বিশ্ব সাহিত্যত কল্পবিজ্ঞানৰ জগত

 

উনৈশ শতিকাৰ পৰাই বিশ্ব সাহিত্যত কল্পবিজ্ঞান কাহিনীয়ে এক বিশেষ স্থান দখল কৰি আহিছে। ল’ৰালি কালতে আমাৰ দৰে প্ৰায় সকলোৰে অন্তৰ চুই গৈছিল কেইখনমান কল্পবিজ্ঞান কাহিনীৰ গ্ৰন্থই। তাৰে ভিতৰত জুলে ভাৰ্ণৰ Around the world in Eighty Days, Journey to the Centre of the Earth, Twenty Thousand Leagues under the sea, এইছ জি ৱেলছৰ The invisible man, The Time Machine আদি বিশ্ব বিখ্যাত গ্ৰন্থসমূহ। এডগাৰ এলেন প’, মেৰী শ্বেলী, জুলে ভাৰ্ণ, এইছ জি ৱেলছে গঢ় দিয়া কল্পবিজ্ঞান সাহিত্যৰ নতুন ধাৰাক উন্নত স্তৰলৈ আগুৱাই নিয়ে বিংশ শতিকাৰ বিশ্ব শ্ৰেষ্ঠ উপন্যাসিক কেইজনমানে। তাৰ ভিতৰত প্ৰথমেই নাম ল’ব লগিব হিউগো গাৰ্নছবেক, আৰ্থাৰ চি ক্লাৰ্ক, আৰ্থাৰ কনন ডয়েল, আইজাক আছিম’ভ, কেম্পবেল আদিৰ দৰে বৰেণ্য ব্যক্তি সকলক। মেৰী শ্বেলীৰ অনবদ্য সৃষ্টি ‘ফ্ৰেংকেষ্টাইন’ৰ কথা কোনেনো নাজানে। ফ্ৰেংকেষ্টাইনক আমি এক প্ৰতীকী হিচাপেও ভাবিব পাৰোঁ। প্ৰতিটো বৈজ্ঞানিক উদ্ভাৱনে লৈ আনে মানৱজাতিৰ উন্ননৰ বাৰ্তা। তাৰ মাজতো ই লৈ আনে এক উৎকণ্ঠা - সেই উদ্ভাৱনে মানৱজাতিলৈ আনিব পৰা বিপদ। ডিনামাইটৰ পৰা পাৰমানৱিক শক্তিৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ মানৱজাতিৰ সন্মুখত তেনে বিপদৰ আগজাননি আমি দেখিছোঁ।

কেনেধৰণৰ উপন্যাস বা গল্পক কল্প বিজ্ঞান কাহিনী বুলি ধৰা হ’ব তাৰ সংজ্ঞা পোন প্ৰথমে উলিয়াইছিল হিউগো গাৰ্ণছবেকে। ১৯২৬ চনত তেখেতে ইয়াৰ সংজ্ঞা এনেদৰে দিছিল “By ‘scientifiction’ I mean the Jules Verne, H G Wells, and Edgar Allan Poe type of story - a charming romance interwoven with scientific fact and prophetic vision” – identified three basic features of scientifiction: narrative, scientific information, and Prediction।” গাৰ্নছবেকৰ সূত্ৰ অনুযায়ী এনে সাহিত্যই কেৱল ‘ভৱিষ্যত অনুমানকাৰী কল্পকাহিনী’ হিচাপেই নহয় কল্পকাহিনীৰ মাজত ভৱিষ্যত বাণী ও থাকিব লাগিব। সেয়েহে ই হৰ’ৰ বা ফেণ্টাছীৰ পৰা কিছু দূৰত অৱস্থান কৰে। ফেণ্টাছী গল্প বা উপন্যাসত বিজ্ঞানৰ সূত্ৰ ব্যৱহাৰ হ’ব পাৰে কিন্তু সি বাস্তৱৰ পৰা বহু দূৰত অৱস্থান কৰে। কল্পনাই ইমান দূৰলৈ ধাপলি মেলে যে বিজ্ঞানৰ দ্বাৰা তাক বুজাবলৈ অসুবিধা হয়। জে কে ৰাউলিঙৰ হেৰী পটাৰ চিৰিজৰ উপন্যাসসমূহ ফেণ্টাছী সাহিত্যহে। তেনেদৰে কল্পবিজ্ঞান কাহিনী আৰু ডিষ্টোপিয়া সাহিত্যৰ মাজতো পাৰ্থক্য আছে। উদাহৰণস্বৰূপে এলড’ছ হাক্সলেৰ “ব্ৰেভ নিউ ৱৰ্লড“উপন্যাসখনৰ আধাৰ হ’ল বিজ্ঞান। ইয়াত বৈজ্ঞানিক পদ্ধতিত মানুহৰ মনস্তত্ত্ব সলনি কৰা কৌশল, নিদ্ৰামগ্ন অৱস্থাত মানুহক চৰকাৰে বিচৰা প্ৰপাগণ্ডা মূৰত সুমুৱাই দিয়া প্ৰযুক্তিৰ প্ৰয়োগ কৰি সমাজখনৰ এখন ভয়াবহ ছবি দেখুওৱা হয়। কিন্তু জৰ্জ অৰৱেলৰ ডিষ্টোপিয়ান উপন্যাস “১৯৮৪“ত বৈজ্ঞানিক তত্ত্বৰ বিশেষ প্ৰয়োগ দেখা নাযায়, সেয়েহে ‘১৯৮৪’ উপন্যাসক কল্পবিজ্ঞান সাহিত্য বুলি ধৰা নহয়।

জন ডব্লিউ কেম্পবেলক আধুনিক কল্পবিজ্ঞান কাহিনীৰ পিতৃস্বৰূপ বুলি মানি লোৱা হয়। তেখেতে কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে কৈছিল যে ই কেৱল এতিয়ালৈ আৱিষ্কাৰ হোৱা বিজ্ঞানৰ সূত্ৰৰ ওপৰতে প্ৰতিষ্ঠিত নহয়, অনাগত দিনত আহিবলগীয়া বৈজ্ঞানিক প্ৰযুক্তিও বিবেচিত হয়। জুলে ভাৰ্ণৰ Paris in the Twentieth Century এনে কিছুমান বৈজ্ঞানিক তত্ত্বৰ ভৱিষ্যৎবাণী কৰিছিল যে আজি সেইবোৰ ফলিয়ালে। তাৰ ভিতৰত গেছ’লিন ব্যৱহাৰে গাড়ীৰ ইঞ্জিন চলোৱা, বিধ্বংসী অস্ত্ৰ, গোলকীয় উষ্ণতা, লিঙ্গ পৰিবৰ্তন আদি। কল্পবিজ্ঞান ৰচক আৰ্থাৰ চি ক্লাৰ্কে ১৯৪৫ চনত ভৱিষ্যৎবাণী কৰিছিল যে তিনিটা কৃত্ৰিম উপগ্ৰহৰ সহায়ত সমগ্ৰ পৃথিৱীত যোগাযোগ সম্ভৱ কৰি তুলিব পাৰি। তাৰ কিছু বছৰ পাছতে বাস্তৱত আমি দেখিবলৈ পালোঁ। আইজাক এছিম’ভে ৰবট, কম্পিউটাৰৰ ওপৰত এনেদৰে লিখিছিল যে আজি সেইবোৰ সঁচা হ’বলৈ গৈ আছে। মানৱৰ হিতৰ বিপৰীতে যে কেতিয়াবা মানৱসৃষ্ট ৰবটক ব্যৱহাৰ কৰিব সেই কথাটো ১৯৪০ চনতে আইজাক এচিমভে ভৱিষ্যৎ বাণী কৰিছিল। তেখেতে আনকি ৰবটৰ বাবে মানৱজাতিক তিনিটা সূত্ৰ মানি চলিবলৈ আহ্বান জনাইছিল। কল্পবিজ্ঞান সাহিত্যত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কেনেদৰে সমাজখনলৈ পৰিবৰ্তন আনিব তাৰ বৰ্ণনা থাকে।

       কল্পবিজ্ঞান কাহিনী লেখক গৌতম ভাটিয়াই বিশ্ব কল্পবিজ্ঞান সাহিত্যৰ ১৫খন গ্ৰন্থ পঢ়ুৱৈৰ বাবে আগবঢ়াইছে। তাৰে কেইখনমানৰ বিষয়ে তলত উল্লেখ কৰিলো।

উৰ্চুলা কে লে গুইন নামৰ আমেৰিকানিবাসী লেখিকাৰ ১৯৭৪ চনত ৰচিত উপন্যাস ‘The Dispossesed’ত বৰ্ণনা কৰা হৈছে উৰাছ নামৰ গ্ৰহটোৰ এটা উপগ্ৰহ ‘আনাৰছ’ত বসবাস কৰা লোকসকলৰ ওপৰত শাসক শ্ৰেণীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ কথা। গুইনে উপন্যাসখনৰ জৰিয়তে দুখন ছবি অংকন কৰিবলৈ চাইছে – ব্যক্তি স্বতন্ত্ৰতা আৰু মানুহৰ ওপৰত চলা অত্যাচাৰ-উৎপীড়ন। শাসন ব্যৱস্থাৰ বিভিন্ন স্তৰত কেন্দ্ৰীভূত শক্তি আৰু পদানুক্ৰমৰ পৰা মুক্ত এখন সমাজ গঢ়ি তোলাৰ চিৰন্তন মানৱীয় আৱেগ প্ৰকাশ কৰিছে উপন্যাসখনত।

       ৰাছিয়ান উপন্যাসিকদ্বয় আৰ্কাডী আৰু বৰিছ ষ্ট্ৰুগাতস্কীৰ ‘Roadside Picnic’ অবিভক্ত ছোভিয়েত ৰাছিয়াৰ অতিকৈ জনপ্ৰিয় গ্ৰন্থ যি কেইবাটাও বিদেশী ভাষালৈ অনূদিত হৈছে। দুদিনধৰি বহিৰ্জগতৰ পৰা অহা জীৱই পৃথিৱীৰ বিভিন্ন স্থানত একেসময়তে ঘূৰা-ফুৰা কৰিলে, পৃথিৱীৰ কোনো ঠাইৰ মানুহে এই এলিয়েনবোৰক দেখা নাপালে। পৃথিৱীখনক বনভোজস্থলী হিচাপে ব্যৱহাৰ কৰি এলিয়েনবোৰে এৰি থৈ গ’ল সিহঁতৰ ব্যৱহৃত নানা সামগ্ৰী। উপন্যাসখন লিখা সময়ত ৰাছিয়াৰ চাৰ্ণ’বিল, দুই শক্তিশালী দেশ ছোভিয়েত ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলা শীতল পাৰমানৱিক যুদ্ধৰ ছাঁ উপন্যাসখনত পৰিছে।

১৯৬১ চনত পোলেণ্ডৰ লেখক ষ্টেনিছল’ লেমৰ উপন্যাস ‘Solaris’ এখন চিন্তা উদ্ৰেগকাৰী গ্ৰন্থ। এই গ্ৰন্থখনত প্ৰথম প্ৰাকৃতিক পৰিবেশ বিনষ্টৰ ওপৰত গুৰুত্ব দি লিখা কাহিনী। চ’লাৰিছ হৈছে এটা ৰহস্যময় গ্ৰহ আৰু সেই গ্ৰহটো আৱৰি আছে একেই নামৰ মহাসাগৰে। পৃথিৱীৰ পৰা মানৱজাতিয়ে গ্ৰহটো নিৰীক্ষণ কৰিবলৈ যায় আৰু এনে এটা পৰিস্থিতিৰ সন্মুখীন হয় যে তেওঁলোকৰ মনৰ বিভ্ৰম ঘটে, ভয় আৰু নিৰাপত্তাহীনতা মনলৈ আহে যিয়ে মস্তিষ্কৰ বিকৃতি ঘটাবলৈ লয়।

       আমেৰিকাৰ লেখক অক্টাভিয়া বাটলাৰে ১৯৭৯ চনত লিখি উলিয়ায় কল্পবিজ্ঞান উপন্যাস ‘Kindred’। উপন্যাসখন ‘The Time machine’ৰ আৰ্হিত এখন সময় যানৰ ওপৰত ৰচনা কৰা গ্ৰন্থ। উপন্যাসৰ নায়িকা ১৯৭৬ চনত বাস কৰা কাইনড্ৰেড নামৰ এাগৰাকী নিগ্ৰো যুৱতী। টাইম মেচিনত সোমাই এদিন নিজকে বিচাৰি পালে ১৮০০ চনৰ আমেৰিকাত নিগ্ৰো দাসী হিচাপে। দাসত্ত্বৰ বান্ধোন আৰু অস্পৃশ্যতাৰ পৰিৱেশত সোমাই পৰা কাইনড্ৰেডৰ মুক্তিৰ সংগ্ৰাম বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত।

       স্কটিছ লেখক লেইন এম বাংকাচে ৰচনা কৰা কল্পবিজ্ঞান উপন্যাস ‘Look to Windward’ ত অদূৰ ভৱিষ্যতৰ অভাৱহীন সমাজ এখনৰ ছবি বৰ্ণনা কৰিছে যি সমাজত মানুহৰ বিচাৰিবলৈ একো নাথাকে, সকলো বস্তুৰ উৎপাদন নিয়ন্ত্ৰণ কৰে কৃত্ৰিম বুদ্ধিমত্তা চালিত অতি উন্নতমানৰ “ডা মাইণ্ডচ’ নামৰ যন্ত্ৰসমূহে। যন্ত্ৰমানৱ মাইণ্ডে এটা তৰা ধ্বংস কৰিবলৈ বাধ্য হয়, যাৰ ফলত লাখ লাখ জীৱৰমৃত্যু হয়। উপন্যাসখনৰ পটভূমি আঠশ বছৰ পাছৰ।

       গৌতম ভাটিয়াৰ তালিকাত থকা আন কেইখনমান কল্পবিজ্ঞান ভিত্তিক উপন্যাস হ’ল এন লেকীৰ Ancillary Justice, য়ুন হা লীৰ Ninefox Gambit, য়ছৰ A Planet for Rent, বাচমা আবডেল আজিজৰ The Queue, হাও জিঙফাঙৰ Vagabonds। পঢ়ুৱৈসমাজে এইকেইখন গ্ৰন্থ পঢ়ি বিশ্ব সাহিত্যৰ সোৱাদ পাব পাৰে।

       ভাৰতীয় সাহিত্যত কল্পবিজ্ঞান কাহিনীৰ লেখকসকলৰ ভিতৰত সত্যজিৎ ৰায়, জয়ন্ত বিষ্ণু নাৰ্লিকাৰ, বাল ফোণ্ডকে, লক্ষ্মণ লোন্ধে, অৰুণ পাণ্ডে, শীৰ্ষেন্দু মুখোপধ্যায়, মুকুল শৰ্মা, অৰবিন্দ মিশ্ৰ অন্যতম। বাল ফোণ্ডকেৰ মতে বেছিভাগ ভাৰতীয় কল্পবিজ্ঞান কাহিনীৰ লেখকেই সমসাময়িক আমেৰিকান আৰু ব্ৰিটিছ লেখকসকলৰ দ্বাৰা প্ৰভাৱন্বিত। ইয়াৰ ফলত তেওঁলোকে লিখা কল্পবিজ্ঞান সাহিত্যত দেশৰ মাটিৰ গোন্ধ, সংস্কৃতি, পৰম্পৰাৰ সুবাস বিচাৰি পোৱা নাযায়।

অসমীয়া সাহিত্যত কল্পকাহিনীৰ কথা ওলালেই মনলৈ আহে দীনেশ চন্দ্ৰ গোস্বামীৰ নামটো। তেখেতে অনুবাদ কৰা কেইখনমান বিশ্বপ্ৰসিদ্ধ কল্পবিজ্ঞান কাহিনী হ’ল ভেলেণ্টিনা ঝুৰাভলিওভাৰ মহাকাশচাৰী, জুলে ভাৰ্ণৰ সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ, পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান, কেপ্টেইন গ্ৰেণ্টৰ সন্তান, নোমৰ দেশ, আৰ্থাৰ চি ক্লাৰ্কৰ এখন মহাকাশ অ’ডিছি, ভাৰতীয় ভাষাত প্ৰকাশিত গল্পৰ সংকলন ‘কাইলৈ এনে ঘটিছিল’ আদি। তেখেতে কল্পকাহিনীৰ যাত্ৰা আৰম্ভ কৰিছিল ১৯৭০ চনতে দৈনিক অসম কাকতত প্ৰকাশিত ‘কঁকাল’ নামৰ গল্পটোৰে। তেখেতৰ কল্পবিজ্ঞান গল্পসংকলনসমূহ হ’ল ভদ্রতামাপক যন্ত্র, পোর্টেবল স্মেল এবজৰবাৰ্, এক তৰংগৰ দৰে, অভিন্ন হৃদয়, কল্প জগত, দীনেশ চন্দ্র গোস্বামীৰ স্বনির্বাচিত গল্প’, অন্তৰ্বাহী, নতুন শতিকাৰ কল্পবাস্তৱ। তেখেতে কেইবাখনো কল্পবিজ্ঞান উপন্যাস আৰু নাটকো ৰচনা কৰিছিল৷ ডা° বিজয় কৃষ্ণ দেৱশৰ্মাই স্বাধীনোত্তৰ কালত পঞ্চাশৰ ওচৰত কল্পবিজ্ঞান গল্প লিখি অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি গৈছে। কল্পবিজ্ঞান কাহিনীৰ লেখক হিচাপে বন্দীতা ফুকনৰ নাম লবই লাগিব। তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল আট ৰহস্য, দ্বিতীয় ব্যক্তি, সন্ধান আদি। ডা° লক্ষ্মীনন্দন বৰাৰ কল্পবিজ্ঞান ভিত্তিক উপন্যাস ‘কায়কল্প’ এখন জনপ্ৰিয় উপন্যাস। গ্ৰন্থখনে ৰাষ্ট্ৰীয় ‘সৰস্বতী’ বঁটা লাভ কৰিবলৈ সক্ষম হয়। হৰেকৃষ্ণ ডেকাই লিখা উপন্যাস ‘আগন্তুক’ কল্পবিজ্ঞান কাহিনী বুলি অভিহিত কৰিব পাৰি। তেখেতৰ দুটা গল্প ‘পৰম’ আৰু ‘পৰম২’ৰ বিষয় হ’ল উন্নত প্ৰযুক্তিৰে জন্ম দিয়ে ৰবট মানৱ। শান্তনু তামূলীৰ মায়ামৃগ, প্ৰতিবিন্ব,  অসমীয়া কল্পবিজ্ঞান গল্প সংকলন (সম্পাদনা) আদি গ্ৰন্থ বিশেষভাৱে উল্লেখযোগ্য৷ পেডিয়েট্ৰিক চাৰ্জন ডা° জয়ন্ত কুমাৰ গোস্বামীয়ে সাম্প্ৰতিক কালত কেইটামান জনপ্ৰিয় কল্পবিজ্ঞান কাহিনীৰ গল্প লিখিছে। যোৱা বছৰ প্ৰকাশ পোৱা জীৱনজ্যোতি বৰদলৈৰ ‘ঈশ্বৰ’ নামৰ উপন্যাসখন কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি লিখা। ইয়াৰ উপৰিও অভিজিৎ শৰ্মাবৰুৱা, ৰথীন্দ্ৰনাথ গোস্বামী, ছাকিল জামাল, ডা° দেৱীচৰণ ঠাকুৰ আদি কেইবাজনো লেখকে কল্পবিজ্ঞান সাহিত্যত অৱদান দি থৈছে৷

এটা কথা স্বীকাৰ কৰিব লাগিব যে অসমীয়া সাহিত্যত কল্পবিজ্ঞান কাহিনীৰ সংখ্যা তেনেই তাকৰ। প্ৰতি বছৰে প্ৰকাশ পোৱা গ্ৰন্থসমূহৰ ভিতৰত কল্পবিজ্ঞান বিষয়ৰ গ্ৰন্থ এখন বা দুখন হে থাকে। সেই সীমিত গ্ৰন্থই পঢ়ুৱৈসমাজৰ আশা পূৰণ কৰিব পৰা নাই৷ ইয়াৰ কাৰণ হ’ল বেছি সংখ্যক গ্ৰন্থত বিজ্ঞান কম ফেণ্টাছী বেছি অথবা বিদেশী লেখকৰ অনুকৰণত লিখা, বিজ্ঞান বা প্ৰযুক্তিয়ে আনিব পৰা নতুন সমাজ এখনৰ ছবি দেখা নাযায়। আজি কিছুবছৰৰ পৰা অসমীয়া ভাষাৰ আলোচনীবোৰত কল্পবিজ্ঞান বিষয়ৰ গল্প কাচিৎহে দেখিবলৈ পোৱা যায়। অসমীয়া সাহিত্যত কল্পবিজ্ঞান কাহিনীৰ আৱশ্যক নিশ্চয় আছে। তাৰ বাবে নতুন প্ৰজন্মক তেনে বিষয়ৰ গল্প বা উপন্যাস লিখিবলৈ উৎসাহ যোগাব লাগিব। প্ৰতিষ্ঠিত আলোচনী, বাতৰি কাকতৰ সম্পাদকে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা ল’ব পাৰে। মাহেকীয়া আলোচনী এখনৰ বছৰত এটা সংখ্যা কল্পবিজ্ঞানক মূল বিষয় হিচাপেলৈ প্ৰকাশ কৰিব পাৰে৷   

(৭ জুলাই, ২০২৪ অসমীয়া প্ৰতিদিন)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা