সমূহৰ কথকতা-১৩ : গুৰুজনাৰ জীৱনকাহিনীৰ কিছু বিষয়ত বুৰঞ্জীবিদলৈ কেইটামান মুকলি প্ৰশ্ন
মহাপুৰুষ
শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱন চৰিত অধ্যয়ন কৰিলে দুজনাগুৰুৰ জীৱন কাহিনীৰ বহু কেইটা
বিষয়ত সঠিক সময়, সঠিক স্থানৰ বৈপৰিত্য দেখিবলৈ পোৱা যায় ৷ ৫৭৫ বছৰ আগতে জন্মলাভ কৰা
শ্ৰীমন্ত শংকৰেদৱৰ ১২০ বছৰীয়া জীৱনত কোন সময়ত ক’ত থাকিছিল বা ঘটনা বহুল জীৱনৰ কোন চনত
কি ঘটিছিল তাক সঠিকভাবে আমি জনা উচিত ৷ যদিহে কোনো বিষয়ত সন্দেহ ওপজে তেনে বিষয়সমূহৰ
উত্তৰ দিবলৈ আমাৰ বৌদ্ধিক সমাজ আগবাঢ়ি আহিব লাগে ৷ বিজ্ঞানৰ ন ন উদ্ভাৱনৰ সহায়ত আমি
নিশ্চয়কৈ এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাম ৷ মনলৈ অহা তেনে কেইটামান প্ৰশ্ন আজি বুৰঞ্জীবিদলৈ
আগবঢ়ালোঁ ৷
অসম
সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী শ্ৰীযুত সূৰ্য হাজৰিকাদেৱে সম্পাদিত “মহাপুৰুষ শ্ৰী শ্ৰী
মাধৱদেৱ বিৰচিত নাম-ঘোষা“ৰ পাতনিত হাজৰিকা দেৱে উল্লেখ কৰিছে যে ১৪৮৯ চনত জন্মলাভ কৰা
মাধৱদেৱে ১৫২২ চনত (৩৩ বছৰ বয়সত) ধুঁৱাহাট বেলগুৰিত শংকৰদেৱৰ সৈতে মিলন হয় – দুই মহাপুৰুষৰ
মণি-কাঞ্চন সংযোগ হয় ৷ দুজনাগুৰুই ধুঁৱাহাটতে ১৪ বছৰ কাল থাকে ৷ ইয়াৰ পাছত তেখেতে লিখিলে
যে ৰাজৰোষত মাধৱদেৱ ৩৩ বছৰ বয়সত শংকৰদেৱৰ জোৱায়েক হৰিৰ সৈতে একেলগে বন্দী হয় ৷ হৰিক
মৃত্যদণ্ড বিহে যদিও মাধৱক এৰি দিয়ে ৷ মনৰ দুখত গুৰুজনাই ধুঁৱাহাট পৰিত্যাগ কৰি ভটিয়াই
আহে ৷ দুজনাগুৰুই একেলগে ১৪ বছৰ কাল ধুঁৱাহাটত থাকিলে আহোম ৰজাই বন্দী কৰাৰ সময়ত মাধৱদেৱৰ
বয়স ৪৭ বছৰ হে হ’ব ৩৩ বছৰ নহয় আৰু ১৫৩৬ চনত ৷ আহোম বুৰঞ্জীত লিখা আছে যে স্বৰ্গদেউ
চুহুংমুঙক হত্যা কৰি চ্যু-ক্লেণ-মুং ১৫৩৯ চনত সিংহাসনত
বহে ৷ কোনজন স্বৰ্গদেউৰ ৰাজত্ব কালত মাধৱদেৱ আৰু হৰিক বন্দী কৰা হৈছিল সঠিকভাৱে জনা
নাযায় ৷ পণ্ডিতসকল এই বিষয়ত সহমত প্ৰকাশ কৰা দেখা নাযায় ৷ হাজৰিকাদেবে লিখা ধৰণে দুজনাগুৰুই
১৪ বছৰ কাল ধুঁৱাহাটিত অতিবাহিত কৰিলে স্বৰ্গদেউ
চুহুংমুঙৰ দিনতে এই ঘটনা ঘটে ৷ যদি সেয়া সঁচা হয় তেনেহ’লে শংকৰদেৱে নামনি অসমত ১৫৩৭
চনৰ পৰা ১৫৬৮ চনলৈ মুঠ ৩১ বছৰ কাল বাস কৰিছিল ৷ চৰিত পুথিৰ পৰা আমি পাওঁ যে ধুঁৱাহাটৰ
পৰা ভটিয়াই আহি গুৰুজনাই বাস কৰা স্থান সমূহ আছিল এনেধৰণৰ - ছয়মাহ কপলাবৰি, ছয়মাহ চুণপোৰা
ভিঠি, এবছৰ কুমাৰকুছি, ১৮ বছৰ পাটবাউসী আৰু শেষৰ ডেৰবছৰ কোঁচবেহাৰত অৰ্থাৎ নামনি অসমত
২১ বছৰ আৰু ছয়মাহ কাল গুৰুজনাই বাস কৰিছিল ৷ যিহেতু ১৫৬৮ চনত গুৰুজনাৰ বৈকুণ্ঠপ্ৰাপ্তি
হয়, তেৰাই স্বৰ্গদেউ চ্যু-ক্লেণ-মুংৰ ৰাজত্বত ধুঁৱাহাটৰ
পৰা ১৯৪৬ চনত ভটিয়াই আহিব লাগিব ৷
শংকৰী ধৰ্মৰ গৱেষক ড° ভূপেন্দ্ৰ ৰায় চৌধুৰীৰ লিখনিত পোৱা যায় যে ১৫৪৬
চনত দুজনাগুৰুই ধুঁৱাহাট ত্যাগ কৰি নাওৰে ভটিয়াই আহি কামৰূপত প্ৰৱেশ কৰে ৷ ড° ৰায়চৌধুৰীয়ে উল্লেখ কৰা চন আৰু স্থানৰ হিচাপ মিলি
থকা যেন লাগে ৷ যদিহে ড° ৰায়চৌধুৰীয়ে উল্লেখ
কৰা চনৰ হিচাপ সঠিক বুলি ভবা হয় তেনেহ’লে দুজনাগুৰুই ধুঁৱাহাটত ১৪ বছৰ নহয় সম্পূৰ্ণ
২৪ বছৰ একেলগে বাস কৰিছিল ৷ ইপিনে কুমাৰকুছি থানৰ প্ৰৱেশদ্বাৰত লিখা আছে যে সেই থানত
গুৰুজনাই ভৰি দিছিল ১৫৪১ চনত ৷ সেয়া যদি সত্য হয় তেনেহ’লে কোঁচবেহাৰত গুৰুজনাই ডেৰবছৰ
নহয় সাত বছৰ অতিবাহিত কৰিব লাগিব ৷ সেয়েহে আমি বিচাৰো কোন থানত কোন চনত গুৰুজনাই পদাৰ্পণ
কৰিছিল আৰু কিমানদিন বাস কৰিছিল তাৰ গ্ৰহণযোগ্য উত্তৰ পণ্ডিতসকলে আমাক দিব ৷
গুৰুজনাৰ শেষ বয়সত কোঁচবেহাৰলৈ অহাযোৱা কৰা সময়তে বৃন্দাবনী
বস্ত্ৰখন বৰপেটাৰ তাঁতীকুছিত বোৱা হৈছিল ৷ বস্ত্ৰখন সম্পূৰ্ণ হওঁতে এবছৰ সময় লাগিছিল
৷ বৃন্দাবনী বস্ত্ৰৰ বিষয়ে ৰামচৰণ ঠাকুৰে গুৰু চৰিতত এনেদৰে বৰ্ণনা কৰিছে –
বৃন্দাবনীয়া নামে বস্ত্ৰ অতি মনোহৰ ৷
বুৱাইলা প্ৰবন্ধে তাক শ্ৰীমন্ত শংকৰ ৷৷
বৃন্দাবন মথুৰাৰ যতমানে লীলা ৷
কৰিলন্ত পট তাত চিত্ৰক তুলিলা ৷৷
কৃষ্ণৰ জন্মৰ হন্তে কংস বধ মানে ৷
নাৰাখিলে বাকী একো তুলিলা সঘনে ৷৷
ৰামচৰণ ঠাকুৰৰ লেখনিৰ পৰা আমি নিশ্চিত যে বৃন্দাবনী বস্ত্ৰত
কৃষ্ণৰ ছবি বা বৃন্দাবনৰ ছবি দেখিবলৈ পোৱা যাব ৷ পিছে লণ্ডনৰ মিউজিয়ামত যিখন বস্ত্ৰক
আমি বৃন্দাবনী বস্ত্ৰ হিচাপে গণ্য কৰি আছো তাত তেনে ছবি দেখিবলৈ পোৱা নাই ৷ ব্ৰিটিছ
মিউজিয়ামত থকা বস্ত্ৰখন বিংশ শতিকাৰ আৰম্ভণিত তিব্বতৰ পৰা সংগ্ৰহ কৰা হৈছিল, কোঁচবেহাৰৰ
পৰা নহয় ৷ সেই বস্ত্ৰখনৰ কেইটামান অংশ বিশ্বৰ আন কিছুমান সংগ্ৰহালয়ত থকা বুলি জনা যায়
৷ বিভিন্ন সংগ্ৰহালয়ত থকা বস্ত্ৰখন বৃন্দাবনী বস্ত্ৰৰে অংশ নে ? ১৯৯৫ চনত ব্ৰিটিছ গৱেষক
ৰোজমেৰী ক্ৰিলে এইটো প্ৰমাণ কৰিবলৈ বিচাৰে যে ব্ৰিটিছ মিউজিয়ামত থকা বস্ত্ৰখনে বৃন্দাবনী
বস্ত্ৰ ৷ ৰোজমেৰীৰ বাহিৰেও অসমৰ কোনো ইতিহাসবিদে এই বিষয়ত সত্যাসত্য বিচাৰ কৰিবলৈ গৱেষণা
কৰিছিল নেকি আৰু কৰিছিল যদি কি পালে তাক জনা নাযায় ৷ আমি লক্ষ্য কৰিছো যে মিউজিয়ামত
থকা বস্ত্ৰখনৰ কোনো এখন ফটোত কৃষ্ণ বা বৃন্দাবনৰ ছবি স্পষ্টকৈ অংকন কৰা দেখা নাযায়
৷ সেই বস্ত্ৰখনে বৃন্দাবনী বস্ত্ৰ হয় বুলি ক’বলৈ বিজ্ঞানভিত্তিক যুক্তি কোনোবাই নিশ্চয়
আগবঢ়াব ৷
বৃন্দাবনী বস্ত্ৰ বোৱা ছকুৰি তাঁতীৰ মুখ্য তাঁতীৰ নাম আছিল
গোপাল তাঁতী ৷ সেইজন তাঁতীয়ে পাছত মথুৰাদাস বুঢ়া আতা নাম পোৱা বৰপেটা সত্ৰৰ প্ৰথম গৰাকী
সত্ৰাধিকাৰ হয় নে? আমাৰ দৃষ্টিত দুয়োজন একে নহয় ৷ তাৰ কাৰণ হিচাপে আমি ক’ব খোজো যে
বৃন্দাবনী বস্ত্ৰখন বোৱা শেষ হোৱালৈ এবছৰ লাগিছিল ৷ সেই এবছৰে গোপাল তাঁতী শংকৰগুৰুৰ
সংস্পৰ্শত আহিছিল ৷ এবছৰ ইমান ঘনিষ্ঠ হৈ কাম কৰাৰ পাছতো গোপালে গুৰুজনাৰ শিষ্যত্ব কিয়
নললে সেই প্ৰশ্নৰ সঠিক উত্তৰ আমাৰ হাতত নাই ৷ চৰিত পুথিত লেখা আছে যে মাধৱদেৱৰ ওচৰত
শৰণ লোৱাৰ আগতে গোপাল তাঁতী আছিল চৈতন্যপন্থী ৷ বিধৰ্মী লোক এজনক বৃন্দাবনী বস্ত্ৰৰ
দৰে পৱিত্ৰ কাম এটাত মুখ্য তাঁতী হিচাপে গুৰুজনাই নিয়োগ কৰিবনে ?
গোপাল তাঁতীৰ জন্ম হৈছিল ১৪৯০ চনত ৷ বৃন্দাবনী বস্ত্ৰ বোৱাৰ
সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ ৷ ৮১ বছৰ বয়সত গোপাল তাঁতীয়ে মাধৱদেৱক সাক্ষাৎ কৰে আৰু
শৰণ লয় ৷ ১৫৮৩ চনত মাধৱদেৱে যেতিয়া বৰপেটা সত্ৰ স্থাপন কৰে তেতিয়া মথুৰাদাসৰ বয়স হয়গৈ
৯৩ বছৰ ৷ গুৰুচৰিতত লেখা আছে যে সেই সময়ত ৰামলাড়ুৱা বুঢ়াৰ মাটিত বৰপেটা সত্ৰৰ কামকাজ
চলি আছিল ৷ এদিন মথুৰাদাসৰ পুত্ৰ বালক বলাই
আৰু গোপাল আতাৰ পুত্ৰ বালক দামোদৰে জয়-বিজয়ৰ মূৰ্তি কাটি থকা চাই আছিল ৷ মাধৱদেৱে দুইজন
বালকক দেখি হেনো কৈছিল দুয়োৰে অল্প আয়ুস লেখা আছে ৷ তাৰ কিছু দিনৰ পাছতে সঁচাকৈয়ে দুয়োজনৰ
মৃত্যু হৈছিল ৷ গুৰুজনাই তেতিয়া কৈছিল জয়-বিজয় আহিছিল, দুয়ো অল্পতে গ’ল ৷ ৯৩ বছৰীয়া
মথুৰাদাসৰ কণমানি ল’ৰা কেনেকৈ থাকিব পাৰে সেয়া আন এক প্ৰশ্ন ৷ আনহাতে আন এখন পুথিত
পঢ়িবলৈ পালো যে মথুৰাদাসে ৫৪ বছৰ বয়সত ১৫৪৪ চনত সুমতী আইৰ সঙ্গত বিবাহ পাশত আৱদ্ধ হয়
৷ মনলৈ আন এটা প্ৰশ্ন উদয় হয় বিবাহৰ ৩৫ বা ৪০ বছৰ পাছত এগৰাকী মহিলাই সন্তান জন্ম দিব
পাৰে নে ৷
কীৰ্তন পুথিত শ্ৰীমন্ত শংকৰদেৱে লিখিছিল –
মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত ৷
অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত ৷৷
গুৰুজনাৰ মতে মানুহৰ আয়ুস
এশ বছৰ হে ৷ তেনেস্থলত মথুৰাদাস বুঢ়া আতাই ১৫১ বছৰ (১৪৯০-১৬৪১ চন) দীৰ্ঘায়ু লাভ কৰা
কথাষাৰ সঁচা নে ? বিগত এহাজাৰ বছৰত মানৱ জাতিৰ ইতিহাসত তেনে কোনো এজন ব্যক্তিৰ কথা
বিজ্ঞান সন্মতভাৱে পোৱা যায় নে যিয়ে ডেৰশ বছৰ জীয়াই থাকিব পাৰিছে ? বিজ্ঞানৰ দৃষ্টিতো
ডেৰশ বছৰ কাল কোনো মানুহে জীয়াই থাকিব নোৱাৰে, গুৰুজনাৰ মতেও নোৱাৰে ৷ মথুৰাদাস বুঢ়া
আতা নিশ্চয় ইয়াৰ ব্যতিক্ৰম হ’ব নোৱাৰে ৷ সেয়েহে কেতিয়াবা মনলৈ আহে - বৃন্দাবনী বস্ত্ৰৰ
মুখ্য তাঁতী গোপাল আৰু মথুৰাদাস দুজন বেলেগ ব্যক্তি ৷
তেনে
বহুতো প্ৰশ্নৰ উত্তৰ বুৰঞ্জীবিদসকলে হয়তো দিব পাৰিব ৷
(১ এপ্ৰিল, ২০২৪, অসমীয়া খবৰ)
Comments
Post a Comment