সমূহৰ কথাকতা-১৫: কৃত্ৰিম বুদ্ধিমত্তাই মানৱজাতিলৈ বিপদ আনিব পাৰে
২০২২ চনৰ নভেম্বৰ মাহত যেতিয়া অপেন এ আই প্ৰতিষ্ঠানে ছাট জিপিটি উলিয়ালে তেতিয়াৰ পৰা বিশ্বত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তা। অপেন এ আইৰ বাহিৰেও মাইক্ৰ’চফ্ট, গুগুল আদি বিভিন্ন চফ্টৱেৰ প্ৰতিষ্ঠানে নিজৰ নিজৰ ছাটব’ট উলিয়ালে। লাৰ্জ লাৰ্ণিঙ মডেলৰ প্ৰয়োগ সৰ্বত্তে আৰম্ভ হৈ গ’ল। কোনে কিমান কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখন দখল কৰিব পাৰে তাৰ প্ৰতিযোগিতাত নামি পৰিল। আনপিনে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে ৰবট মানৱৰ উৎপাদন বাণিজ্যিকভাৱে আৰম্ভ হৈ গ’ল। চীন, আমেৰিকা আদি দেশ ইয়াৰ উৎপাদনত নামি পৰিল। বিশ্বৰ বজাৰ ৰবট মানৱে দখল কৰিব যে সেয়া নিশ্চিত। সেইদিনা অসম সন্তান ছফটৱেৰ অভিযন্তা ধ্ৰুৱ বৰঠাকুৰে প্ৰতিষ্ঠা কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা বিশ্লেষকৰ কাম কৰা ৰকছেট নামৰ প্ৰতিষ্ঠানটো ৯৫০ কোটি টকাৰে অপেন এ আয়ে কিনি লয়। য়ে প্ৰমাণ কৰে বিশ্বৰ বজাৰত দোপত দোপে বৃদ্ধি পোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ চাহিদা। ভাৰতবৰ্ষ হ’ল ৰবট মানৱৰ বাবে এক বৃহৎ সম্ভাৱনাপূৰ্ণ বজাৰ। ইতিমধ্যে কিছুমান স্কুলত বিদেশৰ পৰা ৰবট মানৱ ক্ৰয় কৰি শিক্ষকৰ দায়িত্ব ৰবটৰ ওপৰত ন্যস্ত কৰিছে। ৰবট মানৱে শিক্ষা প্ৰদান কৰ...