷ সামাজিক মাধ্যমত সোচ্চাৰ হৈ ফুৰা লোকসকলে হয়তো বিচাৰিছিল কেইজনমান লোকক আটক কৰক ৷ সিহঁতৰ মুখেৰে কিছু মুখৰোচক কাহিনী ওলাওক ৷ সকলোৱে সেই কাহিনীৰ মাজত ব্যস্ত হৈ পৰক ৷ বাস্তৱত সেইটো নঘটিল ৷  সেইবুলি সামাজিক মাধ্যম শান্ত হৈ পৰিব নে? পানী ঘোলা কৰাৰ বাবেই এগৰাকী উচ্চপদস্থ মহিলা আৰক্ষী বিষয়াৰ চৰিত্ৰহননত উঠিপৰি লাগে ৷ এই ঘটনাৰ লগত এটা দশক আগতে মৃত্যু হোৱা স্বামীৰ কি সম্পৰ্ক থাকিব পাৰে ? জোনমনি ৰাভাৰ দৰেই তেওঁক মহিলা হিচাপে দিবলগীয়া সন্মানখিনি কিয় দিয়া নহ’ল ?

         আমি সকলোৱে বিচাৰোঁ যে ঘটানটোৰ ভালদৰে অনুসন্ধান হওক, সঁচাকৈ যদি দুৰ্ঘটনা হয় সেয়া ওলাওক, দোষীক উপযুক্ত শাস্তি বিহা হওক ৷ এই কামবোৰ সমাধা কৰিবলৈ অনুসন্ধানকাৰী সংস্থাক সময়ৰ প্ৰয়োজন ৷ পিছে দুখৰ কথা যে সামাজিক মাধ্যমত সক্ৰিয় একচাম মানুহে চিআইডি অথবা চিবিআই কোনো এটাৰ প্ৰতি আস্থা নাই ৷ নিমিষতে মানুহক বিচাৰ লাগে ৷ ৰ’বলৈ কাৰো সময় নাই, ধৈৰ্য নাই ৷  দুৰ্ঘটনা বুলি যিহেতু ভাবিছে সেয়া যেন হ’বই লাগিব ৷ 

        অপৰাধমূলক ঘটনাৰ প্ৰতি যে মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে তাৰ মূলতে হৈছে মানুহৰ সামাজিক মাধ্যমৰ প্ৰতি থকা অত্যধিক আসক্তি ৷ বহুকেইটা সমীক্ষাত এইটো প্ৰমাণ হৈছে যে যিসকলে সামাজিক মাধ্যমত অধিক সময় দিয়ে তেওঁলোক বেছিকৈ দুশ্চিন্তাত ভোগে, অকলশৰীয়া অনুভৱ কৰে, নেতিবাচক চিন্তাই তেওঁলোকক আগুৰি ধৰে ৷ ইয়াৰ পৰিণতিত মানুহে নিজৰ সমস্যাবোৰক পাহৰিবলৈ অপৰাধমূলক ঘটনাবোৰৰ চৰ্চা কৰিবলৈ লয় ৷ মানুহৰ মাজত ইতিবাচক চিন্তাধাৰাই গঢ় ল’বলৈ ধ্যান বা প্ৰাৰ্থনাৰ কথা বেছিকৈ কোৱা হয় যদিও সামাজিক মাধ্যমৰ আসক্তিৰ পৰা নিজকে আঁতৰাই নাৰাখিলে ইতিবাচক চিন্তা মনলৈ আনিবলৈ অসুবিধা হ’ব ৷ সমাজিক মাধ্যমত প্ৰচাৰিত বেছিভাগ বাতৰিয়ে অসত্য (ফেক), কিন্তু সেই অসত্য বাতৰিকে সত্য বুলি মানুহে সহজে গ্ৰহণ কৰে আৰু পিছলৈ ইয়ে মানুহৰ মানসিক জগতত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ সেয়ে মানসিক ভাবে সুস্থ্য হৈ থাকিবলৈ সমাজিক মাধ্যমৰ লগত নিৰ্দিষ্ট দূৰত্ব মানি চলা প্ৰয়োজন ৷ আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল মানুহে মূল সমস্যাৰ ওপৰত  মাত মাতিবলৈ এৰি অদৰকাৰী কথাবোৰত হে সময় দিবলৈ লৈছে যাৰ ফলত সমাজৰ ক্ষতি হৈছে ৷

(নিয়মীয়া বাৰ্তা, ২৪ মে’, ২০২৩ ত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা