সদায়ে শিশু হৈ থকা শিশুবোৰৰ বাবে
যোৱা মাহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভুল্লুং বুথুৰ-২০২৫ আন্ত:ৰাষ্ট্ৰীয় নাট মহোৎসৱ চাবলৈ গৈছিলোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত সৰ্বাঙ্গসুন্দৰ নাট ’The Girl who rode a bicycle’ উপভোগ কৰাৰ পিছতে আৰম্ভ হৈছিল ৰোমানিয়ান ভাষাত মঞ্চস্থ কৰা আন এখন নাটক- ’NOTME’। ভাষাৰ দুৰ্বোধ্যতাৰ বাবে যদিও ভালদৰে বুজি পোৱা নগৈছিল, অভিনয়শৈলী আৰু টেকনিকে সকলো দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল। নাটকৰ আধাখিনি সম্পূৰ্ণ হোৱাৰ সময়তে আঠ-ন বছৰীয়া শিশু এটিয়ে প্ৰেক্ষাগৃহৰ দুৱাৰখন ঠেলি সোমাই আহে আৰু মঞ্চলৈ আগবাঢ়ে। অভিনেত্ৰী গৰাকীৰ কাষতে থিয় হৈ বৃত্তাকাৰে ঘূৰিবলৈ ধৰে। শিশুটিক নাটকৰ এক চৰিত্ৰ বুলিয়ে ধৰি লৈ আমি চাই থাকিলোঁ। মৰমলগা শিশুটিয়ে লাহে লাহে মঞ্চৰ অন্য এটি কোণলৈ গৈ পুনৰ চক্ৰাকাৰে ঘূৰিবলৈ ধৰে। তিনি-চাৰি মিনিট পাৰ হোৱাৰ পিছত হঠাতে অভিনেত্ৰীগৰাকীয়ে অভিনয় বন্ধ কৰি ইংৰাজীতে ক’বলৈ ধৰে যে যিহেতু তেওঁ দৰ্শকৰপৰা অসুবিধা পাইছে গতিকে নাটকখন আধতে সামৰিবলৈ বাধ্য হ’ল। তাৰ পিছতহে দৰ্শকমণ্ডলিৰ মাজত এক চেপা উত্তেজনা আৰম্ভ হ’ল। লগে লগে প্ৰশ্ন উদয় হয় শিশুটি নাটকৰ এটি চৰিত্ৰ হয় নে নহয়। শিশুটিক এজনে হাতত ধৰি নাম সোধে - এবাৰ অসমীয়াত, এবাৰ ইংৰাজীত। কোনো উত্তৰ নিদিয়ে। বৰং মঞ্চত উঠি জঁপিয়াবলৈহে মন। শিশুটিৰ আচৰণ দেখি অনুমান কৰিলো যে সেয়া নিশ্চয়কৈ অটিষ্টিক শিশু। কথাটো দুজনমানক ক’লোঁ। তেওঁলোকৰো একেই অনুভৱ হ’ল। এগৰাকী মহিলাই কোলাত লৈ সুধিলে ক’ত ঘৰ, ক’ৰ পৰা আহিলা। কোনো উত্তৰ নাই। অলপ পিছতে এগৰাকী মহিলাই দৌৰি আহি ক’লে তেওঁ শিশুটিক চিনি পায়। অভিভাৱককো জানে। মাকক ফোন ল’গালে। কলাক্ষেত্ৰৰ ওচৰত বাঘৰবৰীত ঘৰ। মাকে ক’ব নোৱাৰে কেতিয়া ঘৰৰ বাহিৰ হ’ল, এতিয়া ৰাস্তাত বিচাৰি আছে। বহুতে মাক-বাপেকক গালি পাৰিলে।
১৫ মিনিটৰ ভিতৰত অভিভাৱকে আহি শিশুটিক
লৈ যায়, নাটক পুনৰ আৰম্ভ হয়। হয়তো সেইদিনা উপস্থিত থকা বহুতে পাহৰিলে যদিও গোটেই ঘটনাটো
মোৰ মনত সজীৱ হৈ আছে। কিছুমান শিশুৰ সময়ৰ লগে
লগে বয়স বাঢ়ি যায় অথচ চিন্তা শক্তি বা বুজিব পৰা ক্ষমতা বৃদ্ধি নহয়। ১০ বছৰীয়া শিশুই
হয়তো ৩ বছৰীয়া শিশুৰ দৰে ব্যৱহাৰ কৰে। ২৫ বছৰীয়া চফল ডেকা এজনে ১০ বছৰীয়া শিশু এটিৰ
দৰে আচৰণ কৰে। কিছুমানৰ বয়স বৃদ্ধি হৈ পঞ্চাছ বছৰ পায়, কিন্তু মানসিক জগতখনে কৈশোৰৰ
দেওনা পাৰ নকৰে। কিছুমান শিশুৰ দেহত অটিজম স্পেকট্ৰাম ডিচঅৰ্ডাৰ দেখা পোৱা যায়। কিছুমান
শিশুৰ দেহত চিজোফ্ৰেনিয়া ধৰণৰ মানসিক ৰোগ সংলগ্ন হৈ থাকে, কিছুমানৰ দেহত মৃগী বেমাৰো
দেখা পোৱা যায়। কেবাটাও বেমাৰ সংলগ্ন হৈ শিশুটিৰ আচৰণত অস্বাভাৱিকতা দেখা পোৱা যায়।
সমাজৰ ৯০% লোকে তেনে শিশু বা সদায়ে শিশু হৈ থকা শিশু বোৰৰ মানসিক জগতখনৰ সতে পৰিচিত
নহয়। কেতিয়াবা হঠাতে লগ পালে আচৰিত জন্তু দেখাৰ দৰেই স্বত:স্ফুতভাৱে মনৰ ভাব বেকত কৰে।
শিশুটি বা শিশুৰ অভিভাৱকে অন্তৰত কিমান আঘাত পায় সেইটো বিচাৰ কৰিব নোৱাৰে। অভিভাৱকে
কিমান কষ্টৰে শিশুটিক ডাঙৰ কৰিছে সমাজখনে অনুভৱ নকৰে বা কৰিবলৈ ইচ্ছা নকৰে। শিশুটিৰ
অন্তৰতো বহুত কথা থাকে, তাৰো কিবা কিবি কৰিবলৈ মন যায়, সাধাৰণ শিশুৰ দৰে সি প্ৰকাশ
কৰিব নোৱাৰে। বহুক্ষেত্ৰত দেখা যায় যে অভিভাৱকসকলে শিশুটিক লৈ বহু জল্পনা কল্পনা কৰি
থাকে, অথচ শিশুটিৰ মানসিক অক্ষমতা সম্বন্ধে নাজানে বা জানিলেও মানি ল’বলৈ টান পায়। কিছুমান অভিভাৱক আশা
ভংগ হোৱাৰ পিছত হতাশাত ভুগিবলৈ ধৰে, কিছুমানৰ হয়তো শিশুটিৰ প্ৰতি থকা মৰম কমি যায় বা
যতন ল’বলৈ এৰি দিয়ে।
আমি বহুতেই অটিজম বেমাৰৰ বিষয়ে নাজানো
বা একেবাৰে কমকৈ জানো। মগজুৰ গঠনত ঘটা জটিলতাৰ বাবে শিশুৰ ব্যৱহাৰত বহি:প্ৰকাশ হোৱা
এবিধ ৰোগ হ’ল অটিজম৷ অটিজমত ভোগা শিশু সাধাৰণতে জন্মৰ ডেৰ-দুবছৰলৈ সাধাৰণ শিশুৰ দৰেই
ডাঙৰ –দীঘল হয়৷ ৰোগৰ লক্ষণ দেখা পোৱা নাযায় ৷ তাৰ পিছত লাহে লাহে শিশুটিৰ লক্ষণ সমূহ
চকুত পৰা হয়৷ অটিজম ৰোগত ভোগা শিশুৰ প্ৰধান সমস্যা হৈছে সামাজিক সম্পৰ্ক ৰক্ষা কৰাত
অসমৰ্থ হোৱা৷ চাৰিওফালৰ পৰিৱেশৰ লগত সহজে খাপ খাব নোৱাৰে৷ ঘৰৰ দুই-এজনৰ বাহিৰে আন
মানুহৰ লগত কথাবতৰা পাতিবলৈ নোখোজাটো অটিজমৰ লক্ষণ৷ আন আন লক্ষণ সমূহৰ ভিতৰত আছে একেটা
কামকে বাৰে বাৰে কৰি থকা বা একেটা শব্দকে বাৰে বাৰে কৈ থকা (ৰিপিটিটিভ ৱৰ্ক), একেটা
ঠাইতে বৃত্তাকাৰে ঘূৰি থকা (ওপৰত উল্লেখ কৰা শিশুটিৰ দৰে), অস্বাভাৱিক সামাজিক আচৰণ,
কিছুমান শব্দ বা গোন্ধৰ প্ৰতি অতিমাত্ৰা সংবেদনশীল হোৱা, মনৰ কথা প্ৰকাশ কৰাত অসুবিধা
বা কথা ক’বলৈ অসুবিধা পোৱা, অস্থিৰ হৈ থকা (হাইপাৰ এক্টিভ), সমনীয়াৰ লগত খেলাধূলা কৰিবলৈ
ইচ্ছা নকৰা, সকলো সময়তে উদ্বিগ্নতাত ভোগা ইত্যাদি৷ প্ৰতিটো শিশুৰ ক্ষেত্ৰতে ৰোগৰ লক্ষণ
বেলেগ বেলেগ হোৱা দেখা যায়৷
তেনে বহু শিশুই হাইস্কুল বা কলেজৰ
দেওনা পাৰ হ’লেও কিছু পৰিমাণে বৌদ্ধিক অক্ষমতাত ভোগে আৰু সেয়েহে প্ৰাপ্ত বয়স্ক হ’লেও
নিজে অকলে (কাৰো সহায় নোলোৱাকৈ) জীয়াই থাকিবলৈ অসুবিধাৰ সন্মুখীন হয়। গোটেই জীৱনৰ বাবে
তেওঁলোকৰ কাষত কোনোবা সহায়ৰ বাবে থাকিবলগীয়া হয়। পিতৃ-মাতৃয়ে জীয়াই থকালৈ বাৰু শিশুটিক
চাব। তেওঁলোকৰ আৱৰ্তমানত কোনে চাব – এই প্ৰশ্নটোৱে বাৰে বাৰে মনলৈ আহে। এনে বহু একক
পৰিয়াল পোৱা যায় যাৰ একমাত্ৰ সন্তানটিয়ে অটিষ্টিক বা আন বেমাৰৰ বাবে বৌদ্ধিক অক্ষমতাত
ভুগিছে। তেনে শিশুৰ ভৱিষ্যত কি হ’ব বাৰু। তেওঁলোকক চাবলৈ কোনো চৰকাৰী বা বেচৰকাৰী সংগঠন
ওলোৱা নাই নে?
Comments
Post a Comment