বৰপেটাৰ দৌলোৎসৱৰ কেইটামান মুকলি চিন্তা

 

১৯০০ চনত ৰজনীকান্ত বৰদলৈয়ে মান আক্ৰমণৰ সময়ৰ কাহিনীৰে মনোমতী উপন্যাসখন লিখিছিল ৷ ঔপন্যাসিকে মনোমতীৰ প্ৰথম অধ্যায়  আৰম্ভ  কৰিছিল বৰপেটাৰ দৌলোৎসৱৰ বৰ্ণনাৰে ৷ দৌল উৎসৱত জনসমাগম কিমান হৈছিল তাক বুজাবলৈ তেখেতে এনেদৰে লিখিছিল ৷

“কীৰ্ত্তনঘৰৰ পিৰালিয়ে চোতালে প্ৰায় ছয় সাত হাজাৰ প্ৰজা হৈছে ৷ মতাই-মাইকীয়ে, ডেকাই-গাভৰুৱে, ল’ৰাই-ছোৱালীয়ে একো চিন ভিন নোহোৱা হৈছে ৷ প্ৰায় ছয়, সাত শ মান দূৰণিবটীয়া ছোৱালী, গাভৰু আৰু বুঢ়ী কীৰ্ত্তন ঘৰৰ দুৱাৰমুখত আৰু পিৰালিত থিয় দি আছে ৷“

মনোমতী উপন্যাসৰ পৰা বুজিব পাৰি দুটা দশকৰ আগতে বৰপেটা সত্ৰত পতা দৌলোৎসৱত মানুহৰ সমাগমৰ বিষয়ে ৷ আজিৰ পৰা ৮৬ বছৰ আগতে ১৯৩৭ চনত সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ বৰপেটা চহৰত প্ৰায় এবছৰ কাল আছিল ৷ সেই সময়ত বৰপটাৰ দৌলোৎসৱত দেখা জনসমাগমৰ বিষয়ে তেখেতে আত্মজীৱনী  “স্মৃতিলেখা“ত এনেদৰে লিখিছিল ৷

“প্ৰথম দিনা গোসাঁই দৌলত উঠাৰ আগতে হোৱা মেষদাহ চাবলৈ বৰপেটাৰ সকলো মানুহে কীৰ্ত্তন ঘৰলৈ ঢাপলি মেলে ৷ কীৰ্ত্তন ঘৰৰ চোতালতো অকণমান ঠায়ো খালি হৈ নেথাকে ৷ ল’ৰা-বুঢ়া, মুনিহ-তিৰোতা, মানুহ কেৱল মানুহ, মানুহৰ সাগৰ এখন বুলিলেও হয়, ইয়াকেই কয় জনসমুদ্ৰ ৷“

সেই সময়তে যদি দৌলোৎসৱত মানুহৰ উপস্থতিয়ে জনসমুদ্ৰৰ সৃষ্টি কৰিছিল, এটা বা এটা শতিকাৰ পাছত আজি বৰপেটাৰ দৌলোৎসৱ উপভোগ কৰিবলৈ অহা মানুহৰ সংখ্যা কিমান গুণ বেছি সেয়া সহজে অনুমেয় ৷ বিশেষকৈ যাতায়ত ব্যৱস্থাৰ উন্নতিয়ে অসমৰ বিভিন্ন ঠাইৰ পৰা দৌলোৎসৱ চাবলৈ জনতাৰ সোঁত ববলৈ ধৰে ৷ বহি ৰাজ্য বা বিদেশৰ পৰাও বৰপেটালৈ ভ্ৰমণকাৰী আহিবলৈ আৰম্ভ কৰিছে ৷ বৰপেটাৰ আশে পাশে থকা অঞ্চলৰ জনসাধাৰণৰ উপস্থিতিৰ কথা নকলোৱে যেনিবা ৷ কীৰ্ত্তনঘৰৰ চাৰিসীমা এই দুটা দশকত অলপো বঢ়া নাই, একেই আছে ৷ কেৱল দৌলোৎসৱ উপভোগ কৰিবলৈ অহা  যাত্ৰীৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈছে ৷ কীৰ্ত্তন ঘৰে কিমান বেছি জনসমাগম বহন কৰিব পাৰিব বা কিমান দিনলৈ  বৰ্ধিত জনসমাগমে কীৰ্ত্তনঘৰৰ চাৰিসীমাৰ ভিতৰত প্ৰৱেশ কৰি সুকলমে দৌলোৎসৱ উপভোগ কৰিব পাৰিব সেয়া বিচাৰ্যৰ বিষয় ৷ যোৱা বছৰ সুৱেৰীৰ দিনাখন কীৰ্ত্তন ঘৰত মানুহৰ সমাগম দেখি ভাব হৈছিল যে কীৰ্ত্তন ঘৰৰ চাৰিসীমাই বহন কৰিব পৰাতকৈ বহুগুণ বেছি ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে ৷  ভগৱানে নকৰক সৰু ঘটনা এটাই আতংকৰ সৃষ্টি কৰিলে পদপিষ্ট হৈ কিমান মানুহৰ মৃত্যু হ’ব তাক ভাবিলেই ভয় লাগি যায় ৷

কীৰ্ত্তন ঘৰৰ চৌহদত দৌলোৎসৱৰ সময়ত জনসমাগম কমাবলৈ কি কৰা উচিত তাক ভালদৰে চিন্তা কৰাৰ প্ৰয়োজন হৈ পৰিছে ৷ সত্ৰৰ নাতিদূৰত মুকলি ঠাই এডোখৰত অস্থায়ীভাৱে দৌলোৎসৱৰ কিছু অনুষ্ঠান পাতিব পৰা যায় ৷ ৰামৰায় ষ্টেডিয়াম ইয়াৰ বাবে উপযুক্ত স্থান হ’ব পাৰে ৷ বিশেষকৈ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানটো কীৰ্ত্তনঘৰৰ চৌহদৰ পৰা বাহিৰলৈ নিব পৰা যায় ৷ বাঁহ ভঙা, গোসাঁই ঘূৰোৱা আদি কামবোৰ সমান্তৰালভাৱে আন এডোখৰ ঠাইত পাতিব পৰা যায়, যিয়ে কীৰ্ত্তনঘৰৰ ভিতৰত জনসমাগম কমাই দিব পাৰে ৷ সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটাৰ নেতৃস্থানীয় ব্যক্তিৰ লগত আলোচনা কৰি ইয়াৰ সমাধান সূত্ৰ উলিয়াব লাগিব ৷      

         সত্তৰ, আশীৰ দশকত আমি দেখিছিলোঁ দৌলোৎসৱ উপভোগ কৰিবলৈ যাত্ৰী সকলে খোজকাঢ়ি, গাড়ী বা নাৱেৰে দূৰ-দুৰণিৰ পৰা আহিছিল ৷ তেওঁলোকক থাকিবলৈ বৰপেটাৰ ৰাইজে নিজৰ ঘৰৰ চৌহদত ব্যৱস্থা কৰি দিছিল ৷ ৰন্ধাবঢ়াৰ সুবিধা কৰি দিছিল ৷ যদিও সত্ৰই যাত্ৰী সকলৰ বাবদ সিধাৰ ব্যৱস্থা কৰে, প্ৰতিঘৰ মানুহেই সামৰ্থ অনুযায়ী যাত্ৰী সকলক থকাৰ লগতে খোৱা বস্তুৰো যোগান ধৰিছিল ৷ দেউলৰ চাৰি-পাঁচদিন যাত্ৰী সকলে কোনো অভাৱ অনুভৱ নকৰাকৈ দৌলোৎসৱত অংশগ্ৰহণ কৰি নিজৰ গাঁৱলৈ উভতিছিল ৷ এতিয়া দিন সলনি হ’ল ৷ যাত্ৰী সকলে নিশা কটাবলৈ বৰপেটাৰ কোনো মানুহৰ ঘৰলৈ নাযায় ৷ সত্ৰতে দুই-তিনিশ যাত্ৰীৰ থকাৰ ব্যৱস্থা কৰা হয় ৷ কিন্তু সত্ৰত কিছু সীমাবদ্ধতা আছে ৷ সকলো যাত্ৰীৰ বাবে থকাৰ ব্যৱস্থা কৰা সম্ভৱ নহয় ৷ তদুপৰি মধ্যবিত্ত পৰিয়ালৰ লোকে থকা-খোৱা বাবদ ন্যূনতম যি সুবিধা বিচাৰে সেই সুবিধা হয়তো সত্ৰত পোৱা নাযায়, সত্ৰৰ বাবে সেয়া সম্ভৱ নহয় ৷ বৰপেটাৰ সীমিত হোটেলে ইমান সংখ্যক যাত্ৰীক থাকিবলৈ দিব নোৱাৰে ৷ অসমৰ বা বহি: ৰাজ্যৰ যিকোনো মানুহে বৰপেটাত থাকি সুন্দৰকৈ দেউল উপভোগ কৰাৰ সুবিধা কৰি দিয়া বৰপেটাবাসীৰ এটা দায়িত্ব ৷ সেয়া সম্ভৱ হ’ব পাৰে যদিহে বৰপেটাৰ কিছুসংখ্যক পৰিয়ালে হোম ষ্টে’ (home stay) ৰ দৰে ব্যৱস্থা কৰি দিয়ে ৷ বৰপেটাৰ বাহিৰৰ যাত্ৰী সকলে নিজৰ ঘৰৰ দৰে হোম ষ্টে’ত থাকিব, তাৰ বাবদ ভ্ৰমণকাৰীয়ে ন্যূনতম ভাড়া পৰিয়ালক দিব ৷ ইয়াক এটা দৌলোৎসৱৰ নামত ব্যৱসায় কৰা বুলি ভাবিব নালাগে ৷ ভ্ৰমণকাৰীৰ সুবিধাৰ্থেহে হোম ষ্টেৰ ব্যৱস্থা কৰা উচিত ৷ যাত্ৰী সকলক দেউলৰ কেইদিন পৰিয়ালে নিজৰ এটা কোঠালিত থাকিবলৈ দিব পাৰে ৷ ঘৰুৱা পৰিৱেশত থাকি ঘৰুৱা ধৰণে তৈয়াৰী থলুৱা খাদ্য খাই যাত্ৰী সকলে বৰপেটাক ভালদৰে বুজিব পাৰিব, লগতে তেওঁলোকক দুজনাগুৰুই দি যোৱা কৃষ্টি- সংস্কৃতিৰ লগতো পৰিচয় কৰাই দিব পাৰিব ৷  ইয়াৰ লগে লগে বৰপেটাৰ কিছু পৰিয়ালে আৰ্থিক ভাৱে উপকৃত হ’ব ৷

         যাত্ৰী সকলে দীৰ্ঘদিন ধৰি আন এটা ব্যৱস্থাৰ অভাৱ অনুভৱ কৰে, সেয়া হ’ল গাইডৰ অভাৱ ৷ যাত্ৰী সকল  দৌলোৎসৱ চাবলৈ বা গুৰুআসনত ভক্তিভাৱে সেৱা জনোৱাৰ লগতে বৰপেটা সত্ৰৰ ইতিহাস, ইয়াৰ লোক-কলা, কৃষ্টি-সংস্কৃতিৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে ৷ তেওঁলোকক ক’বলৈ সকলোখিনি জনা ব্যক্তি বৰপেটাত কেইজনমান হে আছে ৷ দুবছৰ আগতে এই কথাটো অসম পৰ্যটণ বিভাগে পতা অনলাইন আলোচনা এটাত অৱগত কৰিছিলোঁ ৷ শ্ৰী পৱন বৰঠাকুৰ দেৱে লগে লগে বৰপেটাত গাইডৰ প্ৰশিক্ষণৰ ক’ৰ্চ এটা আৰম্ভ কৰিছিল ৷ প্ৰায় বিশজন মান ডেকা ল’ৰাই সেই প্ৰশিক্ষণ লবলৈ সক্ষম হৈছিল ৷ তাৰ পাছত তেওঁলোকক গাইড হিচাপে বৰপেটা সত্ৰই গ্ৰহণ কৰা দেখা নগ’ল ৷ যদি গাইডৰ প্ৰয়োজন উপলব্ধি কৰে, সত্ৰই নিজাববীয়াকৈ গাইডৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে ৷ ইয়াৰ ফলত কিছুসংখ্যক ডেকা ল’ৰাৰ জীৱিকাৰ পথ ওলাব ৷

         বৰপেটা কীৰ্ত্তনঘৰৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা কেইবাখনো গুৰুত্বপুৰ্ণ সত্ৰ বৰপেটাৰ আশেপাশে অৱস্থিত ৷ ইয়াৰ ভিতৰত পাটবাউসী সত্ৰ, গণককুচী সত্ৰ, সুন্দৰিদীয়া সত্ৰ, বাৰাদি সত্ৰ আদি ৷  যাত্ৰীৰ দৰ্শনৰ বাবে এই আটাইকেইখন সত্ৰক লৈ এটা পেকেজ ট্যুৰ’ৰ কথা ভাবিব পৰা যায় ৷ লগতে মানাহ অভয়াৰণ্য আৰু বৈঠা পুটা ঘাট সত্ৰক সাঙুৰি ল’ব পৰা যায় ৷ বৰপেটাৰ নখান্দা বা চাউলখোৱা নদীৰ পৰা বাঘবৰলৈ জাহাজ পৰিবহণৰ ব্যৱস্থা কৰিব পাৰিলে বৈঠা পুটা ঘাট সত্ৰৰ লগতে আলুপতি চৰ, বাঘবৰৰ মাজত বৈ যোৱা ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব ৷ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বহৰি আৰু বাঘবৰক এক আকৰ্ষণীয় পৰ্যটনস্থলি হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায় ৷ আটকধুনীয়া ৰিজোৰ্ট নিৰ্মাণ কৰি প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত নিশা কটাই মাছ ধৰা, বোটিং, ট্ৰেকিং আদিৰ সুবিধা কৰিব পৰা যায় ৷ অসম পৰ্যটন বিভাগৰ এই ক্ষেত্ৰত কিছু কৰণীয় নিশ্চয় আছে ৷ ইয়াৰ পৰা দেশ-বিদেশৰ পৰা ভ্ৰমণকাৰী বৰপেটালৈ আহিব ৷

            পৰম্পৰাগত ভাৱে বৰপেটাত দৌলোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হওক, বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকে তাক ভালদৰে উপভোগ কৰক, তাৰ লগতে বৰপেটাৰ জনসাধাৰণ আৰ্থিকভাৱে উপকৃত হওক  সেয়াই কামনা কৰিলোঁ ৷  

(এনাজৰী, বৰপেটা গোষ্ঠীয়ে ২০২৩ চনত প্ৰকাশ কৰা “দৌলৰ গীত, হোলীগীত ইত্যাদি“ত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা