“এ ট্ৰু লাভ ষ্টৰী : এমিলি এণ্ড সুভাষ“ এক অনন্য প্ৰেম গাথা

 

নেতাজী সুভাষ চন্দ্ৰ বসুক আমি সকলোৱে এজন দেশপ্ৰেমিক, সৈনিক, নিয়মানুৱৰ্তিতাৰ মাজেৰে চলা এজন কঠোৰ হৃদয়ৰ ব্যক্তি বুলিহে জানো ৷ কিন্তু বহুতে নাজানে যে তেখেত এজন আজন্ম প্ৰেমিক আছিল ৷ এমিলিৰ সৈতে তেখেতৰ প্ৰেম কাহিনী সকলোৰে অগোচৰে আৰম্ভ হৈছিল ৷ আনকি নেতাজীৰ ১৮ আগষ্ট, ১৯৪ ত ৰহস্যজনক পৰিস্থিতিত মৃত্যু ঘটাৰ এবছৰ পিছতহে  পৰিয়ালৰ মানুহে জানিবলৈ পায় যে নেতাজীৰ এগৰাকী প্ৰেয়সী আছিল যাৰ লগত ১৯৩৭ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু সেই প্ৰেমৰ চিন স্বৰূপে এটি কন্যা সন্তানৰ জন্ম পাইছিল ৷

সেয়া আছিল ১৯৩৪ চন ৷ সুভাষ চন্দ্ৰ বসু ব্ৰিটিছৰ শাসনৰ বহু বাধা পাৰহৈ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা পায় ৷ তাতেই তেখেতে চেক্ৰেটাৰী হিচাপে নিয়োগ কৰে অষ্ট্ৰীয়ান যুৱতী এমিলি ছেংকল ৷ তেতিয়া এমিলিৰ বয়স আছিল ২৩ বছৰ আৰু বসুৰ বয়স ৩৭ বছৰ ৷ সুভাষ বসুৱে এনে এগৰাকী চেক্ৰেটাৰী বিচাৰিছিল যাৰ ইংৰাজীত ভাল দখল আছে লগতে টাইপৰ স্পিড যথেষ্ট বেছি ৷ দুয়োটা গুণ এমিলিৰ আছিল ৷  এমিলিৰ সহায়ত সুভাষ বসুই ’দা ইণ্ডিয়ান ষ্ট্ৰাগল’ নামৰ এখন অতি মূল্যবান গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰে ৷ কামৰ লগে লগে নেতাজী আৰু এমিলি দুয়ো ইজনে সিজনৰ কাষ চাপি আহে ৷ দুয়ো নজনাকৈয়ে  সেই সম্পৰ্ক গভীৰতালৈ গুচি যায় ৷ সুভাষ বসুৱে প্ৰথমে এমিলিৰ ওচৰত প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় ৷ স্বাধীনতা সংগ্ৰামৰ বাবে সুভাষ বসু প্ৰায়ে এমিলিৰ পৰা দূৰে দূৰে থাকিবলগীয়া হৈছিল ৷ তাৰ মাজতে দুয়ো দুয়োকে প্ৰেমৰ বান্ধোনৰে  বান্ধি ৰাখিছিল ৷ ইউৰোপৰ বিভিন্ন চহৰ ভ্ৰমণ কৰাৰ মাজতে সুভাষ বসুই এমিলিৰ লগত সময় পালে কিছু দিনৰ বাবে হ’লেও অন্তৰঙ্গ মুহূৰ্ত কটায় ৷ ১৯৩৭ চনৰ ২৭ ডিচেম্বৰত দুয়ো গোপনে হিন্দু ধৰ্মমতে বিবাহ পাশত আবদ্ধ হয় ৷ তাৰ পিছতে সুভাষ বসু ভাৰতবৰ্ষলৈ ৰাওনা হয় ৷ দুয়োৰে মাজত সাময়িকভাবে বিচ্ছেদ আহি পৰে ৷ ১৯৩৮ চনত বসু ভাৰতীয় জাতীয় কংগ্ৰেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় ৷ স্বাধীনতা সংগ্ৰামৰ মাজতো বসু আৰু এমিলিৰ মাজত প্ৰেমপত্ৰৰ আদান প্ৰদান চলি থাকিল ৷ নেতাজী জেলত থকাৰ সময়তো এমিলিলৈ ধাৰাবাহিক ভাবে চিঠি লিখিছিল ৷ ১৯৪১-৪২ চনত সুভাষ বসু পুনৰ ইউৰোপলৈ যায় ৷ এমিলিৰ লগত কিছুদিন থাকিবলৈ সুবিধা পায়  ৷ ১৯৪২ চনৰ ২৯ নভেম্বৰত দুয়োৰো মাজত এটি কন্যা সন্তান জন্ম পায় ৷  কন্যা সন্তানক চাবলৈ তাৰ দুমাহ পিছত  সুভাষ বসু গোপনে বাৰ্লিনলৈ যায় ৷ তাতেই ফেব্ৰুৱাৰী, ১৯৪৩ চনত কিছুদিন বাবে এমিলিৰ লগত সময় কটায় ৷ সেয়াই আছিল সুভাষ বসু আৰু এমিলিৰ মাজত শেষ দেখা ৷ তাৰ পিছতে সুভাষ বসু জাৰ্মানীৰ সহায়ত ছাবমেৰিনেৰে দক্ষিণ এছিয়ালৈ যাত্ৰা আৰম্ভ কৰে ৷ জাপানৰ সহায়ত আজাদ হিন্দ ফৌজ গঠন কৰি ব্ৰিটিছৰ বিপক্ষে যুদ্ধ ক্ষেত্ৰত নামি পৰে ৷  ইয়াৰ পাছৰ কথাখিনি আমি সকলোৱে জানো ৷

সুভাষ বসু আৰু এমিলিৰ প্ৰেম কাহিনীক বসুৱে সকলোৰে পৰা সম্পূৰ্ণ গোপনে ৰাখিছিল ৷ ইয়াৰ মূলতে আছিল সুভাষ বসু বিদেশী নাৰীৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা কথাটো জানিলে ভাৰতীয় নাগৰিকৰ বসুৰ প্ৰতি ধাৰণা সলনি হ’ব পাৰে ৷ ইয়াৰ ফলত বসুৰ নেতৃত্বত স্বাধীনতা সংগ্ৰাম চলাই নিয়াত অসুবিধা হ’ব ৷  সুভাষ বসুৰ আৱৰ্তমানত ১৯৪ চনৰ পৰা এমিলি নিজৰ কন্যা সন্তান অনিতা বসুক লৈ ১৯৯ চনলৈ জীৱিত আছিল ৷ সুভাষ বসুৰ স্মৃতিকে বুকুত সাৱটিলৈ তেওঁ জীৱনৰ ১ টা বছৰ পাৰ কৰিলে ৷ এটা সৰু চাকৰি কৰি তেখেতে ভিয়েনাতে থাকিল ৷ এমিলি কেতিয়াও ভাৰতবৰ্ষত ভৰি নিদিলে ৷ এমিলিৰ জীয়াৰী অনিতা জাৰ্মানীৰ এগৰাকী প্ৰসিদ্ধ অৰ্থনীতিবিদ হিচাপে প্ৰতিষ্ঠিত হয় ৷

১৯৪৩ চনত দক্ষিণ এছিয়ালৈ যাত্ৰা কৰাৰ সময়তে সুভাষ বসুই ককায়েক শৰৎ চন্দ্ৰ বসুলৈ এখন চিঠি লিখিছিল য’ত তেখেতৰ এমিলিৰ সৈতে হোৱা গোপন বিবাহ আৰু সন্তানৰ কথা লিখিছিল ৷ তেখেতে নিজেও জানিছিল হয়তো সেই যাত্ৰাৰ পৰা উভতি অহা সম্ভৱ নহয় ৷ সেয়ে ককায়েকক অনুৰোধ কৰিছিল ভৱিষ্যতে যাতে এমিলিৰ কাষত থিয় দিয়ে, সহায়ৰ হাত আগবঢ়ায় ৷

সুভাষ বসুৰ ভতিজা শিশিৰ কুমাৰ বসু আৰু তেখেতৰ পত্নী ড° কৃষ্ণা বসুৱে পাছত এমিলিক বিচাৰি উলিয়ায় ৷ সুভাষ বসুৰ জীয়াৰী অনিতাক কলিকতাৰ ঘৰলৈ আনে ৷ তেওঁলোক দুয়ো এটা গুৰুত্বপূৰ্ণ কাম কৰে ৷ সুভাষ বসুই এমিলিলৈ লেখা প্ৰেমপত্ৰ বোৰ এমিলিৰ পৰা সংগ্ৰহ কৰে আৰু এমিলিৰ সন্মতিলৈ প্ৰকাশ কৰে ৷ সেই চিঠিবোৰ দুয়োৰে প্ৰেমৰ চিন হিচাপে থাকি যায় আৰু লগতে সেই সময়ৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস লিপিবদ্ধ হৈ থাকি যায় ৷ সুভাষ বসুৰ জীৱন দৰ্শন, তেখেতৰ জীৱনৰ ঘাত-প্ৰতিঘাত সকলো ভৱিষ্যত প্ৰজন্মলৈ থাকি গ’ল ৷ এমিলিক নাপালে সেই চিঠিবোৰ কালৰ সোঁতত নোহোৱা হৈ গ’লহেঁতেন ৷ এমিলিৰ লগত হোৱা কথোপ কথন আৰু সুভাষ বসুৰ এমিলিলৈ লিখা চিঠিবোক লৈ  ড° কৃষ্ণা বসুৱে “এ ট্ৰু লাভ ষ্টৰী : এমিলি এণ্ড সুভাষ“ নামৰ কিতাপ এখন লিখে ৷ কিতাপখনৰ পৰাই জানিব পাৰি বসুৰ প্ৰভাৱত এমিলিয়ে ভাৰতীয় দৰ্শন, বুৰঞ্জী, সংস্কৃতি বিষয়ত গভীৰ অধ্যয়ন কৰিছিল ৷ সুভাষ বসুৰ পৰৱৰ্তী সময়ৰ স্বাধীনতা সংগ্ৰামত এমিলিৰ অৰিহনা স্পষ্ট ৷ 

এমিলিয়ে কৈছিল সুভাষ বসুই হেনো প্ৰায়ে এষাৰ কথা কৈছিল “India is my first love and only love“৷ সুভাষ বসুৰ এজন বন্ধু এ ছি এন নাম্বিয়াৰ যিয়ে বসু আৰু এমিলিক ওচৰৰ পৰা পাইছিল এবাৰ কৈছিল যে যদিও সুভাষ বসুৰ প্ৰথম প্ৰেম ভাৰতবৰ্ষ তথাপি ভাৰতবৰ্ষই  একমাত্ৰ প্ৰেম নাছিল, এমিলিৰ প্ৰতি আছিল গভীৰ প্ৰেম যি জীৱনৰ শেষ দিনলৈ বুকুত লৈ ফুৰিছিল ৷  

(অসমীয়া খবৰ কাতত ২৩ মাৰ্চত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা