উপন্যাসিকা : মৃত্যুও এটা শিল্প

 

প্ৰস্তাৱনা:

 

ৰাতিপুৱাৰ পৰা মনটো গধূৰ হৈ পৰিছিল৷ কেতিয়াবা হয় তেনেকুৱা৷ মন বেয়া লাগি থাকে অথচ তাৰ বিশেষ কোনো কাৰণো নাথাকে৷ মনলৈ ভাৱ আহি আছে কিবা এটা যেন অঘটন ঘটিব৷ কি ঘটিব নাজানো৷ কাৰ লগত তাকো নাজানো৷ কিজানি মোৰ সতে ঘটে৷ অফিচলৈ ওলাবলৈ সাঁজু হওতে মোবাইল ফোনটো বাজিবলৈ ল’লে৷ সঁচাকৈ এটা বেয়া খবৰ পালোঁ৷ বন্ধু এজন ঢুকাল৷ দহ দিনমান হেনো হাস্পতালত আছিল৷ খবৰটো পোৱা নাছিলোঁ৷ যোৱা দুবছৰৰ পৰা মাজে সময়ে তাক হাস্পতালত থবলগীয়া হৈছিল৷ অলপ ভাল পালে ঘৰলৈ আহে৷ চাকৰিত যোগদান কৰে৷ দুই-তিনিমাহ পাছত পুনৰ হাস্পতাল৷ এই প্ৰক্ৰিয়া চলি আছিল যদিও এইবাৰ সি উভতি নাহিল৷ উভতি নহা দেশলৈ বুলি চিৰদিনৰ বাবে গ’ল৷ কবিয়ে কৈছিল “মৃত্যুওটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাষ্কৰ্য৷“ বন্ধুজনৰ মৃত্যুও শিল্পয়ে নে? তাৰ জীৱনৰ শিলত কটা ভাস্কৰ্য মই দেখিছোনে বাৰু? মৃত্যু তাৰ বাবে অৱধাৰিত আছিল নেকি? খবৰটো পোৱাৰ পাছত মোৰ অনুভৱ হৈছে বন্ধুজনৰ মৃত্যু নহ’লহেঁতেন যদি তাৰ লগত জড়িত সকলোৰে জীৱনৰ অংকবোৰ নিমিলা হৈ পৰিলেহেঁতেন নেকি৷ তাৰ মৃত্যুৱে আনি দিছে একেবাৰে সহজ সমাধান৷ সমাধান তাৰ লগতে তাৰ পৰিয়ালৰ সদস্যৰ বাবে৷ জীৱনৰ বহু জটিল সমস্যাৰ সমাধান মৃত্যুৱে আনি দিয়ে, অভিজ্ঞতাৰ পৰা দেখিছোঁ৷ পিছে অন্তৰঙ্গ বন্ধুৰ মৃত্যু ইমান সহজে ল’ব নোৱাৰি৷ কলেজৰ দিনৰ একে হোষ্টেলত ৰুমমেট হিচাপে চাৰিটা বছৰৰ সান্নিধ্য, একেলগে খোৱা-শোৱা সকলো৷ কলেজ এৰাৰ পাছতো তাৰ সৈতে দেখা সাক্ষাৎ চলিয়ে আছিল৷ আন্তৰিকতা সদায়ে আছিল৷ আজি সি নাই, কথাটো সহজভাৱে কেনেকৈ লওঁ?

শ্মশানত গৈ পোৱালৈ ইতিমিধ্যে বন্ধুজনৰ মৃত শৰীৰটো লৈ তাৰ ওঠৰবছৰীয়া পুত্ৰ আৰু ভাতৃয়ে যা-জোগাৰ কৰি আছে৷ তেতিয়ালৈ চিতাত তুলি দিয়া নাই৷ ভৰিদুখন ফুলি গৈছে৷ মুখখনো ফুলিছে৷ দেহটো একেবাৰে ক’লা পৰিছে৷ সদায় হাঁহি থকা মুখখনত আজি যেন মৃত্যুৰ সময়ত বিষাদে আৱৰি ধৰিছে৷ তাৰ পত্নীক দেখা নাপালোঁ৷  বাঙ্গালোৰত ডিগ্ৰী পঢ়ি থকা একমাত্ৰ সন্তানে দুদিন আগত আহি পালে৷ দুই-এজন কৈ তাৰ শুভাকাংক্ষী বন্ধুবৰ্গ  আহি পালে৷ কভিডৰ দ্বিতীয়টো ঢৌ মাৰ গৈছে৷ বেছিকৈ মানুহ ঘূৰা-ফুৰা কৰা নাই৷ অলপ পিছতে চিতাৰ জুইকুৰা দপ-দপকৈ জ্বলি উঠিল৷ ধোৱাবোৰ ওপৰলৈ উৰিবলৈ ধৰিলে৷ লগতে মোৰ মনটোও উৰি ফুৰিল৷ বিভিন্ন প্ৰশ্নই আজি মনলৈ আহিল৷ তাৰ মৃত্যুৰ বাবে দায়ী কোন – তাৰ পত্নী, তাৰ স্বভাৱগত প্ৰবৃত্তি নে সমাজখন৷ তাৰেই উত্তৰ বিচাৰি বহু বছৰ আগলৈ উভতি গ’লোঁ৷           

 

প্ৰথম অধ্যায়:

 

সোণৰ জখলাৰে আহিছিল হেনো আহোম সকল৷ তেৰ শ শতিকাৰ আৰম্ভণিতে৷ ক’ৰ পৰা আহিছিল? ম্যনমাৰৰ পৰা শত যোজন দুৰৰ পৰা৷ চাওলুঙ চুকাফাৰ লগত কিছুসংখ্যক টাই মূলৰ মানুহ পূব অসমত ভৰি দিছিল৷ লগত লৈ আনিছিল মনৰ অদম্য ইচ্ছা শক্তি, সাহস৷ সেই মুষ্টিমেয় কেইজনে অসম আহিয়ে ভাবিছিল নে - এবছৰ, দুবছৰ নহয় পূৰা ছয় শ বছৰ কাল এই দেশত ৰাজত্ব কৰিব? ভাষা বেলেগ, ধৰ্ম বেলেগ, তথাপি কিহৰ বলত ৩৯ জন আহোম স্বৰ্গদেৱে ছয়শ বছৰ কাল ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল ভাবিবলগীয়া কথা নহয়নে৷ তেৰ শতিকাত অসমত  বসবাস কৰিছিল মৰাণ, মটক, কছাৰী, চুতীয়া, বৰাহী আদি নানা জনগোষ্ঠীৰ লোকে৷  এই সকলোকে লৈ বৰ অসমৰ ভেটি গঢ়িছিল আহোমে৷ আহোমে অসমৰ ভূমিত ভৰি দিয়া সময়ত এই বিভিন্ন জনগোষ্ঠীৰ লোকসকল  ইমান দুৰ্বল নিশ্চয় নাছিল৷

ভাৰতবৰ্ষৰৰ উত্তৰ-পূব দিশৰ সীমাত অৱস্থিত পাটকাই পৰ্বত৷ তাৰ সিপাৰে আছিল ব্ৰহ্মদেশৰ মং-ৰি-মং-ৰাম ৰাজ্য৷ চুকাফা আছিল সেই ৰাজ্যৰ ৰজা৷ ওঠৰ বছৰকাল ৰাজত্ব কৰাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰে৷ সৰু সৰু ৰাজ্যবোৰক সহজে যুদ্ধত পৰাজয় কৰি শাসনভাৰ নিজৰ হাতলৈ কাঢ়ি লয়৷ তাৰ পাছত চৰাইদেউ পাহাৰত নগৰ পাতি ৰাজ্য দখলত লাগি যায়৷ অলপ সময়ৰ ভিতৰতে কেইবাখনো সৰু সৰু ৰাজ্য নিজৰ দখলত আনে৷ সৈন্যৰ সংখ্যাও বাঢ়ি বাঢ়ি গৈ থাকে৷ চুকাফা এক অদমনীয় ৰজা হিচাপে প্ৰকাশ পায়৷ আহোমৰ শাসন  আৰম্ভ হয়৷ চুকাফাৰ লগত যি মুষ্টিমেয় টাই মূলৰ মানুহ আহিছিল তাৰ ভিতৰত একেবাৰে কম সংখ্যকহে আছিল মহিলা৷ সেইবাবেই মৰাণ, মটক আদি জনগোষ্ঠীয় নাৰীৰ লগত টাই সকলে সংসাৰ কৰিবলৈ বাধ্য হৈছিল৷ আহোম সকলৰ বাবে ই বহুত লাভজনক আছিল৷  অসমৰ জনগোষ্ঠীৰ লগত সহজে মিলি যাব পাৰিছিল৷ থলুৱা পৰিবেশত ৰাজ্যৰ ভিতৰুৱা খবৰ সহজে লাভ কৰিছিল৷ সকলো জনগোষ্ঠীয় লোকে তেওঁলোকক বিশ্বাসত ল’ব পাৰিছিল৷ দেশৰ সীমা বৃদ্ধি কৰাত ইয়ে যথেষ্ট সহায় কৰিছিল৷  চুকাফা আছিল আহোমৰ আদি ৰজা৷ তেওঁৰ দৰে পৰাক্ৰমী ৰজা এই মুলুকত দ্বিতীয় এজন নাছিল৷ সেই ৰজাৰ বংশধৰ সকল অসমৰ সকলো জনগোষ্ঠীৰ লগত মিলি গ’ল৷ অসমীয়া ভাষা শিকি-বুজি ল’লে৷ বৃহত্তৰ অসম গঢ় দিলে৷   

আহোমৰ শাসন প্ৰণালী আছিল এক শৃংখলাবদ্ধ শাসন৷ শাসনৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ বিষয়া নিয়োগ কৰিছিল৷ ৰজাৰ তলতে আছিল তিনিজন গোহাঁই৷ গোহাঁইৰ অধীনত ১০,০০০ পাইকে কাম কৰিছিল৷ লাহে লাহে ৰাজ্যৰ সীমা বাঢ়ি গ’ল৷ ৰজাই বৰবৰুৱা, বৰফুকন আদি পদৰ সৃষ্টি কৰে৷ এজন বৰবৰুৱাৰ তলত আছিল ছয়জনকৈ ফুকন৷ ফুকনৰ তলৰ খাপৰ বিষয়া আছিল বৰুৱা৷  বৰুৱা সকলৰ কাম আছিল ভিন ভিন৷ ভাণ্ডাৰী বৰুৱাৰ দায়িত্ব -  ৰাজভৰাল,  ৰজাৰ দোলা সমূহৰ দায়িত্ব - দুলীয়া বৰুৱাৰ, মৃত্যুদণ্ড কাৰ্য্যকৰী কৰাৰ দ্বায়িত্ব  চাওদাঙীয়া বৰুৱা, ৰাজ্যৰ মুখ্য কাৰিকৰ হ’ল  খনিকৰ বৰুৱা। সোণাৰীৰ দ্বায়িত্বত আছিল সোণাধৰ বৰুৱা, চিকিৎসকৰ কাম দিয়া হৈছিল বেজবৰুৱাৰ ওপৰত। হাতীৰ দায়িত্বত  হাতী বৰুৱা, ঘোঁৰাৰ দায়িত্বত ঘোঁৰা বৰুৱা ইত্যাদি ইত্যাদি।

ৰাজ প্ৰতিম বৰুৱা ওৰফে ৰাজ আছিল খনিকৰ বৰুৱাৰ বংশধৰ৷ ৰাজৰ সাত পীড়ি আগতে খনিকৰ কাম এৰি দিছিল৷ তথাপি তাৰ ককাক, দেউতাক আছিল হাতে কামে পাকৈত৷ নিজে কাঠ কাটি ৰেণ্ডা মাৰি বিছনা, চকী তৈয়াৰ কৰিব পাৰিছিল৷ ঘৰৰ নক্সা আঁকি নিজা ধৰণে ঘৰ নিৰ্মান কৰিব পাৰিছিল৷ কাঠৰ কাম হওক বা বাঁহৰ কাম হওক বা পকী কাম, সকলোতে সমানে পাৰ্গত আছিল৷ ককাকে বাঁহ চাঁচি থাকোঁতে এদিন তাক কৈছিল, ’কণ বোপা তই ইঞ্জিনিয়াৰ হ’বি৷ বংশৰ নাম ৰাখিবি৷’

 ইঞ্জিনিয়াৰ কি বস্তু জানিব পৰা বয়স তাৰ হোৱা নাছিল তেতিয়া৷ উৎসাহেৰে সি সুধিছিল, ’ককা, ইঞ্জিনিয়াৰ হ’লে মই ভাল ভাল বস্তু খাবলৈ পাম নে সদায়?’

ককাকে হাঁহি মাৰি কৈছিল৷

: তই ভাল পোৱা সকলো বস্তুৱে পাবি ৷ দেশ বিদেশ ঘূৰি থাকিবি ৷ আমাক পাহৰিয়ে যাবি৷

: তেনেহ’লে মই ইঞ্জিনিয়াৰ নহওঁ৷ ককা-আইতাক এৰি কলোকৈ নাযাওঁ৷ 

ৰাজে খঙতে দৌৰ মাৰি ওলাই যাব খুজিছিল৷ তেনেতে ককাকে ক’লে৷

: মোৰ ওচৰলৈ আহা, এটা সাধুকে ক’ম৷

সাধুটো আৰম্ভ কৰিছিল হে, ৰাজে চিঞৰি উঠিল৷

: ককা একেটা সাধুকে কিমান বাৰ কোৱা? মোৰ মুখস্থ হৈ গ’ল৷

ৰাজে এইবাৰ ঘৰৰ বাহিৰলৈ ওলাই যায়৷

ওলায়ে পদূলি মুখত দেউতাকক লগ পায়৷ বাপুকণ বৰুৱা স্কুলৰ শিক্ষক৷ এক কিলোমিটাৰ দূৰত অৱস্থিত স্কুলখন৷ ৰাজৰ ককাকে বহুত কষ্ট কৰিছিল স্কুলখন পাতিবলৈ৷ বহুবাৰ ৰাজধানী চহৰলৈ গৈছিল নিজৰ গাঠিৰ ধন ভাঙি৷ গাওঁৰ ল’ৰা-ছোৱালী শিক্ষিত হওক সেয়াই আছিল উদ্দেশ্য৷ নিজে হাইস্কুলৰ ডেওনা পাৰ হ’ব নোৱাৰিলে৷ ইমান দূৰলৈ যাবলৈ ইচ্ছা থাকিলেও ঘৰখনৰ তেওঁক পঢ়ুৱাবলৈ সামৰ্থ নাছিল৷ সেয়ে নিজৰ পুত্ৰক কষ্ট কৰি হ’লেও পঢ়ুৱালে৷ ৩০ কিলোমিটাৰ দূৰৰ চহৰ খনত পাঁচটা বছৰ ৰাখিলে৷ পুত্ৰ স্নাতক ডিগ্ৰীলৈ অহাৰ পিছত নিজৰ চেষ্টাত গঢ় লোৱা স্কুলখনত শিক্ষকৰ চাকৰিটো পালে৷ ঘৰৰ কাষতে স্কুলঘৰ৷  শিক্ষকতাৰ উপৰিও বাপুকণে খেতিবাতি চোৱা চিতা কৰে৷

: কলৈ যোৱা ৰাজ বাবা?

ৰাজে এবাৰ ৰৈ গ’ল ৷

: কৰিবলৈ একো কাম নাই, বৰশীৰে মাছ ধৰিবলৈ  যাওঁ৷

: আহা আমাৰ খেতি পথাৰলৈ যাওঁ৷ ভূঁই ৰুই আছে গাওঁৰ ৰোৱনী সকলে৷ কিমান কাম হ’ল চাওঁ এবাৰ৷

: মা ৰাতিপুৱাই গৈছে৷ এতিয়ালৈ অহাই নাই৷

: আমি গৈ মায়েৰকো লৈ আনিম৷

তেনেতে ৰাজৰ ককাকে মাত লগালে৷

: বাপুকণ, ৰাজক  স্কুলত নাম ভৰ্তি কৰাৰ সময় হৈ গৈছে৷

: হয় পিতাই এইবাৰ স্কুলত নাম লগাই দিম৷

ৰাজে দেউতাকৰ চাইকেলৰ কেৰিয়াৰত উঠি ল’লে৷ মূল পথ পাৰ হৈয়ে পথাৰৰ মাজেৰে যোৱা সৰু আলিয়েদি বাপুকণ বৰুৱা চাইকেল চলাই গৈ থাকিল৷ সকলোৱে নিজৰ মাটিডৰাত খেতি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে৷ যোৱাবাৰ বানত খেতি নষ্ট হৈ গ’ল৷ গাঁৱৰ দুজনমানেহে ধান চপাবলৈ পাৰিলে৷ বাপুকণৰ মাটিডৰা পানীৰে বুৰাই পেলালে৷ তিনি বিঘা মাটিৰ ধানহে  চপাব পাৰিলে৷ বাকী সকলো বানত বুৰি নষ্ট হৈ গ’ল৷ চৰকাৰৰ পৰা একো সাহায্যও নাপালে৷ প্ৰকৃতিৰ ওচৰত সকলো  নিৰুপায় হৈ পৰে৷ চৰকাৰে যিমানে বান্ধ সাজিবলৈ চেষ্টা কৰে, বানৰ সংহাৰী ৰূপ সিমানে বাঢ়ি গ’ল৷ বৰ্ষা ঋতু আহিলেই বাপুকণৰ ভয় লাগে৷ এইবাৰ বা কি হয়৷ সি বাৰু দৰমহা কেইটা মাহেকত পাব, গাঁৱৰ মানুহবোৰে কি খাব, কেনেকৈ সংসাৰ চলাব?

বাপুকণৰ তিনিটা সন্তান – প্ৰথমজনী কন্যা সন্তান, নাম ৰূপালী, পঞ্চম শ্ৰেণী পালে৷ দ্বিতীয়জন হ’ল ৰাজ৷ পাঁচবছৰ বয়স হ’ল৷ তৃতীয় পেটমোচা সন্তান  পোনাকণ, যোৱাবছৰ জন্ম পালে৷ আৰু সংসাৰ বঢ়াবলৈ তাৰ ইচ্ছা নাই৷ পোনাৰ জন্মৰ সময়তে সি ডাক্তৰক কৈছিল সংসাৰ বঢ়োৱাৰ তাৰ ইচ্ছা নাই, কিবা এটা ব্যৱস্থা কৰি দিব লাগে৷ ডাক্তৰে তাৰ সিদ্ধান্ত শুনি বৰ ভাল পালে৷ জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ সময় সমাগত৷ তাৰ নিচিনা গাঁৱৰ প্ৰতিজনে যদি ভাবিলেহেঁতেন! এটা পীড়িৰ পৰা আনটি পীড়িলৈ খেতিৰ বাবে মাটি কমি গৈ আছে৷ শিক্ষা দীক্ষা দি ল’ৰা-ছোৱালীক ডাঙৰ দীঘল কৰা কম কথা নে? চৰকাৰে সাধাৰণ মানুহৰ উন্নয়ণৰ বাবে কিনো কৰিছে? স্কুলখনো বহু বছৰ লাগি থকাৰ পিছতহে স্থাপন  হ’ল৷ গাঁৱত এখন হাস্পতাল নাই৷ সাধাৰণ বেমাৰ-আজাৰ দেখাবলৈ ত্ৰিছ কিলোমিটাৰ দূৰৰ চহৰখনলৈ নিব লাগে৷ বাপুকণৰ পিতাকে যোৱা নিৰ্বাচনত এটা ভাল কথা কৈছিল৷

: বুইছ বাপুকণ, এই যে নিৰ্বাচন প্ৰতি পাঁচবছৰৰ মূৰকত আহে, আমি সকলোৱে উধাতু খাই সকলো কাম পেলাই লৱৰি ভোট দিবলৈ যাওঁ৷ আৰু ইহঁতে নিৰ্বাচনত জিকাৰ দিনৰ পৰা ৰাইজখনক পাহৰি নিজৰ ধান্দাত থাকে৷ সৰুতে শুনিছিলি নহয় বিক্ৰম আৰু বেতালৰ কাহিনী৷ আমিও ভাল হওক বুলি বেতাল ৰূপী এটা দৈত্যক পিঠিত কঢ়িয়াই লৈ ফুৰোঁ পাঁচ বছৰলৈ বিক্ৰমৰ দৰে ৷ বেতালে ৰূপী নেতাই আমাক সাধু কথা শুনাই থাকে ৷ পাঁচ বছৰ শেষ হ’লেই পিঠিৰ পৰা উঠি ল’ৰ মাৰে ৷ পুনৰবাৰ আমি কান্ধত তুলি লওঁ ৷ এইবাৰ চাগে কিবা কৰিবই ৷ নাই, একো নকৰে ৷

: কিন্তু সেইবুলি ভোট নিদিয়াকৈ থাকিম নে?

বাপুকণৰ প্ৰশ্নৰ কোনো উত্তৰ পিতাকৰ হাতত নাছিল৷ হয়, সেই বুলিয়ে ভোট নিদিয়াকৈ থাকিবনে ৰাইজে৷ কোনোবাই ভাল কাম কৰিব৷ সকলোৰে এদিন ভাল হ’ব৷ আধা মৰা হৈ চলিব লগা নহ’ব৷ তাৰ পিতাকৰ কথা সকলোৱে শুনে৷ বিশেষ পঢ়া শুনা কৰিব নোৱাৰিলেও তাৰ পিতাকক সকলোৱে সন্মানৰ চকুৰে চায়৷ মেলে মিটিঙে প্ৰথম আসনখন তেওঁলৈয়ে আগ বঢ়ায়৷ সভা শুৱনি মানুহ৷ সকলোৰে ভাল কথা চিন্তা কৰে৷            

         বাপুকণহঁতৰ সমষ্টিৰ এমএলএ জনে যোৱাবাৰ নিৰ্বাচনৰ আগত কিমান বাৰ গাঁৱলৈ আহিল, বাপুকণহঁতৰ ঘৰলৈ আহিল হিচাব নাই ৷ নিৰ্বাচন জিকাৰ পিছত গাঁৱলৈ এবাৰ কি দুবাৰ আহিল ৷ তাকো নিজৰ স্বাৰ্থৰ বাবে, সমাজৰ বাবে নহয়৷

         ৰাজ কণমানি থাকোঁতে সিহঁতৰ ঘৰখনত এটা অঘটন ঘটিছিল৷ ঘৰৰ কামবনত সহায় কৰিবলৈ ৰাজহঁতৰ ঘৰত মাক-বাপেক নোহোৱা এজনী ছোৱালী আছিল৷ সি মৰমতে তাইক মণিবা বুলি মাতিছিল৷ তাই ৰাজৰ আলপৈচান ধৰিছিল৷ ৰাতিপুৱাৰ পৰা নিশালৈ তাই কামত ব্যস্ত থাকিবলগীয়া হৈছিল৷ ঘৰৰ সকলোধৰণৰ কাম তাই বিনা প্ৰতিবাদে কৰিছিল৷ এদিন ৰাতিপুৱা দেখা পালে ছোৱালীজনী ফাঁচী লগাই ওলমি আছে৷ গাঁৱৰ মানুহ আহিল৷ পিছে পুলিচক খবৰ নিদিয়াকৈ চিতাত তুলি দিলে৷ ৰাজে নিজ কাণেৰে শুনিছিল গাঁৱৰ ৰাইজে কিবা কিবি কৈছিল৷ ৰাইজে কাৰ পিনে আঙুলি টোৱাইছিল? সি নাজানিলে৷ সি বিশেষ একো বুজা নাছিল৷ পিছে এসপ্তাহ পাছত ছোৱালীজনীৰ আইতাক আহি সিহঁতৰ ঘৰ পাইছিল৷ আইতাকে ৰাজৰ পৰিয়ালৰ সকলোকে বিশেষকৈ ৰাজৰ দেউতাক বাপুকণক অভিশাপ দিছিল৷

’আজি মই এই ঘাত-মাউৰা ছোৱালীজনী ঢুকাওতে যি শোক পালোঁ সেই শোক তয়ো এদিন পাবি৷ তোৰ পুতেৰ নমৰিলেও পুতেৰৰ শোকতে এদিন পগলা হৈ মৰিবি৷ এই বুঢ়ীৰ অভিশাপ এদিন ফলিয়াব৷ চাই থবি৷’

মণিৰ বুঢ়ী আইতাকে দেউতাকক কিয় শাও দিছিল সি নাজানিলে৷ কোনেও কথাবোৰ মুখ খুলি নকয়৷ সি কেৱল বুজিছিল মণিবা ফাঁচী লগাই মৰিবলৈ লোৱাৰ  অন্য কিবা কাৰণ হয়তো আছে৷ কোনেও তাক ক’ব নোখোজে৷ হয়তো তাৰ বয়স হোৱা নাই৷ হয়তো বায়েকৰ সৈতে কিবা বেয়া ঘটনা ঘটি গৈছে যাক কোনোৱে স্পষ্টকৈ ক’ব নোখোজে৷  

 

দ্বিতীয় অধ্যায়:

 

বেছিভাগ অভিভাবক আৰু ছাত্ৰ-ছাত্ৰীৰ আশা ইঞ্জিনিয়াৰিঙ বা মেডিকেল কলেজত পঢ়িবলৈ আসন পাবলৈ৷ কম কষ্ট কৰিব লাগেনে পঢ়াৰ সুবিধা পাবলৈ! বছৰি গোটেই অসমৰ মাত্ৰ কেইশমান ছাত্ৰৰ হে ভাগ্যত ডাক্তৰ-ইঞ্জিনিয়াৰ লিখা থাকে৷ ৰাজৰ ভাগ্যতো লিখা আছিল ইঞ্জিনিয়াৰ হোৱাৰ৷ যথেষ্ট কষ্ট কৰি পঢ়িছিল৷ অসম আন্দোলনৰ সময়ত সমনীয়া সকলে যেতিয়া আন্দোলনত নিজকে ব্যস্ত কৰি ৰাখিছিল, সি তেতিয়া গণিত বা বিজ্ঞানৰ কোনো সমাধান কৰিব নোৱৰা সমস্যাকলৈ ব্যস্ত আছিল৷ পৰীক্ষাৰ দুমাহ পিছতে সেই বিখ্যাত অসম চুক্তি স্বাক্ষৰ হৈছিল৷ সেইদিনা নিশালৈ সিও লগৰবোৰৰ লগত খুব স্ফূৰ্তি কৰিছিল৷ অসম চুক্তিয়ে আচলতে কি দিব সেইবোৰ তাৰ চিন্তা কৰাৰ প্ৰয়োজন নাছিল৷ কিন্তু নেতা সকলে কোৱা ধৰণে সোণৰ অসম দেখিবলৈ পাব বুলি সি বদ্ধপৰিকৰ আছিল৷ ককাকে প্ৰায়ে তাক ভালকৈ পঢ়িবলৈ কৈছিল, ইঞ্জিনিয়াৰ হ’ব লাগিব ৷  কিন্তু তেওঁ দেখা পোৱাৰ আগতেই ইহলীলা সম্বৰণ কৰিলে৷ ভাল খবৰটো তাৰ মৰমৰ মণিবাই নাপালে৷  মণিবাৰ মৃত্যু তাৰ বাবে এক ৰহস্য হৈয়ে ৰ’ল৷

 

“ওই এইপিনে আহ৷ ফাৰ্ষ্ট চেমিষ্টাৰ নে? কি নাম তোৰ?“

হোল্ডল আৰু ট্ৰাঙ্কটো ৰিক্সাৰ পৰা নমাই কৰিডৰত থলে নে নাই ছিনয়ৰ এজনে তাক মাতিলেই নহয়৷

“দাদা মোৰ নাম ৰাজ প্ৰতিম বৰুৱা৷“

“ক’ত ঘৰ?“

“দাদা মোৰ ঘৰ শিৱসাগৰৰ আমগুৰিত৷“

“বেডিঙ, ট্ৰাঙ্ক ৰুমত থৈ অলপ আৰাম কৰ৷ সন্ধিয়া আঠ বজাত ২০ নম্বৰ ৰুমত আহি যাবি৷“

“হ’ব দাদা৷“

সকলোৱে জানে ইঞ্জিনিয়াৰিঙ কলেজৰ হোষ্টেলবোৰত বহুত ৰেগিঙ হয়৷ নিশালৈ কি কৰে ছিনিয়ৰে কোনে জানে৷ কথাটো ভাবিলেই তাৰ বুকু কঁপি যায়৷ নিজৰ ৰুমত সোমায়ে সি লগ পালে তাৰ ৰুমমেট দুজনক৷ এজন গুৱাহাটীৰে -চন্দন তাৰ নাম৷ আনজন তেজপুৰৰ – ৰঞ্জন৷

ঠিক সন্ধিয়া আঠ বজাত সিহঁত তিনিজন তিনিবাৰ ঈশ্বৰৰ নাম লৈ ২০ নং ৰুমত হাজিৰ হ’ল৷

দুৱাৰত লাহেকৈ খট খট কৰিলে৷

“আব্বে কোন বে, সোমাই আহ৷“

প্ৰথম সম্ভাষণতে তাৰ মূৰ গৰম হৈ গ’ল৷ সি দুৱাৰ খুলি সোমাই গ’ল৷

 “আবে তই মাইকী নেকি বে৷ ভালদৰে খোজ কাঢ়৷“

তাক মাইকী বুলি ক’লে তাৰ বৰ খং উঠে৷ হয়, সৰুতে সি বায়েকৰ দৰে ফ্ৰক পিন্ধি ভাল পাইছিল৷ কপালত ফোটলৈ ভাল পাইছিল৷ ওঁঠত কেতিয়াবা লিপষ্টিক লগাইছিল৷ সমনীয়া বন্ধুতকৈ বান্ধৱীৰ সৈতে খেলি ভাল পাইছিল৷ পিছে স্কুলত ওপৰ শ্ৰেণী পোৱা সময়ত  সি দেখোন ল’ৰা বন্ধুৰ লগত হে সময় কটাই ভাল পাবলৈ ধৰে৷ কোনোবাই মাইকী বুলি ক’লেই সি মাইকী হৈ যাব নেকি৷ সি এজন চফল ডেকা ল’ৰা৷ তাৰ যৌন ক্ষুধা আন সকলো ডেকা ল’ৰাৰ দৰে একে৷ কিন্তু তাৰ বন্ধুবোৰেই কয় তাৰ কথা-বতৰা, খোজ-কাটল পুৰুষৰ দৰে নহয়, মহিলাৰ দৰে হে৷ সি মানি নলয়৷ ৰঞ্জনে এদিন কথাটো কওঁতেও তাৰ খং উঠিছিল৷ পিছদিনাখনলৈ সি মাতবোল কৰা নাছিল৷ ৰঞ্জনে বুজিছিল তাৰ বন্ধু অলপ অভিমানী৷ সময়ৰ লগে লগে তাৰ বন্ধুৰ সৈতে সমিল মিলত চলিবলৈ শিকিলে৷

 “প্ৰথমে হংকঙলৈ যা৷ তাৰ পৰা এজনী মাইকী মহ ধৰি আনিবি৷“ ছিনিয়ৰৰ চিঞৰটো শুনিলে, পিছে সি একো নুবুজিলে৷  এবাৰ চন্দনৰ পিনে, এবাৰ ৰঞ্জনৰ পিনে চালে৷

“আবে, বিছনাৰ তল বে৷ সেইখনে তহতৰ বাবে হংকং৷“  ছিনয়ৰজনে ক’লে৷

তিনিওটা বিছনাৰ তলত সোমাল৷ আন্ধাৰত এতিয়া মহ কেনেকৈ মাৰিব৷ তাকো মতা মহ নে মাইকী মহ কেনেকৈ জানিব সি?

অলপ সময় যোৱাৰ লগে লগে ছিনয়ৰৰ খং উঠিবলৈ ল’লে৷

“ঐই, ওলাই আহ হংকঙৰ পৰা৷ ইমান দেৰিলৈ এটাও মাইকী মহ ধৰিব পৰা নাই৷ তহঁতে এতিয়া পাঁচটাকৈ পি এল পাবি৷“

 পি এল কি বস্তু সি নাজানে৷ মনতে ভাবিলে কিবা এটা বেয়া কাম, হয়তো শাস্তিৰ মুখামুখি হ’ব লাগিব৷ শকত-আবত ছিনিয়ৰ এজনে প্ৰত্যেককে একোটাকৈ পোকৰত লাথ মাৰিবলৈ ধৰে৷ তেতিয়াহে সি বুজিলে পি এলৰ অৰ্থ৷ তাৰ বাবে ৰেগিঙ এক ঘৃণনীয় কাম৷ কিন্তু কি কৰিব সি, সহ্য কৰাৰ বাহিৰে৷ অভিযন্তা হোৱাৰ সপোন বাস্তৱায়িত হ’ব লাগিব৷ সি ঘিণ কৰিছিল ছিনিয়ৰৰ অবাইছ মাত কথা বোৰ৷ তাৰ ভাল লগা দুটা বিষয় চন্দনৰো প্ৰিয় আছিল - সৌৰভ কুমাৰ চলিহাৰ গল্প আৰু গজল৷ ৰেগিঙৰ পৰা ওলাই দুয়ো দুপৰনিশালৈ অসমীয়া সাহিত্য বিষয়ত আড্ডা মাৰিছিল তাৰ পিছত লাহে লাহে তাৰ লগত চন্দনৰ অন্তৰঙ্গতা বাঢ়ি

সম্পূৰ্ণ তিনিমাহৰ পাছত ৰেগিঙ নামৰ সেই ঘৃণনীয় কৰ্মৰ অন্ত পৰিছিল৷ লাহে লাহে ছিনয়ৰ কেইজনমান সিহঁতৰ বন্ধু হৈ পৰিছিল৷ সিহঁতক ছিনিয়ৰে ভাল কথা – বেয়া কথা দুয়োবিধে শিকাইছিল৷ সিহঁতৰ কিছুমান সমনীয়া ছিনিয়ৰৰ পৰা বেয়া কথা শিকি মদ-ভাং খাবলৈ লৈছিল৷ দুই-এজনে গণিকালয় গৈ পাইছিল৷ সি শিকিছিল তাচপাত খেলিবলৈ৷ পিছে জুৱা খেল নেখেলিছিল৷ সি শিকিছিল তাচপাতৰ এবিধ খেল  টুৱেণ্টী-নাইন৷ ইয়াত টকাৰ প্ৰয়োগ নহয়৷ গতিকে টকা হাৰা বা জিকাৰ কথা নাছিল৷ তাৰ বাহিৰে সি কোনো এটা বেয়া কাম কৰা নাছিল এই চাৰিটা বছৰত৷ লগৰবোৰে চিগাৰেট হুপিবলৈ আৰম্ভ কৰিছিল৷ সি তামোল এখনো নোচোবাইছিল৷ ৰঞ্জনে দুবাৰমান মদ খাই ৰুমত শুবলৈ আহিছিল সি তাক ৰুমৰ পৰা খেদি পঠাইছিল৷ ’মই থকালৈ ৰুমত মদ খাই নাহিবি৷’ ৰাজে কৈছিল৷ একেবাৰে সি দেখিব নোৱাৰিছিল মদ খোৱাটো৷ আনকি চন্দনে ৰুমৰ ভিতৰত চিগাৰেট খাবলৈ ভয় কৰিছিল কেৱল ৰাজৰ বাবে৷ ৰুমমেট দুজনক লৈ মাজে মাজে সি চিনেমা চাবলৈ গৈছিল৷ ধুনীয়া ছোৱালী জোকোৱা বহুতৰে স্বভাৱত পৰিণত হৈছিল৷ সি ছোৱালীৰ পিনে নাচাইছিলেই৷ শ্ৰেণীকোঠাৰ সমনীয়া ছোৱালীৰ লগতো কথা নাপাতিছিল৷ কিবা এটা লাজ লাজ ভাৱ আহিছিল৷ কলেজৰ চাৰিটা বছৰ সি আনন্দতে কটালে৷ পিছে মাজে মাজে মূৰৰ বিষত সি থাকিব নোৱৰা হয়৷ দুই-তিনিদিন ধৰি একেৰাহে বিষ হয়৷ সেই কেইদিন তাৰ লাইটৰ পোহৰ সহ্য নহয়৷ ৰুমমেটে কথা পাতিলেও খং উঠে৷ মূঠৰ ওপৰত এটা বিৰাট অশান্তি৷ এবাৰ এটা বিষয়ৰ পৰীক্ষাৰ ঠিক আগে আগে তাৰ মূৰৰ বিষ হৈছিল৷ কোনোমতে পাছ কৰিবলৈ প্ৰয়োজনীয় নম্বৰখিনি পাই সি সেইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ মাজতে এবাৰ গৌহাটী চিকিৎসা মহাবিদ্যালয়ত অসুখ  দেখাবলৈ গৈছিল৷ নানান পৰীক্ষা কৰি ডাক্তৰে ক’লে যে তাৰ মাইগ্ৰেইনৰ সমস্যা আছে৷ ঔষধ খাই থাকিলে মূৰৰ বিষ কমিব, কিন্তু সম্পূৰ্ণ ভাল হৈ নাযায়৷ মাইগ্ৰেইনৰ সমস্যাই যে তাৰ কাল হ’ল সি পিছত হে বুজি পাইছিল৷  

চাওঁতে চাওঁতে সিহঁত সপ্তম ষান্মাসিকত ভৰি দিলে৷ পঢ়া-শুনাৰ বাবে সি বেছিকৈ সময় দিবলগীয়া হৈছিল৷ প্ৰজেক্তৰ ওপৰঞ্চি কামো কৰিবলগীয়া হৈছিল৷ ছেছনেলৰ কাম কৰি কৰি ভাগৰি গৈছিল৷ কামৰ মাজতে সন্ধিয়া তাৰ ৰুমমেটৰ লগত এক কিলোমিটাৰ দূৰত থকা বিশ্ববিদ্যালয়ৰ চৌহদত ফুৰিবলৈ গৈছিল৷ তেনেকৈয়ে এদিন ৰাজে মাধৱীক লগ পালে৷ মাধৱী তাৰ গাঁওখনৰ সীমাতে লাগি থকা আন এখন গাঁৱৰ ছোৱালী৷ দুয়ো সমবয়সীয়া আছিল৷ সেই বছৰ তাই বিশ্ববিদ্যালয়ত নাম লগাইছিল৷ তাইক দেখিয়ে সি চিনি পাইছিল৷ মাধৱীৰ লগত দুই-এষাৰ কথাও পাতিছিল৷ তায়ো সন্ধিয়াৰ লগে লগে হোষ্টেলৰ বাহিৰলৈ ওলাই আহিছিল৷ বান্ধৱীৰ সৈতে ৰাস্তাত খোজ কাঢ়ি তালৈ অপেক্ষা কৰিছিল৷ তাৰ লাজ লাজ স্বভাৱটো তাইৰ ভাল লাগিবলৈ ধৰিছিল৷ চন্দনে কথাবোৰ লক্ষ্য কৰিছিল৷ তাক সুধিছিল, ’ভাল পাই পেলাইছ নেকি মাধৱীক৷’ সি স্বীকাৰ কৰা নাছিল৷ কৈছিল, ’কি যে কৱ তহঁতে৷ বন্ধুত্ব বজাই ৰাখিবলৈ চাইছোঁ৷ ইয়াত প্ৰেম ত্ৰেম নাই৷’

প্ৰেম নাই বুলি ক’লেই নোহোৱা হৈ নাযায়৷ ৰঞ্জন, চন্দনহঁতে জানিছিল সেইটো৷ সৰস্বতী পূজাৰ দিনা ৰাতিপুৱাৰ পৰা ৰাজৰ মন উগুলথুগুল হৈ পৰিছিল৷ কাৰণ সেইদিনা বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসত ডাঙৰকৈ পূজা পাতিছিল আৰু ৰাজলৈ নিমন্ত্ৰণ আগবঢ়াইছিল স্বয়ং মাধৱীয়ে৷ পূজালৈ নোযোৱাকৈ থাকিব পাৰেনে বাৰু সি? অকলে যাবলৈ তাৰ বৰ লাজ৷ ৰুমমেট দুজনকো লগ ধৰিলে যাবলৈ৷ তিনিও পূজা মণ্ডপ পায় মানে সন্ধিয়া হৈ আহিছিল৷ মাধৱীয়ে পাটৰ কাপোৰ এযোৰ পিন্ধিছিল৷ দেখিবলৈ সাইলাখ দেৱী যেন লাগিছিল৷ পূজাৰ মাজতে ৰাজৰ সৈতে অকলশৰে কথাও পাতিছিল৷ তাইৰ বান্ধৱী এজনীক লৈ ৰাজহঁতে বিশ্ববিদ্যালয়ৰ কেণ্টিনলৈ ফুৰিবলৈ ওলাই গৈছিল৷ ৰাস্তাত কৃষ্ণচুড়া গছৰ তলত দুয়ো অলপ দেৰি ৰৈছিল৷ বাকীবোৰে আগবাঢ়িছিল৷ সেইসময়তে মাধৱীয়ে তাক কৈছিল৷

’ইঞ্জিনিয়াৰিঙ কলেজৰ পৰা ওলাই সৰ্ব ভাৰতীয় পৰীক্ষাৰ বাবে অধ্যয়ন কৰিবা৷ তাতে নহ’লেও অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাল ফল পাবা৷’

’কিন্তু মই ইঞ্জিনীয়াৰ হ’বলৈহে ইয়ালৈ আহিছিলোঁ৷ এডমিনিষ্ট্ৰেচনত কিয় যাম?’ সঁচাকৈ সৰুৰে পৰা তাৰ ইচ্ছা আছিল অভিযন্তা হোৱাৰ, যাৰ বাবে সি ইমান কষ্ট কৰি পঢ়িছিল৷ এতিয়া অভিযন্তা এৰি বেলেগ চাকৰি কিয় কৰিব?

তাই তাক বুজাইছিল, ’চোৱা, দুয়ো একেলগে পঢ়ি একে চাকৰিত সোমাও দিয়া৷ তেতিয়া লগা লগি হৈ থাকিব পাৰিম৷ আৰু প্ৰশাসনত সোমালেহে মানুহৰ সেৱা কৰিব পাৰি৷ সমাজত ভাল অভিযন্তাতকৈ ভাল প্ৰশাসনিক বিষয়া হোৱা বেছি প্ৰয়োজন৷ আজি ভাল প্ৰশাসনিক বিষয়া নথকা বাবে চৰকাৰী আচনি সমূহৰ পৰা সাধাৰণ মানুহ লাভবান হ’ব পৰা নাই৷ তোমাৰ নিচিনা সৎ, দক্ষ প্ৰশাসনিক বিষয়া দেশে বিচাৰে৷’      

    সি নিজেও ভাবি নাপালে কি কৰিব৷ চৰকাৰী বিভাগত অভিযন্তাৰ চাকৰি কমি গৈছিল৷ কিছু সংশয়ৰ ভাব সকলোৰে গাত পৰিছিল৷ ভৱিষ্যতৰ কথা চিন্তা কৰি সকলো সমনীয়া তেতিয়া শংকিত হৈ পৰিছিল৷ বেচৰকাৰী খণ্ডত চাকৰি কৰাৰ ইচ্ছা তাৰ আগৰে পৰা নাছিল৷ সেয়েহে সি মাধৱীৰ কথা পেলাব পৰা নাছিল৷ তদুপৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ মাধৱীৰ সংগসুখ সি পাব৷ তাৰ বাবে সেয়া ভাল কথাই হ’ব৷

 

তৃতীয় অধ্যায়:

 

ৰাজ প্ৰতিম অভিযন্তা হ’ল৷ ভালদৰে উত্তীৰ্ণ হ’ল৷ গাঁৱৰ ঘৰত সকলো প্ৰতিবেশীয়ে মিলি এসাঁজ খালে৷ গাহৰিৰ মাংস, মাছ আৰু কুকুৰাৰ মাংস পৰিৱেশন কৰিলে৷ সকলোৱে ৰাজক আশীৰ্বাদ কৰিলে৷ প্ৰকৃত জীৱন সংগ্ৰামৰ বাবে ৰাজ নিজকে প্ৰস্তুত কৰাৰ সময় সমাগত হৈ পৰিল৷ সি মাক-দেউতাকৰ পৰা বিদায় মাগিলে৷ চহৰত বাইদেউ-ভিনদেউৰ সৈতে থাকি চাকৰিৰ বাবে লিখিত পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকিবলৈ তাৰ সহজ হ’ব৷ দুই-এজন কলেজৰ বন্ধুকো পাব৷ মাধৱীৰ পৰিয়াল চহৰতে থাকিবলৈ লৈছে৷ তাইৰ লগত প্ৰশাসনিক সেৱাৰ চাকৰিৰ বাবে নিজকে একেলগে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে৷ মাজে মাজে মাধৱীৰ ঘৰলৈকে সি গ’ল৷ তাইৰ মাক –দেউতাকে তাক ভালেই পায়৷ সময়ৰ লগে লগে দুয়ো ওচৰ চাপি আহিল৷ মাধৱীয়ে প্ৰথমে তাক প্ৰেমৰ প্ৰস্তাব দিলে৷ সি লাজ লাজ কৈ নিজৰ মনৰ কথা ক’লে৷ তাই তাক লৈ মাজে মাজে চিন্তিত হৈ পৰে৷ যিটো কথা পুৰুষ হিচাপে সি তাইক ক’ব লাগিছিল তাই হে তাক ক’বলগীয়াত পৰিল৷ সি লাজ লাজ ভাৱেৰে যিখিনি কথা ক’লে তাই হে ক’ব লাগিছিল৷ আনৰ ক্ষেত্ৰত তেনেকুৱাই হয়৷ প্ৰেমৰ প্ৰস্তাব সদায় পুৰুষ সংগীৰ পৰাহে যায়৷ নাৰীয়ে বহু ভাবি চিন্তি নিজৰ সিদ্ধান্তৰ কথা পুৰুষজনক জনায়৷  

দুবছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে দুয়ো উত্তীৰ্ণ হয়৷ ইয়াতকৈ ভাল খবৰ দুয়োজনৰ বাবে একোৱে নাছিল৷ কেৱল বিয়াৰ কথা হে থাকিল৷  ৰাজে যোগদান কৰে আৰক্ষী সেৱাত আৰু মাধৱী যোগদান কৰিলে অসম প্ৰশাসনিক সেৱাত৷ ৰাজে যালগীয়া হ’ল দেৰগাঁওলৈ ৷ সম্পূৰ্ণ দহ মাহৰ প্ৰশিক্ষণ৷ কঠোৰ শাৰীৰিক প্ৰশিক্ষণ সি সম্পূৰ্ণ কৰিব পাৰিব নে? মাইগ্ৰেইনৰ সমস্যাত সি মাহটোৰ দুটা-তিনিটা দিন ভুগিব লাগে৷ সেইকেইদিন তাৰ শাৰীৰিক অৱস্থা খুবেই বেয়া হৈ পৰে৷

    প্ৰশিক্ষণৰ প্ৰথম কেইমাহ বৰ কষ্টত থাকিবলগীয়া হৈছিল সি৷ পোহৰ হোৱাৰ আগতে উঠি ফিল্ডলৈ দৌৰ মাৰিব লাগে৷ ডেৰ ঘণ্টা  শাৰীৰিক ব্যায়ামৰ পাছত  আধা ঘণ্টাৰ বিৰতি৷ তাৰ পাছতে আৰম্ভ হয় কুছ-কাৱাজৰ প্ৰশিক্ষণ৷ ৩০৩ ৰাইফলটো লৈ পথাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰা, লেফ্ট-ৰাইট মাৰি ডেৰ ঘণ্টা সময় পাৰ কৰাৰ পাছত দেহাত কোনো শক্তিয়ে নাথাকে৷ অকণমান আৰাম কৰিব খুজিলেই গুৰুজীৰ গালি-বৰ্ষণ আৰম্ভ হৈ যায়৷ ন বজাত বেৰেক পাই গা-ধুই, ৰাতিপুৱাৰ আহাৰ খাই পুনৰ শ্ৰেণী কোঠালৈ যাবৰে হয়৷ আইনৰ ন ন ধাৰা, ফৰেনচিক গৱেষণা ক’ত কিমান যে বিষয়ৰ জ্ঞান অৰ্জন কৰিব লাগে৷ দুপৰীয়া ভাত খাই আৰাম কৰিবলৈ সময় নাপায়৷ এঘণ্টা ক্লাছ কৰি পুনৰ কুছ-কাৱাজৰ কচৰৎ৷ তাৰ পাছতো সন্ধিয়াৰ আগলৈ ফুটবল নতুবা ভলীবল খেল৷ সন্ধিয়া সাত বজাত গন্তিত মিলিত হ’ব লাগে৷ তাৰ পাছতহে সিহঁত দিনটোৰ বাবে বন্ধনহীন হৈ পৰে৷ তাৰ মাজতে পৰীক্ষাতো বহিব লাগে৷ এই সকলো যন্ত্ৰণাৰ মাজত ছিনিয়ৰ বিষয়াৰ কামোৰ, প্ৰশিক্ষণ কেন্দ্ৰৰ মুৰব্বীৰ পৰা পোৱা জ্বলা-যন্ত্ৰণা সহিব নোৱৰা বিধৰে আছিল৷ প্ৰথম এমাহ সকলো প্ৰশিক্ষাৰ্থীৰ গাৰ বিষত থাকিব নোৱৰা অৱস্থা হৈ পৰিছিল৷

তেনে এটা সময়তে মাধৱীয়ে তাৰ খবৰ ল’বলৈ আহিছিল৷ শিৱসাগৰত চাকৰিত যোগদান কৰিবলৈ আহোঁতে বাটত দেৰগাঁওৰ প্ৰশিক্ষণ কেন্দ্ৰত তাই সোমাল৷ সি তাইক লৈ নেঘেৰিটং শিৱ মন্দিৰলৈ গৈছিল৷ দেৰগাঁৱৰ পৰা ছয় কিলোমিটাৰ দূৰত দুশ বছৰীয়া পুৰণি মন্দিৰ সেয়া৷ চাহবাগিছাৰ মাজে মাজে দুয়ো কথা পাতিছিল৷ ৭৫ টা চিৰি বগাই সিহঁতে মন্দিৰৰ বাটচ’ৰা পাইছিল৷ সি মন্দিৰৰ ইতিহাস কৈছিল৷ দেৱদাসী নৃত্য কৰা নটী সকলৰ দুখৰ কাহিনী কৈছিল৷ ৰাণী ফুলেশ্বৰী হেনো দেৰগাঁৱৰ কোনো এটা শিৱদৌলত এগৰাকী নটী আছিল, দেৱদাসী নৃত্য কৰিছিল৷ নাম আছিল ফুলমতী৷ ৰজা শিৱসিংহই ফুলমতীৰ  প্ৰেমত পৰি ৰাণীৰ মৰ্যদা দিছিল৷ ফুলমতী নৰ্তকীয়ে ৰাণী ফুলেশ্বৰী নামলৈ কালৰ কুটিলতাৰ ফলত দেশ শাসন কৰিবলৈ সুবিধা পালে৷

সিহঁতে নিজৰ কথাও পাতিছিল৷ বিয়াখন পাতিবলৈ এবছৰমান ৰ’ব লাগিব৷ তাৰ প্ৰশিক্ষণ শেষ হৈ পৰীক্ষাত বহালৈ ছয় মাহ আছে৷ তাৰ পাছত এবছৰ প্ৰবেচনাৰি পিৰিয়ড খাটিব লাগিব৷ তাৰ পাছত হে নিয়মীয়া চাকৰিৰ বাবে কৰ্মক্ষেত্ৰ চৰকাৰে নিৰ্ধাৰণ কৰিব৷ তেতিয়াহে বিয়াখন পাতিব পৰা হ’ব৷ টকা-পইছাও জমা কৰিব লাগিব৷

 

চতুৰ্থ অধ্যায়:

 

ৰাজৰ সামৰিক প্ৰশিক্ষণ শেষ হৈ আহিল৷ শেষ হ’ল প্ৰবেচনাৰী পিৰিয়ড৷ নগাঁওত  চাকৰি তাৰ৷ বিয়াৰ আয়োজন চলিছে৷ পৰিয়ালৰ সকলোৱে বিচাৰিছে ধুম-ধামেৰে বিয়াখন পাতিবলৈ৷ দেউতাকে তাৰ বিয়াৰ খৰছ কিছু বহন কৰিব বুলি কৈছে৷ সকলোৱে জানে ৰাজে অসৎ উপায়েৰে ধন অৰ্জন নকৰে৷ দৰমহাৰ টকা কেইটাই তাৰ সম্বল৷

সকলোৱে জানে কৰ্তব্যৰ সময়ত সি সকলো উজাৰি দিয়ে৷ তাৰ একাগ্ৰতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানে তাক প্ৰসংশাসূচক পত্ৰ তালৈ লিখিছে৷ সি তাৰ বাবে গৌৰৱান্বিত৷ কামৰ মাজতে তাৰ লগত মাধৱীৰ বিয়াখন সম্পন্ন হৈ যায়৷ দুয়ো একেলগে থকাৰ বাবে কম দিন হে পায়৷ কেতিয়াবা বন্ধৰ দিনত মাধৱী তাৰ কৰ্মস্থলীলৈ আহে৷ নহ’লে সি কেতিয়াবা এটা দিনৰ বাবে তাইৰ কৰ্মস্থলীলৈ যায়৷ ইতিমধ্যে দুয়োৰে মিলনৰ সাক্ষী হৈ ৰাজ আৰু মাধবীৰ সংসাৰলৈ এটি পুত্ৰ সন্তান আহিল৷

মাধৱীয়ে চৰকাৰী আৱাসটো নতুনকৈ সঁজালে৷ কণমানি শিশুটিৰ এবছৰীয়া জন্মদিন ৷ ড্ৰইঙ ৰুমত এখন ছবি আঁৰি দিলে৷ অসমৰ এজন নাম থকা চিত্ৰকৰে অঁকা ছবি সেইখন৷ ঘৰ পাই ৰাজৰ ছবিখনলৈ চকু গ’ল৷ সাগৰৰ ঢৌৰ মাজত এখন জাহাজ৷ ৰাজে ছবিখন দেখিয়ে মাধৱীক ক’লে, ’ছবিখনৰ জাহাজখন ডুবিবলৈ ধৰা যেন লগা নাই নে?’ মাধৱীয়ে ছবিখনৰ বেলেগ এটা ৰূপ হে দেখা পালে, ’ক’তা জাহাজখন প্ৰকাণ্ড ঢৌৰ মাজেৰে গৈ আছে নিজকে ৰক্ষা কৰি৷ জাহাজখনে ধুমুহাক জয় কৰিছে৷’ জাহাজখন সঁচাকৈয়ে ডুবিব ধৰিছিল নেকি? নে ৰাজে ভুলকৈ ভাবিলে৷         

সময়বোৰ তেতিয়া আছিল ভয়াবহ৷ উগ্ৰপন্থীৰ ভৰপক৷ কেতিয়া কোন সময়ত আক্ৰমণ চলায় কোনেও ক’ব নোৱাৰে৷ দিনে নিশাই উগ্ৰপন্থীৰ পিছে পিছে দৌৰি ফুৰিব লাগে৷ উগ্ৰপন্থী সকল নো কোন? নিজৰে ভাই – ভতিজা নহয় নে? সিহঁতকে ধৰিবলৈ মৰণ ফান্দ পাতিবলগীয়া হয়৷

এছ পি ছাৰে সিদিনা তাক কৈছিল, ’গোপন সূত্ৰৰ পৰা খবৰ পাইছোঁ ঘৰ এটাত তিনিজন উগ্ৰপন্থী সোমাই আছে৷ তৎক্ষণাৎ ঘৰটো ঘেৰি ধৰিব আৰু তিনওজনকে গুলীয়াই মাৰিব৷“

হ’ব ছাৰ বুলি সি তাৰ আৰক্ষী দল লৈ আক্ৰমণৰ বেহু ৰচনা কৰে৷ ঘৰটো ঘেৰাও কৰি ৰাখে৷ উগ্ৰপন্থীক উদ্দেশ্যে সি চিঞৰি ঘোষণা কৰে, ’যদিহে পাঁচ মিনিটৰ ভিতৰত তহঁতে আত্মসমৰ্পণ নকৰ ঘৰৰ ভিতৰত সোমাই আটাইকেইটাক গুলীয়াই মাৰিম৷ কি কৰিবি ক’৷’ পাঁচ মিনিট ৰ’বলগীয়া নহ’লেই৷ তিনিওজনে আত্মসমৰ্পণ কৰে৷ “ছাৰ আমাক গুলীয়াই নামাৰিব৷ জেলত ভৰাই থওক৷’ সিহঁতলৈ তাৰ পুতৌ উপজিল৷ মৃত্যুলৈ সকলোৰে ভয় – সিহঁত উগ্ৰপন্থীয়ে হ’ল যেনিবা মৰাৰ ভয় নাথাকিব নে৷

সি তিনিওজনক গাড়ীত উঠাই নিব খোজোতে ৱাৰলেছত এছ পি চাহাবৰ আদেশ পালে, “খবৰদাৰ এজনো জীয়াই থাকিব নোৱাৰে৷ ৰাস্তাতে গুলীয়াই মাৰক৷ মই গৈ আছোঁ৷’ ৰাজে এছ পি চাহাবৰ কথা নুশুনিলে৷ আত্মসমৰ্পণ কৰা ব্যক্তিক মৃত্যুদণ্ড দিবলৈ সি কোন? তাক পাপে চুব৷ সি নোৱাৰে তেনে কাম কৰিবলৈ৷ সি জানে তিনিওজনক গুলীয়াব পাৰিলে সি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সন্মান অৰ্জন কৰিব পাৰিব৷ কিন্তু তাক তেনে সন্মান নালাগে৷ সি সদায় সত্যত থাকিব৷ এছ পি চাহাব আহি পোৱাৰ আগতে সি তিনিওজনক থানাত সুমুৱাই ল’কআপত থৈ দিয়ে আৰু মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰায়৷     

      সেই ঘটনাটোৱে তাৰ জীৱনৰ গতিপথ সলনি কৰি পেলায়৷ এক সপ্তাহতে ৰাজে চাকৰি বদলিকৰণৰ নিৰ্দেশ পালে৷ নতুন কৰ্মক্ষেত্ৰ হ’ল এটা দুৰ্গম অঞ্চলত থকা  অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়৷ মন গ’লে সি ওলাবও নোৱাৰে৷ ইপিনে কণমানি সন্তানটি থাকে মাধৱীৰ লগত৷ তাইৰ চাকৰিৰ ব্যস্ততাৰ মাজত সন্তানক ডাঙৰ দীঘল কৰিব লাগে৷ বেটেলিয়ন কেন্দ্ৰৰ চাৰিওপিনে পাহাৰে আৱৰা৷ তাত বহু কেইটা উগ্ৰপন্থী সংগঠন আছিল৷ কোনে কেতিয়া চেগ বুজি আক্ৰমণ কৰে কোনেও নাজানে৷ প্ৰতিটো খোজত সাৱধানে থাকিব লাগে৷ মনৰ অশান্তি এটা অনবৰতে লাগি থাকে৷ মাধৱীৰ সৈতে হোৱা সাময়িক দূৰত্ব আৰু জনসাধাৰণৰ পৰা দূৰত এখন নিৰ্জন স্থানত থকা বাবেই ৰাজে এক প্ৰকাৰ তীব্ৰ একাকীত্বত ভুগিবলৈ ল’লে৷ ফলস্বৰূপে মূৰৰ বিষে তাক বৰ বেয়াকৈ পালে এইবাৰ ৷ মাইগ্ৰেইনৰ সমস্যা দিনক দিনে বাঢ়ি গ’ল৷ অকলশৰে মূৰৰ বিষটো লৈ সি বিছনাত প্ৰায়ে একেলেঠাৰিয়ে পৰি থাকে৷ সময়ত উপযুক্ত চিকিৎসা লাভ কৰিব নোৱাৰিলে৷ সেই সময়তে তাৰ গাড়ী চালক হিচাপে আছিল জগদীশ নামৰ এজন জোৱান৷ ছাৰৰ কষ্ট দেখি সি মাজে মাজে তাৰ মূৰটো মালিচ কৰে৷ মালিচৰ পাছত অলপ সময় বিষটো কমি যোৱা যেন লাগে৷ তাৰ পাছত আকৌ বিষটোৱে হেচা মাৰি ধৰে৷ এইবাৰ জগদীশে ৰাজৰ হাত-ভৰি মালিচ কৰিবলৈ লয়৷ জগদীশৰ হাতৰ স্পৰ্শ পালে তাৰ গাত এক অবুজ শিহৰণ জাগে৷ কথাটো জগদীশেও মন কৰিছিল৷ ছাৰে আৰাম পোৱা বাবে সি দেহৰ বিভিন্ন অংশলৈ মালিচ দিবলৈ ধৰে৷ ৰাজে কিবা এটা বেলেগ ধৰণৰ আমেজ পাবলৈ ধৰে৷ লাহে লাহে জগদীশৰ হাতখনে ৰাজৰ এনে এটা অংশলৈ পোনালে যে সি এটা স্বৰ্গীয় সুখ অনুভৱ কৰে৷ সেই সুখ সি কোনোদিনাখনে পোৱা নাছিল৷ আনকি মাধৱীৰ সৈতে ইমান দিনে একেলগে শোৱাৰ পাছতো সি নোপোৱা সুখকণ জগদীশৰ হাতৰ পৰশত সি পাবলৈ সক্ষম হ’ল৷ সি ঘন ঘন উশাহ ল’লে৷ তাৰ ভাগৰ লাগি গ’ল৷ বহু দেৰিলৈ শুলে৷ লগে লগে তাৰ মূৰৰ বিষ কমি যোৱা যেন লাগিল৷ পিছলৈ মূৰ বিষালে সি জগদীশক বিচৰা হ’ল৷ জগদীশৰ হাতত ৰাজৰ চৰিত্ৰৰ ৰূপান্তৰকৰণ হ’ল৷ 

 

তাৰ দুবছৰ পাচত মধ্য অসমৰ জিলা এখনৰ সদৰত তাৰ বদলি হয় পদোন্নতিৰ সৈতে৷ প্ৰশাসনক জোৰ কৈ ধৰি জগদীশক গাড়ী চালক হিচাপে তাৰ লগতে ৰাখিলে৷ মাধৱীয়ে তাক প্ৰায় এবছৰৰ ব্যৱধানত লগ পায়৷ দুদিনমান একেলগে কটায়৷ হঠাতে তাই লক্ষ্য কৰে ৰাজৰ যেন মাধৱীৰ প্ৰতি কোনো আকৰ্ষণ নাই৷ বিছনাত একেলগে শোৱে অথচ নিজে আগ নাবাঢ়ে৷ তাইৰ সন্দেহ বাঢ়িবলৈ ধৰে যেতিয়া জগদীশৰ লগত তাৰ মিলাপ্ৰীতি দেখে৷ বিভাগৰ এজন গাড়ী চালকৰ লগত যেন সি বেছি ঘনিষ্ঠ হৈ পৰিছে৷ ইমান বেছি ঘনিষ্ঠতা তাই সহজে ল’ব নোৱাৰে৷ তাই তাৰ পত্নী৷ এদিন পুৱতি নিশা তাই সাৰ পাই দেখে ৰাজ বিছনাত  নাই৷ হয়তো বাথৰুমলৈ গৈছে৷ কিছু পৰ সি অহালৈ ৰৈ থাকিল৷ কোনো শব্দ নাই৷ তাই ভয় খাই গ’ল৷ বিছনাৰ পৰা উঠি ক’ত গ’ল বুলি বেড ৰুমৰ দুৱাৰ খুলি  আনটো কোঠালিলৈ যায়৷ সেই কোঠালিটোত যিটো দৃশ্য দেখে মাধৱীৰ মূৰত স্বৰগ ভাগি পৰা যেন লাগিল৷ ৰাজ শুই আছে জগদীশৰ লগত একেখন বিছনাতে৷

ইয়াৰ পাছৰ ঘটনাবোৰ আছিল অভাৱনীয় আৰু বৰ্ণনাতীত৷ ৰাজৰ পৰা জগদীশক আতৰোৱাৰ এক প্ৰচেষ্টা আৰম্ভ হ’ল৷ সেই প্ৰচেষ্টা কেৱল মাধৱীৰে নাছিল, লগত সহায়ৰ হাত আগবঢ়াইছিল বিভাগৰ সকলোৱে৷ ৰাজৰ কাহিনী হৈ পৰিছিল প্ৰশাসনৰ চাকৰিয়ালসকলৰ আলোচনাৰ মূল বিষয়বস্তু৷ ইকাণ সিকাণ কৈ ৰাজৰ কাহিনীৰ লগত বহুত কল্প কাহিনী যোগ হ’ল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া ৰাজৰ কথা গৈ পালে সেই কাহিনীত সঁচা কথাখিনিৰ পৰিমাণ হয়তো এক তৃতীয়াংশতকৈ কম আছিল৷ কোনেও নাভাবিলে ৰাজৰ মানসিক অৱস্থা কি হ’ব৷ মাধৱীৰ মানসিক অৱস্থা কি হ’ব৷ কোনেও গুৰুত্ব নিদিলে বতাহত উৰি অহা কথাবোৰৰ কিছু অংশ যেতিয়া ৰাজৰ পুত্ৰৰ কাণত পৰিছিল সেই শিশুটিৰ মনত কেনেদৰে প্ৰভাৱ পৰিছিল৷ ভবাৰ প্ৰয়োজন কোনো মানুহৰে নাছিল৷ আনকি তাৰ বন্ধুবৰ্গৰো নাছিল৷ কেৱল সকলোকে ৰাজৰ কাহিনীয়ে আমোদ দিছিল৷

ৰাজে জগদীশক পাহৰিব পাৰিলে নে?  শাৰীৰিক ভাৱে দুয়ো আঁতৰি থাকিবলৈ ল’লে যদিও ৰাজৰ মনৰ পৰা জগদীশ আঁতৰি নগ’ল৷ মাধৱীৰ সৈতে এক দূৰত্বত সি বহি ল’লে৷ সেই দূৰত্ব যেন দিনক দিনে বাঢ়ি গৈ থাকিল৷ খং, মান-অভিমানে দুয়োৰে মাজৰ ঠাইকণ ভৰাই পেলালে৷ মাধৱীক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈও সি অলপো কুণ্ঠাবোধ নকৰা হ’ল৷ মাধৱীৰ মনৰ অৱস্থা কি হ’ব পাৰে বাৰু? কেইজনৰ ভাগ্যত ইমান দুখ লিখা থাকে? কাৰ লগতনো এই দুখৰ কথা ক’ব৷ শুভাকাংক্ষীয়ে তাইক নো কি বুলি সান্ত্বনা দিব!    

 

পঞ্চম অধ্যায়:

 

ৰাজ প্ৰতিম বৰুৱাই নিজৰ সমস্যাত ভাৰাক্ৰান্ত হ’ল৷ নিজৰ পত্নীক এৰিব নোৱাৰে, সন্তানকো এৰিব নোৱাৰে৷ এৰিব নোৱাৰে তাৰ সংগী জগদীশক৷ এৰিব নোৱৰা হ’ল তাৰ দেহৰ ক্ষুধা৷ তাৰ জীৱন সংগী মাধৱী নহয় জগদীশহে৷ পিছে সমাজে ইয়াক সহজ ভাৱে নলয়৷ তাতে সি চৰকাৰী চাকৰিয়াল৷ এক উচ্চ পদস্থ চৰকাৰী আৰক্ষী বিষয়া৷ সি বিচাৰিলেও সি ভাল পোৱা সকলো কাম কৰিব নোৱাৰে৷  মাধবী কিমান অসহনীয় যন্ত্ৰণাত আছে সি জানে৷ সি জানে তাৰ পৰিয়ালৰ মানুহে তাক কিমান ঘৃণাৰ দৃষ্টিৰে চায়৷ তাৰ আটাইতকৈ মৰমৰ, শ্ৰদ্ধাৰ পিতৃ লাহে লাহে ৰোগত আক্ৰান্ত হৈ স্মৃতি শক্তি হেৰুৱাই পেলালে৷ মাতৃ মানসিক ৰোগত আক্ৰান্ত হৈ আউলী-বাউলী হৈ গ’ল৷ থাকিবলৈ লোৱা নিজৰ ঘৰটোৰ কামখিনিও শেষ কৰিব নোৱাৰিলে৷ সমস্যাৰ সমাধান বিচাৰি সি হাহাকাৰ কৰি থাকিল৷

শেষত সি লৈ আনিলে এটা মদৰ বটল৷ সি নাজানে মদ কেনেকৈ খাব লাগে৷ কিমান পৰিমানে খায়৷ এদিন সন্ধিয়া সি বটলটো খুলি গিলাচত আধাতকৈ বেছি বাকী লয়৷ অলপ অলপকৈ সি গিলিবলৈ লয়৷ মুখখন বিকটাই গিলাচৰ সকলোখিনি পি দিয়াৰ লগে লগে সি যেন দুখবোৰ পাহৰি পেলাব পাৰিলে৷ দুখ বেছি হ’লে কেতিয়াবা নিজকে কষ্ট দিও ভাল পোৱা হয়৷ ৰাজৰ সেই একেই অৱস্থা হ’ল৷ এঘণ্টাৰ পাছত ৰাজে বমি কৰি দিয়ে৷ নিচাত সি একো ক’ব নোৱৰা হৈ পৰে৷ সেই অৱস্থাটোলৈ যাবলৈ সি প্ৰতিদিনে মদ খাবলৈ ল’লে৷ তেনেকৈয়ে  দুৰ্ভাগ্যবশত এদিন সি তাৰ সকলো সমস্যাৰ সমাধান মদৰ ৰাগীত বিচাৰি পালে৷ মদ নাখালে তাৰ মূৰত হাজাৰটা সমস্যা একেলগে আহি পৰে৷ সি এটাৰো সমিধান বিচাৰি নাপায়৷ ৰাতিপুৱা উঠি দিনটো আৰম্ভ কৰে একপেগ মদেৰে৷ অফিচ গৈ আনটো পেগ আৰম্ভ হয়৷ দুপৰীয়ালৈ তাৰ টোপনি ধৰে৷ অফিচৰ কোঠালিত থকা চোফাখনতে সি শুই পৰে৷ এদিনাখন টেলিভিচন চেনেলৰ মানুহ আহি ভিডিঅ’ কৰি লৈ যায়৷ ৰাজৰ চাকৰি যাও যাও অৱস্থা হ’ল৷ দৰমহা কেইটাৰে সি কোনোমতে চলি আছিল৷ ভাগ্য ভাল যে দিশপুৰ তাৰ প্ৰতি সদয় হ’ল৷ তাৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা হাতত নল’লে৷ বছৰ বছৰ ধৰি মদ খোৱাৰ ফলত তাৰ দেহত বেমাৰে দেখা দিলে৷ যকৃৎ কাম নকৰা হৈ আহিল৷ পেটৰ বিষত এইবাৰ থাকিব নোৱৰা হৈ পৰিল৷ চেন্নাইলৈ তাক লৈ গ’ল৷ এমাহ হাস্পতালত থাকি পুনৰ চাকৰিত যোগদান কৰে৷ চন্দন আৰু ৰঞ্জনে সেইদিনাখন তাক লগ ধৰিবলৈ আহিছিল৷ পুৰণি কথা বহুত পাতিছিল৷ ৰঞ্জনে মদ খালে যে সি খুব বেয়া পাইছিল তাক সোঁৱৰাই দিছিল৷ এদিন যে ৰঞ্জনক মদ খোৱা বাবেই ৰুমৰ পৰা বাহিৰ কৰি দিছিল তাক চন্দনে সোঁৱৰাই দিলে৷ কি ৰাজ কি হৈ গ’ল!

চন্দনে তাক কৈছিল, ’বহু বছৰৰ মূৰত তোক এবাৰ শিলচৰত লগ পাইছিলোঁ, মনত আছে নে৷ তই গৈছিলি চি এম ছাৰৰ লগত৷ তেতিয়া মোৰ চাকৰি শিলচৰত আছিল৷ সন্ধিয়া মোক আৱৰ্ত ভৱনৰ তোৰ কোঠালিলৈ মাতিছিলি৷’

’মনত আছে ৷ আঠ বছৰমান আগৰ কথা নহয় নে?’

’মই হুইস্কীৰ বটল এটা লৈ গৈছিলোঁ৷ চি এম ছাৰৰ পি এ গগৈ ও আহিছিল আমাৰ লগত৷ মই সুধিছিলো তোক এপেগ দিম নে বুলি৷ তই কৈছিলি – দে আকৌ৷ সঁচাকৈয়ে মই আচৰিত হৈছিলোঁ তই মদ খোৱা কথা জানি৷ ইমান বছৰ তই মদৰ বিপক্ষে থিয় দি শেষত মদকে শেষ আশ্ৰয় কৰি ল’বলগীয়া হ’ল৷’

’আৰু নাখাও দে৷ জীয়াই থাকিবলৈ বৰ মন যায়৷ তহঁতৰ লগত হাঁহি ধেমালি কৰি থাকিম৷ কিমান যে ভাল লাগিব৷ সেই ভাগ্য হ’ব নে মোৰ?’

তাক কৈছিলোঁ, ’তই নিজেই সৌৰভ চলিহাৰ অশান্ত ইলেক্ট্ৰন গল্পৰ ইলেক্ট্ৰনটোৰ দৰে অশান্ত হৈ পৰিছ৷ শান্ত হ’বলৈ চা চোন৷’

   তাক বহুত সাহস দিছিলোঁ সেইদিনা৷ মদ নাখায় বুলি সি প্ৰতিজ্ঞা কৰিছিল আমাৰ আগত৷ সঁচাকৈয়ে সি তিনিমাহ মদ নোখোৱাকৈ আছিল৷ কিন্তু তাৰেই দুৰ্ভাগ্য, জগদীশে তাক বিচাৰি আহিছিল৷ ইচ্ছা নাথাকিলেও সি তাৰ লগত শুইছিল সেইদিনা নিশা৷ মাধৱীয়ে খবৰ পাইছিল৷ ৰাতিপুৱা তাক খুব গালি পাৰিছিল৷ লগে লগে সি মদৰ আশ্ৰয় ল’লে৷ আকৌ হাস্পতাল৷ আকৌ মদ৷ তেনেকৈয়ে এবছৰ চলিল৷ শেষত মদৰ জয় হ’ল৷ মদে তাক শেষ কৰি পেলালে৷ সি মৰাৰ তিনিমাহ আগত তাৰ দেউতাকে ইহ সংসাৰৰ পৰা বিদায় মাগিছিল৷ মাকে তাৰ দেউতাকৰ মৃত্যুৰ কথা বুজি পোৱা অৱস্থাত নাছিল৷  

        

 

অতিৰিক্ত অধ্যায়:

 

শেষৰ এইটো অংশ এটা সংযোজন হে৷ এইখিনি কথাৰ লগত ৰাজৰ জীৱন কাহিনীৰ কোনো সম্পৰ্ক নাই৷ এই অংশটো ক’বলৈ গ’লে পৰিহাৰ্য্য৷ তথাপি নিজৰ বিবেকৰ তাড়নাত এইখিনি লিখিবলৈ ল’লোঁ৷ ৰাজৰ মৃত্যু হোৱা  দুবছৰ পাৰ হ’ল৷ ৰাজৰ কাহিনীটো লিখিবলৈ আৰম্ভ কৰিছিলোঁ ডেৰ বছৰ আগত৷ লিখিবলৈ ল’লে কলম থমকি ৰয়৷ লেখা হৈ নুঠে৷ ৰঙালী বিহু সংখ্যাৰ আলোচনীৰ বাবে সম্পাদকৰ তাগিদা আহিল৷ ভাবিলোঁ সৰুকৈ উপন্যাসখন শেষ কৰি পেলাওঁ৷ শান্তি নাপাম নহ’লে৷ একেলগে তিনিদিন চৰকাৰী বন্ধ পালোঁ৷ তাৰ সুবাদতে উপন্যাসিকাখন আজি আপোনালোকৰ হাতত তুলি দিবলৈ সক্ষম হ’লোঁ৷ 

ৰাজ প্ৰতিম বৰুৱাৰ মৃত্যু হ’ল৷ অকাল মৃত্যু৷ নিজেই নিজক শেষ কৰিলে৷ কেৱল মদ খাই খাই মৰিল৷ কথাখিনি ক’বলৈ বহুত সহজ৷ সকলো মানুহে তেনেদৰেই ল’লে৷ ৰাজ প্ৰতিম সকলোৰে বাবে অতীত হৈ পৰিল৷ পাহৰিব নোৱাৰিলোঁ কেৱল মই৷ মই তাক বেছিকৈ বুজি পাইছিলোঁ নেকি? নে ময়ে তাৰ একমাত্ৰ অন্তৰঙ্গ বন্ধু আছিলোঁ৷ কথাটো ঠিক তেনেকুৱাও নহয়৷ তাৰ লগত ঘটা গোটেই ঘটনাখিনি আমি যদি জুকিয়াই চাওঁ তেনেহ’লে তাৰ জীৱনক লৈ আমি কেইটামান সম্ভাব্য ফলাফল পাওঁ৷ এনেদৰেও চাব পাৰো – তাৰ জীৱনত কোনো এটা ঘটনা যদি নঘটিলহেঁতেন তেনেহ’লে তাৰ জীৱনৰ গতি বেলেগ পিনে আগবাঢ়িলহেঁতেন৷ মোৰ মনত তেনে কেইটামান সম্ভাৱনাই পাক ঘূৰণি খাই আছে আজি কেই দিনমানৰ পৰা৷ ৰাজৰ মৃত্যুক যদি আমি গণিতৰ এটা সমস্যা বুলি ধৰি লওঁ সেই সমস্যাৰ হয়তো কেইবাটাও সমাধানৰ পথ থাকিব৷ দ্বিঘাত সমীকৰণৰ দুটা সমাধান, ত্ৰিঘাত সমীকৰণৰ তিনিটা সমাধান থাকে৷ তাৰ ওপৰৰ সমীকৰণৰ ততোধিক সমাধান থাকে৷ ৰাজৰ মৃত্যুক যদি প্ৰ’ব্লেম বুলি ধৰা হয় মোৰ বোধেৰে তাৰ চ’লুচন বা সমাধান তিনি প্ৰকাৰ ওলায় অৰ্থাৎ ৰাজৰ মৃত্যু এটা ত্ৰিঘাত সমীকৰণ৷ ইয়াৰ যি কোনো এটা সমাধানৰ পথেৰে ৰাজে  গতি কৰিলেই মৃত্যুৰ পৰা হাত সাৰিব পাৰিলেহেঁতেন৷ মই উলিওৱা ৰাজৰ মৃত্যুৰ সমাধানৰ সূত্ৰ আপোনালোকে কেনে পায় নাজানো কিন্তু মোৰ মূৰৰ পৰা উলিয়াই দিবলৈহে ৰাজৰ মৃত্যুৰ সম্ভাব্য সমাধান সূত্ৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ৷

 

সমাধান নং ১:

মণি নামৰ ছোৱালী এজনীৰ কথা আপোনালোকৰ  মনত আছেনে? ল’ৰালি কালৰ ৰাজৰ কথা কওঁতে মণিৰ কথা উল্লেখ কৰিছিলোঁ৷ ৰাজৰ ঘৰত কাম কৰা ঘৰুৱা সহায়কাৰী ঘাট মাউৰা ছোৱালীজনীয়ে আছিল মণি৷ ফাঁচী লগাই আত্মহত্যা কৰিছিল৷ সি কলেজত পঢ়ি থাকোঁতে শুনিছিল তাইৰ পেটত হেনো এটা তিনিমহীয়া সন্তান আছিল৷ সন্তানৰ  বীজ কাৰ আছিল নো? সকলোৱে আঙুলিয়াই দিছিল তাৰ দেউতাকক৷ অথচ মাকৰ সন্মুখত দেউতাকে কান্দি কান্দি কৈছিল তেওঁ নহয় বুলি৷ ৰাজৰ আদৰ্শ পুৰুষজনে এনে কাম কৰিব পাৰে নে? নিশ্চয় নোৱাৰে৷ তেনেহলে কোনে এই অক্ষমনীয় কামটো কৰিলে? তাৰ ককাকে? হয়তো হয় হয়তো নহয়৷ ৰাজৰ ঘৰত কাম কৰা মাউৰা ছোৱালী মণিক বলৎকাৰ নকৰা হেঁতেন, তাই সন্তান সম্ভৱা নহ’লেহেঁতেন৷ তাই চিপজৰী নল’লেহেঁতেন৷ মণিৰ আইতাকৰ শাও ৰাজৰ পৰিয়ালৰ গাত নপৰিলহেঁতেন৷ সি, তাৰ দেউতাক-মাক, মাধৱী, জগদীশ, তাৰ পুত্ৰ, এই সকলোৰে জীৱন সুন্দৰকৈ চলি থাকিলহেঁতেন ৷

পিছে শাও দিলেই যে সেই শাও ফলিয়াব তাৰ কোনো বাস্তৱিক সত্যতা নাই৷ বিজ্ঞানৰ ছাত্ৰ হিচাপে ইয়াক গ্ৰহণ কৰিবলৈ টান পাইছোঁ৷ গতিকে সেইটো এটা গ্ৰহণযোগ্য সমাধান যেন মোৰ লগা নাই৷

 

সমাধান নং ২:

    ৰাজে যদি মাইগ্ৰেইন ৰোগত আক্ৰান্ত নহ’লহেঁতেন সি কোনো দিনেই জগদীশক মূৰত বা দেহত মালিচ দিবলৈ নক’লেহেঁতেন৷ তাৰ মনৰ কোনোবা অংশত সুপ্ত হৈ থকা সমকামিতাৰ ভাৱ সুপ্ত হৈয়ে থাকিলহেঁতেন৷ জগদীশে তাক সমকামিতাৰ সোৱাদ দিলে৷ তাৰ দেহত সুপ্ত হৈ থকা ভাৱটো জাগ্ৰত কৰি দিলে জগদীশে৷ নাৰীৰ সংগসুখত সি যিটো পোৱা নাছিল সেইটো জগদীশৰ সংগত সি পালে৷ কথাটো আমি আন ধৰণে বুজাব পাৰোঁ৷ কুৰি শতিকাৰ শেষাৰ্ধত যদিহে চেলুলাৰ ফোন আমাৰ দেশত নাহিলে হয় আমি মোবাইল ফোন কি বস্তু নাজানিলোঁ হেঁতেন৷ মোবাইল ফোন ব্যৱহাৰ নকৰাকৈয়ে আমাৰ পুৰ্বপুৰুষ সকলে দেহ ত্যাগ কৰিলে৷ বিনা মোবাইলে তেওঁলোকে কোনো অসুবিধা পোৱা নাছিল৷ যিহেতু আমি সকলোৱে এবাৰ মোবাইল ফোনত অভ্যস্ত হ’লো, এতিয়া ইয়াক এৰি থাকিব নোৱৰা হ’লোঁ৷ ৰাজৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিল৷ এবাৰ নতুন সোৱাদ পোৱাৰ লগে লগে সেইটো সি এৰাব নোৱৰা হৈ পৰিল৷

ৰাজৰ দেহৰ পৰা মাইগ্ৰেইন বেমাৰটো এৰুৱাই পেলালেই সকলো ঠিক হৈ গ’লহেঁতেন৷ এইটো এটা সুন্দৰ সমাধান সূত্ৰ হ’ব পাৰেনে? জীৱনৰ কোনোবা মুহূৰ্তত আন কোনোবা জগদীশৰ দৰে ব্যক্তিক হয়তো সি লগ পালেহেঁতেন৷ তাৰ জীৱনৰ সূতি সলনি হৈ পৰিলহেঁতেন৷ তথাপি মোৰ বিশ্বাস ৰাজৰ মাইগ্ৰেইনৰ সমস্যা নাথাকিলে জগদীশক গাড়ীচালক হিচাপে পালেও তাৰ স্বভাৱৰ পৰিৱৰ্তন নহ’লহেঁতেন৷ সকলো ভালদৰে চলিলেহেঁতেন৷ 

সমাধান নং ৩:

ধৰি লোৱা হ’ল ৰাজে ২০ বা ২৫ বছৰ পাছত জন্ম পালে৷ ইতিমধ্যে সমকামীৰ ওপৰত সমগ্ৰ পৃথিৱীত নতুনকৈ জাগৰণ আৰম্ভ হৈ গ’ল৷ পুৰুষে হওক বা নাৰীয়ে হওক সমলিংগৰ মাজত যৌন সংগম কৰাৰ বা একেলগে জীৱন সংগী হিচাপে জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ বিচাৰি গণ আন্দোলন আৰম্ভ হ’ল৷ বিষয়টো বহুতো দেশৰ আদালতলৈ লৈ গ’ল৷ জনসাধাৰণেও এল জি বি টি কিউৰ হৈ মাত মাতিলে৷ তাৰ লগে লগে এখন এখনকৈ ৩৫ খন দেশে সমলিংগৰ মাজত বিবাহৰ অধিকাৰক মান্যতা প্ৰদান কৰিলে৷ প্ৰায় সকলো উন্নত দেশে যেনে আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া, জাৰ্মানী, চুইজাৰলেণ্ড, কানাডা আদি দেশে ইয়াক মানি লৈছে৷ হয়তো কোনোবা দিনা আমাৰ দেশত সমলিংগৰ মাজত বিবাহ মানি ল’ব৷ তাতোকৈ ডাঙৰ কথা হ’ল আজি অসমৰ গাঁও এখনত সমলিংগৰ মাজত যৌনতাক সহজভাৱে ল’বলৈ লৈছে৷ লিংগ সলনি কৰা যুৱক বা যুৱতী নগৰ-চহৰত ঘূৰি ফুৰিছে৷ সমলিংগই একেলগে থাকিলেও আচহুৱা যেন অনুভৱ নকৰে৷ ইয়াক এক ডাঙৰ অপৰাধ বুলি গণ্য কৰিবলৈ এৰি দিছে৷ ৰাজে ২৫ বছৰ পাছত জন্ম পালে আজি সি বিবাহৰ উপযুক্ত হ’লহেঁতেন৷ হয়তো সি নিজকে উপলব্ধি কৰিলেহেঁতেন যে তাৰ মাজত এনে এটা অনুভূতি আছে যে সি নাৰীৰ সংগসুখত পৰিতৃপ্তি নাপায়৷ সি নিজেই তাৰ ভাল লগা পুৰুষ এজন বাচি ল’লেহেঁতেন৷ তাৰ জীৱনৰ নতুন পথ এটা খোল খাই গ’লহেঁতেন৷

দুৰ্ভাগ্যবশত সি জন্ম পালে দুটা বা তিনিটা দশক আগত যেতিয়া সমলিংগৰ মাজত যৌন ক্ষুধা এটা নোহোৱা নোপোজা ঘটনা বুলিয়ে মানুহে ভাবিছিল৷ আজিকালি সেই দিন নাই৷ মানুহে মুকলিকৈ এল জি বি টি কিউ বিষয়ত কথা পাতে, আলোচনা কৰে৷ আনকি তেনে বিষয়ত কেইবাখনো উপন্যাস, কেইবাটাও গল্প প্ৰকাশ পাইছে৷ এজন যুৱ সাহিত্যিকে মুকলিকৈ নিজৰ সমকামিতাৰ কথা কৈছে৷ তাত কোনেও বেয়া চকুৰে চোৱা নাই৷ আনকি সেই ব্যতিক্ৰমী সাহিত্যিকজনে এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ত শিক্ষকতা কৰে৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াক সহজভাৱে লৈছে৷  

ইয়াতে এটা কথা আপোনালোকক ক’ব বিচাৰিছোঁ৷ সমকামিতা কিন্তু অসমৰ বাবে কোনো নতুন কথা নাছিল৷ অসমৰ কোনো কোনো ৰাজহুৱা স্থানত সমকামিতা বহু বছৰ আগৰ পৰা দেখিবলৈ পোৱা গৈছিল৷ আপোনালোকে নিজেই তাৰ সত্যতা বিচাৰি পাব৷ কিন্তু তথাকথিত সভ্য সমাজত ইয়াক কোনোপধ্যে মানি ল’ব খোজা নাছিল৷ অনুগ্ৰহ কৰি আপোনালোকে মোক নুসুধিব সেই ৰাজহুৱা স্থানসমূহ ক’ত আছিল৷ তাৰ উত্তৰ দিবলৈ আজি মই অপৰাগ৷ 

ৰাজৰ সৈতে একেখন বিছনাত মই শুইছিলোঁ৷ আপোনালোকে মোক ভুলকৈ নাভাবিব৷ তেতিয়ালৈ ৰাজৰ সমকামী ভাৱ সুপ্ত অৱস্থাতে আছিল৷ তাৰ ভিনদেউৰ ঘৰত মই দুৰাতি কটাইছিলোঁ মোৰ চাকৰি পোৱাৰ এবছৰ পাছত৷ তাৰ কিছুবছৰ পাছত মোক নিৰ্বাচনৰ দায়িত্বত নগাঁওলৈ পঠাইছিল৷ ৰাজ তেতিয়া চাকৰি সূত্ৰে নগাঁওত আছিল৷ যদিও মোক এটা অতিথিশালাত থাকিবলৈ দিছিল, ৰাজৰ অনুৰোধত সম্পূৰ্ণ সাত দিন তাৰ সৈতে দুজনীয়া বিছনা এখনত একেলগে শুইছিলোঁ৷ সেইকেইটা দিনত কাহানিও তাৰ ব্যৱহাৰত সমকামীৰ কোনো লক্ষণ দেখা নাপালোঁ৷

আন এজন ব্যক্তিৰ কথা আপোনালোকে হয়তো পাহৰিছে৷ জগদীশ নামৰ ব্যক্তিজনৰ কথা৷ আমি সকলোৱে হয়তো তাক খলনায়ক বুলি ভাবি লৈছোঁ মোৰ দৰেই৷ আজি কিছুদিন আগতে হে জানিবলৈ পালোঁ যে জগদীশে আজিলৈ বিয়া নাপাতিলে৷ আনকি কোনো পুৰুষ বন্ধুক তাৰ নিশাৰ সংগী কৰি লোৱা নাই৷ সি ৰাজক যেনেদৰে মনত ৰাখিছে আৰু ৰাজৰ স্মৃতি বুকুত সাৱটি লৈ ফুৰিছে পৰিয়ালৰ আন কোনো সদস্য বা কোনো বন্ধুই ৰাজক মনত নেপেলায়৷ তাৰ স্মৃতি হয়তো বহুতৰ বাবে পাহৰণিৰ গৰ্ভত৷  তথাপি হয়তো জগদীশ আমাৰ মাজত সদায়ে এজন খলনায়ক হৈ ৰ’ব৷ জগদীশৰ দৃষ্টিৰে পাঠটো পুনৰ নিৰ্মাণ কৰিব পৰা যায়৷         

 ৰাজৰ মৃত্যু মোৰ বাবে এটা শিল্প৷ জীৱনৰ শিলত কটা এটা ভাস্কৰ্য৷ আপোনালোকেও ৰাজৰ মৃত্যুক তেনেদৰে ল’ব৷ মোৰ বোধেৰে ২ নং সমাধান সূত্ৰ গ্ৰহণযোগ্য হ’ব৷ আপোনালোকৰ বাবে গ্ৰহণযোগ্য হয় নে?   

(এপ্ৰিল, ২০২৪ স্পন্দন জীৱনত প্ৰকাশিত)

 

 

 

                                                                               

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা