Posts

Showing posts from October, 2025

সদায়ে শিশু হৈ থকা শিশুবোৰৰ বাবে

  যোৱা মাহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভুল্লুং বুথুৰ-২০২৫ আন্ত:ৰাষ্ট্ৰীয় নাট মহোৎসৱ চাবলৈ গৈছিলোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত সৰ্বাঙ্গসুন্দৰ নাট ’The Girl who rode a bicycle’ উপভোগ কৰাৰ পিছতে আৰম্ভ হৈছিল ৰোমানিয়ান ভাষাত মঞ্চস্থ কৰা আন এখন নাটক- ’NOTME’। ভাষাৰ দুৰ্বোধ্যতাৰ বাবে যদিও ভালদৰে বুজি পোৱা নগৈছিল, অভিনয়শৈলী আৰু টেকনিকে সকলো দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল। নাটকৰ আধাখিনি সম্পূৰ্ণ হোৱাৰ সময়তে আঠ-ন বছৰীয়া শিশু এটিয়ে প্ৰেক্ষাগৃহৰ দুৱাৰখন ঠেলি সোমাই আহে আৰু মঞ্চলৈ আগবাঢ়ে। অভিনেত্ৰী গৰাকীৰ কাষতে থিয় হৈ বৃত্তাকাৰে ঘূৰিবলৈ ধৰে। শিশুটিক নাটকৰ এক চৰিত্ৰ বুলিয়ে ধৰি লৈ আমি চাই থাকিলোঁ। মৰমলগা শিশুটিয়ে লাহে লাহে মঞ্চৰ অন্য এটি কোণলৈ গৈ পুনৰ চক্ৰাকাৰে ঘূৰিবলৈ ধৰে। তিনি-চাৰি মিনিট পাৰ হোৱাৰ পিছত হঠাতে অভিনেত্ৰীগৰাকীয়ে অভিনয় বন্ধ কৰি   ইংৰাজীতে ক’বলৈ ধৰে যে যিহেতু তেওঁ দৰ্শকৰপৰা অসুবিধা পাইছে গতিকে নাটকখন আধতে সামৰিবলৈ বাধ্য হ’ল। তাৰ পিছতহে দৰ্শকমণ্ডলিৰ মাজত এক চেপা উত্তেজনা আৰম্ভ হ’ল। লগে লগে প্ৰশ্ন উদয় হয় শিশুটি নাটকৰ এটি চৰিত্ৰ হয় নে নহয়। শিশুটিক এজনে হাতত ধৰি নাম সোধে...

মহাত্মা গান্ধীৰ ঐতিহাসিক অসম ভ্ৰমণ

  ভগৱান বুদ্ধৰ দুহাজাৰ দুশ বছৰ পিছত আকৌ এবাৰ অহিংসাৰ বাণী প্ৰচাৰ কৰিবলৈ এজন মহান আত্মাই এইখন পৃথিৱীত জন্ম পালে। যুদ্ধ পৰিহাৰ কৰি অহিংসাৰ বাণীৰে মানুহৰ অন্তৰ জয় কৰাই নহয় ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ দেশলৈ স্বাধীনতা আনি দিলে সেই মহান আত্মাই। বুদ্ধৰ পিছত বুদ্ধৰ দৰে সাৰ্বজনীন জনপ্ৰিয়তা অৰ্জন কৰা এজন মহান আত্মা যি সকলোৰে পৰিচিত, যাক সকলোৱে পিতৃৰ মৰ্যাদা প্ৰদান কৰি জাতিৰ পিতা আখ্যা দিছে, যাক লৈ সকলো ভাৰতীয়ই গৌৰৱ কৰে তেওঁ হ’ল মোহন দাস কৰমচান্দ গান্ধী ওৰফে মহাত্মা গান্ধী। বুদ্ধই যেনেদৰে সকলোকে সমান দৃষ্টিৰে চাইছিল ঠিক তেনেদৰেই মহাত্মা গান্ধীয়ে বৰ্ণবাদৰ বিৰূদ্ধে যুঁজ দি জাতি ভেদ নাইকীয়া সমাজ এখন গঢ় দিবলৈ জীৱন ভৰ চেষ্টা কৰিছিল। দলিত আৰু সমাজৰ নীচ শ্ৰেণীৰ লোকসকলক সম মৰ্যাদা দিয়াৰ হকে কাম কৰিছিল। ইয়াত বাহিৰেও মহাত্মা গান্ধীয়ে কৰা আন এটা বৃহৎ কাম হ’ল খণ্ড বিখণ্ড হৈ পৰা ভাৰতবৰ্ষক একগোট কৰি এটা বৃহৎ জাতি আৰু এখন বৃহৎ দেশ হিচাপে গঢ় দিবলৈ কৰা প্ৰচেষ্টা। তেনে এক মহান ব্যক্তিয়ে জীৱিত কালত য’তেই গৈছিল ত’তেই সেই ঠাইৰ মানুহে একোটা স্মৃতি সৌধ নিৰ্মাণ কৰিছিল।        জাতিৰ পিতা মহ...

ইংৰাজৰ দৃষ্টিত পুৰণি অসম: দুই ব্ৰিটিছ পৰিব্ৰাজকৰ দুখন ঐতিহাসিক গ্ৰন্থ

  বিদেশৰপৰা ভাৰতবৰ্ষলৈ অহা প্ৰথমজন পৰিব্ৰাজক আছিল মেগাস্থিনিচ। তেওঁ গ্ৰীচৰপৰা আহিছিল খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত। ইয়াৰ পিছত আহিছিল চীনৰপৰা ফাহিয়ান (তৃতীয় শতিকাত) আৰু হিউৱেন চাং (পঞ্চম শতিকাত), ভেনিচৰ পৰা মাৰ্ক পোলো (১৩ শতিকাত)। তেওঁলোক প্ৰত্যেকেই ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি সকলো দিশ সামৰি টোকা লিখি থৈ গৈছে। সেইবোৰ আজি ভাৰতৰ ইতিহাসৰ বাবে এক মূল্যৱান সমল হৈ পৰিছে। তেতিয়ালৈ পিছে ইংলণ্ডৰ পৰা কোনো পৰিব্ৰাজক ভাৰতলৈ আহিব পৰা নাছিল। ইউৰোপীয়সকলে দুই-তিনি হাজাৰ বছৰ আগৰে পৰা ছিল্কৰোডেৰে চীন হৈ ভাৰতলৈ বেহা বেপাৰ কৰিবলৈ আহিছিল যদিও ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোডত অহা-যোৱা কৰা বহুত কঠিন আৰু ভয়াবহ হৈ পৰে। ইংলণ্ডে সাগৰৰ মাজেৰে ভাৰত অহাৰ পৰিকল্পনা কৰে।      ষোল শতিকাত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল ৰাল্ফ ফিট্চ নামৰ ব্ৰিটিছ পৰিব্ৰাজক   এজনে। ৰাণী এলিজাবেথ-১ৰ নিৰ্দেশত তেওঁ ভাৰতবৰ্ষলৈ যাত্ৰা কৰিছিল আমাৰ দেশৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ। ভাৰতত উপনিৱেশ পাতিবলৈ তেওঁলোকক ভাৰতৰ বিষয়ে তথ্য আহৰণ কৰাৰ প্ৰয়োজন আহি পৰিছিল। ৰাল্ফ ফিট্চে ভাৰতৰপৰা উভতি আ...

জুবিনবিহীন প্ৰথমটো উজাগৰী নিশা

  পঞ্চাশৰ দশকৰপৰা আশীৰ দশকলৈ প্ৰতিজন অসমীয়াৰ দেহ, মন, মগজু গীত আৰু সুৰেৰে মোহাছন্ন কৰি ৰখা আমাৰ হিয়াৰ আমঠু ড ° ভূপেন হাজৰিকাৰ পিছত কোনো এজন শিল্পী যে অসমত জন্মলাভ কৰিব যিয়ে সকলোৰে হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হ’ব সেয়া কল্পনাৰো অগোচৰ আছিল। দৰাচলতে নব্বৈৰ দশকৰ আৰম্ভণিত অসমৰ সংগীত জগতত এক শূন্যতা বিৰাজ কৰিছিল। সেই শূন্যতাৰ সৃষ্টি হৈছিল মৌলিক গীত, মৌলিক সুৰৰ অভাৱৰ বাবে যি গীতত, যি সুৰত অসমৰ মাটি-পানীৰ গোন্ধ আশা কৰা হৈছিল। তেনে এক শূন্যতা আঁতৰাই ১৯৯২ চনত হঠাতে আৱিৰ্ভাৱ ঘটিছিল জুবিন গাৰ্গৰ- এক অনবদ্য সৃষ্টি অনামিকা নামৰ এলবামৰ জৰিয়তে। তাৰ পিছত জুবিন ৰৈ যোৱা নাছিল। এখনৰ পিছত আন এখন ছুপাৰ হিট এলবাম। ১৯৯৪ চনত মায়া এলবাম ওলোৱাৰ পিছত জুবিনৰ শিল্পীসত্তাক  লৈ যিসকলৰ মনত এধানিমানো শংকা আছিল তাক নোহোৱা কৰি দিছিল। সঁচাকৈয়ে জুবিনৰ অনুৰাধা আৰু মায়া এলবামৰ গীতবোৰত যেন যাদুহে আছিল। “হাঁহিলে তুমি মুকুতা মণি সৰে/দুচকু ভৰিলেও মন নভৰে/বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা/মৰমৰ বৰষাৰে অনামিকা/কলিজা ৰঙা কৰি উজলি আছা।” বজাৰৰপৰা অনামিকা কেছেট কিনি যিদিনাখন টেপৰেকৰ্ডাৰত গান শুনিছিলোঁ সেইদিনা শুব পৰা নাছিলোঁ। ...