ইংৰাজৰ দৃষ্টিত পুৰণি অসম: দুই ব্ৰিটিছ পৰিব্ৰাজকৰ দুখন ঐতিহাসিক গ্ৰন্থ
বিদেশৰপৰা ভাৰতবৰ্ষলৈ
অহা প্ৰথমজন পৰিব্ৰাজক আছিল মেগাস্থিনিচ। তেওঁ গ্ৰীচৰপৰা আহিছিল খ্ৰীষ্টপূৰ্ব তৃতীয়
শতিকাত। ইয়াৰ পিছত আহিছিল চীনৰপৰা ফাহিয়ান (তৃতীয় শতিকাত) আৰু হিউৱেন চাং (পঞ্চম শতিকাত),
ভেনিচৰ পৰা মাৰ্ক পোলো (১৩ শতিকাত)। তেওঁলোক প্ৰত্যেকেই ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক,
সামাজিক আদি সকলো দিশ সামৰি টোকা লিখি থৈ গৈছে। সেইবোৰ আজি ভাৰতৰ ইতিহাসৰ বাবে এক মূল্যৱান
সমল হৈ পৰিছে। তেতিয়ালৈ পিছে ইংলণ্ডৰ পৰা কোনো পৰিব্ৰাজক ভাৰতলৈ আহিব পৰা নাছিল। ইউৰোপীয়সকলে দুই-তিনি হাজাৰ বছৰ আগৰে পৰা
ছিল্কৰোডেৰে চীন হৈ ভাৰতলৈ বেহা বেপাৰ কৰিবলৈ আহিছিল যদিও ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ
হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোডত অহা-যোৱা কৰা বহুত কঠিন আৰু ভয়াবহ হৈ পৰে।
ইংলণ্ডে সাগৰৰ মাজেৰে ভাৰত অহাৰ পৰিকল্পনা কৰে।
ষোল শতিকাত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল
ৰাল্ফ ফিট্চ নামৰ ব্ৰিটিছ পৰিব্ৰাজক এজনে।
ৰাণী এলিজাবেথ-১ৰ নিৰ্দেশত তেওঁ ভাৰতবৰ্ষলৈ যাত্ৰা কৰিছিল আমাৰ দেশৰ বিষয়ে জ্ঞান আহৰণ
কৰিবলৈ। ভাৰতত উপনিৱেশ পাতিবলৈ তেওঁলোকক ভাৰতৰ বিষয়ে তথ্য আহৰণ কৰাৰ প্ৰয়োজন আহি পৰিছিল।
ৰাল্ফ ফিট্চে ভাৰতৰপৰা উভতি আহি যি বিৱৰণ দিলে তাকেই লিখিত ৰূপ দিয়ে জে হৰ্টন ৰিলে
নামৰ ব্ৰিটিছ নাগৰিক এজনে। গ্ৰন্থখন প্ৰথমে প্ৰকাশ পাইছিল ১৮৯৯ চনত লণ্ডনত। গ্ৰন্থখনৰ
নাম হ’ল ‘Ralf Fitch: England’s Pioneer to India and Burma’। ১৫৮৩ চনৰ ফেব্ৰুৱাৰী
মাহৰ কোনোবা এটা দিনত ৰাল্ফ ফিট্চ আৰু লগত চাৰিজন ব্ৰিটিছ নাগৰিকে টাইগাৰ নামৰ জাহাজখনত
উঠি টেমচ নৈৰে যাত্ৰা আৰম্ভ কৰিছিল চিৰিয়ালৈ। তাৰ পৰা ইৰাক হৈ বাগদাদ পাৰ হৈ ভৰি থৈছিল
গোৱাত। ইতিমধ্যে গোৱাত পৰ্তুগালে উপনিৱেশ পাতিছিল। ৰাল্ফৰ প্ৰতি ওপজা সন্দেহৰ বাবে
পৰ্তুগিজসকলে প্ৰথমে গোৱাত আটক কৰি থয়। ৰাল্ফে তেওঁৰ দুজন সংগী নিউবেৰী আৰু লিড্চৰ
স’তে এপ্ৰিল, ১৫৮৪ চনত গোৱাৰ জেলৰ পৰা পলাবলৈ সক্ষম হয়। তেওঁলোকে তাৰপৰা মোগল সাম্ৰাজ্যত
সোমাই ফতেপুৰ চিক্ৰিত থকা মোগলৰ ৰজা আকবৰৰ দৰবাৰ চাই আহে। তাৰপৰা ৰাল্ফে বাৰানসী, পাটনা
হৈ আগ বাঢ়িছিল বঙ্গ দেশৰ পিনে। ৰাল্ফে বঙ্গদেশৰ মালদহ জিলাৰ টাণ্ডা নামৰ নগৰখনৰপৰা
যাত্ৰা আৰম্ভ কৰে কোচ ৰাজ্যলৈ। কোচ ৰাজ্য পাওঁতে তেওঁক সময় লাগিছিল ২৫ দিন। ৰাল্ফৰ
বৰ্ণনাত কোচ ৰাজ্যৰ বিষয়ে এনেদৰে আছে:
শুক্লধ্বজৰ (ৰজা
চিলাৰায়) ৰাজ্য আছিল এখন বিশাল ৰাজ্য। ইয়াৰ মানুহবোৰ ইমান ধৰ্মপ্ৰাণ আৰু মৰমিয়াল আছিল
যে কোনো প্ৰাণী হত্যা নকৰিছিল। আনকি পৰুৱাকো নামাৰিছিল। কোচ ৰাজ্যত গৰু, ছাগলী, কুকুৰ,
পক্ষী আদি পোহনীয়া জন্তুৰ বাবে চিকিৎসালয় স্থাপন কৰিছিল। বয়স বাঢ়ি গ’লেও নমৰালৈকে খুৱাই
বুৱাই জন্তুবোৰ পুহি ৰাখিছিল। গোটেই ৰাজ্য বাঁহ গছেৰে ভৰ্তি হৈ আছিল। তেনে এখন মৰমিয়াল
ৰাজ্য সম্ভৱ হৈছিল কেৱল শংকৰদেৱ-মাধৱদেৱে প্ৰতিষ্ঠা কৰা মহাপুৰুষীয়া ধৰ্মত দীক্ষা লৈ
অহিংসা ব্ৰত গ্ৰহণ কৰা কোচ ৰাজ্যৰ মানুহৰ বাবে। ৰাল্ফে অসম ভ্ৰমণৰ সময়ছোৱা অৰ্থাৎ ১৫৮৪
চনৰ আগতে চিলাৰায় মৃত্যু বৰণ কৰিছিল (১৫৮১ চন) যদিও মাধৱদেৱে বৰপেটাত সত্ৰ প্ৰতিষ্ঠা
কৰিছিল। ৰাল্ফে ইয়াৰ পিছত বঙ্গৰ হুগলিলৈ উভতি যায় আৰু তাৰ পৰা ব্ৰহ্মদেশৰ ৰেঙ্গুনলৈ
যাত্ৰা কৰে। এছিয়াৰ বিভিন্ন দেশ ঘূৰি ৰাল্ফে ১৫৯১ চনত ইংলণ্ডলৈ উভতে। ইমান বছৰে কোনো
খবৰ নোপোৱা বাবে ৰাল্ফ মৰা বুলিয়ে সকলোৱে ভাবি লৈছিল আৰু তেওঁৰ সম্পত্তি উইল অনুযায়ী
ভগাই দিছিল। ৰাল্ফৰ শিহৰণকাৰী ভ্ৰমণ কাহিনী ইমানে জনপ্ৰিয় হৈছিল যে উইলিয়াম শ্বেইক্সপিয়েৰৰ
মেকবেথ নাটকৰ প্ৰথম অঙ্কত এই ভ্ৰমণৰ কথা উল্লেখ কৰিছে।
১৮০৭ চনৰপৰা ১৮০৯
চনলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফ্ৰেন্সিছ হেমিল্টন নামৰ ব্ৰিটিছ নাগৰিক এজনে ব্ৰিটিছ
উপনিৱেশৰ অধীনত থকা গোৱালপাৰা আৰু ৰংপুৰত থাকি কোম্পানীৰ হৈ কাম কৰিছিল। তেওঁৰ কাম
আছিল অসমৰ বিষয়ে তথ্য সংগ্ৰহ কৰা যাতে অসমলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায় সম্প্ৰসাৰণ
কৰিবপৰা যায় আৰু অসমক কোম্পানীৰ অধীনলৈ আনিবপৰা যায়। হেমিল্টনে বিভিন্ন কাৰণত অসম ৰাজ্যৰ
ভিতৰত সোমাবলৈ সক্ষম নহ’ল। তেওঁ বঙ্গদেশৰ বহু কেইজন ব্যক্তিক অসমলৈ পঠিয়ায়। তেওঁলোকৰপৰা
আৰু অসমত থকা কেইজনমান ব্ৰাহ্মণ পুৰোহিতৰ পৰা
খবৰ সংগ্ৰহ কৰি লিখিত ৰূপ দিয়ে। তেওঁৰ এই মূল্যবান টোকা প্ৰথমে প্ৰকাশ পায় ওৰিয়েণ্টেল
লিটাৰেচাৰ নামৰ জৰ্নেল এখনত জুন, ১৮২০ চনত। হেমিল্টনৰ লেখাসমূহ ১৯৩৬ চনত ড: সূৰ্য কুমাৰ
ভূঞাই
লণ্ডনৰ
ইণ্ডিয়ান অফিচ লাইব্ৰেৰীত উদ্ধাৰ কৰিছিল। তেওঁ গ্ৰন্থখন সম্পাদনা কৰি ’AN ACCOUNT
OF ASSAM’ নামেৰে গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰে ১৯৪০ চনত। হেমিল্টনে যিহেতু নিজে ঠাইসমূহলৈ
যাব নোৱাৰিলে তেওঁৰ লেখনিত কিছু তথ্যৰ ভুল থাকি গৈছিল যদিও ড: ভূঞাৰ সম্পাদনাত শুদ্ধ
ৰূপ পাইছে। সেয়েহে হেমিল্টনৰ গ্ৰন্থখনৰ গুৰুত্ব কমা নাই। ১৮০৮ চনৰ অসমখনক জানিবলৈ এই
গ্ৰন্থখন পঢ়া উচিত। সেই সময়ছোৱা আছিল আহোম ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া
কোম্পানীৰ সহায় লৈ মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ পিছৰ আৰু মানৰ আক্ৰমণৰ আগৰ সময়।
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে
মোৱামৰীয়া বিদ্ৰোহৰ পিছতে অসমৰ স’তে ব্যৱসায় বাণিজ্য বৃদ্ধি কৰে। হেমিল্টনে এটা বছৰত
বঙ্গদেশৰ লগত কৰা আমদানি, ৰপ্তানীৰ হিচাপ এটা দিছিল। অসমে বছৰি ২,২৩,৩০০ টকাৰ বস্তু
আমদানি কৰিছিল বঙ্গ দেশৰপৰা। ইয়াৰ এটা বৃহৎ অংশ কেৱল নিমখ আমদানিৰ বাবে দিব লগীয়া হৈছিল।
প্ৰতি মোন নিমখ চাৰে পাঁচ টকাকৈ প্ৰতি বছৰে মূঠ ১,৯২,৫০০ টকাৰ নিমখ অসমে কিনিছিল। তদুপৰি
১,৬০০ টকাৰ ঘী, ১০০০ টকাৰ নিমখ, ২০০০ টকাৰ ঊল, ১০০০ টকাৰ চাটিন কাপোৰ আমদানি কৰিছিল।
ৰপ্তানী সামগ্ৰীৰ ভিতৰত আছিল ১১,৩৫০ টকাৰ মুগা সূতা (৬৫ মন), ১৭,৫০০ টকাৰ মুগা কাপোৰ(৭৫
মন), ৩৫,০০০ টকাৰ কপাহ, ৬,৫০০ টকাৰ হাতীৰ দাঁত, ২০,০০০ টকাৰ সৰিয়হ (১৫,০০০ মন) আৰু
গছত উৎপাদন কৰা লা ২০,০০০ টকাৰ। মন কৰিবলগীয়া যে সেই বছৰটোত ১০০ গৰাকী মানুহ অসমৰ পৰা
২০০০ টকাত বঙ্গদেশত ক্ৰীতদাস হিচাপে বিক্ৰী কৰা হৈছিল। প্ৰতিজন মানুহৰ গড় মূল্য আছিল
২০ টকা। ১৫০ টকাত ৫০ মোন আঠিয়াকল ৰপ্তানী কৰা হৈছিল। যদিও আমদানি কৰা বস্তুৰ মূল্য
আছিল ২,২৩,৩০০।-, ৰপ্তানী কৰা বস্তুৰ মূল্য আছিল ১,৩০,৯০০।-, অৰ্থাৎ ৯২,০০০ টকা অসমৰপৰা
ওলাই গৈছিল। এই টকা পৰিশোধ কৰিছিল সোণ আৰু ৰূপৰ জৰিয়তে। অসমৰ নদীত বালিৰ লগত সোণ পোৱা
গৈছিল। ধনশিৰি নৈৰপৰা সোণোৱাল উপাধিৰ লোকসকলৰ সোণ কমোৱা কামত জড়িত আছিল। অসমৰপৰা কম
বয়সীয়া ছোৱালী ১২-১৫ টকাত দাসী হিচাপে বিক্ৰী হৈছিল বঙ্গদেশৰ পতিতালয়ত। দাস হিচাপে
কোচ বংশৰ ল’ৰাৰ দাম আছিল ২৫ টকা আৰু কলিতা বংশৰ ল’ৰাৰ দাম আছিল ৫০ টকা।
হেমিল্টনৰ গ্ৰন্থত
দুজনা গুৰুৰ নৱ বৈষ্ণৱ ধৰ্মৰ সত্ৰৰ বিষয়ে উল্লেখ কৰিছে। সত্ৰৰ সত্ৰাধিকাৰক তেওঁ মহাজন
নাম দিছিল। সত্ৰসমূহক দুই প্ৰকাৰে ভগাইছিল। এটা ভাগত ৰাখিছিল ব্ৰাহ্মণ সত্ৰাধিকাৰ থকা
সত্ৰ যেনে আউনীআটী, দক্ষিণপাট, গড়মূৰ সত্ৰ আদি আৰু আনটো ভাগত ৰাখিছিল কলিতা সত্ৰাধিকাৰ
থকা সত্ৰসমূহ যেনে বৰপেটা, পাটবাউসী, নৰোৱা, চামগুৰী, ময়ামাৰা সত্ৰ আদি। একোখন সত্ৰৰ
শিষ্য দহৰ পৰা পোন্ধৰ হাজাৰলৈ আছিল। বেছিভাগ সত্ৰত বংশানুক্ৰমে সত্ৰাধিকাৰ হ’ব পাৰিছিল।
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কেপ্টেইন ৱেলচে যেতিয়া মায়ামৰা সত্ৰৰ শিষ্যসকলক দমন কৰিলে,
বেছিভাগ শিষ্যই ধৰ্ম এৰি বেলেগ ঠাইলৈ পলাই যায়। হেমিল্টনে তিনিটা পৱিত্ৰ মন্দিৰৰ কথা
উল্লেখ কৰিছে। কামাখ্যা মন্দিৰত সেই সময়তো বিভিন্ন দেশৰপৰা অহা ভক্তই ভীৰ কৰিছিল বুলি
উল্লেখ আছে। তদুপৰি কলিয়াবৰ আৰু শদিয়াৰ মন্দিৰৰ কথা উল্লেখ কৰিছে। শালিধান আৰু আহুধানৰ
খেতি সকলোৱে কৰিছিল। সৰিয়হৰ খেতি, জালুক, তামোল, পাণ আৰু আফিঙৰ খেতিও কৰিছিল বুলি উল্লেখ
আছে। আনকি তামোল-পাণ আৰু আফিং অসমীয়া মানুহে খাইছিল। সেই সময়ত নাৰিকল গছ যথেষ্ট কম
আছিল বুলি কৈছে। মুগাৰ চোমনি বহুতো ঠাইত আছিল বুলি লিখা আছে। অসমৰ মানুহে নিজে খেতি
পথাৰত কাম কৰিছিল। কিছুমানৰ ঘৰত খেতিৰ কাম কৰিবলৈ দাস হিচাপে মানুহ ৰাখিছিল। অসম আৰু
বঙ্গদেশত সেই সময়ত ক্ৰীতদাস প্ৰথা আছিল।
হেমিল্টনৰ গ্ৰন্থত
লিখিছে যে কেপ্টেইন ৱেলচে যেতিয়া মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ আহিছিল, তেতিয়া থমাচ
উড নামৰ অভিযন্তা এজনে ব্ৰহ্মপুত্ৰ নৈৰ জৰীপ কৰিবলৈ লাগি গৈছিল। এৰোস্মিথ নামৰ আন এগৰাকী
অভিযন্তাই জৰীপত সহায় কৰিছিল। তেওঁলোকে অসমৰ এখন মেপ তৈয়াৰ কৰিছিল য’ত নদী, পাহাৰ, নগৰসমূহ দেখুওৱা
হৈছিল। ৱ্ৰিটিছে যি ৰাজ্যলৈ যায় সেই ৰাজ্যখন প্ৰথমে জৰীপ কৰি লৈছিল। তাৰ পিছত হে ৰাজ্য
দখলৰ পৰিকল্পনা আৰম্ভ কৰিছিল। ছয়শ বছৰীয়া আহোম ৰাজত্বত সম্ভৱ ব্ৰহ্মপুত্ৰৰ কোনো জৰীপ
কৰা নাছিল।
অসমৰ অতীতক জানিবলৈ হ’লে ‘Ralf Fitch:
England’s Pioneer to India’ আৰু ’AN ACCOUNT OF ASSAM’ নামৰ গ্ৰন্থ দুখন সকলোৱে পঢ়া
উচিত।
(১২ অক্টোবৰ, ২০২৫ অসমীয়া প্ৰতিদিন)
Comments
Post a Comment