সামাজিক মাধ্যম আৰু ডাৰ্ক থীমৰ গল্পবোৰ

 বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ লগে লগে মানুহৰ জীৱনশৈলী সলনি হৈ পৰিছে ৷ যোৱা দুটা দশকত ইণ্টাৰনেটৰ বহুল প্ৰচাৰৰ লগে লগে আৰম্ভ হয় সামাজিক মাধ্যমৰ জয়যাত্ৰা ৷ বিশ্বৰ পঞ্চাছ শতাংশ জনগণে আজি ইণ্টাৰনেটৰ সহায়ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ লৈছে ৷ দহ বছৰ পিছত হয়তো এই সংখ্যা সত্তৰ শতাংশ বা ততোধিক হ’ব ৷ সমাজিক মাধ্যম যেনে ফেচবুক, ৱাটচএপ, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ অত্যধিক ব্যৱহাৰৰ ফলত সৰুৰ পৰা ডাঙৰলৈ সকলোৱে এতিয়া নিজৰ নিজৰ স্মাৰ্টফোনত আৱদ্ধ হৈ পৰিছে ৷ কিতাপ, বাতৰি কাকত পঢ়া বা টিভিৰ বাতৰি শুনা অভ্যাসবোৰ নোহোৱা হ’বলৈ ধৰে ৷ নতুন প্ৰজন্মৰ কেইজনমান ডেকা-গাভৰু একেলগ হৈ বহি থাকিলেও নিজৰ মাজত কথা-বতৰা পতাতকৈ স্মাৰ্টফোনত চাটিঙ কৰা হে বেছিকৈ দেখিবলৈ পোৱা যায় ৷

আজি কিছুবছৰৰ পৰা প্ৰতিদিনে হত্যা, ডকাইতি, বলৎকাৰ আদিৰ দৰে ঘৃণনীয় ঘটনা সংঘটিত হোৱা দেখিবলৈ পাইছোঁ ৷ বন্দনা কলিতাৰ দ্বাৰা সংঘটিত নিজৰ স্বামী আৰু শাহুৰ হত্যাকাণ্ডই আমাক নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে অপৰাধ প্ৰৱণতা বৃদ্ধিৰ আঁৰত থকা কাৰণ উলিয়াবলৈ ৷ বন্দনা কলিতা ইয়াৰ আগত কোনো  অপৰাধৰ লগত জড়িত থকাৰ প্ৰমাণ নাছিল ৷ বন্দনাৰ দৰে আমাৰ সমাজত সাধাৰণ ভাবে চলা বহুলোকৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাৰ শংকা ঘনীভূত হৈছে ৷ এই অপৰাধ প্ৰৱণতাৰ বাবে যেন সামাজিক মাধ্যম আৰু অটিটি প্লেটফৰ্মত চলা ৱেব চিৰিয়েলবোৰ বহু পৰিমাণে দায়ী ৷ উদাহৰণ স্বৰূপে সাহিত্য সাধনাৰ বাবে সৃষ্টি হোৱা কিছুমান ফেচবুক গ্ৰুপত নতুনকৈ জনপ্ৰিয়তা লাভ কৰিছে ডাৰ্ক থীমৰ গল্প ৷ ড্ৰাগ্চ সেৱন, আত্মহত্যা, হত্যা, ধৰ্ষণ, যৌনতা আদি ঘৃণনীয় ঘটনাৰে ভৰি থকা সেই গল্পবোৰত সমাজলৈ বুলি কোনো ভাল মেছেজ নাথাকে ৷ তাৰ বিপৰীতে তেনে গল্পবোৰে সমাজত অপৰাধ প্ৰৱণতা বৃদ্ধিত আৰু হিংসাক উচটোৱাত সহায় কৰে ৷ সমাজিক মাধ্যমত বেছিকৈ লাইক, কমেণ্ট পোৱা গল্পবোৰেই হ’ল এই ডাৰ্ক থীমৰ ওপৰত লিখা ৷ তেনেদৰে তিনিমাহ আগত দেশৰ সকলোৰে অন্তৰ কঁপাই তোলা দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ মূল অভিযুক্তই স্বীকাৰ কৰিছে হত্যাৰ আঁৰত অটিটি প্লেটফৰ্মত দেখুওৱা ডেস্কটাৰ নামৰ চিৰিয়েলখনৰ পৰা অনুপ্ৰাণিত হোৱাৰ কথা ৷

বিশ্বত অপৰাধ বিয়পোৱাত আজি কিছু বছৰৰ পৰা সহায়ক ৰূপত কাম কৰি আছে ইণ্টাৰনেটৰ আন এক উদ্ভাৱন ডাৰ্কৱেবৰ দ্বাৰা ৷ বিশ্বৰ বেছিভাগ ঘৃণনীয়, অপৰাধমূলক কাম ইয়াতে হয় ৷ সেয়ে ইয়াক অন্ধকাৰ জগতৰ ভূস্বৰ্গ বুলি কোৱা হয় ৷ ড্ৰাগ্চৰ ব্যৱসায়, অবৈধ অস্ত্ৰ-শস্ত্ৰৰ লেনদেন, কোনো প্ৰতিষ্ঠানৰ গোপন তথ্য চুৰি কৰি বিক্ৰী কৰা, শিশু পৰ্ণ’গ্ৰাফী, অবৈধ ভাবে কোনো মূল্যবান চফ্টৱেৰৰ লাইচেন্স কম দামত বিক্ৰী, অনলাইন জুৱা, পেশাদাৰী হত্যাকাৰীৰ দ্বাৰা কোনো ব্যাক্তিৰ হত্যা, জালিয়াতি, সন্ত্ৰাসবাদ ইত্যাদি সকলো ঘৃণনীয় কামেই এই অন্ধকাৰ ৱেবৰ সহায়ত গোটেই বিশ্বত ঘটি আছে ৷ 

সামাজিক মাধ্যমৰ অত্যধিক আসক্তিয়ে অপৰাধ প্ৰৱণতা বৃদ্ধিৰ লগতে নিজৰো  ক্ষতি হোৱা দেখা গৈছে ৷ ইয়াৰ প্ৰধান কাৰণ হৈছে নিজে আনৰ লগত তুলনা কৰা। এক সমীক্ষাত দেখা গৈছে যে অনলাইনত ০% লোকে নিজকে  আনৰ সৈতে তুলনা কৰে। তাৰ ফলত ৫৩% লোকে ঈৰ্ষা অনুভৱ কৰিবলৈ ধৰে আৰু ৩% লোকে দুশ্চিন্তাত ভুগিবলৈ লয় ৷ সামাজিক মাধ্যমৰ আন এটা বেয়া দিশ হ'ল ইয়ে ইজনে সিজনৰ লগত থকা আন্তৰিক সম্বন্ধ কমি যোৱা ৷ ভাৰ্চুৱেল জগতত স্ক্ৰ'লিং, লাইক আৰু মন্তব্যত সময় অতিবাহিত কৰি থাকিলে আপাতত: আনৰ লগত সংযোগহৈ থকাৰ দৰে অনুভৱ হ'ব পাৰে, কিন্তু ই সম্পূৰ্ণ সত্য নহয় ৷ প্ৰকৃততে সমাজিক মাধ্যমৰ মাজতে আপুনি যথেষ্ট অকলশৰীয়া অনুভৱ কৰিব পাৰে, আপুনি যেন এটা নিৰ্জন দ্বীপত হে বাস কৰি আছে ইংৰাজীত যাক কোৱা হয় লিভিঙ ইন চাইলোছ ৷ সমাজিক মাধ্যমত আপোনাৰ লগত সকলো আছে অথচ বাস্তৱ জীৱনত কোনো নাই ৷ বিপদৰ সময়ত সামাজিক মাধ্যমত পোৱা কোনো এজন বন্ধুই কাষত নাপায় ৷ তেনে পৰিস্থিতিত আপুনি হয়তো এক হতাশাত ভুগিবলগীয়া পৰিস্থিতি আহি পৰিব পাৰে  ৷

আজি কিছুদিনৰ পৰা 'ফেচবুক ডিপ্ৰেচন' নামৰ এটা নতুন শব্দ ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গৈছে ৷ যি সকল ব্যক্তিয়ে ফেচবুকৰ দৰে ছ'চিয়েল মিডিয়া চাইটত অধিক সময় অতিবাহিত কৰি মন প্ৰফুল্ল হয় বুলি ভাবে তেওঁলোকৰ গাত পিছলৈ হতাশাৰ লক্ষণ সমূহ প্ৰকাশ পাবলৈ আৰম্ভ কৰে ৷ তাৰ লগে লগে  সহায়ৰ বাবে বিপদজনক ইণ্টাৰনেট চাইট আৰু ব্লগলৈ যায় যাৰ বাবে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, অসুৰক্ষিত যৌন অভ্যাস, আক্ৰমণাত্মক আৰু ধ্বংসাত্মক আচৰণৰ বলি হ’ব পাৰে । সেয়েহে হয়তো আজি যুৱচামৰ মাজত অপৰাধবোধ, হতাশা, আত্মহত্যাৰ সংখ্যা বাঢ়িছে ৷ 

সামাজিক মাধ্যমৰ আটাইতকৈ ক্ষতিকাৰক দিশ হ’ল অনলাইন  মাধ্যমত বহুলভাবে প্ৰচাৰিত হত্যা, ধৰ্ষণ, মাৰপিট আদি অপৰাধ মূলক  ঘটনাৰ বিৱৰণ ৷  দিনে নিশাই নেতিবাচক কথাবোৰ পঢ়ি, শুনি মানুহৰ মনত হতাশা আৰু উদ্বেগৰ সৃষ্টি হয় আৰু সুস্থ মানসিকতা হেৰুৱাই পেলায় ৷ ফলত সমাজত বৃদ্ধি পায় অপৰাধ প্ৰৱণতা ৷ সামাজিক মাধ্যমৰ আন এটা বিপদজনক দিশ হ'ল সন্ত্ৰাসবাদী সংগঠনবোৰে এই মাধ্যমত চলোৱা প্ৰচাৰ । সন্ত্ৰাসবাদী সকলে তথ্য সংগ্ৰহ, সদস্য নিয়োগ, পুঁজি সংগ্ৰহ আৰু প্ৰচাৰ আঁচনিৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছে। সাধাৰণ মানুহ সেই সংগঠনবোৰৰ হাতোৰাত আবদ্ধ হৈ পৰিছে ৷

সমাজিক মাধ্যম ব্যৱহাৰকাৰী কিছুমানে  'চাইবাৰ উৎপীড়ন' (cyber bullies) নামৰ ব্যক্তিগত আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ সামাজিক মাধ্যমত কোনোবা এজনক টাৰ্গেট হিচাপে লৈ আক্ৰমণ কৰা, সকলোৰে সন্মুখত হেয় প্ৰতিপন্ন কৰা আদি নানান অত্যাচাৰ চলা দেখা গৈছে ৷ চাইবাৰ উৎপীড়নৰ ফলত বহুতো লোক হতাশাত ভুগিবলগীয়া হোৱা দেখা গৈছে ৷

মানুহে সামাজিক মাধ্যমৰ নেটৱৰ্কত যথেষ্ট সময় দিয়াৰ লগে লগে বাস্তৱ জীৱনত নিজৰ পৰিয়াল বা বন্ধু-বান্ধৱৰ লগত থকা সম্পৰ্কত ক্ষতিগ্ৰস্ত হ'বলৈ বা ফাট মেলিবলৈ আৰম্ভ কৰে।  সামাজিক মাধ্যমত নতুনকৈ জনপ্ৰিয়তা লাভ কৰা 'কেটফিছ' শব্দটোৱে ভুৱা সামাজিক নেটৱৰ্কিং প্ৰ'ফাইল সৃষ্টি কৰা লোকসকলক বুজায় ৷ 'কেটফিচিং'ৰ জৰিয়তে বহুতে সাধাৰণ নাগৰিকৰ সৈতে প্ৰতাৰণামূলক কাৰ্য্য যেনে বৈবাহিক সম্পৰ্ক, আৰ্থিক লেনদেন, ঠগ, প্ৰৱঞ্চনা কৰি আহিছে ৷  

আহক আমি আমাৰ সামাজিক মাধ্যমৰ অত্যধিক আসক্তিৰ পৰা নিজকে আঁতৰাই ভাৰ্চুৱেল পৃথিৱীখনৰ পৰা ওলাই আহি নিজৰ আপোনজনৰ লগত  বাস্তৱত  সঁচা সম্পৰ্ক ৰক্ষা কৰোঁ ৷ সমাজৰ হিতৰ হকে কাম কৰোঁ ৷ তেতিয়া বাস্তৱ জগতখনত  হতাশা, অপৰাধ প্ৰৱণতা নিজে নিজে কমি যাব ৷

(সাদিন কাকতত  ৫ মাৰ্চ, ২০২৩ তাৰিখে প্ৰকাশিত)


Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা