Posts

Showing posts from March, 2023

আইনষ্টাইন, অ’পেনহেইমাৰ আৰু ভাগৱত গীতা

  ১৯৩৩ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ আগতে, এলবাৰ্ট আইনষ্টাইনক কেলিফৰ্ণিয়া ইনষ্টিটিউট অব টেকন’লজিত শীতকালীন   ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল   ৷    ১৯৩১ চনত তেওঁ সেই প্ৰতিষ্ঠানৰ   শিক্ষাৰ্থীসকলৰ বাবে দিয়া বক্তৃতাত সমাজত এজন বিজ্ঞানীৰ দায়বদ্ধতাৰ প্ৰশ্নটো সম্বোধন কৰি কৈছিল, "বিজ্ঞানী এজনৰ চিন্তা আৰু তেওঁৰ কাৰ্যৰ পৰিধি এনেধৰণৰ আবিষ্কাৰত মনোনিৱেশ কৰা উচিত যি আবিষ্কাৰে   সমাজৰ প্ৰতিজন মানুহৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰে আৰু কেতিয়াও মানৱজাতিৰ বাবে অভিশাপ হৈ নপৰে।" তেওঁৰ   মন্তব্যই বহুতো বিজ্ঞানীক আতংকিত কৰিছিল, ইয়াৰ ভিতৰত আছিল আমেৰিকাৰ বৈজ্ঞানিক সকলৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰা জে. ৰবাৰ্ট অপেনহাইমাৰ   ৷ বিংশ শতিকাৰ শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী সকলৰ ভিতৰত দুয়োজনৰ নাম প্ৰথমেই ল’ব লাগিব ৷ কিন্তু আইনষ্টাইনৰ নাম যিমান শ্ৰদ্ধা আৰু সন্মানেৰে লোৱা হয় অ’পেনহেইমাৰৰ নাম এক কলংকিত বিজ্ঞানী হিচাপে হে লোৱা যায় ৷ ইয়াৰ অন্তৰালত নিশ্চয় যুক্তি আছে   ৷ ১৯৩২ চনত আইনষ্টাইনে প্ৰকাশ কৰিছিল   সেই যুগান্তকাৰী সমীকৰণ E=mc 2 , ভৰ আৰু শক্তি একেটা বস্তুৰ দুটা ভিন্ন...

“এ ট্ৰু লাভ ষ্টৰী : এমিলি এণ্ড সুভাষ“ এক অনন্য প্ৰেম গাথা

  নেতাজী সুভাষ চন্দ্ৰ বসুক আমি সকলোৱে এজন দেশপ্ৰেমিক, সৈনিক, নিয়মানুৱৰ্তিতাৰ মাজেৰে চলা এজন কঠোৰ হৃদয়ৰ ব্যক্তি বুলিহে জানো ৷ কিন্তু বহুতে নাজানে যে তেখেত এজন আজন্ম প্ৰেমিক আছিল ৷ এমিলিৰ সৈতে তেখেতৰ প্ৰেম কাহিনী সকলোৰে অগোচৰে আৰম্ভ হৈছিল ৷ আনকি নেতাজীৰ ১৮ আগষ্ট, ১৯৪ ৫ ত ৰহস্যজনক পৰিস্থিতিত মৃত্যু ঘটাৰ এবছৰ পিছতহে   পৰিয়ালৰ মানুহে জানিবলৈ পায় যে নেতাজীৰ এগৰাকী প্ৰেয়সী আছিল যাৰ লগত ১৯৩৭ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু সেই প্ৰেমৰ চিন স্বৰূপে এটি কন্যা সন্তানৰ জন্ম পাইছিল ৷ সেয়া আছিল ১৯৩৪ চন ৷ সুভাষ চন্দ্ৰ বসু ব্ৰিটিছৰ শাসনৰ বহু বাধা পাৰহৈ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা পায় ৷ তাতেই তেখেতে চেক্ৰেটাৰী হিচাপে নিয়োগ কৰে অষ্ট্ৰীয়ান যুৱতী এমিলি ছেংকল ৷ তেতিয়া এমিলিৰ বয়স আছিল ২৩ বছৰ আৰু বসুৰ বয়স ৩৭ বছৰ ৷ সুভাষ বসুৱে এনে এগৰাকী চেক্ৰেটাৰী বিচাৰিছিল যাৰ ইংৰাজীত ভাল দখল আছে লগতে টাইপৰ স্পিড যথেষ্ট বেছি ৷ দুয়োটা গুণ এমিলিৰ আছিল ৷   এমিলিৰ সহায়ত সুভাষ বসুই ’দা ইণ্ডিয়ান ষ্ট্ৰাগল’ নামৰ এখন অতি মূল্যবান গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে ৷ কামৰ লগে লগে নেতাজী আৰু এমিলি দুয়ো ইজনে সিজনৰ কাষ চাপি আহে ৷ দুয়ো ...

দীপৰ বিলৰ সংৰক্ষণ

  অসমৰ ৰাজধানী শিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সময়ৰ পৰা প্ৰতি বছৰে গুৱাহাটীৰ জনসংখ্যা অভাৱনীয় ভাৱে বৃদ্ধি পায় ৷ তাৰ লগে লগে   জলাশয় আৰু পিতনিসমূহত মাটি পেলাই ঘৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আৰম্ভ হয় ৷   যোৱা পঞ্চাছ বছৰ আগত গোটেই গুৱাহাটী চহৰ জলাশয় আৰু পিতনিৰে ভৰি আছিল ৷ সেইবোৰৰ প্ৰায়ভাগেই আজি নোহোৱা হৈ পৰে ৷ ইয়াৰ ফলত গুৱাহাটীবাসীয়ে তিনিটা প্ৰধান সমস্যাৰ সন্মুখীন হৈছে – এজাক বৰষুণত সৃষ্টি হোৱা বানপানী, ভূমি পৃষ্ঠত পানীৰ স্তৰ তললৈ নামি যোৱাৰ ফলত দেখা দিয়া পানীৰ নাটনি আৰু জলবায়ু প্ৰদূষণ ৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে এই জলাশয়বোৰৰ সংৰক্ষণ অতিকৈ প্ৰয়োজন ৷ গুৱাহাটী মহানগৰীত থকা জলাশয় বোৰৰ ভিতৰত তিনিটা প্ৰধান বিল হ’ল – দীপৰ বিল, শিলসাঁকো আৰু শলা বিল ৷ বৃহত্তৰ গুৱাহাটীৰ বৰষুণৰ পানী ধৰি ৰাখিবলৈ এই তিনিটা বিলৰ ভিতৰত দীপৰ বিলৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিবলগীয়া হয় ৷ দুৰ্ভাগ্যবশত তিনিওটা বিলেই আজি অস্তিত্বৰ সংকটত ভুগিছে ৷ শিলসাঁকো বিল ৰক্ষাৰ বাবে   অসম চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৷ ইয়াৰ সপক্ষে আৰু বিপক্ষে তৰ্ক-বিতৰ্ক চলি আছে ৷ পিছে গুৱাহাটীৰ বৰ্তমান পৰিস্থিতিৰ কথা ভাবি তাৎক্ষণ...

বৰপেটাৰ দৌলোৎসৱৰ কেইটামান মুকলি চিন্তা

  ১৯০০ চনত ৰজনীকান্ত বৰদলৈয়ে মান আক্ৰমণৰ সময়ৰ কাহিনীৰে মনোমতী উপন্যাসখন লিখিছিল ৷ ঔপন্যাসিকে মনোমতীৰ প্ৰথম অধ্যায়   আৰম্ভ   কৰিছিল বৰপেটাৰ দৌলোৎসৱৰ বৰ্ণনাৰে ৷ দৌল উৎসৱত জনসমাগম কিমান হৈছিল তাক বুজাবলৈ তেখেতে এনেদৰে লিখিছিল ৷ “কীৰ্ত্তনঘৰৰ পিৰালিয়ে চোতালে প্ৰায় ছয় সাত হাজাৰ প্ৰজা হৈছে ৷ মতাই-মাইকীয়ে, ডেকাই-গাভৰুৱে, ল’ৰাই-ছোৱালীয়ে একো চিন ভিন নোহোৱা হৈছে ৷ প্ৰায় ছয়, সাত শ মান দূৰণিবটীয়া ছোৱালী, গাভৰু আৰু বুঢ়ী কীৰ্ত্তন ঘৰৰ দুৱাৰমুখত আৰু পিৰালিত থিয় দি আছে ৷“ মনোমতী উপন্যাসৰ পৰা বুজিব পাৰি দুটা দশকৰ আগতে বৰপেটা সত্ৰত পতা দৌলোৎসৱত মানুহৰ সমাগমৰ বিষয়ে ৷ আজিৰ পৰা ৮৬ বছৰ আগতে ১৯৩৭ চনত সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ বৰপেটা চহৰত প্ৰায় এবছৰ কাল আছিল ৷ সেই সময়ত বৰপটাৰ দৌলোৎসৱত দেখা জনসমাগমৰ বিষয়ে তেখেতে আত্মজীৱনী   “স্মৃতিলেখা“ত এনেদৰে লিখিছিল ৷ “প্ৰথম দিনা গোসাঁই দৌলত উঠাৰ আগতে হোৱা মেষদাহ চাবলৈ বৰপেটাৰ সকলো মানুহে কীৰ্ত্তন ঘৰলৈ ঢাপলি মেলে ৷ কীৰ্ত্তন ঘৰৰ চোতালতো অকণমান ঠায়ো খালি হৈ নেথাকে ৷ ল’ৰা-বুঢ়া, মুনিহ-তিৰোতা,...

সামাজিক মাধ্যম আৰু ডাৰ্ক থীমৰ গল্পবোৰ

  বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ লগে লগে মানুহৰ জীৱনশৈলী সলনি হৈ পৰিছে ৷ যোৱা দুটা দশকত ইণ্টাৰনেটৰ বহুল প্ৰচাৰৰ লগে লগে আৰম্ভ হয় সামাজিক মাধ্যমৰ জয়যাত্ৰা ৷ বিশ্বৰ পঞ্চাছ শতাংশ জনগণে আজি ইণ্টাৰনেটৰ সহায়ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ লৈছে ৷ দহ বছৰ পিছত হয়তো এই সংখ্যা সত্তৰ শতাংশ বা ততোধিক হ’ব ৷ সমাজিক মাধ্যম যেনে ফেচবুক, ৱাটচএপ, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ অত্যধিক ব্যৱহাৰৰ ফলত সৰুৰ পৰা ডাঙৰলৈ সকলোৱে এতিয়া নিজৰ নিজৰ স্মাৰ্টফোনত আৱদ্ধ হৈ পৰিছে ৷ কিতাপ, বাতৰি কাকত পঢ়া বা টিভিৰ বাতৰি শুনা অভ্যাসবোৰ নোহোৱা হ’বলৈ ধৰে ৷ নতুন প্ৰজন্মৰ কেইজনমান ডেকা-গাভৰু একেলগ হৈ বহি থাকিলেও নিজৰ মাজত কথা-বতৰা পতাতকৈ স্মাৰ্টফোনত চাটিঙ কৰা হে বেছিকৈ দেখিবলৈ পোৱা যায় ৷ আজি কিছুবছৰৰ পৰা প্ৰতিদিনে হত্যা, ডকাইতি, বলৎকাৰ আদিৰ দৰে ঘৃণনীয় ঘটনা সংঘটিত হোৱা দেখিবলৈ পাইছোঁ ৷ বন্দনা কলিতাৰ দ্বাৰা সংঘটিত নিজৰ স্বামী আৰু শাহুৰ হত্যাকাণ্ডই আমাক নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে অপৰাধ প্ৰৱণতা বৃদ্ধিৰ আঁৰত থকা কাৰণ উলিয়াবলৈ ৷ বন্দনা কলিতা ইয়াৰ আগত কোনো  অপৰাধৰ লগত জড়িত থকাৰ প্ৰমাণ নাছিল ৷ বন্দনাৰ দৰে আমাৰ সমাজত সাধাৰণ...