সাংবাদিকতা আৰু মানৱতা

 

ভাৰতবৰ্ষত সংবাদ সেৱাৰ এক গৌৰৱোজ্বল ইতিহাস আছে মহাভাৰতৰ সঞ্জয়ক হয়তো ভাৰতৰ প্ৰথমজন সাংবাদিক ৰূপে আখ্যা দিব পাৰি, দিব্য চক্ষুৰ দ্বাৰা কুৰুক্ষেত্ৰত ঘটি থকা প্ৰতিটো ঘটনাৰ বিৱৰণ ৰজা ধৃতৰাষ্ট্ৰক দিছিল সম্পূৰ্ণ নিৰপেক্ষ ভাবে ভাৰতবৰ্ষত প্ৰথমখন বাতৰি কাকত বৃটিছে প্ৰকাশ কৰিছিল ১৭৮০ চনত ভাৰতীয় লোকৰ দ্বাৰা প্ৰকাশিত বাতৰি কাকত বেঙ্গল গেজেট প্ৰকাশ হয় ১৮১৬ চনত সেই সময়ৰ পৰাই সংবাদ মাধ্যমে দৃঢ় কণ্ঠেৰে জনতাৰ হকে মাত মাতি আহিছে সমাজত দেখা দিয়া প্ৰতিটো অনিয়ম, দুৰ্নীতি, অপৰাধৰ বিৰূদ্ধে মাত মাতিছে ১৯৮৭ চনত দা হিন্দু বাতৰি কাকতত প্ৰকাশিত ফৰ্চ কেলেংকাৰীৰ কাহিনী আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, যাৰ বাবে ৰাজীৱ গান্ধী নেতৃত্বাধীন চৰকাৰখনে  ১৯৮৯ চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিব লগীয়া হয় ২০০১ চনততেহেলকাসংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেলেংকাৰী, ২০১০ চনৰ ২জি কেলেংকাৰী ইত্যাদি অলেখ ঘটনাত সাংবাদিক সকলৰ নিৰপেক্ষ আৰু সাহসী ভূমিকাৰ কথা মনলৈ আহে প্ৰতিনিয়ত দেখি থকা সেই সাহসী সাংবাদিক সকলে নিজৰ জীৱনকলৈ হেতালি খেলি সত্যনিষ্ঠ সংবাদ পৰিবেশণ কৰি চৰকাৰৰ ৰোষৰ সন্মুখীন হোৱা আনকি মৃত্যু মুখত পৰিব লগীয়া হোৱা কাহিনীবোৰৰ উল্লেখ নিষ্প্ৰয়োজন

মানৱতাৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকসকল দেশ আৰু জাতিৰ শেষ ভৰষা নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত সাংবাদিকতা, সংবাদ জগতৰ মূলমন্ত্ৰ দা মান্সেষ্টাৰ গাৰ্ডিয়ান বাতৰি কাকতৰ প্ৰসিদ্ধ সম্পাদক চি পি স্কটে সাংবাদিকতাক মাত্ৰ পাচটা শব্দৰে বৰ্ণনা কৰিছিলসত্য, পৱিত্ৰ কিন্তু মতামত মুক্ত সাংবাদিকতা কেৱল জীৱিকাৰ এক মাধ্যম নহয়, দেশ, জাতি আৰু মানৱতাৰ কল্যাণৰ বাবে আগবঢ়োৱা সেৱাৰ এক মাধ্যম বুলি বিবেচিত হয় মানৱতা আৰু সাংবাদিকতা যেতিয়া একেলগে বিপৰীত দিশত অৱস্থান কৰে তেতিয়া মানৱতাই হে আগস্থান পায় ৷ এইখিনিতে সাংবাদিকতাৰ লগত জড়িত দুটা সঁচা কাহিনী উল্লেখ কৰিব পাৰি

১৯৯৪ চনত পুলিৎজাৰ বঁটাপ্ৰাপ্ত এখন আলোকচিত্ৰই গোটেই বিশ্বত আলোঢ়নৰ সৃষ্টি কৰিছিল ৷ শুকাই-খীনাই হাড়-ছাল লাগি ভাগৰত বহি থকা এটি কণমানি শিশুকণ্যা আৰু সন্মুখত শিশুটিৰ মৃত্যুৰ অপেক্ষাত ৰৈ থকা এটা শগুণ – এক হৃদয়বিদাৰক দৃশ্য ৷ আলোকচিত্ৰখন তুলিছিল কেভিন কাৰ্টাৰ নামৰ সাংবাদিক এজনে ৷ ১৯৬০ চনত জন্মলাভ কৰা কাৰ্টাৰে প্রথমে খেলাজগতৰ ফটো সাংবাদিকতাৰে কর্ম জীবন আৰম্ভ কৰে ৷ পিছলৈ তেওঁ বৰ্ণবাদী নীতিৰ বিৰুদ্ধে বিষেদগাৰ প্ৰদৰ্শন কৰি জোহার্নেছবাগলৈ আহে আৰু তাত ফটো সাংবাদিকতাৰ কামত হাত দিয়ে ৷  সাংবাদিকজনে ১৯৯৩ চনত দক্ষিণ ছুদানত ভয়াবহ দুৰ্ভিক্ষ চলি থকা সময়ত বাতৰি পৰিৱেশণৰ বাবে তালৈ যায় ৷ তাতেই এই দুখ:জনক পৰিস্থিতিৰ মুখা মুখি হয় ৷ কাৰ্টাৰে আলোকচিত্ৰ লৈ শগুণটো খেদিবলৈ চেষ্টা কৰিলে যাতে শিশুটি ওচৰৰ সহায়ক কেন্দ্ৰলৈ খোজকাঢ়ি যাব পাৰে ৷ কিন্তু কেন্দ্ৰ গৈ পালে নে নাই তাক নিশ্চিত নকৰি সেই স্থান পৰিত্যাগ কৰে ৷ পুলিৎজাৰ বঁটা লাভ কৰাৰ পিছত কাৰ্টাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয় ৷ প্ৰশ্ন উঠিছিল তেওঁৰ প্ৰথম কৰ্তব্য কি হোৱা উচিত আছিল, শিশুটিক ৰক্ষা কৰা নে পুৰস্কাৰ লাভৰ বাবে আলোকচিত্ৰ লোৱা ৷ আনকি তেওঁক এনেকৈও ভৰ্ৎসনা কৰা হৈছিল যে শিশুটিৰ ওচৰত তেতিয়া এটা নহয় দুটা শগুণ আছিল, দ্বিতীয়জন কাৰ্টাৰ নিজে ৷

মানৱীয় মূল্যবোধক সেইমুহূৰ্তত আগ স্থান নিদিয়াৰ বাবেই মানসিক অন্তৰ্দ্বন্দ্বত ভুগি বঁটা গ্ৰহণ কৰাৰ দুমাহ পিছত কাৰ্বন মন’ক্সাইড গেছ সেৱন কৰি তেওঁ আত্মহত্যা কৰে ৷ কাৰ্টাৰৰ বয়স তেতিয়া মাত্ৰ ৩৩ বছৰ আছিল ৷ কাৰ্টাৰৰ কাহিনীক লৈ ২০১০ চনত “দা বেং বেং ক্লাব“ নামৰ এখন  উপন্যাস প্ৰকাশ পায় ৷ সেই একে নামৰ চলচ্চিত্ৰ এখনো নিৰ্মাণ হয় সেই বছৰতে ৷

২০১১ চনত এজন সাংবাদিকে ছুদান ভ্ৰমণৰ সময়ত সেই শিশুটিৰ দেউতাকক লগ পায় ৷ কাৰ্টাৰৰ ফটোখনেৰে দেউতাকে শিশুটিক চিনাক্ত কৰে ৷ শিশুটি কণ্যা নহয় পুত্ৰ সন্তান হে আছিল আৰু সেইদিনা শিশুটিৰ মৃত্যু হোৱা নাছিল, ভাগ্যৰ বলত সহায়ক কেন্দ্ৰলৈ যাবলৈ সক্ষম হৈছিল ৷

 উপৰোক্ত ঘটনাৰ প্ৰায় ২৪ বছৰ পিছত অৰ্থাৎ ২০১৭ চনত গৃহযুদ্ধত আক্ৰান্ত ছিৰিয়া দেশৰ সংবাদসেৱাৰ এটা ঘটনা সকলো প্ৰচাৰ মাধ্যমৰ শিৰোনাম দখল কৰে ৷ আলকাদেৰ হাবাক নামৰ সাংবাদিক তথা আলোকচিত্ৰ সংগ্ৰহকাৰী এজনে খবৰ পায় যে ছিৰিয়াৰ এখন গাঁৱত গাড়ীৰ কনভয়ৰ ওপৰত ধাৰাষাৰ বোমা আক্ৰমণ সংঘটিত হয় ৷ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশৰ বাবে আলোকচিত্ৰ ল’বলৈ লগে লগে তেওঁ গাঁও খনত উপস্থিত হয় ৷ কেমেৰাৰ বেগ খুলি থাকোঁতেই এক মৰ্মান্তিক দৃশ্য দেখি হাবাক হতহাক হৈ পৰে ৷ এখন শিশু ভৰ্তী বাছ জুইৰ লেলিহান শিখাই গ্ৰাস কৰিবলৈ লৈছে আৰু শিশুসকলে সহায়ৰ বাবে চিঞৰি-চিঞৰি মাতিছে ৷ এই দৃশ্য দেখি হাবাকৰ অন্তৰাত্মা কান্দি উঠে, অকনো পলম নকৰি কেমেৰা গলত ওলোমাই লৈ আলোকচিত্ৰ লোৱাৰ সলনি জুইৰ মাজৰ পৰা শিশুটিক উদ্ধাৰ কৰি কোলাত লৈ দৌৰি দৌৰি নিৰাপদ দূৰত্বত থয় ৷ পুনৰ জ্বলি থকা বাছ খনলৈ আহি আন এটি শিশুক উদ্ধাৰ কৰে ৷ শেষ মুহূৰ্তলৈকে হাবাকে উদ্ধাৰ অভিযান চলাই থাকিল ৷ হাবাকে হয়তো কাৰ্টাৰৰ দৰে সাংবাদিকতাৰ দায়িত্ব পালন কৰি অকল আলোকচিত্ৰ লৈ উভতি আহি ভাল পুৰস্কাৰ এটা ল’ব পাৰিলে হেঁতেন ৷ কিন্তু তেওঁ সাংবাদিকতাৰ ওপৰত মানৱতাক স্থান দিলে ৷ সেয়েহে বহু কেইজন শিশুৰ জীৱন ৰক্ষা পৰিল ৷

 ভাল কামৰ ফলাফল সদায় ভালেই হয় ৷ আলকাদেৰ হাবাকক আচৰিত কৰি ঘটনাৰ পিছদিনাই গোটেই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত কোলাত শিশুলৈ দৌৰি থকা হাবাকৰ আলোকচিত্ৰৰ বহুল প্ৰচাৰ হ’ল আৰু বিশ্বৰ বিভিন্ন সংগঠনে তেওঁক সম্বৰ্ধনাৰে ওপচাই পেলালে ৷ আজি গোটেই বিশ্বই আলকাদেৰ হাবাকৰ নিচিনা সাংবাদিক বিচাৰে যি মানৱতাৰ উংকৃষ্ট নিদৰ্শন দেখুৱাই প্ৰেম আৰু ভাতৃত্বৰ এনাজৰীৰে বিশ্ববাসীক বান্ধ খুৱাই আগুৱাই লৈ যাব পাৰে ৷

 

আজি বৈদ্যুতিন আৰু ছপা মাধ্যমত দেখা দিয়া হালধীয়া সাংবাদিকতাৰ প্ৰকোপত নিৰপেক্ষ আৰু বস্তুনিষ্ঠ সৎবাদ পৰিবেশন লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে ৷ উত্তেজিত আৰু অতিৰঞ্জিত বাতৰিৰ প্ৰতি জনসাধাৰণৰ অত্যাধিক আসক্তিৰ বাবেও সাংবাদিক সকলে সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা পাহৰি যায় ৷ সংবাদপত্ৰ বোৰৰ মাজত চলা অঘোষিত প্ৰতিযোগিতাৰ বাবে আজি সংবাদ মাধ্যম ক্ষতিগ্ৰস্ত হৈছে ৷ আশা ৰাখিছো সংবাদ মাধ্যমে অতীতৰ সেই গৰিমা অক্ষুন্ন ৰাখি নিৰপেক্ষ আৰু বস্তুনিষ্ঠ সংবাদ পৰিবেশনেৰে আগুৱাই যাব ৷  

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা