ডা° গ্ৰিফিথ বনাম ডা° ধনীৰাম বৰুৱা

 

৫৭ বছৰীয়া ডেভিদ বেনেটক যেতিয়া কোৱা হ’ল যে তেওঁ হৃদৰোগত ভুগি জীৱনৰ শেষ পৰ্যায়ত উপনীত হৈছে আৰু তেওঁৰ হাতত দুটা বিকল্প আছে – মৃত্যুক নীৰৱে স্বীকাৰ কৰা নহ’লে কৃত্ৰিম ভাবে গাহৰিৰ হৃদপিণ্ড তেওঁৰ দেহত সংস্থাপন কৰা ৷ ডেভিদৰ হাতত কোনো বিকল্প নাছিল আৰু তেওঁ মেৰীলেণ্ড স্কুল অফ মেডিচিনৰ ডাক্তৰ সকলৰ জৰিয়তে কৃত্ৰিম হৃদপিণ্ড স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পিছৰ খিনি চিকিৎসা বিজ্ঞানৰ বাবে এক ইতিহাস ৷ মানৱ জাতিৰ বাবে কঢ়িয়াই আনা এক নতুন সম্ভাৱনা ৷

এইখিনিতে আমি চাওঁচোন ডা° গ্ৰিফিথৰ সাফল্যৰ আঁৰৰ কথা খিনি আৰু ডা° ধনীৰাম বৰুৱাৰ সৈতে তেওঁৰ কামৰ পাৰ্থক্য কোন খিনিত ৷

 ডেভিদ বেনেটৰ দেহত কৰা কৃত্ৰিম হৃদপিণ্ড স্থাপনৰ তিনি বছৰ আগতে জাৰ্মান বৈজ্ঞানিকে জেনেটিকেলি মডিফাইড অৰ্থাৎ জিন পৰিৱৰ্তন কৰা গাহৰিৰ হৃদপিণ্ড চাৰিটা বেবুনৰ (বান্দৰ জাতীয় প্ৰজাতি) দেহত সংস্থাপন কৰি সেই চাৰিওটা বেবুনক ৯০ দিনতকৈ অধিক দিন জীয়াই ৰাখিবলৈ সক্ষম হৈছিল ৷ মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰাৰ আগতে ন্যূনতম পৰীক্ষাৰ যি দৰকাৰ তাত সফলতা লাভ কৰিছিল আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে তাক মান্যতা প্ৰদান কৰিছিল ৷ এই ক্ষেত্ৰত ডা° ধনীৰাম বৰুৱাই প্ৰয়োজনীয় গৱেষণা কৰা নাছিল, তাৰ সা-সুবিধা আৰু গৱেষকৰ দল তেওঁৰ লগত নাছিল ৷

অস্ত্ৰোপচাৰৰ আগতে সেই গাহৰিটোৰ দেহৰ ১০,০০০ জিনৰ ১০ টা নিৰ্দিষ্ট জিন সলনি কৰিছিল যাতে গাহৰিৰ হৃদপিণ্ড মানৱ দেহে সহজে গ্ৰহণ কৰিব পাৰে ৷ আমি সকলোৱে জানো গাহৰি বাদেই আন মানৱ দেহৰ যিকোনো অংগ সংস্থাপন কৰিলে ইমিউনো চাপ্ৰেচন দৰৱ ব্যৱহাৰ কৰিব লাগে কাৰণ নিজৰ দেহে আনৰ দেহৰ বস্তু গ্ৰহণ কৰিব নোখোজে ৷ সেই বাবে চাৰিটা জিন সম্পূৰ্ণ ভাবে গাহৰিৰ দেহৰ পৰা নোহোৱা কৰি দিয়া হৈছিল আৰু ছয়টা জিন মানৱ দেহৰ পৰা লৈ গাহৰিৰ দেহত স্থাপন কৰা হৈছিল ৷ ডা° ধনীৰাম বৰুৱাৰ বাবে ই সম্ভৱ নাছিল কাৰণ আজিৰ দিনতো ভাৰতবৰ্ষত জেনেটিক ইঞ্জিনিয়াৰিঙৰ গৱেষণাৰ কাম চকুত লগা কৈ আগবঢ়া নাই ৷

তৃতীয় পাৰ্থক্য হ’ল নীতিগত পাৰ্থক্য ৷  যিহেতু জেন’ট্ৰেন্সপ্লেণ্টেচন আজিলৈ কোনো দেশতে স্বীকৃতি দিয়া নাই, মেৰীলেণ্ড স্কুল অফ মেডিচিন প্ৰতিষ্ঠানে ৰোগীৰ সম্ভাৱ্য মৃত্যুৰ পৰিস্থিতি বৰ্ণনা কৰি আমেৰিকাৰ ফুড আৰু ড্ৰাগ এড্মিনিষ্ট্ৰেচনৰ পৰা আগতীয়াকৈ অনুমতি লাভ কৰিছিল ৷ গোটেই প্ৰক্ৰিয়াটো বৈজ্ঞানিক ভাবে লিপবব্ধ কৰি বিশ্বৰ বিদ্বান সমাজৰ আগত দাঙি ধৰিছিল ৷ ডা° ধনীৰাম বৰুৱাই প্ৰেছ মিটত ভাষণ দি গোটেই প্ৰক্ৰিয়াটো লুকাই চুৰকৈ কৰিছিল ৷ ভাৰত চৰকাৰ বা অসম চৰকাৰ বা অসমৰ স্বাস্থ্য খণ্ডক এবাৰো কোনো কথা জানিবলৈ নিদিলে  ৷ বিদ্বৎ সকলে সেই সময়ত তেওঁক ভৰ্ৎসনা কৰিছিল এই কাৰণেই যে উপযুক্ত আন্ত:গাঁথনি, জ্ঞান, গৱেষণা নোহোৱাকৈ তেওঁ অসম্ভৱ কাম এটাত হাত দিছিল ৷       

 ডা° ধনীৰাম বৰুৱাই হংকঙৰ ডা° জনাথন হোৰ সহায়ত গাহৰিৰ হৃদপিণ্ড স্থাপন কৰাৰ ৭ দিন পিছত যেতিয়া ৰোগীজন মৃত্যু মুখত পৰে তেতিয়া মৃতদেহটো চিকিৎসা মহাবিদ্যালয়লৈ আনি পোষ্টমৰ্টেম কৰা হয় ৷ ডা° পি চি শৰ্মাই (তেওঁ চৰকাৰে গঠন কৰা বিশেষজ্ঞ চিকিৎসক মণ্ডলীৰ মুৰব্বী আছিল) সেই সময়ত সংবাদ মাধ্যমত জনাইছিল যে আচলতে ৰোগীজনে ৭ দিন আগতেই মৃত্যু মুখত পৰিছিল ৷ অৰ্থাৎ ডা° ধনীৰাম বৰুৱাই ৰোগীজন সাত দিন জীয়াই থকা বুলি দাবী কৰা কথাটো সম্পূৰ্ণ মিছা ৷ ডা° বৰুৱাই এইটোও দাবী কৰিছিল যে অকল হৃদপিণ্ডই নহয় তেওঁ গাহৰিৰ পৰা হাওঁফাওঁ আৰু কিডনিও ৰোগীজনৰ দেহত সংস্থাপন কৰিছিল ৷ আজিলোকৈ কোনো মানুহৰ দেহত মানৱ অংগ একেলগে এটাতকৈ বেছি সংৰোপণ কৰিবলৈ আগ বাঢ়িব নোখোজে ৷ ডা° ধনীৰাম বৰুৱাই একেলগে তিনিটা প্ৰধান অংগ গাহৰিৰ পৰা মানৱ দেহলৈ ২৫ বছৰআগতেই সংৰোপণ কৰি দিলে ৷ এয়া বিশ্বাসযোগ্য নে তাক আপোনালোকেই ভাবি চাওক ৷

ডা° গ্ৰিফিথৰ সফলতাৰ পিছত সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, দিল্লীৰ প্ৰতিষ্ঠিত কাৰ্ডিওথোৰাচিক আৰু ভাস্কুলাৰ চাৰ্জন ডা° দেৱগৌৰ ভেলায়োদামক সোধা হৈছিল যে ভাৰতবৰ্ষত এনেধৰণৰ  জেন’ট্ৰেন্সপ্লেণ্টেচনৰ কাম কেতিয়া সম্ভৱ হ’ব ৷ উত্তৰত তেওঁ কৈছিল কেইবাদশকৰ পিছত হে ভাৰতত ই সম্ভৱ হ’ব ৷ ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে জেনেটিক ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত, আন্ত:গাঁথনি গঢ়ি তোলাত   যথেষ্ট ধনৰ প্ৰয়োজন, ভাৰত চৰকাৰে ইমান ধন ব্যয় কৰিব নোৱাৰে ৷ কিন্তু আমেৰিকাত সেই ধন বিভিন্ন উৎসৰ পৰা আহে সেয়ে তাত ই সম্ভৱ ৷ ডা° ধনীৰাম বৰুৱা কিয় সফল হ’ব নোৱাৰিলে তাৰ কাৰণ তেওঁ কৈছিল যে গাহৰিৰ হৃদপিণ্ডটো জেনেটিকেলি মডিফাইড নাছিল যাৰ বাবে ৰোগীজন মৃত্যুমুখত পৰে ৷

ভাৰতবৰ্ষত প্ৰচলিত হিউমেন অৰ্গেন ট্ৰেন্সপ্লেণ্ট এক্ত, ১৯৯৪ ত থকা সুৰুঙাৰ বাবেই ডা° ধনীৰাম বৰুৱাই আইনী যুদ্ধত জয় হৈ মুকলি আকাশত বাস কৰি থাকিব পাৰিছে ৷ আমাৰ প্ৰচলিত আইনখনত জন্তুৰ শৰীৰৰ পৰা মানৱ দেহত অংগ সংৰোপণৰ কোনো বাধা নিষেধৰ কথা উল্লেখ নাই ৷ উন্নত সকলো দেশতে এই ক্ষেত্ৰত বাধা নিষেধ কৰা আছে ৷ 

১৯৯৭ চনত ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰি অনুযায়ী ডা° ধনীৰাম বৰুৱাৰ সহযোগী ডা° জনাথন হোৰ সৈতে কৃত্ৰিম ভাবে জন্তুৰ টিছুলৈ  হাৰ্ট ভাল্ভ তৈয়াৰ কৰিছিল ৷ ১৯৯২ চনত হংকঙত ১২ জন ৰোগীৰ দেহত এই ভাল্ভ স্থাপন কৰাৰ এবছৰৰ ভিতৰত ছয়জন ৰোগী মৃত্যু মুখত পৰিব লগীয়া হৈছিল ৷ ডা এছিয়ান মেডিকেল নিউজে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল ৷  

শেষত আৱেগৰ আতিশায্যত উটি ভাঁহি ডা° ধনীৰাম বৰুৱাক মহান আখ্যা দিবলৈ চেষ্টা কৰা সকলক বিনম্ৰ অনুৰোধ তেওঁলোকে এবাৰ ভাবক ডা° বৰুৱাৰ ইমান জ্ঞান গৰিমা থকাৰ পিছতো আন্ত:ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান বোৰে তেওঁৰ প্ৰতিভাক কিয় স্বীকৃতি নিদিলে, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ হাৰ্ট বিশেষজ্ঞ ডা° নৰেশ ট্ৰেহান, ডা° দেৱি ছেট্টি, ডা° ভৱানন্দ দাস আদিয়ে কিয় ডা° বৰুৱাৰ হকে এষাৰ মাত নামাতিলে ৷       

(২০-১-২০২২ তাৰিখে গ্ৰন্থ সুবাস ফেচবুক পেজত প্ৰকাশিত)  

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা