ৰবট মানৱ – বাস্তৱলৈ কিমান দূৰ

  

বিশ্বৰ পাৰিপাৰ্শ্বিক ব্যৱস্থাত চাৰি বিলিয়ন বছৰৰ পৰা জৈৱিক জীৱ জগতে বসবাস কৰি আহিছে৷ লাখ লাখ বছৰে জীৱৰ ক্ৰমবিকাশ ঘটি আজিৰ অৱস্থা আমি দেখিবলৈ পাইছোঁ৷ এতিয়ালৈ আমি অজৈৱিক জীৱৰ কথা ভাবিব নোৱাৰোঁ কাৰণ অজৈৱিক জীৱৰ ধাৰণাটোৱে অবাস্তৱ বুলি আমি সকলোৱে মানি লৈছোঁ৷ এতিয়া এনে এখন পৃথিৱীৰ কথা ভাবোঁ য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা ৰবটৰ শৰীৰত চেতনা, অনুভৱ আৰু আৱেগৰ জন্ম দি ৰবটক দেশে বিদেশে ঘূৰি ফুৰিব পৰা কৰিব৷ আজিলৈ ৰবটৰ অন্তৰত আৱেগ, অনুভূতি জন্মাবলৈ সক্ষম হোৱা নাই৷ এতিয়ালৈ ৰবট কোঠালি এটাৰ ভিতৰত অথবা কোনোবা কাৰখানা, শ্বপিঙমলৰ ভিতৰত অহা-যোৱা কৰিব পৰা হৈছে৷ ইখন চহৰৰ পৰা সিখন চহৰলৈ যাবলৈ ৰবট সক্ষম নহয়৷ উন্নত প্ৰযুক্তিবিদ্যাৰ সহায়ত ৰবটক এঠাইৰ পৰা আন এঠাইলৈ  ঘূৰিব পৰা (মবিলিটি) কৰিব পাৰিলে একোটা ৰবট হৈ পৰিব অজৈৱিক মানৱ অথবা ৰবট মানৱ৷  বিজ্ঞানীসকলে ক’ব খোজে যে অজৈৱিক ৰবট মানৱক আমি হয়তো দহ বছৰৰ ভিতৰত দেখিবলৈ পাম৷ কি ঠিক  গল্প, উপন্যাস অথবা চিনেমাত (’ডা টাৰ্মিনেটৰ’ চিনেমাৰ দৰে) দেখাৰ দৰে এদিন হয়তো ৰবটে বিশ্ববাসীক নিজৰ অধীনলৈ আনিবলৈ সক্ষম হ’ব৷ 

 

   মেচিন বা কম্পিউটাৰ বা ৰবট এটাই  মানুহৰ দৰে ভাবিব পাৰে নে? এই প্ৰশ্নটো প্ৰথমে উত্থাপন কৰিছিল এলান টুৰিঙ (Alan Turing) নামৰ বিজ্ঞানীজনে তেখেতৰ গবেষণা গ্ৰন্থ 'কম্পিউটি মেচিনেৰী এণ্ড ইন্টেলেজিয়েন্স'ৰ জৰিয়তে৷ কৃত্ৰিম বুদ্ধিমত্তা শব্দটো প্ৰথম ব্যৱহাৰ কৰিবলৈ লৈছিল জন মাকাথীয়ে ১৯৫০ চনত৷ কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আগবঢ়োৱা অৱদানৰ বাবে মাকাথীক কৃত্ৰিম বুদ্ধিমত্তাৰ জনক বুলি কোৱা হয়৷ তেওঁ কৃত্ৰিম বুদ্ধিমত্তাক বুধিয়ক যন্ত্ৰ নিৰ্মাণ কৰা বিজ্ঞান ৰূপে অভিহিত কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা মানুহৰ দৰে কাম কৰিব পৰা কম্পিউটাৰ উদ্ভাৱনৰ চেষ্টা কৰা হয়৷

 

মাকাথীৰ পাছত যোৱা সাতটা দশকত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখন অভাৱনীয়ভাবে উন্নতি লাভ কৰিছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মানুহে কৰি থকা বহু কাম এতিয়া ৰবটে কৰিবলৈ লৈছে৷ মানুহৰ সলনি উদ্যোগবোৰত ৰবটৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হৈ যাব য'ত কম বুদ্ধিমত্তাৰ কামৰ সৈতে পুনৰাবৃত্তিমূলক কামৰ প্ৰয়োজন অধিক। যোৱা দুটাবছৰত বিভিন্ন দেশত ৰবটৰ সহায়ত শিক্ষাদান কৰাৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে৷ কোনো ধৰণৰ বিৰক্তি অনুভৱ নকৰাকৈ কণ কণ ছাত্ৰ-ছাত্ৰীক অবিৰতভাৱে শিক্ষাদান কৰা ৰবট শিক্ষকে অনাগত দিনত হয়তো মানৱ শিক্ষকৰ স্থান ল’ব পাৰে৷ তেনেদৰে ৰবট ডাক্তৰ বা নাৰ্চ এজনে ৰোগীৰ লগত ২৪ ঘণ্টা ভাগৰ অনুভৱ নকৰাকৈ সকলো সময়তে একেই একাগ্ৰতা আৰু মনযোগেৰে কাম কৰিব পাৰে, যিটো মানুহৰ ক্ষেত্ৰত সম্ভৱ নহয়৷ কেইমাহমান আগতে বাতৰি কাকতত ওলোৱা এটা খবৰে আমাৰ মাজত বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ মাইকা নামৰ এজনী ৰবটক পোলেণ্ডৰ প্ৰতিষ্ঠান এটাত চি ই ও হিচাপে নিয়োগ কৰিছে৷ মাইকাই দিনে নিশাই নিষ্ঠা সহকাৰে আগবঢ়োৱা সেৱা দেখিবলৈ পাই প্ৰতিষ্ঠানৰ মুৰব্বীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে৷ বিল গেট্সে কৈছে যে আগন্তুক পাঁচ বছৰৰ ভিতৰত মানুহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰে বিকশিত একোজন ৰবট সহায়কাৰীৰ সৃষ্টি হ’ব যিয়ে ঘৰুৱা সহায়কাৰী হিচাপে ৰন্ধা-বঢ়া, চাফ-চাফাইৰ পৰা আৰম্ভ কৰি সকলো বিষয়তে বিশেষজ্ঞৰূপত মতামত দিব পাৰিব৷     

 

   এতিয়া আমি আন এটা প্ৰসংগলৈ আহোঁ ৷ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধ আজিলৈ অব্যাহত আছে ৷ সামৰিক দিশত চৈধ্য কোটি জনসংখ্যাৰে ৰাছিয়া, চাৰি কোটি জনসংখ্যাৰ ইউক্ৰেইনতকৈ যথেষ্ট শক্তিশালী বুলি সকলোৱে ভাবিছিল৷ পিছে ৰাছিয়াৰ বৃহৎ বৃহৎ টেংক, যুদ্ধজাহাজ আৰু শক্তিশালী যুঁজাৰু বিমানে যুদ্ধক্ষেত্ৰৰ আধিপত্য নিশ্চিত কৰিব নোৱাৰিলে৷ বৰঞ্চ ৰাডাৰ, প্ৰতিৰক্ষামূলক ক্ষেপণাস্ত্ৰ, কৃত্ৰিম উপগ্ৰহ আৰু ড্ৰোন আৰু  কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে সেই সামৰিক অস্ত্ৰক প্ৰতিহত কৰি ইউক্ৰেইনে প্ৰযুক্তিৰ জয়ক নতুনকৈ প্ৰতিপন্ন কৰিলে৷  মানৱ সৈনিক আৰু মেছিনগানৰ স্থান ল’লে নতুন প্ৰযুক্তিৰে গঢ়া ড্ৰোন, আকাশমাৰ্গ আৰু পৃথিৱীপৃষ্ঠত চলা মানৱবিহীন যুদ্ধযান, টাৰ্গেট মিছাইল, কৃত্ৰিম উপগ্ৰহ, চাইবাৰ যুদ্ধ ইত্যাদিৰে৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ব্যৱহৃত প্ৰযুক্তি আমি দেখিলোঁ৷ ইয়াৰ দহবছৰ পাছত দুখন দেশৰ মাজত যুদ্ধ হ’লে নিশ্চয়কৈ ইয়াতকৈ অধিক উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব৷ সমুখ সমৰত  সৈনিকৰ সলনি হয়তো থাকিব কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত ৰবট৷ সৈনিকৰ মৃত্যুৰ সংখ্যা গণনা কৰাৰ লগতে গণনা কৰা হ’ব কিমানটা ৰবট ভূ-পতিত কৰা হ’ল৷

 

মানৱৰ হিতৰ বিপৰিতে যে কেতিয়াবা মানৱসৃষ্ট ৰবটক ব্যৱহাৰ কৰিব সেই কথাটো ১৯৪০ চনতে প্ৰখ্যাত কল্পকাহিনী লেখক আইজাক এচিমভে ভৱিষ্যৎ বাণী কৰিছিল৷ তেখেতে আনকি ৰবটৰ বাবে মানৱজাতিৰ আগত তিনিটা সূত্ৰ মানি চলিবলৈ আহ্বান জনাইছিল৷ প্ৰথম সূত্ৰ অনুযায়ী ৰবটে যিকোনো কাৰণতে মানুহক আঘাত কৰিব নোৱাৰিব৷ দ্বিতীয় সূত্ৰ অনুযায়ী ৰবটে মানুহৰ সকলো আজ্ঞা পালন কৰিব, কেৱল এনেধৰণৰ আজ্ঞা পালন নকৰিব যি আজ্ঞা পালন কৰিলে কোনো মানুহৰ যিকোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ তৃতীয় সূত্ৰ অনুযায়ী ৰবটে নিজৰ অস্তত্ব সুৰক্ষিত কৰিব পাৰিব যেতিয়ালৈকে সেই অস্তত্বই প্ৰথম আৰু দ্বিতীয় সূত্ৰক অমান্য নকৰে৷ অৰ্থ আৰু ক্ষমতাৰ বলত বলীয়ান এক শ্ৰেণীৰ মানুহে আইজাক এচিমভৰ কথাত গুৰুত্ব দিব পৰি আশা কৰা নাযায়৷

 

কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গৱেষণা আৰু বিকাশ যেনেদৰে চলি আছে তাৰ পৰা অনুমান কৰিব পাৰি যে কিছু বছৰৰ ভিতৰত ৰবটক এনে এটা পৰ্যায়লৈ নিব পাৰিব যে ৰবটে মানুহৰ দৰে চিন্তা কৰিব পাৰিব, অনুভূতিৰ সৃষ্টি হ’ব৷ ৰবটে গৱেষণাগাৰৰ বাহিৰলৈ ওলাই আহি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব৷ যৌন অনুভূতিৰ সৃষ্টি হ’লে হয়তো পুৰুষ-মহিলাৰ লগত সহবাসৰ প্ৰশ্নও আহি পৰিব৷ ৰবটৰ সামাজিক স্থিতি কি হ’ব, ব্যক্তিগত স্বাধিনতা ৰবটৰ থাকিব নেকি, ৰবটৰ আৱেগ, অনুভূতিক মানৱজাতিয়ে গুৰুত্ব দিবলৈ বাধ্য হ’ব নেকি এই প্ৰশ্নবোৰৰ উত্তৰ বৰ্তমান আমাৰ মাজত নাই৷ ৰবটে কবিতা বা গল্প-উপন্যাস লিখিব পাৰিব নেকি, যদি লিখে সেই গ্ৰন্থক আমি স্বীকৃতি দিম নেকি? কেইদিনমান আগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনে কৃত্তিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মিত কোনো চিত্ৰৰ  কপিৰাইট নাথাকিব বুলি ঘোষণা কৰিছে৷ ৰবটে যদি মানুহৰ দৰে দল বান্ধি বা ইজনে সিজনৰ সহযোগত কাম কৰিবলৈ আৰম্ভ কৰে সেয়া হ’ব মানৱজাতিৰ বাবে আটাইতকৈ চিন্তনীয় কথা৷ একতাৰ বলত ৰবটৰ শক্তি হাজাৰগুণলৈ বৃদ্ধি পাব আৰু সেই শক্তিক মানৱজাতিয়ে ৰোধ কৰা টান হৈ পৰিব৷

  

এই সকলো কল্পনা জল্পনাৰ ওৰ পেলাই কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ ওপৰত  বাধ্য-বাধকতা আনিব পৰা যায়  যিয়ে নেকি ৰবটক মানুহৰ সমপৰ্যায়ৰ বুদ্ধিমত্তা প্ৰদান কৰাত বাধা আৰোপ কৰিব পাৰিব৷ আন এটা ফ্ৰেন্কেষ্টাইনৰ জন্ম দি মানৱজাতিৰ ধ্বংসৰ সম্ভাৱনা বঢ়োৱাৰ কোনো প্ৰয়োজন নাই৷ সেয়েহে আজি কিছুদিন আগতে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত প্ৰতিষ্ঠানৰ কেইবাজনো মুৰব্বীয়ে এখন পত্ৰত স্বাক্ষৰ কৰি এইবুলি লিখিছে যে, “Mitigating the risk of extinction from AI should be a global priority alongside other societal-scale risks such as pandemics and nuclear war.”

(১৩ ফেব্ৰুৱাৰী, ২০২৪ আমাৰ অসম)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা