মহাত্মা গান্ধীৰ ঐতিহাসিক অসম ভ্ৰমণ
ভগৱান বুদ্ধৰ দুহাজাৰ দুশ বছৰ পিছত আকৌ এবাৰ অহিংসাৰ বাণী প্ৰচাৰ কৰিবলৈ এজন মহান আত্মাই এইখন পৃথিৱীত জন্ম পালে। যুদ্ধ পৰিহাৰ কৰি অহিংসাৰ বাণীৰে মানুহৰ অন্তৰ জয় কৰাই নহয় ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ দেশলৈ স্বাধীনতা আনি দিলে সেই মহান আত্মাই। বুদ্ধৰ পিছত বুদ্ধৰ দৰে সাৰ্বজনীন জনপ্ৰিয়তা অৰ্জন কৰা এজন মহান আত্মা যি সকলোৰে পৰিচিত, যাক সকলোৱে পিতৃৰ মৰ্যাদা প্ৰদান কৰি জাতিৰ পিতা আখ্যা দিছে, যাক লৈ সকলো ভাৰতীয়ই গৌৰৱ কৰে তেওঁ হ’ল মোহন দাস কৰমচান্দ গান্ধী ওৰফে মহাত্মা গান্ধী। বুদ্ধই যেনেদৰে সকলোকে সমান দৃষ্টিৰে চাইছিল ঠিক তেনেদৰেই মহাত্মা গান্ধীয়ে বৰ্ণবাদৰ বিৰূদ্ধে যুঁজ দি জাতি ভেদ নাইকীয়া সমাজ এখন গঢ় দিবলৈ জীৱন ভৰ চেষ্টা কৰিছিল। দলিত আৰু সমাজৰ নীচ শ্ৰেণীৰ লোকসকলক সম মৰ্যাদা দিয়াৰ হকে কাম কৰিছিল। ইয়াত বাহিৰেও মহাত্মা গান্ধীয়ে কৰা আন এটা বৃহৎ কাম হ’ল খণ্ড বিখণ্ড হৈ পৰা ভাৰতবৰ্ষক একগোট কৰি এটা বৃহৎ জাতি আৰু এখন বৃহৎ দেশ হিচাপে গঢ় দিবলৈ কৰা প্ৰচেষ্টা। তেনে এক মহান ব্যক্তিয়ে জীৱিত কালত য’তেই গৈছিল ত’তেই সেই ঠাইৰ মানুহে একোটা স্মৃতি সৌধ নিৰ্মাণ কৰিছিল।
জাতিৰ
পিতা মহাত্মা গান্ধীয়ে সৰ্বমুঠ চাৰিবাৰ অসমলৈ আহিছিল। প্ৰথমবাৰ আহিছিল ১৯২১ চনত যেতিয়া গান্ধীজীৰ অসহযোগ আন্দোলনে ভাৰতবৰ্ষ
কঁপাই তুলিছিল। ১৯২১ চনৰ ২৮ জুলাই তাৰিখে
মুম্বাইত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত ভাগ
ল'বলৈ যাওঁতে, অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিয়ে
গান্ধীজীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলোৱাৰ
বাবে নিমন্ত্ৰণ কৰে। সেই সময়ছোৱাত গান্ধীজী অন্ধ্ৰ প্ৰদেশ ভ্ৰমণৰ বাবে যোৱা কথা আছিল যদিও অসমৰ প্ৰতিনিধিসকলৰ আহ্বান মৰ্মে
গান্ধীজী
আৰু মৌলানা মহম্মদ আলি সহিত ১১ জনীয়া দল এটাই আগষ্ট মাহত অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। তেওঁলোকে মুম্বাইৰপৰা বিহাৰত কেইখনমান
সভাত যোগদান কৰি দাৰ্জিলিং মেইলেৰে অসমলৈ যাত্ৰা কৰিছিল আৰু ১৮ আগষ্টত গোলকগঞ্জ পাইছিল।
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন আদি অসম কংগ্ৰছ কমিটিৰ সজাতি দলে মহাত্মা
গান্ধীক গোলকগঞ্জতে উষ্ণ আদৰণি জনাইছিল আৰু গুৱাহাটীলৈ আদৰি আনিছিল। গান্ধীজীৰ প্ৰথম
ভ্ৰমণৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে কৃষ্ণ দাস নামৰ ব্যক্তি এজনে ’Seven Months
With Mahatma Gandhi’ নামৰ গ্ৰন্থ এখনত। কৃষ্ণ দাসে আগষ্ট, ১৯২১ চনৰপৰা ফেব্ৰুৱাৰী,
১৯২২ চনলৈ মহাত্মা গান্ধীৰ লগত অসহযোগ আন্দোলত বিভিন্ন ঠাইলৈ ঘূৰিছিল। গুৱাহাটীলৈ আহি
তৰুণৰাম ফুকনৰ ঘৰত তেওঁলোক আছিল। কিতাপখনত দাসে লেখিছে যে গান্ধীজী অহাৰ লগে লগে হাজাৰ
হাজাৰ মানুহে ফুকনৰ ঘৰৰ আগত থিয় হৈ দৰ্শনৰ বাবে ৰৈ আছিল। ফুকনৰ ঘৰৰ কাষতে মঞ্চ এখন
তৈয়াৰ কৰিছিল গান্ধীজীৰ ভাষণৰ বাবে। স্বেচ্ছাসেৱকৰ দলে ভিতৰলৈ মানুহ সোমাব নোৱৰা কৰি
পহৰা দিছিল। সন্ধিয়ালৈ প্ৰায় ২৫ হাজাৰ মানুহৰ আগত মহাত্মা গান্ধীয়ে ভাষণ দিছিল। তৰুণৰাম
ফুকনে গান্ধীজীৰ ভাষণ অসমীয়ালৈ অনুবাদ কৰি গান্ধীজীৰ লগে লগে মানুহক বুজাই দিছিল। নিশা
৯ বজালৈ সভা চলিল। ভাষণৰ শেষত মহাত্মাই ক’লে, “মই যে ইমান সময় ভাষণ দিলো আপোনালোকে
কেৱল শুনি ঘৰলৈ গৈ নিজৰ কাম বনত লাগি সকলো কথা পহৰি যাব নে মোৰ কথাবোৰ হৃদয়ঙ্গম কৰি
দেশৰ স্বাধীনতাৰ হকে অসহযোগ আন্দোলনত জঁপিয়াই পৰিব?“ ফুকনে অসমীয়াত কথাখিনি কোৱাৰ কিছু
পৰলৈ নিস্তব্ধ হৈ থাকি হঠাতে সকলো মানুহ চিঞৰি উঠি ক’বলৈ ধৰে- ইংৰাজৰ বিপক্ষে যুঁজ
দিবলৈ সকলো সাজু। ইয়াৰ পিছতে মানুহে বিদেশী কাপোৰ এখন এখনকৈ নিজৰ গাৰ পৰা খুলি জুইত
জাপি দিলে। দম দম কাপোৰ প্ৰকাণ্ড অগ্নিশিখাই গ্ৰাস কৰি পেলালে। বেছিভাগে কান্ধৰ গামোচাখনকে
কঁকালত মেৰিয়াই খালী গাৰে ঘৰলৈ উভতিল। গান্ধীজীৰ এটা ভাষণে মানুহক সলনি কৰি পেলালে।
সেইদিনা হেনো গান্ধীজীক থাকিবলৈ দিয়া ৰূমৰ বাৰাণ্ডাতে শুই পৰিল। কাষতে কৃষ্ণ দাসে আৰামী
চকী এখনত শুলে। গোটেই নিশা স্বেচ্ছাসেৱকে ফুকনৰ ঘৰটো বেৰি ধৰি পহৰা দিলে যাতে কোনো
মানুহ আহি গান্ধীজীৰ টোপনিত ব্যাঘাত নজন্মায়। সেইদিনাই বিভিন্ন ঠাইৰ পৰা অহা মানুহে
গান্ধীজীক নিজৰ নিজৰ ঠাইলৈ মাতিবলৈ আহিছিল। গুৱাহাটীত থকা দ্বিতীয় দিনাও দুপৰীয়া মানুহৰ
এক বৃহৎ সমাগম হৈছিল আৰু তেওঁলোকৰ আগত ভাষণ প্ৰদান কৰিছিল। ফুকনৰ ঘৰতে অসমীয়া ভাষা,
কৃষ্টি-সংস্কৃতিৰ বিষয়ে মহাত্মাক দেখুওৱা হৈছিল। অসমীয়া এৰি-মুগাৰ কাপোৰে মহাত্মাক
আকৃষ্ট কৰিছিল। কৃষ্ণ দাসে লেখিছে যে অসমৰ প্ৰতি গৰাকী মহিলাই কাপোৰ ব’ব ভালদৰে জানে,
আনকি তৰুণৰাম ফুকনৰ ঘৰতে হেনো দুখনকৈ শাল পাতি কাপোৰ বৈছিল।
নিশাৰ
ট্ৰেইনত গুৱাহাটীৰ পৰা তিতাবৰ হৈ লক্ষ্যস্থান যোৰহাটলৈ মহাত্মা গান্ধীয়ে যাত্ৰা কৰিছিল
আৰু ২৪ আগষ্ট, ১৯২১ চনত ৰাতিপুৱা তিতাবৰ ষ্টেচনত নামিছিল। তিতাবৰৰ পৰা অন্য এখন ট্ৰেইনত আবেলি যোৰহাট পোৱাৰ লগে লগে ’গান্ধীজীৰ
জয়’ বুলি শ্লোগান দি মানুহে ৰাষ্টাত ঘূৰি ফুৰা দেখা গৈছিল। সেইসময়ত অসমৰ দৰে প্ৰান্তীয়
ৰাজ্য এখনৰ ভিতৰুৱা ঠাইতো গান্ধীজীৰ জনপ্ৰিয়তা দেখি কৃষ্ণ দাস অবাক হৈ পৰিছিল। সেইদিনা
দুখনকৈ সভাত ভাষণ দি মহাত্মা গান্ধী ডিব্ৰুগড় বুলি ৰাওনা হয়। মৰিয়নিত ট্ৰেইনখন সলাই
মাজনিশা যেতিয়া যাত্ৰা আৰম্ভ কৰে তেতিয়া কৃষ্ণ দাসে দেখিলে যে ট্ৰেইনৰ ভিতৰত কোনো লাইট
নাই। ট্ৰেইনৰ অৱস্থা একেবাৰে বেয়া। ইপিনে মাজনিশা ট্ৰেইনখনে মালগাড়ীত খুন্দিয়ায়। গান্ধীজীৰ
কাপোৰৰ ট্ৰাঙ্ক ক’ৰবাত গৈ পালে। নানান অসুবিধাৰ সন্মুখীন হোৱাৰ পাছতো গান্ধীজীৰ মুখত
দুখ, কষ্ট, বিষাদৰ কোনো চিন নাই। ২৫ আগষ্টৰ দুপৰীয়া ১২ বজাত তেওঁলোক ডিব্ৰুগড় ষ্টেচন
পালে। ডিব্ৰুগড়তে মহাত্মাই চাহ জনজাতীয় লোকসকলক লগ ধৰে। তেওঁলোকৰ ওপৰত ব্ৰিটিছে চলোৱা
অত্যাচাৰৰ বিষয়ে বুজ লয়। তেওঁলোকৰ সমাজিক মান বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে। সন্ধিয়া
বিশাল জনসভাত মহাত্মাই ভাষণ দিয়ে। সভাত গান্ধীজীৰ মনত পুহি ৰখা স্বৰাজৰ বিষয়ে কয়। স্বৰাজ
পালেই নহ’ব, বিদেশী বস্তুৰ ব্যৱহাৰ বৰ্জন কৰি স্বদেশী বস্তুৰ ব্যৱহাৰ বৃদ্ধি কৰি স্বৰাজ
আৰু স্বদেশ লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সেই সময়ত মাৰোৱাৰী ব্যৱসায়ীৰে ডিব্ৰুগড় চহৰ
ভৰি আছিল। মহাত্মা গান্ধীয়ে তেওঁলোকৰ সতে কথা পাতিলে আৰু তেওঁলোকক বিদেশী বস্ত্ৰৰ ব্যৱসায়
বৰ্জন কৰিবলৈ আহ্বান জনায়। ২৬ আগষ্টৰ দিনা আবেলি গান্ধীজীয়ে ডিব্ৰুগড়ৰপৰা উভতে। সেই
যাত্ৰাত গান্ধীজীয়ে শিলচৰ যায় আৰু তাৰ পৰা শ্ৰীহট্ট হৈ কলিকতালৈ যায়।
১৯২৬ চনৰ ২৬ ৰপৰা ২৮ ডিচেম্বৰলৈ ভাৰতীয় জাতীয়
কংগ্ৰেছৰ ৪১তম অধিবেশন পাণ্ডুত অনুষ্ঠিত হৈছিল। অধিবেশনত মহাত্মা গান্ধী দ্বিতীয়বাৰ
অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যই গান্ধীজীক মোহিত কৰিছিল। অধিবেশনত অসমতে বোৱা
৩০,০০০ ফুট দীঘল খদ্দৰৰ কাপোৰেৰে মণ্ডপৰ চাৰিওফাল ঢাকি ৰাখিছিল। সেইবাৰ গান্ধীজীয়ে
খদ্দৰৰ কাপোৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। স্বাধীনতাৰ আগত অসমত পতা একমাত্ৰ
কংগ্ৰেছ অধিবেশন এইখনে আছিল। গান্ধীজীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব লাভ কৰিছিল এই কাৰণে
যে ভাৰতীয় নেতাসকলক অসমৰ জনসাধাৰণৰ সতে প্ৰথম চিনাকি কৰাই দিছিল আৰু অসমে ভাৰতৰ লগত সমানে স্বাধীনতাৰ হকে
যুঁজ দিবলৈ সংকল্পবদ্ধ হৈ পৰিছিল। ১৯২৬ চনৰ পৰাহে সৰ্বভাৰতীয় প্ৰেক্ষাপতত অসমে গুৰুত্ব
লাভ কৰিবলৈ লয়। তাৰ বাবে গান্ধীজী ধন্যবাদৰ পাত্ৰ। অধিবেশনত অংশগ্ৰহণ কৰি প্ৰথমবাৰৰ
বাবে মতিলাল নেহেৰু, চৰ্দাৰ বল্লৱভাই পেটেল, মদন মোহন মালব্য আদিয়ে অসম ভ্ৰমণ কৰে আৰু
অসমীয়া মানুহৰ সতে পৰিচয় ঘটে।
১৯৩৪ চনৰ
১০ এপ্ৰিলত মহাত্মা গান্ধী তৃতীয়বাৰৰ বাবে অসমলৈ আহে। সেই বছৰে সমগ্ৰ ভাৰতত অস্পৃশ্যতা
বৰ্জন কৰি হৰিজনসকলৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইলৈ গান্ধীজীয়ে
ভ্ৰমণ কৰিছিল। হৰিজন সেৱক সংঘ স্থাপন কৰি হৰিজনৰ উন্নয়ণৰ হকে কাম কৰা আৰু হৰিজনৰ মন্দিৰত
প্ৰৱেশ অধিকাৰ সাব্যস্ত কৰা কামত নিয়োজিত হৈছিল। সমাজ সংস্কাৰ আছিল গান্ধীজীৰ সেইবাৰৰ
ভ্ৰমণৰ প্ৰধান উদ্দেশ্য। এই ভ্ৰমণ কালত গান্ধীয়ে যোৰহাটৰ
গান্ধীবাদী নেতা কৃষ্ণনাথ শৰ্মাৰ পৰিয়ালৰ ব্যক্তিগত নামঘৰটি হৰিজনসকলৰ বাবে
মুকলি কৰিছিল। অস্পৃশ্যতা দূৰীকৰণ আন্দোলনত ই আছিল এক যুগান্তকাৰী পদক্ষেপ। দুসপ্তাহজোৰা ভ্ৰমণসূচীৰে
সেই সময়ত গান্ধী ধুবুৰী, বৰপেটা, ওদালগুৰি, তেজপুৰ, গুৱাহাটী, নগাঁও, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাৰ বিভিন্ন ঠাইলৈ
গৈছিল। ১৩ এপ্ৰিলৰ দিনা গুৱাহাটীত সেৱা আশ্ৰম উদ্ঘাটন কৰে। এই ভ্ৰমণসূচীত হৰিজনৰ উন্নয়ণৰ
বাবে অসমৰ পৰা ১৭,০০০ টকা সংগ্ৰহ কৰে।
চতুৰ্থবাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ আহিছিল ১৯৪৬ চনত। গান্ধীজীয়ে
এইবাৰ ট্ৰেইনৰ সলনি জাহাজেৰে আহি ৯ জানুৱাৰী, ১৯৪৬ তাৰিখে শুৱালকুছিত ভৰি দিয়ে। শুৱালকুছিৰ
শিপিনীসকলৰ তাঁতশালত বোৱা বস্ত্ৰ দেখি অভিভূত হৈ এনেদৰে প্ৰশংসা কৰিছিল
যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে৷ ১৩ এপ্ৰিলত গুৱাহাটীৰ ভৰলুমুখ ঘাটৰ পৰা মহাত্মা
গান্ধীক গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, সিদ্ধাৰ্থ শৰ্মা আদিয়ে আদৰণি জনাইছিল। সেইবাৰ
গান্ধীজী শৰণীয়া পাহাৰৰ টিলা এটাৰ ওপৰত থাকিবলৈ লৈছিল। গান্ধীজীৰ থকাৰ সুবিধাৰ বাবে
গোপীনাথ বৰদলৈ, ডা: ভূবনেশ্বৰ বৰুৱা আৰু ডা: হৰেকৃষ্ণ দাসে টিলাটোৰ ওপৰত খেৰৰ ঘৰ এটি
নিৰ্মাণ কৰিছিল। গান্ধীজীয়ে সেই ভ্ৰমণত কস্তুৰবা গান্ধী সোঁৱৰণি ন্যাসৰ অসম শাখা উদ্বোধন
কৰে। এই ট্ৰাষ্টৰ অধীনত গ্ৰাম সেৱিকা বিদ্যালয় নামৰ অনুষ্ঠান এটাৰ গুৱাহাটীত জন্ম দিয়ে
আৰু ইয়াৰ পৰিচালনাৰ দায়িত্ব অমল প্ৰভা দাসক দিছিল। শৰণীয়া পাহাৰৰ টিলাটো আছিল অমল প্ৰভা
দাসৰ পিতৃ ডা: হৰেকৃষ্ণ দাসৰ। তেওঁ ৫৪ বিঘা মাটি গ্ৰাম সেৱিকা বিদ্যালয়ৰ নামত দান দি
থৈ যায়। গান্ধীজী থকা খেৰৰ ঘৰটো এতিয়াও আছে আৰু ’গান্ধী ঘৰ’ নামেৰে নামকৰণ কৰা হৈছে।
শৰনীয়া পাহাৰৰ এটি টিলাত গান্ধীজীৰ স্মৃতি সুৰক্ষিত কৰিবলৈ ১৯৫৬ চনৰ ২০ অক্টোবৰত ভাৰতৰ তদানীন্তন উপৰাষ্ট্ৰপতি সৰ্বেপল্লী
ৰাধাকৃষ্ণণে গান্ধী মণ্ডপৰ আধাৰশিলা স্থাপন
কৰিছিল। ১৯৭০ চনৰ ২ অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ
১০১তম জন্মজয়ন্তী উপলক্ষে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা
গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম
মেধিয়ে গান্ধী মণ্ডপ উদ্বোধন কৰিছিল। শেষ ভ্ৰমণৰ সময়ত গান্ধীজীৰ বয়স হৈছিল
৭৭ বছৰ। গান্ধীজীৰ স্বাস্থ্য পৰি আহিছিল যদিও অসমৰ বিভিন্ন সংগঠন, সমাজ সেৱক আৰু স্বাধীনতা
যুদ্ধত জড়িত বহুতকে লগ কৰিছিল। অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ অসম ভ্ৰমণক লৈ ’অসমত
মহাত্মা’ নামেৰে এখন গ্ৰন্থ লেখি উলিয়াইছিল। ১৯৬৯ চনত অসম প্ৰকাশন পৰিষদে গ্ৰন্থখন
প্ৰকাশ কৰিছিল।
গান্ধীজীৰ ঐতিহাসিক চাৰি বাৰ অসম ভ্ৰমণৰ বিশেষ গুৰুত্ব আছে। অসমীয়া ৰাইজৰ মনত ৰাষ্ট্ৰীয়তাবাদৰ চিন্তা মনলৈ অনাত সহায় কৰিছিল গান্ধীজীৰ প্ৰথমবাৰ ভ্ৰমণত। ভাৰতীয় জাতীয় কংগ্ৰেছ মহাসভাত গান্ধীজীৰ সতে ৰাষ্ট্ৰীয় নেতাসকলৰ আগমনে অসম যে ভাৰতৰ এক অবিচ্ছেদ্য অংগ তাক প্ৰতিষ্ঠা কৰিছিল। গান্ধীজীৰ আদৰ্শ আৰু স্বাধীনতা আন্দোলনৰ প্ৰতি অসমৰ সকলো শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিছিল আৰু সকলো অসমীয়াই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। বিভিন্ন জাতি-জনজাতিক একেলগ কৰাত মহাত্মা গান্ধীৰ ভ্ৰমণে সহায় কৰিছিল।
(অক্টোবৰ, ২০২৫ সংখ্যা প্ৰবাহ আলোচনী)
Comments
Post a Comment