টাইম জ’ন
“বিপদ মানুহৰ জীৱনলৈ কেতিয়াবাহে
আহে ৷ যেতিয়া আহে কেইবাটাও বিপদ একেলগে আহে, অকলে নাহে ৷“ কথাষাৰ হঠাতে পঙ্খীৰ মনলৈ আহিল ৷ দেউতাকেই এবাৰ কৈছিল তাই সৰু থাকোঁতে ৷ বহু বছৰৰ
মূৰত তাই অনুভৱ কৰিলে সঁচাই বিপদ অকলে নাহে, অন্তত তাইৰ ক্ষেত্ৰত ইয়াৰ সত্যতা এইবাৰ
প্ৰতিপন্ন হ’ল ৷
প্ৰশান্ত বৰদলৈৰ অতি মৰমৰ,
একমাত্ৰ জীয়ৰী পঙ্খী ৷ মৰমেৰে উপচাই দিয়া পঙ্খীৰ কাষলৈ দুখ, কষ্ট যেন একোৱে আহিব পৰা
নাছিল ৷ তেনেকৈ তায়ো মনতে ভাবিছিল মাক-দেউতাকক সদায়ে চোৱা চিতা কৰিব বিশেষকৈ বাৰ্ধক্য
অৱস্থাত ৷ বিয়াৰ পিছত চাকৰি সূত্ৰে তাই বাঙ্গালোৰত
থাকিবলৈ লয় ৷ স্বামী সুমন্ত আৰু পঙ্খী দুয়ো চফ্টৱেৰ অভিযন্তা ৷ বাঙ্গালোৰত থকা দিনকেইটাত
গুৱাহাটীলৈ এমাহ, দুমাহৰ মূৰকত আহি মাক-দেউতাকৰ চোৱা-চিতা কৰিছিল ৷ ডাক্তৰৰ ওচৰলৈ নিয়া,
ঘৰৰ মেৰামতি, বাউণ্ডেৰি ওৱাল দিয়া, লাইটৰ বিল, জিএমচিৰ বিল আদি হেজাৰটা কাম কৰি পঙ্খীয়ে
দুদিনমানৰ ভিতৰতে উভতি আহিব পাৰিছিল ৷ কোম্পানীৰ চাকৰিত বেচি দিনলৈ ছুটী লোৱাও সম্ভৱ
নহয় ৷
দেশৰ অভিজ্ঞ অভিযন্তা সকলৰ
মাজত যি হাৰত ব্ৰেইন ড্ৰেইন আৰম্ভ হৈছে, তাকে দেখি সুমন্ত-পঙ্খী নিজৰ দেশত থাকিবলৈ
মন নকৰা হ’ল ৷ বিদেশলৈ মন মেলিলে ৷ সুমন্তই চাকৰি পালে আমেৰিকাৰ চিয়াটল নামৰ ঠাইত ৷
ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় তথা অন্যান্য দেশৰ প্ৰব্ৰজনকাৰীৰ বাবে ভিছাৰ সমস্যা থিয়
কৰাই দিলে ৷ তাৰ পৰিণতিত তেওঁলোক চিয়াটলৰ ওচৰত
ভেনক’ভাৰ নামৰ ঠাইত থাকিবলৈ সিদ্ধান্ত ল’লে ৷ যদিও চাকৰি আমেৰিকাত, থাকিবলৈ ল’লে বেলেগ
এখন দেশ কানাডাত ৷ দুই খন ঠাইৰ দূৰত্ব ১৪০
মাইল অৰ্থাৎ ২২৫ কিলোমিটাৰ ৷ পঙ্খীয়ে ভেনক’ভাৰতে চাকৰি এটা পালে ৷ সুমন্তে সাধাৰণতে
নিজৰ গাড়ীৰে অহা-যোৱা কৰে, কেতিয়াবা চিয়াটলতে থাকি যায় ৷ গাড়ীত গ’লে সময় লাগে আঢ়ৈ ঘণ্টা,
ৰেলত গ’লে এঘণ্টা বেছি ৷ বিদেশত থাকিবলৈ হ’লে কিছু কষ্ট কৰিবই লাগিব ৷ যোৱা বছৰৰ পৰা
পুতেক ৰণক আমেৰিকাৰ ৱাছিংটনৰ এখন বিদ্যালয়ত নাম ভৰ্তি কৰাই দিলে ৷ তেতিয়াৰ পৰা সি হোষ্টেলত থাকে
৷ প্ৰতি শুক্ৰবাৰে দেউতাকৰ লগতে সি ভেনক’ভাৰলৈ আহে, মাকৰ লগত দুদিন থাকে, পুনৰ বিদ্যালয়লৈ
উভতি যায় ৷
ৰাতিপুৱাৰ পৰা ৰাতিলৈ গতানুগতিক বিৰামহীন জীৱনযাত্ৰা পঙ্খীৰ ৷ দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় বিভিন্ন টাইম
জ’নৰ ব্যৱধান নেওচা দি পৰিয়ালৰ সদস্যৰ লগত
যোগাযোগ স্থাপন কৰা ৷ সুমন্ত পুৱা সাঁত বজাত চিয়াটল ৰাওনা হোৱাৰ লগে লগে তাই ফোনেৰে
যোগাযোগ কৰাৰ দায়িত্ব আহি পৰে গুৱাহাটীত থকা
মাক-দেউতাকলৈ ৷ তেওঁলোকে সকলো কাম, সকলো সমস্যাৰ সমাধান পঙ্খীয়ে দিব বুলি ৰৈ থাকে ৷
ভেনক’ভাৰত পুৱা সাঁত বাজিল মানে গুৱাহাটীত নিশা ৮৷৩০ বাজে ৷ দেউতাক নিশা ৯ বজাত ৰুটি
বা ওট্চ খাই শুবৰ হয় ৷ দেৰি কৰা মানে দিনটোৰ
কাম কি কি হ’ল খবৰ ল’বলৈ থাকি যোৱা ৷
: লাইটৰ বিল দিলা নে মা ৷
: দিব পাহৰিলোঁ ৷ কাইলৈ দিমেই
৷
: মা তুমি দিনটো কি কৰি থাকা?
কাইলৈ আকৌ ব্লাড টেষ্ট ৰিপোৰ্ট আনিব লাগিব লেব’ৰেটৰীৰ পৰা ৷ দেউতাক ডাক্তৰৰ ওচৰলৈ নিব
লাগিব ৷ চেম্বাৰত কিমান দেৰি বোন্দাপৰ দিব লাগে ঠিক নাই ৷ লাইটৰ বিল দিবলৈ কেতিয়া সময়
পাবা?
: মই এজনী মানুহে কিমান কাম
কৰিম দিনটোত ৷
: আজি চুবুৰীয়াৰ বৰুৱানীৰ
লগত আড্ডা মাৰি গোটেই সময় কিয় নষ্ট কৰিলা?
: তই মোৰ লগত ওষ্টাদি মাৰি
নাথাকিবি ৷ তহঁত ইমান দূৰলৈ কিয় যাব লাগে ? ভাৰততে নাথাকিলি কিয়?
: এতিয়া মোৰ গাতে হে দোষ
দেখিবা ৷ হু! এটা কাম কৰা, বেঙ্কৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ডায়েৰীত লিখা আছে, ৱাট্চএপত
পঠাই দিয়া ৷ মই অনলাইন ট্ৰেন্সফাৰ কৰিম ৷
গুৱাহাটীৰ টাইম জ’নৰ সংযোগ
শেষ কৰিয়ে দৌৰা দৌৰিকৈ ৰণৰ লগত ভিডিও কল কৰিব লাগে ৷ মাকৰ লগত তাৰ সময়ৰ
ব্যৱধান দুঘণ্টাৰ, অন্য এটা টাইম জ’ন ৷ দীঘলীয়াকৈ কথা পতাৰ সময় নাথাকে, ৰণ স্কুল যাবলৈ
দৌৰা দৌৰি আৰম্ভ কৰি দিয়ে ৷ ইতিমধ্যে পঙ্খীৰ
চাকৰিলৈ যোৱাৰ সময় হৈ যায় ৷
ডিউটি শেষ হয় মানে সন্ধিয়া
ছয় বাজিবৰ হয় ৷ ঘৰ সোমায়ে পুনৰ টাইম জ’নৰ ব্যৱধানত ফোনত যোগাযোগ কৰাত ব্যস্ত হ’বলৈ
হয় ৷ প্ৰথম কাম মাকলৈ ফোন কৰা ৷ গুৱাহাটীত তেতিয়া ৰাতিপুৱা আঠ বাজিবলৈ হয় ৷ মাকে কি
কি কাম দিনটোত কৰিব লাগিব তাৰ লিষ্টখন পুনৰ শুনায় ৷ ইয়াৰ পিছত আকৌ ৰণৰ লগত কথা ৷ অলপ
সময়ৰ পিছতে তাৰ শুবৰ সময় হ’য় ৷
: ৰণ কোৱা আজি স্কুলত কি
কি কৰিলা ৷
: আমি এড্ভেঞ্চাৰ স্পোৰ্টচত
যাম অহা সোমবাৰে ৷ চাৰিদিন কেম্পত থাকিব লাগিব ৷ মই যাম বুলি কৈ দিলোঁ ৷ তুমি টকা পঠাই
দিবা ৷
: এইটো কেনে কথা, মোক নোসোধাকৈ
নিজে কিয় সিদ্ধান্ত ল’লা ৷
: অহা বছৰ চিক্সটিন ইয়েৰ্চ
হ’ম, মই নিজে ডিচিচন ল’ব নোৱাৰোঁ নেকি ৷
: তোমাৰ বাপেৰে মোক নোসোধাকৈ
একো ডিচিছন নলয় ৷ তুমি সেইদিনা জন্মি মোক সোধাৰ প্ৰয়োজন অনুভৱ নকৰিলা !
: এতিয়া আৰু গালি নিদিবা
৷ মই নাযাওঁ বুলি ক’ব নোৱাৰোঁ ৷
পঙ্খীৰ মূৰ গৰম হৈ যায় ৷
তাইক নোসোধাকৈয়ে যাম বুলি কৈ দিলে ৷ “তাৰ স্পৰ্দ্ধা চোৱা ৷ কি হৈ গ’ল ল’ৰাটো ৷ কলেজ
পালে বা কি হয় !“
বেছিকৈ গালি পাৰিবলৈও ভয়
পঙ্খীৰ ৷ যিবোৰহে কথা শুনি আছে নতুন জেনেৰেচনৰ
ল’ৰা-ছোৱালীৰ বিষয়ে ! তাইৰ চিন্তাও বাঢ়ি যায় ৷ জেনেৰেচন গেপ নে আন কিবা ?
চিয়াটলৰ পৰা আহি সিদিনা ঘৰ
সোমায়ে সুমন্তে কথা আৰম্ভ কৰিলে এক নতুন সমস্যাক লৈ ৷
: তুমি শুনিছা নে চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাচৰ আক্ৰমণৰ কথা?
: টিভিত, পেপাৰত, অফিচত সকলোতে
শুনি আছোঁ ৷ পিছে আমাৰ ইয়াত বিশেষ একো প্ৰভাৱ পৰা নাই দেখোন ৷
: শুনিছোঁ কানাডা- আমেৰিকাৰ
সীমা ছীল কৰি দিব ৷
: তেতিয়া তুমি কি কৰিবা ?
: মই চিয়াটলত থাকিব লাগিব
৷
: আৰু ৰণ, তাৰ কি হ’ব ?
: স্কুল বন্ধ দিলে সি মোৰ
লগত থাকিব ৷
: মই ইয়াত অকলে কেনেকৈ থাকিম
?
: কেইদিন মানৰ হে কথা, কৰ’না
কিবা সদায় থাকিব নেকি ? সব ঠিক হৈ যাব ৷
চাওঁতে চাওঁতে সঁচাকৈয়ে বোৰ্ডাৰ
ছীল কৰি দিলে ৷ সুমন্ত আৰু ৰণ আমেৰিকাৰ চিয়াটলত থাকিব লগীয়া হ’ল ৷ পঙ্খী অকলে থাকিল
কানাডাৰ ভেনক’ভাৰত ৷ ইপিনে ভাৰতত সম্পূৰ্ণ লকডাউন আৰম্ভ হ’ল ৷ ৰাস্তাত এটা মানুহ ওলাব
নোৱৰা হ’ল ৷ টেলিভিছনত কেৱল কৰ’না ভাইৰাছ, চীন দেশ, ইটালীৰ কৰুণ কাহিনীৰ চৰ্চা ৷
দিনটোত টাইম জ’ন অনুযায়ী
তিনি-চাৰিবাৰকৈ ৱাট্চএপ ক’ল, ভিডিও ক’ল সুমন্ত,
ৰণ আৰু মাক-দেউতাকৰ লগত চলি থাকিল ৷ ত্ৰিভূজৰ তিনিটা মূৰত পৰিয়ালৰ সদস্যবোৰ যেন বহি
আছে ৷
: ঘৰৰ বাহিৰ ওলাব নোৱাৰোঁ
৷ বজাৰ সমাৰ, ঔষধ পাতি সকলো শেষ ৷ কোনো এখন দোকান খোলা নাই ৷ বাহিৰ ওলালে পুলিচৰ কোব
৷ ইফালে বাই জনী আহিব পৰা নাই ৷ ঘৰৰ সকলো কাম নিজে কৰিব লগীয়া হৈছে ৷ কি কৰোঁ এতিয়া
?
: মা চিন্তা নকৰিবা ৷ মোৰ
বন্ধু এজন পুলিচৰ ডাঙৰ অফিচাৰ ৷ তাক কৈ দিম,
সকলো বস্তু ঘৰলৈ পঠিয়াই দিব ৷ বাই দা ৱে দেউতা কেনে আছে ?
: দেউতাৰক লৈ হে চিন্তা হ’ব
ধৰিছে ৷ মাজে মাজে যেন পাহৰি যায় কথাবোৰ তেনে লাগে ৷ সেইদিনা চুবুৰীয়াৰ বৰুৱানীৰ ল’ৰাটোকে
চিনিব পৰা নাছিল ৷ অথচ প্ৰতিদিনে লগ পাই থাকে ৷
: তুমি বেছি চিন্তা কৰা মা
৷ কেতিয়াবা দেখোন মোৰেই এনেকুৱা হয় – কাৰোবাৰ নাম পাহৰোঁ, ক’ত দেখিছিলোঁ তাকো পাহৰোঁ
৷
: একো নহ’লে ভালেই ৷ মোৰ
কিন্তু বৰ চিন্তা হৈছে দেউতাৰক লৈ ৷ তই আহি যা ইয়ালৈ ৷
: যাওঁ বুলিলে যাব পাৰি জানো
? কৰ’না মহামাৰীৰ ভৰপক সকলোতে ৷ সংক্ৰামণ নোহোৱাকৈ ভালে ভালে থাকিলেই হ’ল আৰু ৷
পঙ্খীয়ে কৰ’না মহামাৰী দূৰ
হোৱাৰ কোনো লক্ষণ দেখা নাই ৷ ইপিনে অনিৰ্দিষ্ট কাললৈ বোৰ্ডাৰ ছীল কৰা আছে ৷ দেউতাকৰ পাহৰা বেমাৰ হেনো দিনক দিনে বাঢ়িহে গৈছে
৷ চিনাকি ডাক্তৰ এজনক ঘৰলৈ মাতি আনিছিল ৷ দেউতাকক চাই কৈছে ডিমেন্চিয়া হৈছে ৷ ঔষধ দিছে,
হয়তো যিমান দ্ৰুত হাৰত পাহৰিবলৈ আৰম্ভ কৰিছিল
তাৰ গতি কমাব পাৰিব ৷ কিন্তু যিখিনি স্মৃতি নোহোৱা হ’ল তাক আৰু ঘূৰাই আনিব নোৱাৰি ৷
লাহে লাহে তাইৰ লগতো ফোনত কথা পতা বন্ধ কৰি দিছে ৷
তাৰ মাজতে এদিনাখন ৰণে ফোন
কৰিলে ভয়ে ভয়ে ৷
: মামী, পাপাৰ হেনো জ্বৰ
উঠিছে, গাৰ বিষ আৰম্ভ হৈছে ৷ কি কৰোঁ এতিয়া ?
: হাস্পাটালৰ ফোন নং আছে
নহয়, খবৰ দি দিয়া ৷ তুমি একদম নিজৰ ৰূমত থাকিবা টোটেল আইছোলেচন ৷ খোৱা লোৱাৰ ব্যৱস্থা
কৰি আছোঁ ৷ চিন্তা কৰিব নালাগে ৷
: মামী আই এম ইন দিপ ট্ৰাবুল
৷
: আৰু কি হ’ল?
: গাৰ্লফ্ৰেইণ্ডৰ লগত ব্ৰেক-আপ
হ’ল ৷
: পাপাৰ ইপিনে অসুখ, আনপিনে
তোমাৰ ব্ৰেক-আপকলৈ চিন্তা ৷ যোৱা যেনেকৈ কৈছো তেনেকৈ কাম কৰা ৷
সুমন্তক চিকিৎসালয়ত ভৰ্তী
কৰোৱা হ’ল ৷ পঙ্খীৰ মূৰত সৰগ ভাঙি পৰা যেন হ’ল ৷ চিকিংসালয়লৈ যাব নোৱাৰে, ফোনতে যি
পাৰে খবৰ ল’ব লাগে ৷ ইপিনে ৰণ অকলে, তাৰ লগত থাকিবলৈ কোনো নাই ৷ পঙ্খীৰ এনে ভাব হ’ল
যেন গুৱাহাটীতে কিবা এটা কৰি পেটে ভাতে খাই
থাকিলেই ভাল আছিল ৷ এই বিপদৰ সময়ত সকলোকে লগ
পাই থাকিলে হেঁতেন ৷ ভাগ্য ভাল সুমন্তৰ এতিয়াও চেষ্ট ইন্ফেকচন হোৱা নাই ৷ দেহত অক্সিজেনৰ
মাত্ৰাও ঠিকে আছে ৷
সম্পূৰ্ণ তিনি সপ্তাহৰ মূৰত
সুমন্তৰ কৰ’না টেষ্টত নিগেটিভ আহিল ৷ কিন্তু ইমানেই দুৰ্বল কৰি পেলালে যে সি ফোনতে
কথা কব নোৱৰা অৱস্থা হ’ল ৷ চকুৰ সন্মুখতে বহুজনৰ মৃত্যু দেখি নিজৰ জীৱনকলৈ সন্দিহান
হৈ পৰিল ৷ পোষ্ট ক’ভিডত বেছি মানুহৰ মৃত্যু হৈছে হেনো ৷
পঙ্খীৰ মনত ভীষণ ভয় সোমাই গ’ল ৷ নিজৰ স্বামী, একমাত্ৰ
সন্তানক দেখা নোপোৱা কেইবামাহো হ’ল ৷ ইপিনে
গুৱাহাটী যাব পৰা নাই দুবছৰে ৷ দেউতাকৰ বেমাৰ বাঢ়িহে গৈছে ৷ তাই গুৱাহাটী যোৱালৈ দেউতাকৰ বা কি অৱস্থা হয় ! মাকৰ মুখ খন দেখিলে তাইৰ
বুকু হম হমাই যায় ৷ দেউতাকক এজন ভাল ডাক্তৰৰ ওচৰলৈ তাই নিব পৰা নাই ৷ দেউতাকৰ মৰমৰ
প্ৰতিদান যেন তাই দিব পৰা নাই ৷ কানাডালৈ নোৱাৰিলেও
অন্তত দিল্লী বা বাঙ্গালোৰলৈ চিকিৎসাৰ বাবে নিব পৰা হ’লেও! মনত এবাৰ শান্তি পালে হেঁতেন
৷ এক অজান অপৰাধবোধে তাইক খুলি খুলি খাব ধৰিছে ৷ সুমন্তৰ যত্ন ল’ব লাগে ৷ ক’ভিডৰ পিছত
ভাঙি পৰা স্বাস্থ্যৰ যতন লবলৈ, মানসিক ভাবে সবল কৰি তুলিবলৈ পঙ্খীৰ উপস্থিতিৰ বিশেষ
প্ৰয়োজন ৷
“বিপদত হেনো সাহস হেৰুৱাব নালাগে ৷ যিকোনো বিপদেই
ক্ষণস্থায়ী ৷ সময়ে সকলো ঠিক কৰি দিয়ে ৷” দেউতাকেই পঙ্খীক কথা প্ৰসংগত এবাৰ কৈছিল ৷
তাই সাহস হেৰুৱা নাই ৷ সমস্যাবোৰৰ এটা সমাধান সূত্ৰ বিচাৰিছে ৷ এদিন বিচৰা মতেই সমাধান
সূত্ৰ এটা তাই পালে ৷ কেৱল সুমন্ত আৰু ৰণে মানি ল’লেই হ’ল ৷
: হেৰা এবছৰে হ’বৰ হ’ল বোৰ্ডাৰ
এতিয়াও খোলা নাই ৷ আজিলৈ আমি ল’গ হ’ব পৰা নাই অথচ আমাৰ মাজত ডেৰশ মাইলৰ হে ব্যৱধান
৷
: হয়, তুমি ঠিকেই কৈছা ৷
: এটা কাম কৰো নহ’লে, ব’লা
আমি সকলো গুৱাহাটীলৈ গুচি যাওঁ ৷ বিদেশত থকা ভাৰতীয়ৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰিছে ৷ দুয়ো দুইপিনৰ পৰা
গুৱাহাটী ৰাওনা হওঁ আহা ৷ অনলাইনত কাম কৰিম
দুয়ো ৷ ৰণৰো ক্লাছ অনলাইন মাধ্যমতে হৈ আছে ৷ দেউতাৰ উপযুক্ত চিকিৎসা কৰিব পাৰিম ৷ সকলো
একেলগ হ’ব পাৰিম ৷
: ভাল কথাই চিন্তা কৰিছা
৷ ৰণে মানিবনে ?
: সি নামানিলে কেনেকৈ হ’ব
? তুমি তাক সৈমান কৰাবা, মোৰ লগত কাজিয়া হে কৰিব সি ৷
কৰ’নাৰ প্ৰকোপ তেতিয়ালৈ কিছু
কমিছে ৷ মৃত্যুৰ বিভীষিকা লাহে লাহে নাইকিয়া হ’বলৈ ধৰিছে, এয়া সাময়িক নে কৰ’নাৰ অধিক
ভয়াবহ ৰূপ ভৱিষ্যতে দেখিবলৈ পোৱা যাব কোনেও ক’ব নোৱাৰে ৷ মাকৰ স্ফূৰ্তিত ত’ত নাইকিয়া হৈছে ৷ জীয়ৰী ইমান দিনৰ মূৰত আহিব ৷ স্বামী প্ৰশান্ত
বৰদলৈৰ চিকিৎসাৰ এটা গতি লাগিব ৷ কিজানি ভাল হয়েই ৷ নতুন আশা বুকুত বান্ধি পঙ্খী অহালৈ অপেক্ষা কৰি থকিল ৷
বিমান বন্দৰত মাক ৰৈ থাকিল
জী-জোৱাই, নাতি ল’ৰাক লগ পাবলৈ ৷ দুবছৰৰ মূৰত ল’গ পাব সকলোকে ৷ পঙ্খীক দেখিয়ে মাকে
নিজৰ আবেগ, শোক ধৰি ৰাখিব নোৱাৰিলে ৷ জীয়েকক সাৱটি লৈ কান্দিবলৈ ধৰিলে ৷
ঘৰ সোমাই দেখিলে দেউতাক প্ৰশান্ত
বৰদলৈ সচৰাচৰ বহা চকীখনতে তলমূৰকৈ বহি আছে ৷
তাই দেউতাকৰ ওচৰলৈ দৌৰি গ’ল
৷
: হেৰা, ক’ত আছা? কোন এই গৰাকী মহিলা? এনেকৈ কিয় মোৰ গলত ধৰিছে?
: কিয় আপুনি চিনি পোৱা নাই?
আমাৰ জীয়ৰী পঙ্খী !
: কি কোৱা, তাইৰ বয়স আঠ নে
ন বছৰ হে হ’ব !
: তাই এতিয়া ডাঙৰ হ’ল, বিয়া
হ’ল, সন্তান জন্ম পালে, ল’ৰা দশম শ্ৰেণীত পঢ়ে এতিয়া ৷
: তুমি ক’লেই মই বিশ্বাস
কৰিম নে ? সেইদিনা মোৰ কোলাত ওমলি আছিল মোৰ জীয়ৰীয়ে ৷
পঙ্খী স্তব্ধ হৈ ৰ’ল ৷ থিয় হৈ থাকিবলৈ যেন শক্তি নাই ৷ মূৰটো আচন্দ্ৰাই
কৰিবলৈ ধৰিলে ৷ দেউতাকক এৰি চোফাখনত নিজৰ দেহাটো
এৰি দিলে ৷
তাইৰ পিনে চাই দেউতাকে ক’বলৈ
ধৰিলে ৷
: মোক চিনি পাইছেনে ? মই
প্ৰশান্ত বৰদলৈ ৷ এয়া মোৰ পত্নী ৷ আপোনালোক
ক’ৰ পৰা আহিছে নো ? এয়া আপোনাৰ স্বামী নহয়নে ?
তাই কি উত্তৰ দিব বাৰু ?
দেৰি হৈ গ’ল ৷ তাই আহি পোৱালৈ দেউতাকে ইতিমধ্যে বেলেগ এটা টাইম জ’নলৈ গতি কৰিলে ৷ সেই টাইম জ’নলৈ
যোগাযোগ সম্ভৱ নহয় ৷ পঙ্খীয়ে চেষ্টা কৰিলেও তাৰ পৰা দেউতাকক উভতাই আনিব নোৱাৰে ৷ কোনেও নোৱাৰে ৷
Comments
Post a Comment