প্ৰযুক্তিৰ হাতোৰাত বাপতি সাহোন বিহুটি
বাপতি সাহোন বিহুটি হ’ল এক কৃষি ভিত্তিক উৎসৱ ৷ অসমৰ সকলো জনগোষ্ঠীয় লোকে স্বকীয়ভাৱে হেঁপাহৰ বিহুটি উদযাপন কৰে ৷ বিহুৰ লগত জড়িত ৰীতি-নীতি, পৰম্পৰা, বিশ্বাস, ধৰ্মীয় আচৰণ এটা পীৰিৰ পৰা আনটো পীৰিলৈ চলি আছে ৷ আমি জানো যে সংস্কৃতি বোৱঁতী নৈৰ দৰে ৷ নৈ, উপনৈ জান-জুৰিৰ পানী যেনেকৈ বিশাল ব্ৰহ্মপুত্ৰত মিলি বিলীন হৈ যায় তেনেকৈ সকলো জনগোষ্ঠীৰ আচাৰ, ৰীতি-নীতি একেলেগ হৈ বৰ অসমৰ ভেটিত আজি বিহুৱে এক নিজস্ব ৰূপ লৈছে ৷
অতি
প্ৰাচীন কালৰ পৰা ব’হাগ বিহুৰ প্ৰথম দিনটো বিভিন্ন জনগোষ্ঠীয়ে গৰু বিহু হিচাপে নিজস্ব
লোকাচাৰ অনুযায়ী পালন কৰে ৷ এতিয়াও মনত পৰে
ল’ৰালি কালত গৰু বিহুৰ আগদিনাই দীঘলতি, মাখিয়তী বিচাৰি যোৱা, গাই গৰু কেইজনীক নৈৰ পানীত
গা ধুৱাই দিয়া, লাউ, বেঙেনাৰ মালা গলত ওলোমাই দি গীত গোৱা - লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ
সৰু বাপেৰ সৰু, তই হ'বি বৰ গৰু ৷ সন্ধিয়া
গোহালী ঘৰত ধোঁৱা দি বিচনীৰে বিচা, গৰুক নতুন পঘাৰে বান্ধা আদি কিমান যে নিয়ম পালন কৰিছিলোঁ
৷ সেই সময়ত ৰাজ্যৰ আশী শতাংশই আছিল কৃষিজীৱী ৷ গাঁও বা নগৰৰ প্ৰতিটো পৰিয়ালে গৰু পুহিবলৈ
বাধ্য হৈছিল কাৰণ ঘৰখনৰ নানান কামৰ বাবে গৰু অপৰিহাৰ্য আছিল ৷ খেতি পথাৰত সাৰ দিবলৈ,
হাল বাবলৈ, ঘৰৰ মজিয়া লেপিবলৈ, ঘৰৰ বেৰকেইখন লেপিবলৈ, গাখীৰৰ বাবে গৰুৰ কোনো বিকল্প
নাছিল ৷ যোৱা পঞ্চাশ বছৰত আমাৰ সমাজখনলৈ পৰিৱৰ্তন আহিল ৷ আজি নগৰ কিয় গাঁৱৰ বেছি সংখ্যক
পৰিয়ালত পোহনীয়া গৰু দেখিবলৈ পোৱা নাযায় ৷ গাঁৱৰ কেঁচা মাটিৰ ঘৰবোৰ পকী হৈ পৰিল, বলধ
গৰুৰে নাঙলৰ সলনি ট্ৰেক্টৰেৰে মাটি চহাবলৈ ল’লে ৷ ৰাসায়নিক সাৰ ব্যৱহাৰ আৰম্ভ হ’ল ৷
কেৱল গাখীৰৰ বাবেহে গাই গৰুৰ প্ৰয়োজন হৈ পৰিল ৷ যৌথ পৰিয়ালসমূহ ভাঙি একক পৰিয়াল হোৱাৰ
লগে লগে পৰিয়ালে এজনী বা দুজনী গাই কেৱল গাখীৰৰ বাবে পোহা টান হৈ পৰিল ৷ কেইবাটাও গৰু
পুহি ফাৰ্ম খুলি গাখীৰ উৎপাদন কৰিলেহে ব্যৱসায়িক ভাৱে এতিয়া সফল হ’ব পৰা যায় ৷ আজি
আমাৰ হাতত এনে এটা দিন আহি পৰিছে যে বাপতি সাহোন বিহুটিৰ প্ৰথম দিনটো পৰম্পৰাগত ভাৱে
উদযাপন কৰিবলৈ গৰু ভাড়া কৰি আনিব লাগিব ৷ হয়তো কিছু বছৰ পাছত গৰু বিহুৰ লোকাচাৰ আমাৰ
সমাজৰ পৰা হেৰাই যাব ৷ তেনেদৰে প্ৰতিটো পৰিয়ালতে জীয়াৰী-বোৱাৰীয়ে নিজ হাতে সূতা কাটি
গামোচা বৈ জ্যেষ্ঠজনক আৰু প্ৰিয়জনক বিহুৱান উপহাৰ দিছিল ৷ আজি গাঁৱৰ বেছি সংখ্যক পৰিয়ালত
কাপোৰ ব’বলৈ শাল এখন দেখিবলৈ পোৱা নাযায় ৷ নিজে বৈ বিহুৱান দিয়াৰ যি হেঁপাহ, বজাৰৰ
পৰা পাৱাৰ লুমৰ গামোচা এখন কিনি বিহুৱান হিচাপে উপহাৰ দি সেই আনন্দ পোৱা নাযায় ৷ গাঁৱৰ
পথাৰত ডেকা-গাভৰুৱে বিহু গীত গাই নাচি থকা
কাচিৎহে দেখিবলৈ পোৱা যায় ৷ সমাজখনলৈ যি হাৰত পৰিৱৰ্তন আহিছে ইয়াৰ চাৰি বা পাঁচটা দশকৰ
পাছত বিহুৰ কি কি লোকাচাৰ বা পৰম্পৰা জীয়াই
থাকিব তাক ভাবিলে মনটো সেমেকি যায় ৷
সমাজখনৰ
এই পৰিৱৰ্তনৰ মূল কাৰক হিচাপে প্ৰযুক্তিৰ উত্তৰণক বিবেচনা কৰিব পাৰি ৷ এখন সমাজৰ কৃষ্টি-সংস্কৃতি,
লোকাচাৰ, পৰম্পৰা সমাজখনৰ দাপোন স্বৰূপ ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল সমাজৰ এই সকলো গুণেই
কিন্তু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল ৷ যোৱা পাঁচটা দশকত কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট
আৰু শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগত সমাজৰ সকলো দিশত দ্ৰুতগতিত পৰিৱৰ্তন আহিবলৈ
লৈছে ৷ এই পৰিৱৰ্তনৰ ধামখুমীয়াত আজি আমাৰ সংস্কৃতি, পৰম্পৰা, লোকাচাৰত ঘূণে ধৰিবলৈ
লৈছে ৷ কেৱল অসমতে যে আমি এই অৱক্ষয় দেখিবলৈ পাইছোঁ তেনে নহয়, বিশ্বৰ সকলো দেশতে এই
অৱক্ষয় কম-বেছি পৰিমাণে দেখিবলৈ পোৱা গৈছে ৷
এটা
শতিকাৰ আগত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় লোকে নিজস্ব পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰ
মাজেৰে দেশৰ মূল সুঁতিৰ পৰা বিচ্ছিন্ন হৈ বসবাস কৰিছিল ৷ যুগ যুগ ধৰি নিজৰ পৰম্পৰা
ৰক্ষা কৰি চলিছিল ৷ বিংশ শতিকাৰ আৰম্ভণিৰ পৰা সেই জনগোষ্ঠীসমূহ মূল সুঁতিলৈ ওলাই আহিল
৷ তাৰ ফলত বহু কেইটা জনগোষ্ঠীয়ে আজি নিজৰ ভাষা, কৃষ্টি-সংস্কৃতি হেৰুৱাই পেলাইছে ৷
টেলিভিচন, ইণ্টাৰনেটৰ বহুল প্ৰয়োগৰ ফলত যদিও প্ৰতিখন দেশৰ প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি,
পৰম্পৰাৰ বিষয়ে জানিবলৈ, দেখিবলৈ পাইছোঁ তথাপি জনগোষ্ঠীসমূহৰ নিজৰ কৃষ্টি-সংস্কৃতি
আজি বিপদাপন্ন হৈ পৰিছে ৷ সামাজিক মাধ্যম মানুহৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে ।
বিশ্বায়নৰ প্ৰভাবত সামাজিক মাধ্যমে ভৌগোলিক সীমা অতিক্ৰম কৰাৰ ফলস্বৰূপে এখন দেশৰ সংস্কৃতিয়ে
আন এখন দেশৰ সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ল’লে যিয়ে জাতি-জনজাতিৰ স্বকীয় সংস্কৃতিৰ
ওপৰত প্ৰভাৱ পেলাবলৈ ল’লে । বিশেষকৈ কম জনসংখ্যাৰে গঠিত জাতি-জনজাতিৰ লোককলা, সংস্কৃতিত
অধিক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷
ডিমাচা সকলে পালন কৰা একধৰণৰ বিহু হ’ল হাংচেউ বুচু ৷ হাংচেউ উৎসৱ একেলেথাৰীয়ে সাত দিন বা সাত ৰাতি উদযাপন কৰা হয়, লগতে নৃত্য, গীত, সুস্বাদু খাদ্য আৰু সুৰাপান সেই সতোটা দিনৰ বাবে আয়োজন কৰিবলগীয়া হয় ৷ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত সাত দিন উদযাপন কৰিবলৈ আজি সময় আৰু ধন
কাৰো হাততে নাই ৷ গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই আশীৰ্বাদ দিয়াৰ বাবেও সময় উলিয়াব নোৱৰা
হৈছে ৷ চহৰ বা নগৰত বাস কৰা মানুহৰ বাবে বিহু উদযাপন কৰিবলৈ বিহু মঞ্চত বিহু গীত, হুঁচৰি
উপভোগ কৰাৰ বাহিৰে আন বিকল্প নোহোৱা হৈছে ৷
এটা সময়ত হয়তো আমাৰ মাজত কেৱল বিহু গীত, বিহু নাচেই ৰৈ যাব আৰু ব’হাগ বিহুত পালন কৰা
আন সকলো পৰম্পৰা, ৰীতি-নীতি কালৰ সোঁতত হেৰাই যাব ৷
প্ৰযুক্তিৰ বিকাশে মানুহৰ জীৱনৰ মানদণ্ড যথেষ্ট উন্নত
কৰিছে ৷ কিন্তু তাৰ লগে লগে কৃষ্টি-সংস্কৃতিত
বিৰূপ প্ৰভাৱ পেলাইছে ৷ বিকাশৰ হাৰ যিমানে দ্ৰুত হৈছে, সমাজৰ পৰিৱৰ্তনো দ্ৰুত হাৰত
দেখিবলৈ পোৱা গৈছে ৷ পিছলৈ আমাৰ পৰম্পৰা, সংস্কৃতি হয়তো ডিজিটেল মাধ্যমত বা থ্ৰী ডী
মডেলৰ মাধ্যমত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব লাগিব ৷ দুটা বা তিনিটা দশক পাছত
হয়তো এনে এখন ছবি দেখিবলৈ পাম যে ব’হাগ বিহু পলান কৰিবলৈ কোনোবা এখন ফাৰ্ম বা ৰিজোৰ্টলৈ
যাবলগীয়া হ’ব ৷ ফাৰ্মখনৰ গোহালীত গৰু থাকিব, খেতি পথাৰত হুঁচৰি গাবলৈ ঢুলিয়াৰ সৈতে
নাচনী থাকিব, ঢেকিত খুন্দি চৌকাত পিঠা- লাৰু বনাব, শিপিনীয়ে শালত বিহুৱান ব’ব ৷ পৰিয়ালৰ
সকলোৱে দুদিন থাকি আনন্দমনেৰে পৰম্পৰাগত ভাৱে বিহু উৎসৱ পালন কৰিব ৷
একবিংশ শতিকাত আমি দেখিবলৈ পাইছো যে মানুহৰ মাজৰ সম্পৰ্ক
টুটি আহিছে অথচ প্ৰযুক্তিৰ সৈতে সম্পৰ্ক বাঢ়ি গৈছে ৷ মানুহে ইলেক্ট্ৰনিক গেজেটত অধিক সময় দিবলৈ লৈছে
আৰু সমজুৱা কামত কম সময় দিছে । তাৰ ফলত সামাজিক ৰীতি-নীতি, পৰম্পৰা সমজুৱাকৈ মানি
চলিবলৈ টান হৈ পৰিছে ৷ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত সমাজৰ মূল্যবোধ, পৰম্পৰা, আচৰণ লগতে
সংস্কৃতি বজাই ৰাখিবলৈ নতুন উপাই উদ্ভাৱন কৰা নিতান্তই প্ৰয়োজন হৈ পৰিছে ৷
(১২ এপ্ৰিল, ২০২৪ অসমীয়া প্ৰতিদিন)
Comments
Post a Comment