একলব্য আৰু অন্যান্য

 

মহাভাৰতৰ এক অনবদ্য চৰিত্ৰ একলব্য, আমি সকলোৱে জানো ৷ ক্ষত্ৰিয় নহয় বাবে গুৰু দ্ৰোণাচাৰ্যই  শিষ্যত্ব গ্ৰহণ নকৰিলে আৰু একলব্য শিক্ষাৰ পৰা বঞ্চিত হয় ৷ ইয়াৰ পিছত একলব্যই নিৰাশ হৈ ঘৰতে বহি নাথাকিল ৷ দুগুণ উৎসাহেৰে বনলৈ গুচি যায় আৰু গুৰু হিচাপে অন্তৰত ৰাখি দ্ৰোণাচাৰ্যৰ প্ৰতিমূৰ্তি স্থাপন কৰি নিজে নিজে ধনুৰ্বিদ্যাৰ চৰ্চা আৰম্ভ কৰে ৷ শেষত গৈ নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত ধনুবিদ্যাত নিপুণ হৈ পৰে ৷ এদিন বনত গুৰু দ্ৰোণে একলব্যৰ প্ৰতিভা দেখি বুজি পায় যে অৰ্জুনতকৈ এজন শ্ৰেষ্ঠ ধনুৰ্ধৰ এই পৃথিৱীতে সৃষ্টি হৈছে ৷ সেয়েহে একলব্যৰ পৰা গুৰু দক্ষিণা বাবদ সোঁহাতৰ বুঢ়া আঙুলি বিচাৰে ৷ গুৰুৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা আৰু ভক্তিৰ বাবেই  সম্ভাৱ্য পৰণতিৰ কথা আওকাণ কৰি একলব্যই নিজৰ আঙুলি কাটি দিয়ে ৷ একলব্যৰ কাহিনীটোক বহু পণ্ডিতে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াইছে ৷ ল’ৰালি কালত এটা প্ৰশ্ন মোৰ মনত উদয় হৈছিল যাৰ বাখ্যা বিচাৰি পোৱা নাছিলোঁ ৷ গুৰু অবিহনে, উপযুক্ত পাঠ্যক্ৰম নোহোৱাকৈ একলব্যই কেনেকৈ অৰ্জুনতকৈ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ’ব পাৰিলে ? অথচ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গুৰু দ্ৰোণৰ আশীৰ্বাদ অৰ্জুনৰ মূৰৰ ওপৰত সদায় আছিল ৷ যুৱৰাজ হিচাপে শিক্ষা গ্ৰহণৰ সকলো ধৰণৰ সা-সুবিধা, আন্ত:গাঁথনি অৰ্জুনে পাইছিল ৷ তাৰ বিপৰীতে একলব্য এই সকলো সুবিধাৰ পৰা বঞ্চিত হোৱাৰ পিছতো নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিলে ৷  ইয়াৰ এটা কাৰণ হ’ব পাৰে যে তেওঁ দ্ৰোণাচাৰ্যৰ প্ৰচলিত শিক্ষা পদ্ধতিৰ ভিতৰত সোমাই পৰা নাছিল ৷ সেয়েহে চিন্তাৰ সীমাবদ্ধতাৰ পৰা আঁতৰি আছিল। তেওঁৰ শিকাৰ ধাৰণা অসংগঠিত (unstructured) আছিল আৰু নিজৰ উদ্ভাবনী চিন্তাক নিজে বিচৰা ধৰণে ব্যৱহাৰ কৰিব পাৰিছিল। ইয়াৰ ফলাফল আমি সকোলৱে দেখিলোঁ ৷    

টমাচ আলভা এডিচন সৰ্বকালৰ শ্ৰেষ্ঠ আবিষ্কাৰক হিচাপে সকলোৰে স্মৰণীয় এজন প্ৰখ্যাত বৈজ্ঞানিক ৷ তেওঁ বৈদ্যুতিক বাল্ব, গ্ৰামোফোন, গতিশীল ছবিৰ কেমেৰাৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩০০ যন্ত্ৰ উদ্ভাৱন কৰিছিল। তেখেতৰ ল’ৰালি কালৰ শিক্ষা জীৱন তেনেই সুখকৰ নাছিল ৷ স্কুলত নাম লগোৱাৰ তিনিমাহ মাহ পিছতে শিক্ষকে স্কুলৰ পৰা বাহিৰ কৰি দিয়ে ৷ নিজে ঘৰতে যিমান পাৰে পঢ়িবলৈ লয় ৷ মাকে পঢ়াশুনাত অলপ সহায় কৰিছিল ৷ বাৰবছৰ বয়সত কাণেৰে নুশুনা হয় ৷ ১৩ বছৰ বয়সৰ পৰাই এডিচনে নিজৰ ভৰিত থিয় হৈ জীৱিকা অৰ্জনৰ পথ বাচি লয় ৷ যি টকা উপাৰ্জন কৰে তাৰে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাবলৈ সা-সামগ্ৰী কিনিবলৈ খৰচ কৰে ৷ ট্ৰেইনত খবৰ কাগজ বিক্ৰী কৰিবলৈ গৈ দেখিলে যে এটা ৰেলৰ ডবা খালি হৈ পৰি আছে ৷ তাতেই এডিচনে বৈদ্যুতিক পৰীক্ষা চলাবলৈ আৰম্ভ কৰে ৷ এদিন হঠাতে ডবাত জুই লাগি গ’ল আৰু এডিচনৰ পৰীক্ষাগাৰটো ধ্বংস হৈ যায় ৷ তাৰ পিছতো নতুন নতুন আবিষ্কাৰৰ কামত লাগি যায় ৷ ব্যৱসায়িক ভাবে প্ৰথম জন সফল বৈজ্ঞানিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰে ৷

এলবাৰ্ট আইনষ্টাইন, সৰ্বকালৰ শ্ৰেষ্ঠতম বৈজ্ঞানিক, ল'ৰালিকালত  এবাৰ পৰীক্ষাত অসফল হয়, ইয়াৰ পিছত এবছৰৰ বাবে পঢ়া এৰিব লগা হয়। তাৰ এবছৰ পিছত জুৰিখৰ ই টি এইচ কলেজৰ প্ৰবেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হয়।  কলেজৰ দিনবোৰত তেওঁ বৰ অমনোযোগী আৰু অনিয়মীয়া  আছিল। এবাৰ কলেজৰ শিক্ষক এজনে তেওঁক পদাৰ্থ বিজ্ঞানৰ বিষয়টোৱে এৰি দিবলৈ উপদেশ দিয়ে ।  কিন্তু কলেজ এৰাৰ পাঁচ বছৰ পিছতে  তেওঁ  আপেক্ষিকতাবাদৰ ওপৰত লিখা প্ৰথম খন গৱেষণামূলক পেপাৰ প্ৰকাশ পায়। এয়াই বিংশ শতাব্দীৰ আটাইতকৈ আলোড়নকাৰী আৱিষ্কাৰৰ আৰম্ভণি আছিল।  

তথাকথিত শিক্ষা ব্যবস্থাৰ মাজত তেওঁলোক সোমাই থাকিলে নতুন আবিষ্কাৰ কেতিয়াও সম্ভৱ নহ' হেঁতেন। তেনে উদাহৰণ বহুত আছে ৷ আমাৰ শিক্ষা ব্যবস্থা সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ বাবে একে ৷ এক সু-সংগঠিত পাঠ্যক্ৰম ৷ এজন অতি মেধাবী শিক্ষাৰ্থীৰ বাবে নিজৰ পাঠ্য-পুথিৰ বাহিৰেও বহুতো কথা শিকিব পৰা ক্ষমতা থাকে ৷ সেই শিক্ষাৰ্থী জনক নিজে বিচৰা ধৰণে অধ্যয়ন কৰিবলৈ দিলে নিশ্চয় সুফল পোৱা যাব ৷ তাকে নকৰি আমি শিক্ষাৰ্থী জনৰ পৰীক্ষাত দুটা নম্বৰ বেছিকৈ পোৱোত হে গুৰুত্ব দিওঁ ৷ পাঠ্যক্ৰমৰ বাহিৰত গৈ পঢ়া-শুনা কৰাত উৎসাহ দিয়াৰ পৰা বিৰত থাকো ৷  নম্বৰৰ পিছত দৌৰি ফুৰি ছাত্ৰ জনৰ সৃজনীমূলক চিন্তাৰ বিকাশ নহয় ৷ এপ’ল প্ৰতিষ্ঠানৰ সহ প্ৰতিষ্ঠাপক স্টিভ ৱোজনিয়াকে কেইবছৰমান আগতে এটা সাক্ষাৎকাৰত কৈছিল যে ভাৰতীয় শিক্ষা ব্যৱস্থাত উদ্ভাৱনী চিন্তাৰ কোনো স্থান নাই। ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ  ভাল নম্বৰ পাই ভাল চাকৰি এটা ' পৰে তাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। যদিও বহুতে তেখেতৰ কথাখিনি মানি ল’ব খোজা নাছিল তথাপি আমি তাক একেআষাৰে নহয় বুলিও ক’ব নোৱাৰোঁ ৷ সেয়েহে আমি দেখিবলৈ পাওঁ যে বিদেশত আমাৰ অভিযন্তা বা বিজ্ঞানী সকলে সহজে চাকৰি লাভ কৰে কিন্তু নিজাকৈ কিবা এটা উদ্ভাৱন কৰাত যেন অপাৰগ ৷ সুন্দৰ পিচাই বা সত্য নাডেলাৰ নিচিনা কেইজনমান ইয়াৰ ব্যতিক্ৰম ৷ 

এজন সাংবাদিকে এবাৰ টমাচ আলভা এডিচনক সুধিছিল জীৱনত তেওঁ কেতিয়াবা ভুল কৰি পাইছে নেকি ৷ উত্তৰত এডিচনে  ক’লে যে এবাৰ নহয় তেওঁ অসংখ্যবাৰ ভুল কৰিছে , গণনাৰ  বাহিৰত ৷ সাংবাদিকে তেতিয়া কৈছিল যে তেওঁ নিজৰ সীমিত জ্ঞানৰ বাবেই ইমানবাৰ ভুল কৰিছিল ৷ তেখেতে উত্তৰ দিছিল এইবুলি যে অসংখ্যবাৰ ভুল কৰি তেওঁৰ জ্ঞান অসংখ্যবাৰ বৃদ্ধি পালে ৷ সঁচাকৈ যিজনে এবাৰো ভুল কৰি পোৱা নাই তেওঁ জীৱনত একো শিকা নাই ৷

এলবাৰ্ট আইনষ্টাইনে এবাৰ কৈছিল "মই মোৰ ছাত্ৰক নিশিকাও, তেওঁলোকক জ্ঞান অৰ্জনৰ বাবে লগা সুবিধাবোৰৰ ব্যৱস্থা কৰি দিওঁ, শিকা কামটো ছাত্ৰ সকলৰ নিজৰ" তেখেতৰ এটা প্ৰখ্যাত উক্তি আছিল "কল্পনা শক্তি জ্ঞানতকৈ বেছি মহত্ত্বপূৰ্ণ"। এডিচন আৰু আইনষ্টাইনৰ দৃষ্টিৰে আমিও চাবলৈ শিকো আহক ৷ শিক্ষাৰ্থী সকলৰ উদ্ভাৱনী চিন্তাক জাগ্ৰত কৰি সৃজনীমূলক কামত নিজকে আত্মনিয়োগ কৰাৰ সুবিধা কৰি দিব পাৰিলে আমাৰ দেশ সকলো দিশত আগুৱাই যাব বুলি আশা কৰিব পাৰোঁ ৷ নতুন প্ৰজন্মক সঠিক ভাবে আগুৱাই নিব পাৰিলেহে দেশৰ  উজ্জ্বল ভৱিষ্যৎ কামনা কৰিব পাৰি ৷

(২৪ জুনৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা