“ভাল খবৰ’বোৰে সমাজৰ সকলো বেয়া দিশ ম্লান কৰক
বছৰৰ প্ৰথম দিনটোত প্ৰতি বছৰে সৌৰভ কুমাৰ চলিহাৰ কলম “ভাল খবৰ” প্ৰকাশ পাইছিল দৈনিক বাতৰি কাকতত – অন্তত এটা হলেও ভাল খবৰ আমাক উপহাৰ দিছিল প্ৰতি বছৰে ৷ যদিও আজি তেওঁ আমাৰ মাজত নাই, আজিও বছৰটোৰ শেষৰ দিনবোৰত অতি আগ্ৰহৰে ভাল খবৰৰ সন্ধান কৰোঁ ৷ সেই ভাল খবৰ বোৰেই আমাৰ জীয়াই থকাৰ উৎস ৷ এই কেইদিন বিচাৰি পোৱা দুই-এটা ভাল খবৰ আনকো জনাবলৈ প্ৰয়াস কৰিলোঁ ৷
যোৱা ২৯ ডিচেম্বৰত আৰম্ভ হোৱা গ্ৰন্থমেলাত কিতাপ বিপণিবোৰ দেখি কিছু
আশাৰ ৰেঙণি দেখিবলৈ পাইছোঁ ৷ কেইবাখনো উৎকৃষ্ট মানৰ কিতাপ এই বছৰত প্ৰকাশ পালে ৷ যোৱা
বছৰতকৈ এইবাৰ অসমীয়া ভষাত প্ৰকাশ পোৱা কিতাপৰ সংখ্যা বহু বেছি ৷ জনসাধাৰণৰ কিতাপৰ প্ৰতি
দেখুওৱা আগ্ৰহ প্ৰশংসনীয় ৷ এই কেইদিন গ্ৰন্থমেলাত দেখিবলৈ পোৱা মানুহৰ সমাগমৰ পৰা অনুমান
হয় অসমীয়া কিতাপৰ বিক্ৰী ভাল হৈছে ৷ অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পৰ্কে যিসকলে সন্দিহান
প্ৰকাশ কৰি নানান বিৰূপ মন্তব্য কৰিছিল, তেওঁলোকক অনুৰোধ অন্তত গ্ৰন্থমেলাত গৈ দুখনকৈ
অসমীয়া কিতাপ কিনক, পঢ়ক আৰু নিজৰ সন্তানকো পঢ়িবলৈ উদগনি দিয়ক ৷
কিছুদিন আগত কবি নীলমণি ফুকনক প্ৰদান কৰা জ্ঞানপীঠ বঁটা, অনুৰাধা
শৰ্মা পূজাৰীৰ অনবদ্য উপন্যাস ’ইয়াত এখন অৰণ্য আছিল’ৰ বাবে সাহিত্য অকাডেমি বঁটাৰে
বিভূষিত হোৱা দুয়োটা কথাই অসমীয়া ভাষাৰ বাবে অন্যতম ভাল খবৰ ৷ ইয়ে নতুন প্ৰজন্মৰ লেখক-লেখিকাক
অনুপ্ৰাণিত কৰিব ৷ নতুন লেখক সকলৰ অন্যতম সমস্যা হৈছে তেওঁলোকৰ প্ৰকাশিত কিতাপ জনসাধাৰণে
নপঢ়াটো ৷ সেয়েহে প্ৰতিষ্ঠিত সাহিত্যিকৰ বাহিৰে
সকলো লেখক-লেখিকাই গাঁঠিৰ ধন ভাঙি নিজৰ কিতাপ প্ৰকাশ কৰিব লগীয়া হয় ৷ দুখৰ কথা যে বহুতো
লেখকৰ ছপা কৰি উলিওৱা গ্ৰন্থবোৰ বিক্ৰী নোহোৱাৰ বাবে ৰাখিবলৈ ঠাইৰ অভাবত নিগনিৰ খাদ্যত
পৰিগণিত হৈছে ৷ অসমীয়া ভাষা গ’ল গ’ল বুলি চিঞৰা সকলোৱে যদি নতুন লেখকৰ কিতাপ কিনি পঢ়িলেহেঁতেন
!
নতুন বছৰৰ বাবে আন এটা ভাল
খবৰ হ’ল অসমৰ স্বাস্থ্য খণ্ডত হোৱা অভূতপূৰ্ব পৰিৱৰ্তন ৷ ক’ভিড পৰিস্থিতত ৰাজ্যৰ স্বাস্থখণ্ডৰ
আন্ত: গাঁথনিৰ কাম ত্বৰান্বিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ গ্ৰামাঞ্চলৰ লোকে স্বাস্থ্যজনিত
ন্যূনতম সুবিধা পাবলৈ সক্ষম হোৱা যেন লাগিছে ৷
ক’ভিড পৰস্থিতিৰ বাবে দেশত আৰম্ভ হোৱা মন্দা অৱস্থাৰ বিপৰীতে আজি
কিছুমাহৰ পৰা অৰ্থনৈতিক অৱস্থা ভাললৈ অহা যেন অনুভৱ হৈছে ৷ দেশৰ বৰ্ধিত শ্বেয়াৰ বজাৰৰ
সূচকাংকই ইয়াক সঁচা বুলি প্ৰতিপন্ন কৰে ৷
বছৰটোত দেখিবলৈ পোৱা এটা
উল্লেখযোগ্য ঘটনা হ’ল অৰাজনৈতিক সংগঠন বোৰে সচৰাচৰ আহ্বান জনোৱা ’অসম বন্ধ’ সংস্কৃতিৰ
অৱসান ঘটা ৷ যোৱা ৪৫ বছৰে অসমত অৰাজনৈতিক সংগঠনবোৰৰ নেতৃত্বত চলাই থকা আন্দোলন, অসম
বন্ধই ৰাজ্যৰ উন্নতিত ইমান বেছি ব্যাঘাত জন্মালে যে অসম কেইবাদশক পিছ পৰি থাকিল ৷ দৰাচলতে
’কা’ আন্দোলনৰ অসফল পৰিসমাপ্তিয়ে জনসাধৰণৰ মনত আন্দোলন সম্বন্ধে ধাৰণা সলনি হোৱা পৰিলক্ষিত
হৈছে ৷ এইটো নিশ্চয় অসমৰ বাবে ভাল খবৰ ৷
নতুন বছৰটোত অসমৰ বাবে অন্যতম
ভাল খবৰ হ’ল একলাখ নিবনুৱাই সম্পূৰ্ণ যোগ্যতা ভিত্তিত চৰকাৰী চাকৰি পাবলৈ সক্ষম হ’ব
৷ ই এক ৰাজনৈতিক দলৰ শ্লোগান নহয় সঁচাকৈ ঘটিবলৈ লোৱা ঘটনা ৷
Comments
Post a Comment