সমূহৰ কথকতা-১৪: লক্ষ্য যদি দিগন্ত………

  

মানুহভেদে জীৱনৰ লক্ষ্য ভিন্ন হয়। প্ৰতিজন মানুহে জীৱনটোত বহুত কিবা কিবি পাব খোজে, বহুত কিবা হ’বলৈ বিচাৰে। কেইবাটাও লক্ষ্য আগত ৰাখি কাম কৰে। মানুহৰ জীৱনৰ লক্ষ্য কি হোৱা উচিত এই বিষয়ে সত্যনাথ বৰাদেৱে ‘সাৰথি’ নামৰ পুথিখনত এনেদৰে লিখিছে।

 

“সংসাৰখন কেৱল এটা জীৱৰ সোঁত। এই সোঁত অনাদি কালৰ পৰা বৈ আছে, আৰু অনন্ত কাললৈ বৈ থাকিব। সংসাৰত উদ্গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন জলতে যত্ন চেষ্টা শেষ নকৰি সকলোৱে জীৱনৰ অন্তলৈকে উদ্গতিৰ অনন্ত পথত চলি থকা উচিত।”

 

কিন্তু দেখা যায় যে কিছুমান মানুহে গোটেই জীৱন উদ্গতিৰ অনন্ত পথত লাগি থাকোঁতে নিজৰ সুখ, পৰিয়াল, বন্ধু-বান্ধৱৰ চিন্তা এৰি দিবলগীয়া হয়। শেষত এনে এটা অৱস্থা পায় যে দিনটোৰ ২৪ ঘণ্টাও যেন তেওঁৰ বাবে কম হৈ পৰিছে। ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেই পিছলৈ মানুহজনৰ জীৱন দুৰ্বিষহ হৈ পৰে। নিজৰ সুখ, আনন্দ জলাঞ্জলি দিবলগীয়া হয়। নিজৰ ব্যস্ততাভৰা জীৱন আনক দেখুওৱাবলৈ সমাজিক মাধ্যম ব্যৱহাৰ কৰা এটা ফেশ্বন হৈ পৰিছে আৰু কোনে কিমান ব্যস্ত তাক দেখুৱাবলৈ প্ৰতিযোগিতাত নামি পৰিছে। পিছে যিমানে কামত ব্যস্ত হ’বলগীয়া হয় সিমানে নিজৰ বাবে সময় দিবলৈ অপাৰগ হয়। সেয়েহে আমেৰিকাৰ প্ৰফেছৰ আৰ্থাৰ চি ব্ৰুকে যোৱা এপ্ৰিল মাহত এটা প্ৰবন্ধ লিখিছিল ‘How to be less busy and more happy’ নিজকে কেনেকৈ কম ব্যস্ততাত ৰাখি অধিক সুখী হ’ব পাৰে। তেখেতে প্ৰবন্ধটোত উল্লেখ কৰে যে পিউ ৰিচাৰ্ছ নামৰ বেচৰকাৰী প্ৰতিষ্ঠান এটাই আমেৰিকাত কৰা সমীক্ষাত ওলাই পৰিছে যে ৬০% কৰ্মৰত মানুহে ভাবে যে তেওঁলোকে কামত ইমান ব্যস্ত হৈ পৰিব লাগে যে নিজৰ বাবে অলপো সময়ে নাথাকে। ইয়াৰ এটা একেবাৰে সহজ সমাধান হ’ব পাৰে নিজকে কম ব্যস্ত ৰখা। পিছে আমি ব্যস্ত নহও বুলি ক’লেও নোহোৱাকৈ থাকিব নোৱাৰোঁ। জীৱনত আমাৰ প্ৰত্যাশা ইমান বেছি যে আমাৰ সুখ হেৰাই যাওক তথাপি লক্ষ্যৰ পাছত দৌৰি থাকিম। প্ৰত্যাশা কমালেই দেখোন আমাৰ হাতত যথেষ্ট সময় ৰৈ যায়। আন এটা সমস্যা হৈছে ব্যস্ততাপূৰ্ণ দিনটোৰ মাজত আহৰিৰ বাবে যিকণ সময় পাওঁ তাৰো সদ্ব্যৱহাৰ কৰিবলৈ নোৱাৰোঁ বা নাজানো। শেষত আমাৰ দেহত চাপ আৰু উদ্বেগ বৃদ্ধি পায়। ইয়াৰ ফলত মানুহে হৃদৰোগ, বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ আদি ৰোগত ভোগা দেখা যায়। 

 

বিশ্বৰ শ্বেয়াৰ বজাৰৰ সফলতাৰ উচ্চতম শিখৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ব্যক্তিজন হ’ল আমেৰিকাৰ ৱাৰেন বাফেট। বিশ্বৰ নিপিড়িত মানুহৰ সহায়ৰ হাত আগবঢ়োৱা গেইটচ ফাউণ্ডেচনৰ ৯৫% ধন দান হিচাপে আগবঢ়াইছে বাফেটে। সাত বছৰ আগতে বিল গেইটচ আৰু ৱাৰেন বাফেটে একেলগে টেলিভিছনৰ পৰ্দাত এটা সাক্ষাৎকাৰ দিছিল। সেই সক্ষাৎকাৰত বাফেটে কৈছিল যে তেওঁ দিনটো যিমান পাৰি কম ব্যস্ততাৰে সময় কটাব বিচাৰে। বিল গেইটছৰ দিনপঞ্জীত দিনটোৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱাৰ পৰা ৰাতিলৈ নানানটা সাক্ষাৎকাৰ, মিটিং আদিৰে  আগতীয়াকৈ লিপিবদ্ধ থাকে। কামৰ মাজত একমিনিট সময় নিজৰ বাবে নাথাকে। ইয়াৰ বিপৰীতে বাফেটৰ সপ্তাহটোত তিনি বা চাৰিটা সাক্ষাৎকাৰ, মিটিঙৰ বাবেহে আগতীয়াকৈ সময় দিয়া থাকে। সেয়েহে বাফেটৰ নিজৰ বাবে, নতুন কথা শিকাৰ বাবে আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে অপৰ্যাপ্ত সময় থাকে। কিছুদিন আগত গেইটচে স্বীকাৰ কৰিছে যে বাফেটে কোৱা সময় জ্ঞানৰ কথাখিনি ইমান দিনৰ পাছতহে তেওঁ হৃদয়ংগম কৰিব পাৰিছে। আমি সকলো বস্তু কিনিব পাৰো, সময় কিনিব নোৱাৰো। সেয়েহে সময়ৰ মূল্য অপৰিসীম। 

 

ৱাৰেন বাফেটে সময়ৰ সদব্যৱহাৰেৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ ৫/২৫ নিয়ম উলিয়াইছিল। এই নিয়মটোৰ সৈতে এটা সুন্দৰ কাহিনী জড়িত হৈ আছে। মাইক ফ্লিণ্ট আছিল বাফেটৰ ব্যক্তিগত বিমান পৰিচালক। এবাৰ উৰাজাহাজত ফুৰিবলৈ যাওঁতে ফ্লিণ্টে বাফেটৰ আগত নিজৰ চাকৰি জীৱনত কি কি কৰিবলৈ মন তাকে শুনাই আছিল। বাফেটে তেওঁক তালিকা এখন কাগজত লিখিবলৈ দিলে। তেখেতৰ তালিকাত আছিল নিজে কৰিব বিচৰা ২৫টা কাম। বাফেটে তেতিয়া ২৫ টাৰ পৰা পাঁচটা লক্ষ্য বাচি উলিয়াব দিলে অগ্ৰাধিকাৰ ভিত্তিত যিকেইটা লক্ষ্যত উপনীত হ’বলৈ তেওঁ বেছিকৈ বিচাৰে। বাফেটে তেখেতক উপদেশ দিয়ে যে সেই লক্ষ্যৰ কথা হে ভাবি কামত আগবাঢ়ক আৰু বাকী থকা ২০টা লক্ষ্য চিৰদিনৰ বাবে পাহৰি যাওক। ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ জীৱনত বহুত কেইটা লক্ষ্য স্থিৰ কৰি জীৱনটোক অযথা কষ্ট দিয়াৰ প্ৰয়োজন নাই। নিজৰ লক্ষ্য দুটা বা তিনিটা স্থিৰ কৰি সেইকেইটাতে মনোনিৱেশ কৰাই উচিত। তেতিয়াহে লক্ষ্যত উপনীত হ’ব পৰা যায়। অসমীয়াত এষাৰ কথা আছে যে কেইবাটাও গাত খান্দিলে কোনো এটা গাতটে পানী ওলোৱাৰ সম্ভাৱনা নাথাকে। গতিকে এটা গাতটে মনোনিৱেশ কৰি গভীৰলৈ খান্দি গৈ থাকিলে পানী ওলোৱাটো নিশ্চিত হৈ পৰে। আমি যদি নিজৰ কথা ভাবোঁ, ২৫টা দৰকাৰী লক্ষ্য আমি বিচাৰি পাম যাক এই জীৱনতে লাভ কৰিবলৈ বিচাৰোঁ। আমাৰ মনত প্ৰথমে এনে ভাব হ’ব যেন ইয়াৰ এটাও যদি সফল নহয় জীৱনটো যেন অসম্পূৰ্ণ হৈ ৰ’ব। কিন্তু গোটেইকেইটাত সময় দিব বিচাৰিলে এটাও কাম সমাধা নহ’ব কাৰণ আমাৰ হাতত সময় সেইখিনিয়ে তাক কেনেদৰে কি কামত সদ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰতে আমাৰ সফলতা নিৰ্ভৰ কৰে। সেইবাবেই আমি মুষ্টিমেয় কেইটামান কামত মনোনিবেশ কৰিব লাগিব বাকীবোৰ তালিকাৰ পৰা মচি পেলাব লাগিব।

লক্ষ্য এটাই হওক লাগিলে কিন্তু লক্ষ্য হ’ব লাগিব দিগন্তলৈ৷

  (১০ জুলাই, ২০২৪ অসমীয়া খবৰ)

      

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা