মাৰ্কোছ সৈন্য – ভাৰতৰ গৌৰৱ

  

ব্ৰাজিলৰ পৰা বাহৰেইনলৈ এম ভি লীলা নামৰ মালবস্তু কঢ়িওৱা এখন জাহাজ যোৱা মাহত চেন্নাই বন্দৰত উপস্থিত হয়৷ ৮৪,০০০ টন মালবস্তু ভৰ্তি জাহাজখনে চেন্নাইৰ পৰা ৰাওনা হোৱাৰ কিছুদিনৰ পিছতে সাগৰত উপদ্ৰৱ চলোৱা জলদস্যুৰ কবলত পৰে৷ জাহাজখনত পোন্ধৰজন ভাৰতীয় নাগৰিকৰ সৈতে মুঠ ২১ জন নাবিকৰ দল এটা আছিল৷ যোৱা ৪ জানুৱাৰীত ছোমালিয়াৰ জলদস্যুৰ এটা দলে জাহাজখন নিজৰ আয়ত্বলৈ আনিবলৈ চায়৷ মাজ সাগৰত অকলশৰীয়া অৱস্থাত জাহাজৰ সকলো সামগ্ৰী জলদস্যু হাতলৈ গ’লহেঁতেন লগতে ২১ গৰাকী কৰ্মীৰ মৃত্যু অনিবাৰ্য আছিল৷ বিপদৰ আগজাননী পাই লগে লগে ইংলণ্ডৰ মেৰিটাইম ট্ৰেড অপাৰেচনে ভাৰতীয় নৌ সেনালৈ সহায়ৰ বাবে কাতৰ অনুৰোধ জনায়৷  খবৰ পায়ে ভাৰতীয় নৌ সেনা বাহিনীৰ বিশেষ গোট মাৰ্কোছৰ কেইজনমান সদস্যৰ ওপৰত জলদস্যুৰ কবলৰ পৰা জাহাজখনৰ উদ্ধাৰ অভিযানৰ দায়িত্ব অৰ্পণ কৰে৷ সেইমৰ্মে মাৰ্কোছ সৈন্যই নিজৰ সম্ভাব্য বিপদক নেওচি অসীম সাহসেৰে যুদ্ধ কৰি জলদস্যুৰ আক্ৰমণ প্ৰতিহত কৰে আৰু মাল ভৰ্তি জাহাজখন মুক্ত কৰে৷

 

মাৰ্কোছৰ সাহসীকতাৰ কাহিনী নতুন নহয়৷ আতঙ্কবাদীৰ ২৬/১১ৰ মুম্বাই  আক্ৰমণত যেতিয়া তাজ হোটেলত ডেৰ শতাধিক দেশী-বিদেশী ব্যক্তি  আৱদ্ধ হৈ আছিল তেওঁলোকক আতঙ্কবাদীৰ পৰা উদ্ধাৰ কৰিছিল মৰণপণ যুঁজ দি কেইজনমান সাহসী মাৰ্কোছে৷ অপাৰেচন ব্লেক টৰ্নেডো নামেৰে জনাজাত সেই অভিযান ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লেখা থাকিব৷ ইয়াৰ উপৰিও নব্বৈ দশকৰ পৰা কাৰ্গিল যুদ্ধকে ধৰি পূব লাডাখত চীনা সৈন্যৰ সৈতে হোৱা যুঁজ আদি কৰি  কেইবাটাও গুৰুত্বপূৰ্ণ দু: সাহসিক সামৰিক অভিযানত মাৰ্কোছ সৈন্যই সফল হৈ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

 

মাৰ্কোছৰ সম্পূৰ্ণ নাম হ’ল মেৰাইন কমাণ্ডো (Marine Commando) ৷ ১৯৮৭ চনত গঠন কৰা মাৰ্কোছ সেনা দলৰ প্ৰতিজন সদস্যই বায়ু, পানী আৰু মাটিত যুদ্ধ কৰিবলৈ সমানে পাৰ্গত৷ যিকোনো বিপদ সংকুল অভিযানৰ বাবে প্ৰতিজন সদস্যক কঠিনৰ পৰা কঠিনতম প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰে৷ ভাৰতীয় নৌ সেনাৰ বিছ-বাইছ বছৰীয়া ডেকা বয়সৰ জোৱান যিসকলে মাৰ্কোছত সোমাবলৈ ইচ্ছা প্ৰকাশ কৰে সেইসকলে বিভিন্ন শাৰীৰিক, মানসিক, মেডিকেল টেষ্টত উত্তীৰ্ণ হোৱাৰ পাছতহে মাৰ্কোছৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয় ৷ শাৰীৰিক আৰু মানসিক ভাৱে শক্তিশালী হোৱাৰ উপৰিও দেশৰ প্ৰতি যাৰ অগাধ প্ৰেম আছে তেনে সৈনিকক হে মাৰ্কোছৰ বাবে লোৱা হয়৷ এবাৰ মাৰ্কোছত যোগদান কৰাৰ পাছত নৌ সেনাৰ জোৱানজনক তিনিও বিভাগৰ প্ৰশিক্ষণ দিয়া হয়৷ তেওঁলোক তেতিয়া অল ইন ওৱান কমাণ্ডো হৈ পৰে৷  কোৱা হয় যে পাৰদৰ্শিতাৰ ক্ষেত্ৰত ভাৰতীয় মাৰ্কোছ সৈন্য আমেৰিকাৰ নৌ সেনাৰ ‘SEAL’ ত কৈ কোনো গুণে কম নহয়৷ জোৱান সকলক যিকোনো বিপদজনক ভৌগলিক পৰিৱেশত থাকিবলৈ দি প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণৰ মাজত দিনে বিছ ঘণ্টাকৈ শাৰীৰিক পৰিশ্ৰম কৰি মাত্ৰ চাৰি ঘণ্টা শুবলৈ দি শৰীৰ কাৰ্যক্ষম কৰি তোলা হয়৷ কষ্টকৰ প্ৰশিক্ষণৰ ভিতৰত আছে  পিঠিত ৬০ কিলো ওজন লৈ  সপ্তাহত   ১২০ কিলোমিটাৰ খোজ কঢ়া, বোকাত দৌৰিবলৈ শিকা, গেৰিলা যুদ্ধ প্ৰশিক্ষণ, চাৰ্প শ্বুটাৰ  প্ৰশিক্ষণ ইত্যাদি৷ দেখা যায় যে মাৰ্কোছৰ বাবে প্ৰশিক্ষণ দিয়া নৌ সেনাৰ এক পঞ্চমাংশই হে শেষ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে৷ সেই সকল পৰাক্ৰমী যোদ্ধাক লৈ শত্ৰুপক্ষৰ ভয়ংকৰ আক্ৰমনক প্ৰতিহত কৰিবলৈ আমাৰ দেশ আজি সক্ষম হৈছে৷ ছিয়াচেনত আজি বহু বছৰৰ পৰা মাৰ্কোছৰ দলে বতৰৰ প্ৰতিকূল পৰিৱেশৰ মাজত পহৰা দি আছে৷ এইখিনিতে কৈ থোৱা ভাল যে কেৱল পুৰুষক হে মাৰ্কোছৰ বাবে উপযুক্ত বুলি গ্ৰহণ কৰা হৈছিল যদিও ২০২২ চনত নৌ বাহিনীয়ে সিদ্ধান্ত লয় যে মহিলা সদস্যও মাৰ্কোছৰ সদস্য হ’ব পাৰিব যদিহে সকলো ধৰণৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে ৷ 

 

প্ৰবীণ টাওটিয়া নামৰ উগ্ৰ সাহসী মাৰ্কোছ সৈন্যক ২৬/১১ৰ মুম্বাই আক্ৰমণত তাজ হোটেলত দেখুওৱা পৰাক্ৰমৰ বাবে দেশৰ সৰ্বোচ্চ গেলেন্টৰী সন্মান শৌৰ্য চক্ৰ প্ৰদান কৰা হয়৷ গেলেন্টৰী বঁটা লাভ কৰা আন এজন মাৰ্কোছ হ’ল অভিশেষ কঙ্কন৷ অভিশেষ যদিও এজন এজন অভিযন্তা হিচাপে নৌ বাহিনীত সোমাইছিল তেওঁ মাৰ্কোছৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল আৰু ২১ বছৰীয়া চাকৰি জীৱনত বীৰত্বৰে দেশৰ হৈ যি সেৱা আগ বঢ়ালে তাৰ বাবে দেশৰ সৰ্বোচ্চ বঁটা প্ৰদান কৰা হয়৷

 

এজন মাৰ্কোছ সৈন্য বয়স বা স্বাস্থ্য জনিত কাৰণত শাৰীৰিক আৰু মানসিকভাৱে জটিল সামৰিক অভিযানত অংশ ল’বলৈ অপাৰগ হ’লে নৌ সেনা বিভাগৰ গুৰুত্বপূৰ্ণ পদবীলৈ ওভতাই অনা হয়৷  যি কোনো মাৰ্কোছ সৈন্যৰ পৰিচয় সদায়ে লুকুৱাই ৰখা হয়৷ তেওঁলোকে কি অভিযানত লিপ্ত বা ক’ত দায়িত্ব পালন কৰিছে সেয়া কোনেও জানিব নোৱাৰে৷ কোনো মাৰ্কোছ সেনানীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰে আৰু সেয়েহে সামাজিক মাধ্যমত দেখা পোৱা নাযায়৷ মাৰ্কোছৰ সফলতাৰ বহু কাহিনী আজিও এন্ধাৰতে থাকি গ’ল৷ দেশৰ নিৰাপত্তাৰ খাতিৰত তেনে বহু নায়কৰ বীৰ গাথা দেশৰ জনতাক জানিবলৈ দিয়া নহয়৷ মেলে মিটিঙে বা টেলিভিচনৰ পৰ্দাত তেনে বীৰ যোদ্ধা সকলক আদৰিবলৈ, গামোচা পিন্ধাবলৈ  কোনো সুবিধা নাথাকে৷ ফেচবুকত তেওঁলোকৰ ফটো ভাইৰেল নহয়৷ পৰ্দাৰ আঁৰত থাকিয়ে সেই যোদ্ধা সকলে বীৰত্ব দেখুৱাই দেশ মাতৃক বিপদৰ পৰা ৰক্ষা কৰি থাকে৷ ৭৫ তম গণৰাজ্য দিৱসত মাৰ্কোছৰ বীৰ যোদ্ধা সকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷

(৪ ফেব্ৰুৱাৰী, ২০২৪ সাদিনত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা