টাইম জ’ন
“বিপদ মানুহৰ জীৱনলৈ কেতিয়াবাহে আহে ৷ যেতিয়া আহে কেইবাটাও বিপদ একেলগে আহে, অকলে নাহে ৷“ কথাষাৰ হঠাতে পঙ্খীৰ মনলৈ আহিল ৷ দেউতাকেই এবাৰ কৈছিল তাই সৰু থাকোঁতে ৷ বহু বছৰৰ মূৰত তাই অনুভৱ কৰিলে সঁচাই বিপদ অকলে নাহে, অন্তত তাইৰ ক্ষেত্ৰত ইয়াৰ সত্যতা এইবাৰ প্ৰতিপন্ন হ’ল ৷ প্ৰশান্ত বৰদলৈৰ অতি মৰমৰ, একমাত্ৰ জীয়ৰী পঙ্খী ৷ মৰমেৰে উপচাই দিয়া পঙ্খীৰ কাষলৈ দুখ, কষ্ট যেন একোৱে আহিব পৰা নাছিল ৷ তেনেকৈ তায়ো মনতে ভাবিছিল মাক-দেউতাকক সদায়ে চোৱা চিতা কৰিব বিশেষকৈ বাৰ্ধক্য অৱস্থাত ৷ বিয়াৰ পিছত চাকৰি সূত্ৰে তাই বাঙ্গালোৰত থাকিবলৈ লয় ৷ স্বামী সুমন্ত আৰু পঙ্খী দুয়ো চফ্টৱেৰ অভিযন্তা ৷ বাঙ্গালোৰত থকা দিনকেইটাত গুৱাহাটীলৈ এমাহ, দুমাহৰ মূৰকত আহি মাক-দেউতাকৰ চোৱা-চিতা কৰিছিল ৷ ডাক্তৰৰ ওচৰলৈ নিয়া, ঘৰৰ মেৰামতি, বাউণ্ডেৰি ওৱাল দিয়া, লাইটৰ বিল, জিএমচিৰ বিল আদি হেজাৰটা কাম কৰি পঙ্খীয়ে দুদিনমানৰ ভিতৰতে উভতি আহিব পাৰিছিল ৷ কোম্পানীৰ চাকৰিত বেচি দিনলৈ ছুটী লোৱাও সম্ভৱ নহয় ৷ দেশৰ অভিজ্ঞ অভিযন্তা সকলৰ মাজত যি হাৰত ব্ৰেইন ড্ৰেইন আৰম্ভ হৈছে, তাকে দেখি সুমন্ত-পঙ্খী নিজৰ দেশত থাকিবলৈ মন ন...