আইনষ্টাইন, অ’পেনহেইমাৰ আৰু ভাগৱত গীতা
১৯৩৩ চনত আমেৰিকালৈ প্ৰব্ৰজন
কৰাৰ আগতে, এলবাৰ্ট আইনষ্টাইনক কেলিফৰ্ণিয়া ইনষ্টিটিউট অব টেকন’লজিত শীতকালীন ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৷ ১৯৩১
চনত তেওঁ সেই প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ বাবে
দিয়া বক্তৃতাত সমাজত এজন বিজ্ঞানীৰ দায়বদ্ধতাৰ প্ৰশ্নটো সম্বোধন কৰি কৈছিল,
"বিজ্ঞানী এজনৰ চিন্তা আৰু তেওঁৰ কাৰ্যৰ পৰিধি এনেধৰণৰ আবিষ্কাৰত মনোনিৱেশ কৰা
উচিত যি আবিষ্কাৰে সমাজৰ প্ৰতিজন মানুহৰ বাবে
আশীৰ্বাদ স্বৰূপ হৈ পৰে আৰু কেতিয়াও মানৱজাতিৰ বাবে অভিশাপ হৈ নপৰে।" তেওঁৰ মন্তব্যই বহুতো বিজ্ঞানীক আতংকিত কৰিছিল, ইয়াৰ ভিতৰত
আছিল আমেৰিকাৰ বৈজ্ঞানিক সকলৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰা জে. ৰবাৰ্ট অপেনহাইমাৰ
৷ বিংশ শতিকাৰ শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী সকলৰ
ভিতৰত দুয়োজনৰ নাম প্ৰথমেই ল’ব লাগিব ৷ কিন্তু আইনষ্টাইনৰ নাম যিমান শ্ৰদ্ধা আৰু সন্মানেৰে
লোৱা হয় অ’পেনহেইমাৰৰ নাম এক কলংকিত বিজ্ঞানী হিচাপে হে লোৱা যায় ৷ ইয়াৰ অন্তৰালত নিশ্চয়
যুক্তি আছে ৷
১৯৩২ চনত আইনষ্টাইনে প্ৰকাশ
কৰিছিল সেই যুগান্তকাৰী সমীকৰণ E=mc2 , ভৰ আৰু শক্তি একেটা বস্তুৰ দুটা ভিন্ন ৰূপ ৷ এই নতুন
আৱিষ্কাৰে বিশ্বৰ বিজ্ঞান মহলত আলোড়নৰ সৃষ্টি
কৰে ৷ লগে লগে ইয়াৰ বিভিন্ন প্ৰয়োগৰ ওপৰত গবেষণা আৰম্ভ হয় ৷ ১৯৩৮ চনত বাৰ্লিনৰ তিনিজন
গবেষকে ইউৰেনিয়াম এটম কেনেদৰে ভাঙিব পাৰি তাৰ পৰীক্ষা চলাই সফল হৈছিল ৷ জাৰ্মান শাসক
হিটলাৰৰ হাতত ইউৰেনিয়ামৰ ভয়ংকৰ শক্তিৰ অপ্ৰয়োগ হোৱাৰ আগতে মিত্ৰ শক্তিৰ হাতত এই খবৰ
পোৱা উচিত বুলি ভাবি আইনষ্টাইনে এখন চিঠি লিখিছিল সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুছভেল্টলৈ
৷ চিঠিত উল্লেখ কৰিছিল বিজ্ঞানীজনে উলিওৱা সমীকৰণৰ বিষয়ে আৰু ইউৰেনিয়াম এটমৰ সহায়ত আনৱিক শক্তি
মানৱজাতিৰ হিতৰ বাবে আহৰণ কৰাৰ সম্ভাৱনীয়তাৰ কথা ৷ ইয়াৰ ওপৰতে ভিত্তি কৰি ১৯৪২ চনত আমেৰিকান চৰকাৰে হাতত লয় মেনহাটন প্ৰযেক্ত
আৰু ইয়াৰ সঞ্চালক পদত বহুৱায় যুৱ বিজ্ঞানী অ’পেনহেইমাৰক ৷ মেনহাটন প্ৰযেক্তৰ উদ্দেশ্য আছিল অতি গোপনীয় ভাৱে
আনৱিক বোমা নিৰ্মাণ কৰি শত্ৰু ৰাষ্ট্ৰক আক্ৰমণ কৰা ৷
আমেৰিকান চৰকাৰৰ নিৰ্দেশত
অপেনহাইমাৰৰ নেতৃত্বত আৰম্ভ কৰা গবেষণাৰ ফলশ্ৰুতিত
বিশ্বই দেখিবলৈ পালে ৬ আৰু ৯ আগষ্ট, ১৯৪৫ চনত জাপানৰ হিৰোছিমা আৰু নাগাচাকিত ঘটা আনৱিক
বোমা বিস্ফোৰণৰ ধ্বংস যজ্ঞ ৷ সেই দুটা বোমাৰ ফলত লাখ লাখ মানুহৰ মৃত্যু ঘটিছিল আৰু
লাখ লাখ মানুহ চিৰদিনৰ বাবে পঙ্গু হৈ পৰিছিল ৷ আনৱিক বোমাৰ পাৰ্শ্বক্ৰিয়া আজিও জাপানত
দেখিবলৈ পোৱা যায় ৷ সেই ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছতে অ’পেনহেইমাৰৰ মুখৰ পৰা ওলাইছিল
“Now I am become Death, the destroyer of worlds”. এই
আপ্তবাক্য ভাগৱত গীতাৰ ১১ অধ্যায়ৰ ৩২ নং শ্লোকৰ
পৰা লৈছিল ৷
“কালোহস্মি লোকক্ষয়কৃৎ প্ৰৱৃদ্ধো
লোকান্ সমাহৰ্তুমিহ প্ৰৱৃত্ত:
৷
ঋতেহপি ত্ৱাং ন ভৱিষ্যন্তি
সৰ্ৱে
য়েহৱস্থিতা: প্ৰত্যনীকেষু
য়োধা: ৷৷“
শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল,
“মই সকলোকে নাশ কৰা প্ৰবল মহাকাল ৷ মই এই সকলোকে
নাশ কৰিবলৈ প্ৰবৃত্ত হৈছোঁ ৷ কাৰণ এই যে তোমাৰ বিপক্ষৰ সৈন্যবোৰ দেখিছা, সেই সকলো সৈন্য
তুমি যুদ্ধ নকৰিলেও নাশ হৈ যাব ৷“
ইয়াৰ কিছুদিন আগত ১৯৪৫ চনৰ
১৬ জুলাইত প্ৰথম বাৰ অ’পেনহেইমাৰৰ নেতৃত্বত
মেক্সিকোৰ মৰুভূমিত আনৱিক বোমাৰ সফল পৰীক্ষণ ঘটিছিল ৷ আনৱিক বোমাৰ ধ্বংসাত্মক
শক্তি দেখি বিজ্ঞানীজনৰ মুখৰ পৰা ওলাইছিল, “If the radiance of a thousand suns were to burst at once
into the sky, that would be like the splendour of the mighty one” ৷ সেই উক্তিও
অপেনহেইমাৰে লৈছিল ভাগৱত গীতাৰ ১১ অধ্যায়ৰ
১২ নং শ্লোকৰ পৰা ৷
“দিবি সূৰ্য়সহস্ৰস্য ভৱেদ্যুগপদুত্থিতা
৷
য়দি ভা: সদৃশী সা স্যাদ্ভাসস্তস্য
মহাত্মন: ৷৷“
অৰ্থাৎ আকাশত হাজাৰ সূৰ্য
একেলগে উদয় হ’লে যি উজ্জ্বলতা প্ৰকাশ পায়, সেয়া পৰম ঈশ্বৰৰ উজ্জ্বলতাৰ দৰে হ’ব ৷ অ’পেনহেইমাৰৰ
দৃষ্টিত পাৰমানৱিক বোমাৰ শক্তি হাজাৰ সূৰ্যৰ সমান যি শক্তি কেৱল ঈশ্বৰৰ লগত হে তুলনা
কৰিব পাৰি ৷ কিন্তু সেই হাজাৰ পাৰমানৱিক বোমাৰ শক্তিকতকৈ অধিক শক্তিশালী হ’ল পৰম ব্ৰহ্ম
৷ যাৰ শক্তিৰ তুলনা পাৰ্থিৱ কোনো বস্তুৰ লগত কৰিব নোৱাৰি ৷
দুয়োজন বিজ্ঞানী আছিল ইহুদী ধৰ্মাৱলম্বী ৷ আইনষ্টাইনৰ
ওপৰত গীতাৰ প্ৰভাৱ কিমান জনা নাজায় ৷ অ’পেনহেইমাৰ ডেকা কালতে গীতা অধ্যয়ন কৰিছিল গীতাৰ
দৰ্শনৰ দ্বাৰা আকৰ্ষিত হৈছিল যদিও নিজে হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল ৷ আমি সকলোৱে জানো
মহাভাৰতৰ যুদ্ধৰ ঠিক আগত অৰ্জুনে নিজৰ ভাই-বন্ধুৰ বিৰুদ্ধে যুদ্ধত নামানো বুলি যুদ্ধভূমি
ত্যাগ কৰিবলৈ ওলোৱাৰ সময়ত ভগৱান কৃষ্ণই অৰ্জুনক দিব্য জ্ঞান দিয়ে ৷ ৭০০ শ্লোকৰ সেই
ভাগৱত গীতাত কৃষ্ণই এটা কথা স্পষ্টকৈ বুজাই দিছিল যে অৰ্জুনৰ হাতত যি সকল সৈন্যৰ মৃত্যু
ঘটিব তাৰ বাবে দায়ী অৰ্জুন নহয়, কাৰণ সেই ৰথী-মহাৰথীৰ মৃত্যুৰ সময় ইতিমধ্যে কৃষ্ণই
নিৰ্ণয় কৰি থৈছে ৷ অৰ্জুন নিমিত্ত মাত্ৰ হে ৷ অপেনহেইমাৰে গীতাৰ শ্লোক আওৰাই একেটা
যুক্তিয়ে প্ৰদৰ্শন কৰিব বিচাৰিছিল ৷ তেওঁ আনৱিক বোমা নিৰ্মাণত আগভাগ নল’লে আন কোনোবা বৈজ্ঞানিকৰ সহায়ত ইয়াক নিৰ্মাণ কৰিব, মানৱজাতিৰ
মৃত্যু-বিভীষিকাৰ সৃষ্টি হবই ৷ কিয়নো সেইসকল দুৰ্ভগীয়া লোকৰ মৃত্যু বা কষ্ট ভগৱানৰ ইচ্ছাতে
হৈছে ৷ পিছে অ’পেনহেইমাৰ ভগৱান নহয় আৰু ভগৱানে তেওঁক বোমা নিৰ্মাণ কৰিবলৈ কোৱা নাছিল
৷ গীতাৰ গূঢ়াৰ্থ হয়তো তেওঁ ভালদৰে বুজি নাপালে যাৰ ফলত নিজৰ দোষ ঢাকিবলৈ গীতাৰ শ্লোকৰ
সহায় ল’বলগীয়া হ’ল ৷ সেয়েহে মানৱজাতিৰ অভিশাপ তেওঁৰ গাত পৰিব ৷ মানৱজাতিয়ে হিৰোছিমা
আৰু নাগাচাকিৰ ধ্বংস যজ্ঞৰ বাবে আমেৰিকান চৰকাৰৰ লগতে তেওঁকো জবাবদিহি কৰিব ৷ অপেনহেইমাৰে
নিজৰ কৰ্মৰ বাবে কেতিয়াবা অনুতপ্ত হোৱা বুলি ক’তো উল্লেখ কৰা নাই, যদিও আইনষ্টাইনে
আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ লিখা চিঠিখনৰ বাবে অনুতপ্ত হৈছিল ৷ এটম বোমাৰ পিতৃস্বৰূপ বিজ্ঞানীজন ১৮ ফেব্ৰুৱাৰী,
১৯৬৭ চনত ৬২ বছৰ বয়সত মৃত্যু বৰণ কৰে ৷ আইনষ্টাইনৰ মৃত্যু হয় ১৯৫৫ চনত ৭৬ বছৰ বয়সত
৷
নিসন্দেহে আইনষ্টাইন আৰু অ’পেনহেইমাৰ আছিল বিংশ
শতিকাৰ শ্ৰেষ্ঠ বৈজ্ঞানিক ৷ কিন্তু দুয়োজনৰ
মাজৰ পাৰ্থক্যটো হ’ল আইনষ্টাইনে মানৱজাতিৰ হিতৰ বাবে কাম কৰিছিল আৰু অপেনহেইমাৰে যি
কামত নিয়োজিত হ’ল তাৰ পৰিণতি আছিল ভয়াবহ আৰু প্ৰলয়ংকাৰী ৷ অপেনহেইমাৰে যিমানে গীতাৰ
শ্লোকৰ উদ্ধৃতি নিদিয়ক কিয় গীতাৰ গূঢ়াৰ্থ নুবুজিলে যাৰ বাবে মানৱজাতি আজিও তাৰ কুফল
ভুগি আছে ৷ আজিৰ সমাজতো বহু লোক আছে যিয়ে গীতাৰ শ্লোক আওৰাই অথচ কৰ্মক্ষেত্ৰত কৃষ্ণৰ
গীতাৰ জৰিয়তে দিয়া উপদেশ পালন নকৰে ৷ গীতাৰ শ্লোকৰ জৰিয়তে ভগৱান কৃষ্ণই মানৱজাতিৰ বাবে
দি যোৱা দিব্য উপদেশ দেশ, কাল, ধৰ্ম, বৰ্ণ
বা সম্প্ৰদায়ৰ গণ্ডীৰ মাজত আবদ্ধ নহয় ৷ হয়তো সেইকাৰণে গীতা যুগ যুগ ধৰি সমগ্ৰ বিশ্বত
সমাদৃত হৈ আছে ৷
(নিয়মীয়া বাৰ্তা কাকতত ২৬ মাৰ্চ, ২০২৩ তাৰিখে প্ৰকাশিত)
Comments
Post a Comment