সমূহৰ কথাকতা-১৫: কৃত্ৰিম বুদ্ধিমত্তাই মানৱজাতিলৈ বিপদ আনিব পাৰে

  

২০২২ চনৰ নভেম্বৰ মাহত যেতিয়া অপেন এ আই প্ৰতিষ্ঠানে ছাট জিপিটি উলিয়ালে তেতিয়াৰ পৰা বিশ্বত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তা। অপেন এ আইৰ বাহিৰেও মাইক্ৰ’চফ্ট, গুগুল আদি বিভিন্ন চফ্টৱেৰ প্ৰতিষ্ঠানে নিজৰ নিজৰ ছাটব’ট উলিয়ালে। লাৰ্জ লাৰ্ণিঙ মডেলৰ প্ৰয়োগ সৰ্বত্তে আৰম্ভ হৈ গ’ল। কোনে কিমান কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখন দখল কৰিব পাৰে তাৰ প্ৰতিযোগিতাত নামি পৰিল। আনপিনে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে ৰবট মানৱৰ উৎপাদন বাণিজ্যিকভাৱে আৰম্ভ হৈ গ’ল। চীন, আমেৰিকা আদি দেশ ইয়াৰ উৎপাদনত নামি পৰিল। বিশ্বৰ বজাৰ ৰবট মানৱে দখল কৰিব যে সেয়া নিশ্চিত। সেইদিনা অসম সন্তান ছফটৱেৰ অভিযন্তা ধ্ৰুৱ বৰঠাকুৰে প্ৰতিষ্ঠা কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা বিশ্লেষকৰ কাম কৰা ৰকছেট নামৰ প্ৰতিষ্ঠানটো ৯৫০ কোটি টকাৰে অপেন এ আয়ে কিনি লয়। য়ে প্ৰমাণ কৰে বিশ্বৰ বজাৰত দোপত দোপে বৃদ্ধি পোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ চাহিদা। 

 

ভাৰতবৰ্ষ হ’ল ৰবট মানৱৰ বাবে এক বৃহৎ সম্ভাৱনাপূৰ্ণ বজাৰ। ইতিমধ্যে কিছুমান স্কুলত বিদেশৰ পৰা ৰবট মানৱ ক্ৰয় কৰি শিক্ষকৰ দায়িত্ব ৰবটৰ ওপৰত ন্যস্ত কৰিছে। ৰবট মানৱে শিক্ষা প্ৰদান কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব পৰা হ’ল। শিক্ষাৰ্থীৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা হ’ল। এনে এটা পৰ্যায় পালে যে মনত প্ৰশ্ন উদয় হৈছে - কিছু বছৰ পাছত শিক্ষকৰ বিকল্প হিচাপে ৰবট মানৱক ব্যৱহাৰ কৰিব পৰা হ’ব নেকি। আগেয়ে আমাৰ মনত ধাৰণা আছিল যে ৰবট মানৱে কেৱল উদ্যোগবোৰত কষ্টকৰ, একঘেয়ামি কাম হে কৰিব। পিছে সময়ৰ লগে লগে ৰবট মানৱৰ বুদ্ধিমত্তা বাঢ়িগৈ থাকিল। সিহঁত এতিয়া কল-কাৰখানাৰ পৰা আহি স্কুল পালে। বিশ্ববিদ্যালয় পাবলৈ বৰ বেছি বছৰ ৰ’বলগীয়া হয়তো নহ’ব।

 

       ৰবট মানৱৰ বুদ্ধমত্তাৰ উত্তৰণৰ কাৰণ জানিবলৈ আমি কৃত্ৰিম বুদ্ধিমত্তা কি আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্য জানিব লাগিব। উইকিপেডিয়াত কৃত্ৰিম বুদ্ধিমত্তা সহজভাৱে বুজাবলৈ এনেদৰে লিখিছে, “কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়।”

 

বিশ্বৰ জনপ্ৰিয় ইতিহাসবিদ য়ুভাল নোৱা হাৰাৰিৰ মতে কৃত্ৰিম বুদ্ধিমত্তা আনতকৈ দুটা কাৰণত বেলেগ:

১) ই এনে এটা সঁজুলি (Tool) যিয়ে মানুহৰ সহায় নোলোৱাকৈ নিজাকৈ সিদ্ধান্ত ল’ব পাৰিব। বিশ্বত আজিলৈ যিমান বস্তু উদ্ভাৱন হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ বাহিৰে কোনেও নিজাকৈ সিদ্ধান্ত ল’ব পৰা ক্ষমতা নাই। মানুহে এখন কটাৰী সাজি উলিয়াইছে, কটাৰীৰে কি কৰিব সেয়া মানুহে নিজে সিদ্ধান্ত ল’ব। এটম বোমা এটা কেতিয়া ক’ত ব্যৱহাৰ হ’ব তাৰ চুইছ মানুহৰ হাতত থাকে, বোমাটোৱে নিজে ইচ্ছা কৰি ফুটিব নোৱাৰে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ৰবট মানৱে নিজে ভাবি কাম কৰিব পাৰে।

২) কৃত্ৰিম বুদ্ধিমত্তা এনে এটা সঁজুলি যিয়ে (Tool) মানুহৰ সহায় নোলোৱাকৈ এটা নতুন চিন্তাৰ উদ্ৰেক ঘটাব পাৰিব। মানুহে উদ্ভাৱন কৰা কোনো আৱিষ্কাৰতে এটা বস্তুই নিজাকৈ নতুন চিন্তাৰে নতুন উদ্ভাৱনৰ কথা ভাবিব পৰা নাছিল। কৃত্ৰিম বুদ্ধিমত্তাই ইয়াক সম্ভৱ কৰি তুলিব। এই নতুন প্ৰযুক্তিয়ে প্ৰথমবাৰৰ বাবে মানুহৰ শক্তি বঢ়োৱাৰ বিপৰীতে মানুহৰ পৰা শক্তি কাঢ়ি ল’বলৈ ওলাইছে।

 

হাৰাৰিয়ে এক ভয়ংকৰ বিপদৰ আগজাননি দিয়া যেনহে লাগিল। একৈশ শতিকাৰ দুটা দশক পাৰ হোৱাৰ পাছত আমি দেখিছো কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ দিনক দিনে নতুন ৰূপ লৈছে।  ৰবট মানৱৰ বুদ্ধিমত্তাত সূচকীয় বৃদ্ধি (Exponential growth) দেখিবলৈ পোৱা গৈছে। যোৱাটো শতিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিত Artificial narrow intelligence ব্যৱহাৰ হৈছিল। এ আই চালিত যন্ত্ৰ সমূহে নিজাকৈ চিন্তা কৰিব পৰা শক্তি নাছিল। একৈশ শতিকাত এ আই চালিত যন্ত্ৰসমূহৰ প্ৰযুক্তিৰ উত্তৰণ ঘটাৰ লগে লগে মানুহৰ দৰে চিন্তা কৰিব পৰা হ’ল। Artificial general intelligence ৰ প্ৰয়োগৰ ফলত আনকি যন্ত্ৰই নিজাকৈ সিদ্ধান্ত ল’ব পৰা হ’ল। এই যন্ত্ৰসমূহৰ বুদ্ধিমত্তা সূচকীয় বৃদ্ধিহৈ গৈ থাকিলে কিছুবছৰৰ ভিতৰত মানুহৰ বুদ্ধিমত্তাৰ সীমা চেৰাই অধিক বুদ্ধিমান হৈ পৰিব। সেই অৱস্থাটোক বিজ্ঞানীসকলে নামকৰণ কৰিছে AI singularity বুলি। এই অৱস্থাটো যিদিনা পাব সেইদিনাৰ পৰা মানুহতকৈ ৰবট মানৱ বেছি বুদ্ধিমান হৈ পৰিব। ৰবট মানৱে নিজাকৈ নতুন উদ্ভাৱন কৰিব যিটো মানুহৰ জ্ঞানেৰে ঢুকি নাপাব। অৰ্থাৎ মানৱজাতি ৰবট মানৱ অথবা এ আই চালিত যন্ত্ৰতকৈ মূৰ্খ হৈ পৰিব। জ্ঞানেই হৈছে শক্তি। গতিকে অদূৰ ভৱিষ্যতে ৰবট মানৱ হৈ পৰিব মানৱজাতিতকৈ শক্তিশালী। সেইদিনাখনৰ পৰাই আৰম্ভ হ’ব মানৱজাতিৰ ধ্বংস যজ্ঞ। টেছ্লা, স্পেছ এক্সৰ প্ৰতিষ্ঠাপক এলন মাস্কে ইতিমধ্যে আমাক সঁকিয়াই থৈছে যে, “AI will have the potential to become the most disruptive force in history. We will have something that is, for the first time smarter than the smartest human.”

বিজ্ঞানীসকলে ভাবে যে মানৱজাতি চাৰিটা কাৰণত পৃথিৱীৰ পৰা বিলুপ্ত হ’ব পাৰে। তাৰ প্ৰথমটো কাৰণ হিচাপে দেখুৱাইছে পাৰমানৱিক বোমা বিস্ফোৰণ। এনে এটা বৃহৎ বিস্ফোৰণ হোৱাৰ পাছতো পৃথিৱীৰ কোনোবা এটা চুকত বসবাস কৰা মানুহ নিশ্চয়কৈ জীয়াই থাকিব। দ্বিতীয় সম্ভাৱনাত কৈছে যে জলবায়ুৰ পৰিবৰ্তনৰ বাবে সৃষ্টি হোৱা গোলকীয় উষ্ণতাৰ বাবে পৃথিৱীখন বসবাসৰ বাবে অনুপযোগী হৈ পৰিব আৰু সকলো জীৱকুল বিলুপ্ত হৈ যাব। দেখা যায় বৰ্তমানৰ জনসংখ্যাৰ আধাও যদি নি:শেষ হৈ পৰে তেনে অৱস্থাত পৃথিৱীখনৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ উন্নতি হ’ব। তেতিয়া সকলো জীৱৰ বাবেই পৃথিৱীখন বসবাসৰ উপযোগী হৈ পৰিব। পুনৰ পৃথিৱীখনে প্ৰাণ পাই উঠিব। মানৱজাতি বিলুপ্ত হোৱাৰ তৃতীয় কাৰণ হ’ব পাৰে জৈৱিক যুদ্ধ। কৰ’না অতিমাৰীৰ ভয়াবহতা আমি দেখিছো। কিন্তু সকলোতকৈ ভয়াবহ কাৰণটো হ’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তা। এ আই চিঙ্গুলাৰিটী পালে এ আই চালিত যন্ত্ৰই মানৱজাতিৰ ধ্বংসৰ মূল কাৰণ হৈ পৰিব। সেই দিনটোত যন্ত্ৰসমূহৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ নাথাকিব। কোনোবাই যদি মানুহৰ হিতৰ বিপৰীতে ক্ষতি কৰিবলৈ ৰবট মানৱৰ সৃষ্টি কৰে সেই ৰবটে নিজাকৈ এনে ধ্বংসকাৰী অস্ত্ৰৰ সৃষ্টি কৰিব যিয়ে সমগ্ৰ মানৱ জাতিক ধ্বংস কৰিব। বিজ্ঞানীসকলে ভাবে যে কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন নতুন উদ্ভাৱন এই হাৰত চলি থাকিলে এদিন মানৱজাতিৰ বিলুপ্তি ঘটিব আৰু ইয়াৰ সম্ভাৱনা হ’ল ৯৯%।

 

কিন্তু ইয়াৰ মাজতো আমি আশাৰ ৰেঙণি দেখিবলৈ পাওঁ। ৰবট সৃষ্ট দুৰ্যোগত ৯৯% মানৱৰ মৃত্যু ঘটিলেও বৰ্তমানৰ জনসংখ্যাৰ হিচাপত ১% অৰ্থাৎ ৭০ লাখ মানুহ এই পৃথিৱীত জীয়াই থাকিব। মন কৰিবলগীয়া কথাটো হ’ল ৭০০০ খ্ৰী: পূৰ্বত অৰ্থাৎ ন হাজাৰ বছৰ আগতো পৃথিৱীৰ জনসংখ্যা আছিল প্ৰায় ৭০ লাখ, বৰ্তমানৰ জনসংখ্যাৰ ১% মাত্ৰ। এই অল্পসংখ্যক মানুহেই পৃথিৱীখনক নতুন ৰূপত আগুৱাই নিব। ১৩৪৭ চনত প্লেগ মহামাৰীত পৃথিৱীৰ জনসংখ্যাৰ আধা সংখ্যকে মৃত্যুমুখত পৰিছিল। ইয়াৰ ভিতৰত ইউৰোপৰ দেশবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। কিন্তু ইয়াৰ দুটা শতিকাৰ পাছতে ইউৰোপত নৱজাগৰণ আৰম্ভ হ’ল আৰু তাৰ ফলতে মানৱ জাতিয়ে আধুনিক যুগ দেখিবলৈ পালে। কৃত্ৰিম বুদ্ধিমত্তাই মানৱজাতিক অনিষ্ট কৰিব পাৰে কিন্তু মানৱজাতিৰ বিলুপ্তি ইমান সহজে হ’ব নোৱাৰে। ধ্বংসৰ শেষত মানৱজাতিৰ নতুনকৈ উত্তৰণ ঘটিব।

(২৯ জুলাই, ২০২৪ অসমীয়া খবৰ কাকত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা