পৰীক্ষাৰ ফলাফল আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ
হাইস্কুল শিক্ষান্ত পৰীক্ষা
আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল ৷ প্ৰথম দহটা স্থান লাভ
কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থী সকলক লৈ বৈদ্যুতিন আৰু ছপা মাধ্যমত আলোচনা, সাক্ষাৎকাৰ
গ্ৰহণ, জল্পনা কল্পনা, ভবিষ্যৎ পৰিকল্পনা আদি প্ৰচাৰ কৰা হ’ল ৷ ইয়াৰ মাজতে বহুতে সামাজিক
মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে যে যোৱা ১০ বা
২০ বছৰৰ পৰা যিকেইজনে প্ৰথম দহটা স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে আজি কি
কৰি আছে, বিদেশলৈ যোৱা কেইজনৰ পৰা আমাৰ কি লাভ হৈছে ইত্যাদি, ইত্যাদি ৷ সফল শিক্ষাৰ্থী
সকলৰ কিছু সংখ্যাকে হয়তো পিছলৈ ভাল ফলাফল কৰি বিদেশত চাকৰি কৰি আছে ৷ কিছুমানে ভাৰতৰ
বিভিন্ন চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত চাকৰি কৰি আছে ৷ কিছুমানে পিছলৈ আশাকৰা
অনুযায়ী ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল ৷ কিন্তু তেওঁলোকৰ কিমান জনে সুনাগৰিক হিচাপে
নিজকে প্ৰতিষ্ঠা কৰি সমাজৰ হকে, দেশৰ হকে কাম কৰি আছে তাৰ খবৰ আমি কোনেও নলওঁ ৷ আমাৰ
প্ৰত্যেকৰে মনত এটাই চিন্তা প্ৰথম দহটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীজনে
ডাক্তৰ, ইঞ্জিনিয়াৰ হৈ ভাল চাকৰি গোটাব পাৰিলেনে বা বিদেশলৈ যাব পাৰিলেনে ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষা
বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা – এই দুটা পৰীক্ষাই যথেষ্ট নেকি এজন শিক্ষাৰ্থীৰ মেধা শক্তিৰ পৰিমাণ জুখিবলৈ ৷ কম
নম্বৰ পালেই তেওঁলোকৰ ভবিষ্যত শেষ, জীৱন অথলে গ’ল - আমি অভিভাৱক সকলে তেনেকৈয়ে ভাবো
৷ দৰাচলতে এই দুটা পৰীক্ষাৰ ফলাফল এজন শিক্ষাৰ্থীৰ মেধাৰ মাপকাঠি হ’ব নোৱাৰে ৷ এনে
বহুলোক আছে যি মেট্ৰিকৰ দেওনা দুবাৰ বা তিনিবাৰৰ মূৰত পাছ কৰি পিছলৈ বহু উন্নতি কৰিছে
৷ অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুন গগৈ তেনে এক উদাহৰণ ৷ আমি অভিভাৱক বা স্কুলৰ
শিক্ষক সকলে আজি ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ নম্বৰক লৈহে সকলো ব্যস্ত হৈ থাকো ৷ পৰীক্ষাৰ নম্বৰতকৈ বেছি গুৰুত্ব দিবলগীয়া বিষয় হৈছে
ছাত্ৰ-ছাত্ৰী সকলৰ নৈতিক চৰিত্ৰ গঠন ৷ স্কুলীয়া সময়খিনিতে এজন শিশুৰ চৰিত্ৰ গঠন হয়
৷ সুচৰিত্ৰবান হ’লেহে এজন শিশু পিছলৈ এজন সুনাগৰিক হ’ব পাৰে ৷ ভাৰতবৰ্ষ আজি দুৰ্নীতিপৰায়ণ
দেশ হিচাপে পৰিগণিত হোৱাৰ অন্যতম কাৰণ হ’ল আমি ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ নম্বৰলৈ
যিমান উদগ্ৰীৱ, সুচৰিত্ৰবান হিচাপে গঢ় দিবলৈ সিমানেই উদাসীন ৷ ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল নামৰ
দুৰ্নীতিৰ ওপৰত চকু ৰখা আন্তৰ্জাতিক সংস্থাটোৰ মতে ২০১৯ চনত সমগ্ৰ বিশ্বৰ ১৮০ খন
কম দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকাত ভাৰতৰ স্থান আছিল ৮০ নম্বৰত। এই তালিকাখনত লাভ কৰা
কোনো এখন দেশৰ ক্ৰমাংক যিমানে বেছি হয়, সিমানেই সেই দেশখন বেছি দুৰ্নীতিগ্ৰস্ত। দুৰ্ভাগ্যৰ
বিষয় এয়ে যে তিনি বছৰ পিছত অৰ্থাৎ জানুৱাৰী ২০২২ ত সেই একেটা অনুষ্ঠান
ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেলে প্ৰকাশ পোৱা সমীক্ষাত ভাৰতৰ স্থান ৮৫ লৈ অৱনমিত হয় ৷ অৰ্থাৎ এই তিনি বছৰত
ভাৰতত দুৰ্নীতি বাঢ়িহে গ’ল ৷ শিক্ষাৰ্থী সকলৰ স্কুলীয়া জীৱনত নৈতিক চৰিত্ৰ গঢ় দিব
নোৱৰাৰ বাবেই পিছৰ জীৱনত প্ৰায় ভাগে দুৰ্নীতিৰ লগত নিজকে সাঙুৰি লয় ৷ সেয়েহে ভাৰতত
দুৰ্নীতি প্ৰতিহত কৰাত সফলতা অৰ্জন কৰিব পৰা নাই ৷
প্ৰথম দহটা স্থানত অধিকাৰ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ
কিমানজনে ডাক্তৰ, ইঞ্জিনিয়াৰ, আই এ এছ হ’ল
বা কিমানে বিদেশলৈ গ’ল তাৰ হিচাপ নকৰি কেইজনে সমাজৰ হকে ভাল কাম কৰিছে তাৰ হিচাপ
উলিওৱা হে উচিত ৷ লক্ষ্যনীয় কথা হ’ল সফলতা
অৰ্জন কৰা শিক্ষাৰ্থীসকলৰ কোনো এজনেও নকয় যে তেওঁ ভৱিষ্যতে এজন সমাজ সেৱী হ’ব বা উদ্যোগপতি,
খেতিয়ক হৈ হাজাৰ জন নিবনুৱাক কাম দিব ৷ ইয়াৰ কাৰণ এইটোৱে যে আমি অভিভাৱক বা শিক্ষক
সকলে কেতিয়াও শিক্ষাৰ্থী সকলৰ আগত এই বিষয়ত কোনো কথা নকওঁ বা তেনে হ’বলৈ দিব নিবিচাৰো
৷ ভবিষ্যতে এটা ভাল চাকৰি কৰক, সেয়াই যথেষ্ট ৷ মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ
পিছত টেলিভিচন চেনেল বোৰত হোৱা আলোচনাত কেতিয়াও এজন সফল শিক্ষাৰ্থীক সমাজসেৱক হবলৈ বা ব্যৱসায় বাণিজ্য বা খেতিবাতি
কৰিবলৈ উৎসাহিত কৰা দেখা নাযায় ৷ শিক্ষাৰ্থী সকলৰ মনত এটা বস্তু সোমাই দিয়া হয় –
ভাল চাকৰি, ভাল দৰমহা ৷ জীৱনটো চাকৰিৰ পিছতে
দৌৰি থাকে ৷ শেষত বহুতে বিদেশত গৈ থিতাপি লয় ৷ নিজৰ পিতৃ-মাতৃক চাবলৈ সময়
নাপায়, সময় পালেও আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে ৷ আমি সকলোৱে দেখিছো যে বিদেশত থকা
সন্তানে পিতৃ-মাতৃৰ বৃদ্ধকালত চোৱা দূৰৰে কথা মৃত্যুৰ পিছতো আহিবলৈ নিবিচাৰে ৷ ইয়াৰ
ব্যতিক্ৰমো নিশ্চয় আছে ৷ তাৰবাবে আচলতে দায়ী কোন - আমি অভিভাৱক সকল, শিক্ষক সকল
আৰু সমাজখন , নহয় জানো ৷
আন এটা কথা হ’ল টিভি বা বাতৰি কাকতত বিষদ ভাবে সফলতা অৰ্জন কৰা
শিক্ষাৰ্থী সকলৰ কথা হে আলোচনা কৰা হয় ৷ কিন্তু দুই-এক নম্বৰৰ বাবে প্ৰথম দহটা
স্থানত নোপোৱা শিক্ষাৰ্থ সকলৰ কথা আমি নাভাবো ৷ কিন্তু তেওঁলোকক কম মেধাৰ অধিকাৰী
বুলি ক’ব নোৱাৰি ৷ আনহাতে যিসকলে ভাল ফলাফল দেখুৱাব নোৱাৰিলে অধিক কষ্ট স্বীকাৰ
কৰি ভৱিষ্যতে ভাল ফলাফল লাভ কৰাৰ বাবে কোনেও তেওঁলোকক উৎসাহ, উদ্দীপনা দিয়া দেখা
নাযায় ৷ অথচ ভাল ফলাফল নকৰা শিক্ষাৰ্থীৰ সংখ্যা লাখৰ ঘৰত ৷ প্ৰথম দহটা স্থান লাভ
কৰা শিক্ষাৰ্থীৰ সংখ্যা কুৰিতকৈ বেছি নহয় ৷
মুঠতে এজন ছাত্ৰ বা ছাত্ৰীৰ প্ৰকৃত মূল্যায়ন মেট্ৰিক বা উচ্চতৰ
মাধ্যমিকত পোৱা নম্বৰ কেইটাৰ সহায়ত কৰিব
পৰা নাযায় ৷ টমাচ আলভা এডিচন, আইনষ্টাইন, ষ্টিভ জব, বিল গেট্স, এলন মাস্ক আদি বৰেণ্য বৈজ্ঞানিক, গৱেষক, উদ্ভাৱক সকলৰ
স্কুলীয়াদিনৰ পৰীক্ষাৰ ফলাফল ভাল নাছিল ৷
কিন্তু তেওঁলোকৰ ভিতৰত থকা মেধা শক্তিৰ জৰিয়তে আজি বিশ্ব বিখ্যাত হ’ব পাৰিছে ৷
সেয়েহে সকলো শিক্ষাৰ্থীলৈ অনুৰোধ তেওঁলোকে এজন সফল নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা
কৰক ৷ পৰীক্ষাৰ নম্বৰ তাৰ বাবে কোনো অন্তৰায় হ’ব নোৱাৰে ৷ দৰাচলতে এই দুটা
পৰীক্ষাৰ নম্বৰক ইমান বেছি গুৰুত্ব দিব লগীয়া নাই, যিমান খিনি গুৰুত্ব সামাজিক
মাধ্যম, বৈদ্যুতিন আৰু ছপা মাধ্যমত দিয়া হৈছে ৷ সফলতা অৰ্জন কৰা কিছু শিক্ষাৰ্থীয়ে
ভৱিষ্যতৰ বাবে বেছি ছাপ অনুভৱ কৰাহে লক্ষ্য কৰা যায়, পিছলৈ বেয়া ফল দেখুৱালে সমাজত
কেনেকৈ মুখ উলিয়াব তাৰ চিন্তাতে কিছুমানে ভাল ফলাফল দেখুৱাব নোৱাৰা হয় ৷ বহু
ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ নিচিনা পথ বাছি ল’বলগীয়া হয় ৷
(১ জুলাই, ২০২২ তাৰিখে অসমীয়া খবৰ বাতৰি কাকতত প্ৰকাশিত)
Comments
Post a Comment