Posts

Showing posts from June, 2022

পৰীক্ষাৰ ফলাফল আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ

  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল ৷ প্ৰথম দহটা স্থান লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থী সকলক লৈ বৈদ্যুতিন আৰু ছপা মাধ্যমত আলোচনা, সাক্ষাৎকাৰ গ্ৰহণ, জল্পনা কল্পনা, ভবিষ্যৎ পৰিকল্পনা আদি প্ৰচাৰ কৰা হ’ল ৷ ইয়াৰ মাজতে বহুতে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে   যে যোৱা ১০ বা ২০ বছৰৰ পৰা যিকেইজনে প্ৰথম দহটা স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে আজি কি কৰি আছে, বিদেশলৈ যোৱা কেইজনৰ পৰা আমাৰ কি লাভ হৈছে ইত্যাদি, ইত্যাদি ৷ সফল শিক্ষাৰ্থী সকলৰ কিছু সংখ্যাকে হয়তো পিছলৈ ভাল ফলাফল কৰি বিদেশত চাকৰি কৰি আছে ৷ কিছুমানে ভাৰতৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত চাকৰি কৰি আছে ৷ কিছুমানে পিছলৈ আশাকৰা অনুযায়ী ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল ৷ কিন্তু তেওঁলোকৰ কিমান জনে সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি সমাজৰ হকে, দেশৰ হকে কাম কৰি আছে তাৰ খবৰ আমি কোনেও নলওঁ ৷ আমাৰ প্ৰত্যেকৰে মনত এটাই চিন্তা প্ৰথম দহটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীজনে ডাক্তৰ, ইঞ্জিনিয়াৰ হৈ ভাল চাকৰি গোটাব পাৰিলেনে বা বিদেশলৈ যাব পাৰিলেনে ৷ হাইস্কুল শিক্ষ...

“ডাৰ্ক ৱেব“ আৰু অপৰাধ জগত

  চীন দেশৰ লগতে পাশ্চাত্যৰ দেশবোৰৰ লগত ভাৰতবৰ্ষৰ বেহা-বেপাৰৰ বাবে চিল্ক পথ নামেৰে এটা দূৰ্গম পথ নিৰ্মান কৰা হৈছিল চীনৰ হান ডাইনাষ্টিৰ শাসনকালত(২০০খ্ৰীঃপূঃ-২০০ খ্ৰীষ্টাব্দ) ৷ মূলত ৰেচম কাপোৰ, মচলা, কপাহ, উল, মূল্যবান ধাতু এই পথেৰে বিদেশলৈ   ৰপ্তানী হৈছিল ৷   দুহেজাৰ বছৰ পিছত মানৱজাতি সভ্যতাৰ উচ্চ শিখৰত উঠাৰ সময়ত ডাৰ্ক ৱেবৰ মাধ্যমত একেই   “চিল্ক ৰোড“ নামেৰে ৱেবচাইট খুলি বিশ্বত বৃহদাকাৰৰ কলা বজাৰ এখন গঢ় লৈ উঠে ৷ ইয়াৰ সহায়ত ড্ৰাগ্চ, নিচাজাতীয় ঔষধ, বন্দুক-বাৰুদ আদি সকলো বেআইনী সামগ্ৰীৰ বেহা-বেপাৰ আৰম্ভ হয়   ৷ ২০১৩ চনত আমেৰিকাৰ এফ বি আয়ে এই ৱেবচাইট ধৰা পেলায় আৰু প্ৰতিষ্ঠানটোৰ লগত জঢ়িত সকলক বন্দী কৰিবলৈ সক্ষম হয় ৷ তাৰ ঠিক এবছৰ পিছতে পুনৰ “চিল্ক ৰোড ২:০“ নামৰ বেআইনী ৱেবচাইট খোলে, ডাৰ্ক ৱেবৰ মাধ্যমত   কলা বজাৰ আৰম্ভ হয় আৰু সেইটোও এফ বি আয়ে পিছত ধৰা পেলায় ৷ ডাৰ্ক ৱেবৰ মাধ্যমত এনেধৰণৰ কেইবাটাও ৱেবচাইট আজিও সক্ৰিয় হৈ আছে বেআইনী কাম-কাজৰ বাবে ৷ এইবছৰ জাৰ্মানী-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত প্ৰায় ২০০ কোটিৰ টকা মূল্যৰ বিটকইন ধৰা পেলায় আৰু হাইড্ৰা নামৰ ৱেবচাইট বন্ধ কৰি দিয়ে ৷ এই ...

সাগৰ তলিৰ ৰহস্য

  পৃথিৱীৰ মূঠ পৃষ্ঠৰ ৭০% হ’ল পানীৰে আবৃত সাগৰ-মহাসাগৰ ৷ ভূ-বিজ্ঞানী সকলৰ গবেষণাৰ সুবিধার্থে সমুদ্ৰ জলভাগক ৫ টা মহাসাগৰত   বিভক্ত কৰিছে। প্ৰশান্ত মহাসাগৰে আবৰি আছে পৃথিৱী পৃষ্ঠৰ ৩২% আৰু মূল জলভাগৰ ৪৬% জুৰি ৷ আট্লাণ্টিক মহাসাগৰ হ’ল পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ মহাসাগৰ ৷ ই পৃথিৱী পৃষ্ঠৰ ২০% আৰু মূল জলভাগৰ ২৯% জুৰি আবৰি আছে ৷ ইপিনে প্ৰশান্ত মহাসাগৰ হ’ল সকলোতকৈ গভীৰ ৷ ইয়াৰ গড় গভীৰতা হ’ল ৪,০০০ মিটাৰ   ৷ এই মহাসাগৰৰ মাৰিয়ানা ট্ৰন্সৰে নামাকৰণ কৰা এটি অঞ্চল ১১,০৩৪ মিটাৰ দ’ ৷ পৃথিৱীৰ সবাতোকৈ ওখ পৰ্বত মাউণ্ট এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) এই অঞ্চলত সম্পূৰ্ণ ৰূপে ডুব যাব ৷ তেনেদৰে আট্লাণ্টিক মহাসাগৰৰ গড় গভীৰতা হ’ল ৩,৬৪৬ মিটাৰ আৰু পুৱেট্ৰো ৰিকো ট্ৰেন্সত ইয়াৰ গভীৰতা ৮,৩৮০ মিটাৰ ৷ এই বিশাল মহাসাগৰ তলি ৰহস্যৰে ভৰা ৷ আজিলৈ মানুহে চন্দ্ৰৰ বিষয়ে যিমান জানে তাৰ তুলনাত গভীৰ সাগৰ তলিৰ বিষয়ে কম কৈ জানে ৷     সাগৰৰ গভীৰতাৰ বাবে এই অঞ্চল সমূহ সম্পূৰ্ণ অন্ধকাৰত ডুবি থাকে ৷ উষ্ণতা শূন্য ডিগ্ৰীতকৈ বহুত তলত ৷ হেজাৰ মিটাৰ গভীৰতাৰ এই মহাসাগৰ তলিত জলভাগৰ চাপ বায়ুৰ চাপতকৈ হাজাৰ গুণ বেছি ৷ সূৰ্যৰ ৰশ...

একলব্য আৰু অন্যান্য

  মহাভাৰতৰ এক অনবদ্য চৰিত্ৰ একলব্য, আমি সকলোৱে জানো ৷ ক্ষত্ৰিয় নহয় বাবে গুৰু দ্ৰোণাচাৰ্যই   শিষ্যত্ব গ্ৰহণ নকৰিলে আৰু একলব্য শিক্ষাৰ পৰা বঞ্চিত হয় ৷ ইয়াৰ পিছত একলব্যই নিৰাশ হৈ ঘৰতে বহি নাথাকিল ৷ দুগুণ উৎসাহেৰে বনলৈ গুচি যায় আৰু গুৰু হিচাপে অন্তৰত ৰাখি দ্ৰোণাচাৰ্যৰ প্ৰতিমূৰ্তি স্থাপন কৰি নিজে নিজে ধনুৰ্বিদ্যাৰ চৰ্চা আৰম্ভ কৰে ৷ শেষত গৈ নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত ধনুবিদ্যাত নিপুণ হৈ পৰে ৷ এদিন বনত গুৰু দ্ৰোণে একলব্যৰ প্ৰতিভা দেখি বুজি পায় যে অৰ্জুনতকৈ এজন শ্ৰে ষ্ঠ ধনুৰ্ধৰ এই পৃথিৱীতে সৃষ্টি হৈছে ৷ সেয়েহে একলব্যৰ পৰা গুৰু দক্ষিণা বাবদ সোঁহাতৰ বুঢ়া আঙুলি বিচাৰে ৷ গুৰুৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা আৰু ভক্তিৰ বাবেই   সম্ভাৱ্য পৰণতিৰ কথা আওকাণ কৰি একলব্যই নিজৰ আঙুলি কাটি দিয়ে ৷ একলব্যৰ কাহিনীটোক বহু পণ্ডিতে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াইছে ৷ ল’ৰালি কালত এটা প্ৰশ্ন মোৰ মনত উদয় হৈছিল যাৰ বাখ্যা বিচাৰি পোৱা নাছিলোঁ ৷ গুৰু অবিহনে, উপযুক্ত পাঠ্যক্ৰম নোহোৱাকৈ একলব্যই কেনেকৈ অৰ্জুনতকৈ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ’ব পাৰিলে ? অথচ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গুৰু দ্ৰোণৰ আশীৰ্বাদ অৰ্জুনৰ মূৰৰ ওপৰত সদায় আছিল ৷ য...

সাংবাদিকতা আৰু মানৱতা

  ভাৰতবৰ্ষত সংবাদ সেৱাৰ এক গৌৰৱোজ্বল ইতিহাস আছে ৷ মহাভাৰতৰ সঞ্জয়ক হয়তো ভাৰতৰ প্ৰথমজন সাংবাদিক ৰূপে আখ্যা দিব পাৰি , দিব্য চক্ষুৰ দ্বাৰা কুৰুক্ষেত্ৰত ঘটি থকা প্ৰতিটো ঘটনাৰ বিৱৰণ ৰজা ধৃতৰাষ্ট্ৰক দিছিল সম্পূৰ্ণ নিৰপেক্ষ ভাবে ৷ ভাৰতবৰ্ষত প্ৰথমখন বাতৰি কাকত বৃটিছে প্ৰকাশ কৰিছিল ১৭৮০ চনত ৷ ভাৰতীয় লোকৰ দ্বাৰা প্ৰকাশিত বাতৰি কাকত বেঙ্গল গেজেট প্ৰকাশ হয় ১৮১৬ চনত ৷ সেই সময়ৰ পৰাই সংবাদ মাধ্যমে দৃঢ় কণ্ঠেৰে জনতাৰ হকে মাত মাতি আহিছে ৷ সমাজত দেখা দিয়া প্ৰতিটো অনিয়ম , দুৰ্নীতি , অপৰাধৰ বিৰূদ্ধে মাত মাতিছে ৷ ১৯৮৭ চনত দা হিন্দু বাতৰি কাকতত প্ৰকাশিত ব ’ ফৰ্চ কেলেংকাৰীৰ কাহিনী আমি কেতিয়াও পাহৰিব নোৱাৰোঁ , যাৰ বাবে ৰাজীৱ গান্ধী নেতৃত্বাধীন চৰকাৰখনে    ১৯৮৯ চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিব লগীয়া হয় ৷ ২০০১ চনত “ তেহেলকা “ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেলেংকাৰী , ২০১০ চনৰ ২জি কেলেংকাৰী ইত্যাদি অলেখ ঘটনাত সাংবাদিক সকলৰ নিৰপেক্ষ আৰু সাহসী ভূমিকাৰ কথা মনলৈ...