“ডাৰ্ক ৱেব“ আৰু অপৰাধ জগত

 

চীন দেশৰ লগতে পাশ্চাত্যৰ দেশবোৰৰ লগত ভাৰতবৰ্ষৰ বেহা-বেপাৰৰ বাবে চিল্ক পথ নামেৰে এটা দূৰ্গম পথ নিৰ্মান কৰা হৈছিল চীনৰ হান ডাইনাষ্টিৰ শাসনকালত(২০০খ্ৰীঃপূঃ-২০০ খ্ৰীষ্টাব্দ) ৷ মূলত ৰেচম কাপোৰ, মচলা, কপাহ, উল, মূল্যবান ধাতু এই পথেৰে বিদেশলৈ  ৰপ্তানী হৈছিল ৷  দুহেজাৰ বছৰ পিছত মানৱজাতি সভ্যতাৰ উচ্চ শিখৰত উঠাৰ সময়ত ডাৰ্ক ৱেবৰ মাধ্যমত একেই  “চিল্ক ৰোড“ নামেৰে ৱেবচাইট খুলি বিশ্বত বৃহদাকাৰৰ কলা বজাৰ এখন গঢ় লৈ উঠে ৷ ইয়াৰ সহায়ত ড্ৰাগ্চ, নিচাজাতীয় ঔষধ, বন্দুক-বাৰুদ আদি সকলো বেআইনী সামগ্ৰীৰ বেহা-বেপাৰ আৰম্ভ হয়  ৷ ২০১৩ চনত আমেৰিকাৰ এফ বি আয়ে এই ৱেবচাইট ধৰা পেলায় আৰু প্ৰতিষ্ঠানটোৰ লগত জঢ়িত সকলক বন্দী কৰিবলৈ সক্ষম হয় ৷ তাৰ ঠিক এবছৰ পিছতে পুনৰ “চিল্ক ৰোড ২:০“ নামৰ বেআইনী ৱেবচাইট খোলে, ডাৰ্ক ৱেবৰ মাধ্যমত  কলা বজাৰ আৰম্ভ হয় আৰু সেইটোও এফ বি আয়ে পিছত ধৰা পেলায় ৷ ডাৰ্ক ৱেবৰ মাধ্যমত এনেধৰণৰ কেইবাটাও ৱেবচাইট আজিও সক্ৰিয় হৈ আছে বেআইনী কাম-কাজৰ বাবে ৷ এইবছৰ জাৰ্মানী-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত প্ৰায় ২০০ কোটিৰ টকা মূল্যৰ বিটকইন ধৰা পেলায় আৰু হাইড্ৰা নামৰ ৱেবচাইট বন্ধ কৰি দিয়ে ৷ এই ডাৰ্ক ৱেব ইমানেই ভয়াবহ যে বিশ্বৰ ৫০,০০০ সন্ত্ৰাসবাদী সংগঠনে ইয়াৰ জৰিয়তে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে ৷ বিশ্বৰ ড্ৰাগ্চ আৰু পিষ্টলৰ ৮০ শতাংশতকৈ বেছি বজাৰ দখল কৰি আছে ডাৰ্কৱেবৰ মাধ্যমত ৷ চাইবাৰ অপৰাধৰ ৯০ শতাংশ সংঘটিত হয় ডাৰ্কৱেবৰ মাধ্যমত ৷ মানব জাতিৰ বাবে এক অভিশাপ স্বৰূপ এই ডাৰ্ক ৱেব নহয় নে ৷

সৰ্বসাধাৰণ লোকৰ বাবে বিশ্বত প্ৰথম ৱৰ্লড ৱাইড ৱেবৰ প্ৰচলন হয় ১৯৯০ চনত আৰু ভাৰতত ই উপলব্ধ হয় ১৯৯৫ চনৰ পৰা ৷ সেই সময়ৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বাঢ়িয়ে আছে ৷ আমাৰ ইণ্টাৰনেট জগতখন হ’ল এখন বৰফাবৃত বিশাল সাগৰৰ দৰে ৷ মোবাইল বা কম্পিউটাৰত বহুলভবে ব্যৱহৃত চাৰ্চ ইঞ্জিন হ’ল গুগুল, ইয়াহু, বিং ইত্যাদি ৷ ইয়াৰ সহায়ত আমি মনে বিচৰা ৱেব পেজ খুলি কাম কৰিব পাৰোঁ ৷ দৰাচলতে এই গুগুল, ইয়াহুৰ সহায়ত আমি বিশ্বৰ মাত্ৰ ৪% ৱেব চাইটহে চাবলৈ সক্ষম হওঁ ৷ বাকী ৯৬% ৱেবৰ খবৰ চাৰ্চ ইঞ্জিন বোৰে দিবলৈ অপৰাগ ৷ এই ৪% ৱেবপেজ বোৰ সাগৰৰ ওপৰ পৃষ্ঠত ওপঙি থকা বৰফৰ স্তৰৰ দৰে ৷ ইয়াকে কোৱা হয় পৃষ্ঠ ৱেব বা চাৰ্ফেচ ৱেব ৷ বৰফৰ স্তৰৰ তলত যেনেকৈ হাজাৰ হাজাৰ মিটাৰ গভীৰতালৈ ব্যপ্তহৈ আছে কেৱল পানী যাক ওপৰৰ পৰা নেদেখি, তেনেকৈ চাৰ্চ ইঞ্জিনে ঢুকি নোপোৱা ৱেব চাইটবোৰ পৃষ্ঠ ৱেবৰ তলত লুকাই থাকে যাক কোৱা হয় গভীৰ ৱেব বা ডিপ ৱেব ৷ বিশ্বৰ চৰকাৰী অথবা বেচৰকাৰী বৃহত প্ৰতিষ্ঠান বোৰৰ তথ্যবোৰ, হাস্পতালৰৰ ৰোগীৰ তথ্য, বেঙ্কৰ গ্ৰাহকৰ সকলো তথ্য ইত্যাদি এই গভীৰ ৱেবত থাকে ৷ এই তথ্যবোৰ সকলোৱে চাবৰ প্ৰয়োজন নাই বা গোনীয়তা ৰক্ষাৰ বাবেও ইয়াক চাৰ্চ ইঞ্জিনৰ পৰিসীমালৈ অনা নাযায় ৷

এই গভীৰ ৱেবৰ তলৰ এটা অংশত লুকাই থাকে অন্ধকাৰ ৱেব বা ডাৰ্ক ৱেব ৷ ২০০৯ চনত প্ৰথম ডাৰ্কৱেবৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷ বিশ্বৰ সকলো ঘৃণনীয়, অপৰাধমূলক কাম ইয়াতে হয় ৷ সেয়ে ইয়াক অন্ধকাৰ জগতৰ ভূস্বৰ্গ বুলি কোৱা হয় ৷ ড্ৰাগ্চৰ ব্যৱসায়, অবৈধ অস্ত্ৰ-শস্ত্ৰৰ লেনদেন, কোনো প্ৰতিষ্ঠানৰ গোপন তথ্য চুৰি কৰি বিক্ৰী কৰা, শিশু পৰ্ণ’গ্ৰাফী, অবৈধ ভাবে কোনো মূল্যবান চফ্টৱেৰৰ লাইচেন্স কম দামত বিক্ৰী, অনলাইন জুৱা, পেশাদাৰী হত্যাকাৰীৰ দ্বাৰা কোনো ব্যাক্তিৰ হত্যা, জালিয়াতি, সন্ত্ৰাসবাদ ইত্যাদি সকলো ঘৃণনীয় কামেই এই অন্ধকাৰ ৱেবৰ সহায়ত গোটেই বিশ্বত ঘটি আছে ৷  বেঙ্কৰ গ্ৰাহক সকলৰ এটিএমৰ তথ্য, বেঙ্ক একাউণ্টৰ তথ্য, ভুৱা পাছপ’ৰ্ট, ভুৱা ড্ৰাইভিঙ লাইচেন্স  ইত্যাদি এই ডাৰ্কৱেবত ক্ৰয়-বিক্ৰয় হয় ৷ ইয়াৰ সহায়ত দেশত চাইবাৰ অপৰাধো দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ ওলোৱা খবৰ অনুযায়ী বিগ বাস্কেট নামৰ প্ৰতিষ্ঠানৰ ২ কোটি গ্ৰাহকৰ গোপন তথ্য ইয়াতে বিক্ৰীহৈ গ’ল ৷ তেনেকৈ যোৱা মাহত ভাৰতত ড’মিনোছ প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষ্য লোকৰ ক্ৰেডিট কাৰ্ডৰ গোপন তথ্য বিক্ৰী হয় এই ডাৰ্কৱেবৰ সহায়ত ৷ বিত্তীয় প্ৰতিষ্ঠানৰ অগোচৰে এই সকলো অবৈধ কামৰ বাবদ ধনৰ লেনদেন কৰা হয়, সেয়ে ক্ৰিপ্ট’কাৰেঞ্চী যেনে বিটকইন, ইথেৰিয়াম, লাইটকইন আদিৰ ব্যৱহাৰ ইয়াত অতিশয় বেছি আৰু দুস্কৃতিকাৰী সকল সহজে পুলিচ প্ৰশাসনৰ কবলৰ পৰা হাত সাৰি থাকিব পাৰে ৷

 ডাৰ্কৱেবত যে অকল বেয়া কামেই হয় সেইটো নহয় ৷ বহু লোকে ইণ্টাৰনেট জগতত স্বাধীন ভাবে কাম কৰিবলৈ বিচাৰে ৷ ডাৰ্কৱেবৰ সহায়ত স্বাধীন ভাবে ইণ্টাৰনেট জগতত কাম কৰিব পাৰে ৷ তেওঁ কি চাইছে, কাৰ লগত আদান-প্ৰদান কৰিছে কোনেও জানিব নোৱাৰে, গুগুল ক্ৰ’ম বা অন্য ব্ৰাউজাৰ ক্ষেত্ৰত ই সম্ভৱ নহয় ৷ সমভাৱাপন্ন বহু লোকে সেয়ে সকলোৰে অজ্ঞাতে ডাৰ্কৱেবৰ সহায়ত ভাবৰ আদান-প্ৰদান কৰে, মেইল পঠিয়ায়, পাজ্ল খেলে ৷ শুনিলে আচৰিত হ’ব যে ডাৰ্কৱেবত বহু গৱেষকৰ মূল্যবান গৱেষণা মূলক পেপাৰ কম খৰচত পোৱা যায় ৷ চলিত বছৰত ইউক্ৰেইন-ৰাছিয়াৰ মাজত চলা যুদ্ধৰ সময়ত ৰাছিয়াত কেইবাটাও বাতৰি প্ৰতিষ্ঠানৰ ৱেবচাইট জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছিল ৷ তেতিয়া বিবিচি আৰু আন আন্তৰাষ্ট্ৰীয় বাতৰি প্ৰতিষ্ঠানে ডাৰ্কৱেবৰ সহায়ত বাতৰি পৰিবেশন কৰিছিল যাতে ৰাছিয়াৰ সাধাৰণ নাগৰিকে যুদ্ধৰ প্ৰকৃত ছবিখন দেখা পায় আৰু যুদ্ধৰ পৰা বিৰত থাকে ৷

 ডাৰ্কৱেবত থকা ৱেবাচাইট বোৰ সাধাৰণতে ব্যৱহৃত গুগুল ক্ৰ’ম, ইণ্টাৰনেট এক্সপ্লোলাৰ আদিৰ দ্বাৰা উপলব্ধ নহয় ৷ ইয়াক চাবলৈ টৰ (TOR: The Onion Router) নামৰ বিশেষ ব্ৰাউজাৰ কম্পিউটাৰত ডাউনলোড কৰিব লাগে ৷ টৰ ব্যৱহাৰকাৰীক কোনো প্ৰতিষ্ঠানে নজৰবন্দী কৰিব নোৱাৰে, ই ব্যৱহাৰকাৰীৰ সম্পূৰ্ণ গোপনীয়তা বজাই ৰাখে I  সাধাৰণ ৱেবপেজৰ নামৰ শেষত ডটকম (.com) ব্যৱহাৰ হয়, ডাৰ্কৱেবত ব্যৱহাৰ হয় ডটঅনিয়ন (.onion) ৷ ডাকডাকগো, ছাৰএক্স, হিডেন উইকি আদি চাৰ্চ ইজ্ঞিনৰ সহায়ত ডাৰ্কৱেবত উপলব্ধ সেৱা সমূহ বিচাৰিব পাৰে ৷

ইণ্টাৰনেটৰ মাধ্যমত ডাৰ্কৱেবত কাম কৰা আইন বিৰুদ্ধ নেকি, এই প্ৰশ্ন বহুতৰে মনত আহে ৷ নিজৰ কম্পিউটাৰত টৰ ডাউনলোড কৰি ডাৰ্কৱেব ব্ৰাউজ কৰিলে ভাৰতীয় আইনমতে দণ্ডণীয় নহয় ৷ কিন্তু অপৰাধমূলক কামত জড়িত কোনো ৱেবপেজ ব্যৱহাৰ কৰিলে আইনৰ কাঠগড়াত নিশ্চয় থিয় হ’ব লাগিব ৷ আনহাতে ডাৰ্কৱেবত সোমোৱাটোৱে এটা বিপদজনক কাম ৷ প্ৰথমে নিজৰ কম্পিউটাৰ হেক হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ৷ দ্বিতীয়তে নিজৰ কৌতূহলৰ বাবে এনে কিছুমান ৱেবপেজত সোমাব পাৰে যাৰ পৰা বিভিন্ন সমস্যাৰ মুখা-মুখিহে হ’ব পাৰে ৷ সেয়ে ডাৰ্কৱেব দৰ্শনৰ পৰা যথাসম্ভৱ আঁতৰি থাকিব লাগে ৷ নিজৰ বন্ধু-বান্ধৱ বা সতি সন্ততি ডাৰ্কৱেবত কাম কৰা দেখা পালে তেওঁলোকক সম্ভাব্য বিপদৰ কথা উনুকিয়াই এই কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰা উচিত ৷ ইতিমধ্যে চীনত ডাৰ্কৱেবৰ প্ৰচলন অবৈধ বুলি ঘোষণা কৰা হৈছে ৷ ভাৰততো ডাৰ্কৱেবৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে  আইন প্ৰণয়ন কৰিবলৈ   চিন্তা-চৰ্চা চলি আছে ৷

ডাৰ্কৱেবৰ মাধ্যমত অপৰাধমূলক কাম-কাজ ভাৰতত যোৱা চাৰি-পাঁচ বছৰত যথেষ্ট বৃদ্ধি পাইছে ৷ বিশেষকৈ ড্ৰাগ্চ সৰবৰাহৰ বাবে অপৰাধীয়ে ডাৰ্কৱেবৰ মাধ্যমত কেইবা শ কোটি টকাৰ লেন-দেন কৰা চকৰাৰৰ দৃষ্টি গোচৰ হৈছে ৷   ভাৰতৰ আইন শৃঙ্খলা ৰক্ষাকাৰী চৰকাৰী সংস্থাবোৰে ইতিমধ্যে ডাৰ্কৱেব ব্যৱহাৰকাৰীৰ কামকাজত চকু দিবলৈ উচ্চ প্ৰযুক্তি সম্পন্ন কম্পিউটাৰ চফ্টৱেৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু কিছু পৰিমাণে সফলো হৈছে ৷

(২৮ জুন, ২০২২ তাৰিখে আমাৰ অসম বাতৰি কাকতত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা