উপন্যাসিকা : মৃত্যুও এটা শিল্প
প্ৰস্তাৱনা: ৰাতিপুৱাৰ পৰা মনটো গধূৰ হৈ পৰিছিল৷ কেতিয়াবা হয় তেনেকুৱা৷ মন বেয়া লাগি থাকে অথচ তাৰ বিশেষ কোনো কাৰণো নাথাকে৷ মনলৈ ভাৱ আহি আছে কিবা এটা যেন অঘটন ঘটিব৷ কি ঘটিব নাজানো৷ কাৰ লগত তাকো নাজানো৷ কিজানি মোৰ সতে ঘটে৷ অফিচলৈ ওলাবলৈ সাঁজু হওতে মোবাইল ফোনটো বাজিবলৈ ল’লে৷ সঁচাকৈ এটা বেয়া খবৰ পালোঁ৷ বন্ধু এজন ঢুকাল৷ দহ দিনমান হেনো হাস্পতালত আছিল৷ খবৰটো পোৱা নাছিলোঁ৷ যোৱা দুবছৰৰ পৰা মাজে সময়ে তাক হাস্পতালত থবলগীয়া হৈছিল৷ অলপ ভাল পালে ঘৰলৈ আহে৷ চাকৰিত যোগদান কৰে৷ দুই-তিনিমাহ পাছত পুনৰ হাস্পতাল৷ এই প্ৰক্ৰিয়া চলি আছিল যদিও এইবাৰ সি উভতি নাহিল৷ উভতি নহা দেশলৈ বুলি চিৰদিনৰ বাবে গ’ল৷ কবিয়ে কৈছিল “মৃত্যুওটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাষ্কৰ্য৷“ বন্ধুজনৰ মৃত্যুও শিল্পয়ে নে? তাৰ জীৱনৰ শিলত কটা ভাস্কৰ্য মই দেখিছোনে বাৰু? মৃত্যু তাৰ বাবে অৱধাৰিত আছিল নেকি? খবৰটো পোৱাৰ পাছত মোৰ অনুভৱ হৈছে বন্ধুজনৰ মৃত্যু নহ’লহেঁতেন যদি তাৰ লগত জড়িত সকলোৰে জীৱনৰ অংকবোৰ নিমিলা হৈ পৰিলেহেঁতেন নেকি৷ তাৰ মৃত্যুৱে আনি দিছে একেবাৰে সহজ সমাধান৷ সমাধান তাৰ লগতে তাৰ পৰিয়ালৰ সদস্যৰ বাবে৷ জীৱনৰ বহু জ...