অনামিকা বৃদ্ধাশ্ৰম

 

ৰাতিপুৱাৰ ফোন  সদায়ে ভয় লগা হয়৷ আমি পুলিচত চাকৰি কৰা সকলৰ বাবে  নিশা ১০ বজাত ভাত খাই শুবলৈ যোৱাৰ সুবিধাকণ নাথাকে৷ সন্ধিয়াৰ পৰা ডিউটি বাঢ়িহে যায়৷ দিন ভালে থাকিলে নিশা ১১ বজাত ঘূৰিব পাৰোঁ, নহ’লে পুৱতি নিশালৈ চাকৰিৰ দায়িত্ব বহন কৰিব লগীয়া হয়৷ তাৰ পিছত ভাগৰুৱা দেহাৰে বিছনাত পৰাৰ লগে লগে টোপনিয়ে হেঁচা মাৰি ধৰে৷ দেৰিকৈ শুবলৈ যোৱা বাবে সাৰ পাওঁ দেৰিকৈ ৷  পূৰ্ব্ব জন্মৰ পাপৰ ফল যেন এই পুলিচৰ চাকৰি৷ দিন-ৰাতি একাকাৰ কৰি কাম কৰিব লগীয়া হয়৷ কেৱল কাম আৰু কাম৷ খোৱা-শোৱাৰ কোনো সময় নাই৷ উৎসৱ, পৰ্ব্বৰ দিন বোৰত কামৰ হেঁচা বাঢ়িহে যায়৷ পুলিচৰ বাহিৰে সকলো চৰকাৰী-বেচৰকাৰী চাকৰিয়াল সকলে বন্ধদিন বুলিয়ে আনন্দত মতলীয়া হৈ থাকে৷  কিন্তু দৰমহাটোহে আন চৰকাৰী চাকৰিয়ালৰ লগত একে৷ সেয়েহে ক’বলৈ মন যায় কোনো বন্ধুই যেন নকৰে পুলিচৰ চাকৰি৷

সেইদিনা মোবাইলত ৰিঙ বাজিল পুৱা ৭ বজাত৷ খং উঠিছিল যদিও জৰুৰী কল হ’ব পাৰে বুলি ভাবিয়ে মোবাইলত চকু ফুৰালোঁ৷ অনামিকাৰ ফোন৷ এইবাৰ সঁচাকৈয়ে খঙ উঠিল৷ কানাডাত থাকে বুলিয়ে এই অসময়ত ফোন কৰিব লাগে নে? তাইৰ তেতিয়া সন্ধিয়া হৈছেহে! গালি দিম বুলিয়ে ফোন ধৰিলোঁ৷

“প্লিজ গালি নিদিবি অসময়ত ফোন কৰা বাবে৷ দৰকাৰ হোৱাৰ বাবেহে  ফোন কৰিব লগীয়া হ’ল৷“ মই কিবা কোৱাৰ আগতে তাই ক’বলৈ আৰম্ভ কৰিলে৷

“কি হ’ল? খুৰা-খুৰী ভালে আছে নহয়?“

“মা-দেউতাৰ বাবেইটো ফোন কৰিলোঁ৷ তোক ঘৰলৈ মাতিছে৷ ফোন নম্বৰ মাহঁতৰ লগত নাই বাবে ময়ে ক’ব লগীয়া হ’ল৷“

“মই খবৰ ল’ম, সময় পালেই নিজে যাম খুৰা-খুৰীক ল’গ ধৰিবলৈ৷“

   অনিচ্ছা স্বত্বেও বিছনাৰ পৰা উঠিলোঁ৷ এইকেইদিন সদায় বেয়া খবৰ হে পাই আছোঁ ৰাতিপুৱা৷ এনে এটা অঘটন ঘটে যে তাৰ পিছত দৌৰা দৌৰি কৰিয়ে গোটেই দিন পাৰ হয়৷ কেতিয়াবা শুনো ডকাইতি, তাৰ পিছত হত্যাকাণ্ড, কেতিয়াবা হয়তো ধৰ্ষণৰ পিছত হত্যা, যাক মই আটাইতকৈ ঘৃণনীয় ঘটনা বুলি ভাবোঁ৷ আজি বা কি খবৰ আহে? তাতে অনামিকাৰ মা-দেউতা মোৰ অতি আপোন৷ তাইৰ লগত ছয় বছৰ একেলগে  কলেজত পঢ়িছিলোঁ৷ মই হোষ্টেলত আছিলোঁ, তাই চহৰত নিজৰ ঘৰত৷ তাই মাজে মাজে ঘৰলৈ আমন্ত্ৰণ জনাইছিল৷ মাক-দেউতাকে ভালকৈ মাতবোল কৰিছিল৷ পুৰি-মাংস খুৱাই হে ঘৰৰ পৰা আহিবলৈ দিছিল৷ মোৰ নিচিনা হোষ্টেলত থকা সকলে বুজি পায় পুৰি-মাংসৰ সোঁৱাদৰ কথা৷ হোষ্টেলৰ অখাদ্য খাই খাই অমৃত খোৱা যেন লাগে৷ অকল দেওবাৰেহে মাংসৰ মুখ দেখিবলৈ পাওঁ৷ বাকী কেইদিন কেতিয়াবা মাছ, কেতিয়াবা চয়াবিন বা কণিৰ দম৷ সেয়েহে মাজে মাজে তাইৰ ঘৰলৈ যাবলৈ বিচাৰোঁ৷ ইচ্ছা নাথাকিলেও আমাৰ মুখকেইখন দেখি তাই ঘৰলৈ মাতে - মাহেকে, পষেকে৷ কলেজৰ শেষ বছৰত প্ৰজেক্তৰ কামৰবাবে বহুদিন তাইৰ ঘৰতে একেলগে পঢ়াশুনা  কৰিছিলোঁ৷ কলেজ এৰাৰ দুবছৰ পিছত তাইৰ বিয়া হৈ যায় কানাডাত চাকৰি কৰা এজন অভিযন্তাৰ লগত৷ তাৰ পিছত পোন্ধৰ বছৰ হ’ল তাতেই আছে৷ মাক-দেউতাক গুৱাহাটীত অকলে থাকে৷ মই অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী বিভাগত যোগদান কৰোঁ৷ তাই কানাডাৰ পৰা ঘৰলৈ আহিলে যেনেকৈ পাৰে খবৰ এটা দিয়ে৷ এবাৰ হ’লেও লগ ধৰোঁ৷ গুৱাহাটীত থকা লগৰ বাকী সকলো আহি যায়৷ আড্ডা জমি যায় তাই আহিলে৷ তাইৰ লগত সম্বন্ধটো তেনেকৈয়ে চলি আছে৷

---------------

দিলীপ কুমাৰ দত্ত এখন প্ৰতিষ্ঠিত কলেজত অধ্যাপনা কৰিছিল৷ তেওঁৰ পত্নী মাধৱী দত্ত চৰকাৰী স্কুলৰ শিক্ষয়ত্ৰী আছিল৷ দুয়ো অৱসৰ লোৱা আজি প্ৰায় পোন্ধৰ বছৰে হ’ল৷ একমাত্ৰ জীয়ৰী অনামিকাৰ বিয়াৰ পিছত দুয়ো অকলশৰীয়া হ’ল৷ প্ৰাত:ভ্ৰমণেৰে দৈনন্দিন কাম আৰম্ভ কৰি ইটো সিটো সামাজিক কামত নিজকে জড়িত কৰি ব্যস্ত হৈ থাকে৷ দিনবোৰ ভালদৰেই পাৰ হৈছিল৷ লেঠা লাগিল কৰ’না অতিমাৰী আৰম্ভ হোৱাৰ পৰা৷ ক’লৈকে ওলাব নোৱাৰে, ঘৰৰ ভিতৰত দিনৰ দিনটো সোমাই থাকোঁতে একাকীত্বই গ্ৰাস কৰিবলৈ ধৰিছে৷ বিপদে আপদে মাত এষাৰ দিবলৈ কোনো নাই৷

“তোমালোক দুয়ো কানাডালৈ আহি যোৱা৷ একেলগে থাকিম আমি৷“ এদিন অনামিকাই কৈছিল৷

“নালাগে মাজনী, জীয়াই থকালৈ ইয়াতে থাকিম৷“ দত্তই কৈছিল৷

  দত্ত পৰিয়ালৰ মূৰত নতুনকৈ চিন্তা এটাই বাহ লৈছে আজি কিছুদিনৰ পৰা৷ চহৰত কেইবাটাও ঘটনা সংঘটিত হৈছে য’ত দুৰ্বৃত্তই অকলশৰীয়া দম্পতীক লক্ষ্য হিচাপে লৈছে৷ ডকাইতী, হত্যাকাণ্ড বোৰৰ মূল কাৰণ হ’ল ধন-সোণ বা মাটি-বাৰী৷ সিদিনা ৰাতিপুৱা সাৰ পাই ওচৰ-চুবুৰীয়াৰ ঘৰত চিঞৰ শুনি বাহিৰলৈ ওলাই আহিল৷ তাতেই দুৱৰা দম্পতীৰ মৰ্মন্তুদ হত্যাকাণ্ড দেখিবলৈ পায়৷ তেওঁলোকৰ বুকু কঁপি উঠে৷ জীয়াই থকাৰ অদম্য ইচ্ছা, ইয়াৰ বিপৰীতে কিছুমান মানুহৰ পৈশাচিক আচৰণ৷ কাৰ ভৰসাত জীয়াই থাকিব দত্ত দম্পতী এইখন সমাজত অকলশৰীয়াকৈ?

-----------------------------------

সেইদিনা পুৱা বাথৰুমৰ পৰা ওলোৱাৰ লগে লগে ফোন বাজিবলৈ ধৰিলে৷ ওপৰৱালা অফিচাৰৰ ফোন, দিনটোৰ বাবে কামৰ তাগিদা আৰম্ভ হৈ গ’ল৷

“আপুনি এতিয়াই যাওঁক লতাশিল থানালৈ, খাৰঘূলীত ডকাইতে হেনো এহাল বৃদ্ধ দম্পতীক হত্যা কৰি সকলো লুটি লৈ গৈছে৷“

“গৈ আছো চাৰ৷“

“আৰু শুনক, মিডিয়াৰ লগত কথা পাতোঁতে সাৱধান হ’ব, অলাগতীয়াল কথা একো নক’ব৷ ঘটনাটো বেচ সংবেনশীল ৷“

মোবাইলটো  থৈ অলপমান কিবা মুখত গুজি ইউনিফৰ্ম লগাই দৌৰ মাৰিলোঁ৷

ঘটনাটো ঘটিছে খাৰঘূলীত৷ অনামিকাৰ মাক-দেউতাক মানে দত্ত দম্পতীও  থাকে তাতে৷ গৈ পাই দেখোঁ দত্ত খুৰাৰ একেবাৰে কাষৰ ঘৰটোতে ঘটনাটো ঘটিছে৷ মনলৈ অলপ শান্তি আহিল, অন্তত: তেওঁলোকৰ ঘৰত ঘটনাটো সংঘটিত নহ’ল৷ চিন অফ ক্ৰাইমত উপস্থিত হৈ দেখিলোঁ হৃদয় বিদাৰক দৃশ্য৷ বিছনাত পৰি আছে বৃদ্ধ দুৱৰা দম্পতী৷ বয়স সত্তৰৰ ওপৰ৷  মূৰ দুটা শিলৰ পটা-গুটিৰে খুন্দিয়াই থেতেলা কৰাৰ ফলত মৃত্যু ঘটিল৷ পটা-গুটি কাষতে পৰি আছে৷ আচৰিত কথা ঘৰৰ কোনো এটা আলমিৰা খোলা নাই দুৰ্বৃত্তই৷ মিছেছ দুৱৰাৰ গলৰ নেকলেছ, হাতৰ খাৰু, আঙঠি আদি  সোণৰ সকলো গহণা অক্ষত অৱস্থাত আছে৷ টিভি, মোবাইলকে ধৰি  দামী গেজেট বোৰত হাত দিয়া নাই৷ মনত প্ৰথম প্ৰশ্ন জাগিল - হত্যাকাণ্ডৰ ম’টিভ নো কি? বিনা কাৰণত কোনেও কাকো হত্যা নকৰে৷ হত্যাৰ ম’টিভ জানিলেহে চাচপেক্তৰ নাম মনলৈ আহে, সোধা-পোচাৰ বাবে থানালৈ নিব পৰা যায়৷

তিনিমহলীয়া ঘৰটো এবাৰ ভালদৰে চাই ল’লোঁ৷ দুৱৰা দম্পতী প্ৰথম মহলাত থাকে৷ একেবাৰে ওপৰ মহলাত ভাড়াতীয়া দুটা পৰিয়াল থাকে৷ একেবাৰে তলৰ মহলাৰ এটা ফালে গাড়ীৰ পাৰ্কিং আৰু আনফালে থাকে দুৱৰা দম্পতীক চোৱাচিতা কৰা এটা পৰিয়াল৷ পৰিয়ালটোৰ সদস্য তিনিজন - মনোজ, তাৰ পত্নী আৰু এটি দহ বছৰীয়া সন্তান৷ মনোজৰ পত্নী বিমলাক সৰুতে  লৈ আনিছিল দুৱৰা পৰিয়ালে ঘৰৰ কাম কাজত সহায় হ’বৰ বাবে৷ কেউ-কিছু নোহোৱা মাউৰা ছোৱালী তাই৷ দুৱৰাৰ ঘৰতে ডাঙৰ হয়৷ মনোজ আছিল দুৱৰাৰ গাড়ী চালক  ৷ স্বভাৱ চৰিত্ৰ ভাল ল’ৰাটোৰ৷ বিমলাৰ প্ৰতি দুৰ্বলতা আছিল তাৰ৷ দুৱৰা দম্পতীয়ে লগে লগে মনোজৰ লগত বিয়া পাতি দিয়ে৷  বেমাৰ-আজাৰৰ পৰা আৰম্ভ কৰি খোৱা-বোৱা, লাইটৰ বিল ইত্যাদি ঘৰৰ সকলো কাম সিহঁতৰ ওপৰতে৷

বিল্ডিঙত থকা তিনিটা পৰিয়ালৰ প্ৰতিজনকে বেলেগে বেলেগে সোধা-পোচা কৰিলোঁ৷ ইতিমধ্যে মৃতদেহৰ প’ষ্ট মৰ্টেম কৰিবলৈ পঠাই দিয়া হ’ল৷ তেওঁলোকৰ পুত্ৰ আমেৰিকাত থাকে, দুদিন পিছতহে গুৱাহাটী আহি পাব৷  পোষ্ট মৰ্টেমৰ পিছত মৃতদেহ দুটা মৰ্গত ৰাখিব লাগিব৷ ইপিনে দূৰদৰ্শন আৰু বাতৰি কাকতৰ সাংবাদিক সকল বাহিৰত ৰৈ আছে৷ কি উত্তৰ দিম নো? একো এটা ক্লু  উলিয়াব পৰা নাই৷

ঘৰৰ বাহিৰ ওলোৱাৰ লগে লগে সাংবাদিক সকলে  আগচি ধৰিলে৷

“হত্যাকাণ্ডৰ কিবা শুংসূত্ৰ উলিয়াব পাৰিলেনে?“

“ইন্ভেষ্টিগেচন চলি আছে, এতিয়া একো ক’ব পৰা নাযাব৷“

“আপোনালোকে কাক সন্দেহ কৰিছে?“

“এতিয়ালৈ বহুকেইজন সন্দেহৰ আৱৰ্তত আছে৷“

“ইন্ভেষ্টিগেচন শেষ হ’বলৈ কিমান দিন লাগিব?“

“ক’ব পৰা নাযায়৷“

““বৃদ্ধ দম্পতীৰ মৃত্যুৱে সাধাৰণ জনতাৰ জীৱনৰ নিৰাপত্তাহীনতাৰ কথাই নুবুজাই নে? ইয়ে আৰক্ষীৰ চৰম ব্যৰ্থতাহে প্ৰকাশ কৰা নাই নে?“

ইমান প্ৰশ্নৰ উত্তৰ একেলগে  দিয়াও মস্কিল৷ নক’বলগীয়া কথা ক’লেই বিপদ মাতি অনা৷ খঙ কৰিবও নোৱাৰি৷ সাৱধান বাণী ইতিমধ্যে শুনাই থৈ দিছে ওপৰৱালা অফিচাৰে৷

“আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ আমি দুই-এদিনতে দি আছোঁ, তাৰ আগতে আমাক নিজৰ কাম কৰিবলৈ দিয়ক৷“ এইবুলি কৈয়ে গাড়ীত উঠিলোঁ৷

নিশা শুব পৰা নাই, কোনে হত্যাকাণ্ডটো সংঘটিত কৰিব পাৰে তাৰেই কথা ভাবি আছোঁ৷ চিচি টিভি ফুটেজত কোনো তৃতীয় ব্যক্তি ঘৰৰ চাৰিসীমাৰ ভিতৰত সোমোৱা নাই৷ চিন অফ ক্ৰাইমৰ পৰা ফিঙ্গাৰ প্ৰিণ্ট সংগ্ৰহ কৰা হৈছে৷ বিল্ডিঙৰ বাকী মানুহৰ লগত মিলাব লাগিব৷ দুৱৰাৰ পুত্ৰৰ লগত কথা পাতিলোঁ, তেওঁৰ  মতে মনোজ-বিমলা অতি বিশ্বাসী, সন্দেহৰ ঊৰ্দ্ধত৷ মাটি-বাৰী সকলো ইতিমধ্যে একমাত্ৰ পুত্ৰৰ নামত নামজাৰি হৈ গৈছে৷ জমা টকা বেঙ্কতে থাকে, ঘৰত বিশেষ টকা নাৰাখে দুৱৰাই৷  বাথৰুমৰ পাইপেৰে প্ৰথম মহলালৈ  উঠি দুৱাৰৰ গ্লাছ ভাঙি দুৰ্বৃত্তই ঘৰৰ ভিতৰ সোমালে৷

ৰাতিপুৱাই পঢ়িবলৈ পালোঁ প্ৰতিখন বাতৰি কাকতত কালিৰ ঘটনাৰ খবৰ৷ আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰিব নোৱৰা বাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ ওপৰৱালাৰ পৰা গালি খোৱাৰ আগতে কিবা এটা কৰি দেখুৱাব লাগিব৷

------------------------------

             দুদিন পিছত অনামিকাৰ মাক-দেউতাকক লগ ধৰিবলৈ গলোঁ৷ সিদিনা ৰাতিপুৱা উঠিয়ে দুৱৰা দম্পতীৰ খবৰ পাই তেওঁলোক ভয়তে পেপুৱা লাগি আছে৷ অকলশৰীয়া দম্পতী বোৰৰ বাবে সঁচাকৈ ভয় লগা কথাই৷

“বোপাই আমি বুঢ়া-বুঢ়ীহাল অকলে অকলে কেনেকৈ থাকোঁ কোৱাচোন৷“ অনামিকাৰ দেউতাকে ক’লে৷

“খুৰাদেউ চিন্তা কৰিবলগীয়া কথাই এইটো৷ গুৱাহাটী বুলি নহয় প্ৰতিখন চহৰৰ পৰিয়ালবোৰৰ স্বামী-স্ত্ৰী বৃদ্ধ অৱস্থাত অকলে থাকিব লগীয়া হয়৷ দুৰ্বৃত্তই তাৰেই সুবিধা লয়৷“

“বোপাই কিবা এটা উপাই দিয়া যাতে অকলে অকলে থাকি এনেধৰণৰ  ঘটনাৰ মুখা-মুখি হ’বলগীয়া নহ ৷ দেখিছাই নহয় ৰক্ষকে ভক্ষক হোৱাৰ নিচিনা বিশ্বাসী,  নিজৰ বুলি ভবা কেয়াৰটেকাৰেই দুৱৰা দম্পতীক শেষ কৰি দিলে৷ শুনিছোঁ দুৱৰাৰ কামাতুৰ স্বভাৱেই নিজৰ মৃত্যু মাতি আনিলে!“

যদিও মিডিয়াক দুৱৰা হত্যাৰ কাৰণ গোপনে ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছিল, ভবা মতে সকলো নহ’ল। কথা মানে বতাহ - ইতিমধ্যে মিডিয়াই হয়তো গোটেই ঘটনাটোৰ বিষয়ে জানিছে। দুৱৰাৰ বেয়া কামৰ কালিমা মৃত্যুৰ ঠিকনাত চিৰদিনলৈ লেখা ৰ'ব৷

দুৱৰা হত্যাৰ ৰহস্য উদ্ঘাটন হোৱাৰ পিছত আকৌ মূৰ ঘমাব লগীয়া হৈছে অধ্যাপক দত্তৰ সমস্যা সমাধানত৷ 

 “আপোনালোকৰ ঘৰটো ইমান ডাঙৰ, কেইবাটাও ফ্লেট আছে৷ ইয়াতে দেখোন আপোনাৰ নিচিনা দম্পতী পাঁচ-ছটা মান ৰাখিব পাৰে৷ একেলগহৈ ৰান্ধনি, চিকিউৰিটি গাৰ্ড, সাধাৰণ চিকিৎসাৰ ব্যৱস্থা  কৰিব পাৰে৷ বিভিন্ন অনুষ্ঠানে মাজে মাজে খবৰ লবলৈ আহিব পাৰিব৷“

“বৰ ভাল কথা ক’লা৷ ঘৰৰ ভিতৰত অকলশৰীয়াকৈ থকাটো কম যন্ত্ৰণাৰ কথা নে? ক’ভিদৰ বাবে ওলোৱা-সোমোৱা প্ৰায় বন্ধ হৈ গৈছে৷“

“প্ৰথমে আপোনাৰ ঘৰলৈ এজন বিশ্বাসী ঠিকাদাৰ পঠাই দিওঁ, তেওঁ আপোনাৰ ঘৰটো সুবিধাজনক ভাবে কেইবাটাও দম্পতী থাকিব পৰা কৰি দিব৷ প্ৰতিটো পৰিয়ালৰ বাবে ঘৰ ভাড়া, চিকিউৰিটি, ৰান্ধনিৰ খৰচ বেলেগকৈ ল’ব লাগিব৷ উকিলৰ জৰিয়তে লিখা-পঢ়া কৰি থাকিবলৈ দিব পাৰিব৷ বাতৰি কাকতত এড দিব পাৰে৷ আগ্ৰহী দম্পতীৰ  পৰা ভাল লগা কেইজনক বৃদ্ধাশ্ৰমত থাকিবলৈ আমন্ত্ৰণ জনাব৷“

  গোটেই কথাখিনি বুজাই দি মই তেওঁলোকৰ পৰা বিদায় মাগিলোঁ৷

------------------------------------

বহুদিনেই হ’ল৷ অনামিকাৰ কোনো খবৰ বা ফোন পোৱা নাছিলোঁ৷ মাক-দেউতাকে কি কৰিলে তাকো গ’ম পোৱা নাছিলোঁ৷ হঠাতে এদিন ৰাতিপুৱা ফোন পালোঁ অনামিকাৰ মাকৰ পৰা৷ সপৰিয়ালে মাতিছে তেওঁলোকৰ ঘৰলৈ৷ নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ৷ কাৰণটো একো নজনালে৷ আগ্ৰহেৰে মাতিছে যেতিয়া যাবই লাগিব৷ গৈ পাই হে মই আচৰিত  হ’লোঁ৷ ঘৰৰ সন্মুখতে এখন ডাঙৰ চাইনবোৰ্ড, লিখা আছে ”অনামিকা বৃদ্ধাশ্ৰম“৷ দত্ত দম্পতীক লৈ পূৰা সাত দম্পতী৷ সকলোৰে বয়স  ৭০ ৰ পৰা ৮০ বছৰৰ ভিতৰত৷ সকলোৰে এটাই সমস্যা - নিজৰ ঘৰত অকলশৰে থাকিবলগীয়া হোৱা আৰু দুৱৰা দম্পতীৰ নিচিনা সঘনাই ঘটি থকা কোনো ঘটনাৰ মুখা-মুখি হ’ব নালাগে৷  আজি এবছৰ হ’ল বৃদ্ধাশ্ৰম খোলা৷ মই স্পেচিয়েল গেষ্ট হেনো৷ গোটেই সন্ধিয়া পাৰ কৰিলোঁ তেওঁলোকৰ মাজত৷ নাচ-গান, লগতে অলপ পানীয়৷

এখন দীঘলীয়া লিষ্ট শুনালে, সামাজিক কাম কৰাৰ ইচ্ছা সকলোৰে৷ চাকৰি কালত একো কৰা নহ’ল৷ এতিয়া মনে বিচৰা সমাজ এখন পালে যাৰ সহায়ত নিজৰ জমা ধনেৰে দেশৰ হকে, দহৰ হকে কাম কৰিব পাৰিব৷

“বুজিছা, আমি এনেকৈ নাথাকিলে ক’ভিদৰ এই দিনবোৰত অকলশৰে কিমান ভয়াবহ ভাবে  কটালোহেঁতেন ভাবিলেই মন বেয়া লাগে৷“  দত্ত খুৰাই ক’লে৷

’হয় খুৰা, অকলে অকলে নিসংগতাৰে দিন পাৰ কৰা  এটা বৰ টান কাম৷“

“বিল্ডাৰবোৰে বৃদ্ধাশ্ৰমৰ আৰ্হিত ফ্লেট নিৰ্মাণ কৰা উচিত, যিসকল অৱস্থাপন্ন অকলশৰীয়া দম্পতী চহৰত বাস কৰে তেওঁলোকৰ বাবে ই বৰ সহায় হ’ব৷“

দত্ত দম্পতীৰ মুখত দেখিবলৈ পালোঁ এক তৃপ্তিৰ হাঁহি৷

------------------

(অসমীয়াত কথা বতৰা ফেচবুক গোটত ৪ জানুৱাৰী, ২০২২ ত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা