প্ৰযুক্তিয়ে মাতিব গ্ৰন্থৰ মৃত্যু

 

যোৱা আঠ বছৰৰ পৰা লক্ষ্য কৰিছোঁ যে ছপা মাধ্যমত প্ৰকাশ পোৱা বাতৰি কাকত, আলোচনী আৰু কিতাপৰ চাহিদা দিনক দিনে কমি গৈছে৷ ২০২০ চনত আৰম্ভ হোৱা ক’ভিড মহামাৰীৰ পাছত গ্ৰন্থ, আলোচনী, কাকতৰ ব্যৱসায়ে বেয়াকৈ মাৰ খালে৷ প্ৰতিষ্ঠিত লেখকৰ নতুনকৈ প্ৰকাশিত গ্ৰন্থসমূহৰ বিক্ৰীও কমি গৈছে৷  নতুন চাম লেখকৰ কথা ক’বই নালাগে৷  ইয়াৰ বিপৰীতে দেখা গৈছে যে প্ৰতি বছৰে প্ৰকাশ পোৱা গ্ৰন্থৰ সংখ্যা বাঢ়ি গৈছে৷ বিক্ৰী কমিলেও যে নতুন গ্ৰন্থৰ প্ৰকাশ বাঢ়ি গৈছে ইয়াৰ আঁৰত নিশ্চয় কিবা কাৰণ আছে৷ তাক আমি নতুনকৈ বিশ্লেষণ কৰা প্ৰয়োজন৷

দশম শতিকাৰ আগত অসমত যি সাহিত্যৰ সৃষ্টি হৈছিল সেই সকলোবোৰ আছিল মৌখিক৷ একাদশ শতিকাৰ পৰা সাহিত্যৰ ৰচনাসমূহ সাঁচিপাতত লিখিবলৈ ল’লে৷ মানৰ আক্ৰমণ, তাৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত বঙালী ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাৰ চৰ্চা কমি গ’ল৷ সৌভাগ্যৰ কথা খৃষ্টান মিছনাৰীয়ে শিৱসাগৰত ছপাযন্ত্ৰ আনি ’অৰুণোদয়’ আলোচনী অসমীয়া ভাষাত প্ৰকাশ কৰিবলৈ লয়৷ ইয়াৰ পৰাই অসমীয়া ভাষাই পুনৰজন্ম পালে৷ ছপাযন্ত্ৰ যদি অসমলৈ নানিলেহেঁতেন, অৰুণোদয় আলোচনী  প্ৰকাশ নাপালেহেঁতেন৷ তেনেহ’লে হয়তো অসমীয়া ভাষাই ঠন ধৰি উঠিবলৈ আৰু কেইটামান দশক ৰ’বলগীয়া হ’লহেঁতেন৷

যোৱা তিনিটা দশকত কম্পিউটাৰ, ইণ্টাৰনেট, স্মাৰ্ট ফোনৰ আবিষ্কাৰে মানুহৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন অহা দেখা গৈছে৷ সেই পৰিৱৰ্তন মানুহৰ জীৱন ধাৰণৰ মানদণ্ডত বা গ্ৰন্থ অধ্যয়ন সকলোতে দেখিবলৈ পোৱা গৈছে৷ সাহিত্যৰ সৃষ্টিৰাজি প্ৰকাশৰ বিভিন্ন মাধ্যম আমাৰ হাতত আহি পৰিছে৷ ২০০৯ চন মানৰ পৰা সামাজিক মাধ্যমত ফেচবুক জনপ্ৰিয় হোৱাৰ  পাছত এক নতুনচাম লেখকে অসমীয়া ভাষাত কবিতা, গল্প, প্ৰবন্ধ, বিশেষকৈ নিজৰ অভিজ্ঞতাকে সুন্দৰকৈ লিখি সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ ল’লে৷ এই সকলো সম্ভৱ হৈছে অসমীয়া ভাষাটো ইউনিকোডৰ জৰিয়তে কম্পিউটাৰে বুজি পাব পৰাকৈ লিখিব পৰা কৰিবলৈ কেইজনমান অসমীয়া ভাষাক ভাল পোৱা ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত৷ উইকিপেডিয়া নামৰ ৱেব পেজত অসমীয়া ভাষাত অসমৰ প্ৰখ্যাত ব্যক্তি বা বুৰঞ্জীমূলক স্থান আদি বহুতো বস্তুৰ বিস্তৃত বৰ্ণনা লিখি উলিয়াইছে অসমপ্ৰেমী ব্যক্তিসকলৰ প্ৰচেষ্টাত৷ অনলাইন মাধ্যমত অসমীয়া ভাষাৰ ব্যাপক প্ৰচাৰৰ বাবেই ২০২২ চনত গুগুল ট্ৰেন্সলেটৰত অসমীয়া ভাষাক অন্তৰ্ভূক্ত কৰিছে৷ ইয়াৰ পৰা অসমীয়া ভাষাত ইউনিকোডত ৰচিত সকলো সাহিত্যৰাজি আজি বিদেশৰ যিকোনো ভাষাত চাবলৈ সক্ষম হ’ব৷ অসমীয়া ভাষাৰ প্ৰতিটো প্ৰতিশব্দ ইংৰাজীলৈ নিবলৈ নিৰন্তৰ প্ৰয়াস চলাই থকা হৈছে৷ অনলাইন মাধ্যমত কৰা এই গোটেই কৰ্মৰাজিৰ কৃতিত্ব  কোনো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানে দাবী কৰিব নোৱাৰে৷ দুটা দশক আগত অসমীয়া ভাষাত লেখা গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি সৃষ্টিশীল কামবোৰ পঢ়ুৱৈৰ মাজলৈ নিবলৈ কেৱল এটাই মাধ্যম আছিল - সেয়া হৈছে ছপা মাধ্যমত বাতৰি কাকত, আলোচনী আৰু গ্ৰন্থৰ জৰিয়তে৷ এতিয়া লেখনিসমূহ ফেচবুক,  ব্লগ, ৱেব পেজ, কিণ্ডল অথবা অ’ডিও বুকৰ জৰিয়তে পঢ়ুৱৈৰ মাজলৈ পঠাব পৰা যায়৷ লেখকে অনলাইন মাধ্যমত প্ৰকাশ কৰাৰ লগে লগেই সেই সৃষ্টিৰাজি পাঠকৰ ওচৰলৈ গুচি যায়৷ পাঠকে পঢ়ি লগে লগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে৷ লেখক আৰু পাঠকৰ মাজৰ যোগসূত্ৰ অনলাইন মাধ্যমত মজবুত হৈ পৰা দেখিবলৈ পাইছোঁ৷ ’অসমীয়াত কথা বতৰা’, ’গ্ৰন্থ সুবাস’, ’অৰ্ধআকাশ’ আদিৰ দৰে জনপ্ৰিয় ফেচবুক গ্ৰুপৰ মাধ্যমেৰে কেইবাজনো ন লেখক-লেখিকাই প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷ অনলাইন মাধ্যমত সাহিত্য ডট অৰ্গ, অন্যযুগ আদিৰ দৰে জনপ্ৰিয় আলোচনী প্ৰকাশ পাবলৈ ধৰিছে৷ ই-বুক বা ডিজিটেল পাব্লিছিঙৰ সহায়ত অতি কম খৰছত (বহু সময়ত বিনা খৰছত) লগে লগে প্ৰকাশ পাবলৈ ধৰা লেখকৰ এই সৃষ্টিৰাজিক পঢ়ুৱৈ সমাজেও আঁকোৱালি লৈছে৷ বিদেশত প্ৰতিখন কিতাপ দুটা মাধ্যমত প্ৰকাশ কৰা হয় – কিতাপ আকাৰত ছপা মাধ্যম আৰু ডিজিটেল মাধ্যমত ’কিণ্ডল’ ৷ ছপা মাধ্যমতকৈ ডিজিটেল মাধ্যমৰ খৰছ কেবা গুণে কম হোৱা হেতুকে ই অতি জনপ্ৰিয় হৈ পৰিছে৷ অসমীয়া ভাষাতো ডিজিটেল মাধ্যমত ই-বুক উপলব্ধ হ’বলৈ আৰম্ভ কৰিছে৷ পঢ়া-শুনা কৰা প্ৰতিজন ব্যক্তিৰ হাততে আজি স্মাৰ্ট ফোন দেখিবলৈ পোৱা যায়৷ মোবাইলতে যদি লেখাবোৰ পঢ়িবলৈ পায় নিশ্চয়কৈ ছপা হৈ ওলোৱা গ্ৰন্থ এখন অধিক মূল্যত কিনিবলৈ ইচ্ছা নকৰিব৷ প্ৰযুক্তিৰ এই উত্তৰণৰ বাবেই গ্ৰন্থৰ বিক্ৰী কমি যোৱা দেখা গৈছে৷  হয়তো অনাগত দিনত ছপা মাধ্যমত গ্ৰন্থ প্ৰকাশ কৰিবলৈ লেখকে আগ্ৰহ নেদেখুৱাব৷

      লেখকসকলৰ নতুন লেখনি সমূহৰ বাহিৰেও পঞ্চাশ বছৰ আগৰ সকলো সাহিত্য, আলোচনী আজি ডিজিটেল স্কেনাৰৰ সহায়ত কম্পিউটাৰ চাৰ্ভাৰত নিৰাপদে সংৰক্ষণ কৰিবলৈ লোৱা হৈছে৷ নন্দ তালুকদাৰ ফাউণ্ডেচনে www.assamarchive.org” ৱেবচাইট খুলি ১৮৪৬ চনত প্ৰথম প্ৰকাশিত অসমীয়া সংবাদপত্ৰ “অৰুনোদই“ৰ পৰা আৰম্ভ কৰি ৰামধেনু লৈ প্ৰকাশিত সকলো আলোচনী ডিজিটেল মাধ্যমত পঢ়ুৱৈৰ বাবে ৰাখি থৈছে ৷ ঊনৈশ আৰু বিংশ শতিকাত প্ৰকাশিত বহু পুৰণি আৰু আপুৰুগীয়া গ্ৰন্থ ৱেবচাইটত উপলব্ধ কৰা হৈছে৷ তেনেদৰে বিশ্ব সাহিত্যৰ আপুৰুগীয়া গ্ৰন্থসমূহো আজি ডিজিটেল লাইব্ৰেৰীত সযতনে ৰখা হৈছে৷ যিকোনো স্থানৰ পৰা বহু সময়ত এটকাও খৰছ নকৰাকৈ এই গ্ৰন্থসমূহ পঢ়াৰ সুযোগ পাইছোঁ৷

গ্ৰন্থৰ বিক্ৰী কমি গ’লেও সাহিত্যৰ চৰ্চা কমি যোৱা বুলি ভাবিব নালাগে৷ অনলাইন মাধ্যমত সাহিত্যৰ চৰ্চা চলি আছে আৰু থাকিব৷ কেৱল সাহিত্য চৰ্চাৰ মাধ্যমটো সলনি হৈছে - ছপা মাধ্যমৰ পৰা ডিজিটেল মাধ্যম পাইছে৷ সেয়েহে নতুন মাধ্যমত সাহিত্য চৰ্চা কৰিবলৈ প্ৰতিজন সাহিত্যানুৰাগীয়ে ডিজিটেল সাক্ষৰতা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰয়োজন৷ সকলোৱে ইউনিকোডত পঢ়িব আৰু লিখিব পৰা  হ’ব লাগিব৷ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বাবে আজি সাহিত্য জগত যথেষ্ট উপকৃত হৈছে৷ নেচাৰেল লেংগুৱেজ প্ৰচেছ আৰু ভইছ ৰিকগনিচনৰ দ্বাৰা কম্পিউটাৰে ভাষাৰ ওপৰত বিশেষ দখল আয়ত্ব কৰিছে৷ ভাষা আজি আমাৰ মাজত প্ৰাচীৰ হৈ নাথাকিব৷ অসমীয়া ভাষাৰ লেখা এটা যিকোনো ভাষাত চেকেণ্ডতে অনুবাদ হৈ যাব৷ তেনেদৰে যিকোনো ভাষাৰ সাহিত্যৰাজি  আমাৰ নিজৰ ভাষাত পঢ়িবলৈ সক্ষম হ’ম৷

কম্পিউটাৰত ইউনিকোডত লিখিলে সম্পাদনা কৰিবলৈ বহুত সহজ হৈ পৰে৷ আজিকালি বহুতো এপ ওলাইছে যিয়ে ভুলকৈ লেখা বানান সমূহ দেখুৱাই দিয়ে লগতে শুদ্ধ ৰূপটোও দেখুৱাই দিয়ে৷ ণত্ব বিধি, ষত্ব বিধিৰ ভুলসমূহ, চন্দ্ৰবিন্দুৰ ভুলো এপে দেখুৱাই দিব পাৰে৷ ব্যাকৰণৰ প্ৰায় ৯০% ভুল ডিজিটেল মাধ্যমত শুদ্ধ কৰিব পাৰি৷ দুখনমান অসমীয়া অভিধানো অনলাইনত উপলব্ধ হৈছে৷ কেইটামান এপে লেখকৰ মনে বিচৰা গল্পৰ প্লট উলিয়াই দিব পৰা হৈছে৷ প্ৰবন্ধৰ বাবে লাগতিয়াল তথ্য অনলাইনত সহজে পাব পৰা হৈছে৷ আনকি এনে এপো ওলাইছে যিয়ে লেখকৰ নতুন লিখনিক পঢ়ুৱৈয়ে কেনেদৰে ল’ব তাৰ আগলি বতৰা লেখকক দিব পাৰে৷ লিখনিটোৰ যদি অধিক উন্নত কৰাৰ স্থল আছে তাকো কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা ক’ব পৰা যায়৷ সাহিত্যৰ নতুন ধাৰা সম্পৰ্কেও লেখকক আঙুলিয়াই দিব পৰা হৈছে৷

কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যধিক প্ৰয়োগে লেখকৰ মৌলিক সৃষ্টিত ব্যঘাত জন্মিব নেকি - সেয়া হৈছে আজিৰ দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷

(২৫ ফেব্ৰুৱাৰী, ২০২৪ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা