প্ৰযুক্তিয়ে মাতিব গ্ৰন্থৰ মৃত্যু
যোৱা আঠ বছৰৰ পৰা লক্ষ্য কৰিছোঁ যে ছপা মাধ্যমত প্ৰকাশ পোৱা বাতৰি কাকত, আলোচনী আৰু কিতাপৰ চাহিদা দিনক দিনে কমি গৈছে৷ ২০২০ চনত আৰম্ভ হোৱা ক’ভিড মহামাৰীৰ পাছত গ্ৰন্থ, আলোচনী, কাকতৰ ব্যৱসায়ে বেয়াকৈ মাৰ খালে৷ প্ৰতিষ্ঠিত লেখকৰ নতুনকৈ প্ৰকাশিত গ্ৰন্থসমূহৰ বিক্ৰীও কমি গৈছে৷ নতুন চাম লেখকৰ কথা ক’বই নালাগে৷ ইয়াৰ বিপৰীতে দেখা গৈছে যে প্ৰতি বছৰে প্ৰকাশ পোৱা গ্ৰন্থৰ সংখ্যা বাঢ়ি গৈছে৷ বিক্ৰী কমিলেও যে নতুন গ্ৰন্থৰ প্ৰকাশ বাঢ়ি গৈছে ইয়াৰ আঁৰত নিশ্চয় কিবা কাৰণ আছে৷ তাক আমি নতুনকৈ বিশ্লেষণ কৰা প্ৰয়োজন৷ দশম শতিকাৰ আগত অসমত যি সাহিত্যৰ সৃষ্টি হৈছিল সেই সকলোবোৰ আছিল মৌখিক৷ একাদশ শতিকাৰ পৰা সাহিত্যৰ ৰচনাসমূহ সাঁচিপাতত লিখিবলৈ ল’লে৷ মানৰ আক্ৰমণ, তাৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত বঙালী ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাৰ চৰ্চা কমি গ’ল৷ সৌভাগ্যৰ কথা খৃষ্টান মিছনাৰীয়ে শিৱসাগৰত ছপাযন্ত্ৰ আনি ’অৰুণোদয়’ আলোচনী অসমীয়া ভাষাত প্ৰকাশ কৰিবলৈ লয়৷ ইয়াৰ পৰাই অসমীয়া ভাষাই পুনৰজন্ম পালে৷ ছপাযন্ত্ৰ যদি অসমলৈ নানিলেহেঁতেন, অৰুণোদয় আলোচনী প্ৰকাশ নাপালেহেঁতেন৷ তেনেহ’লে হয়তো অসমীয়া ভাষাই ঠন ধৰি উঠিবল...