সমূহৰ কথকতা-৭: নাৰীৰ সম অধিকাৰ আৰু বৰপেটা সত্ৰ
চীন দেশৰ মাও জেডঙৰ কথাষাৰ ’ Women hold up half the sky ’ অৰ্থাৎ ’নাৰী তুমি অৰ্ধ আকাশ’ নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৰে অন্তৰত সোমাই থকা এষাৰি বাক্য৷ এফালে যেনেকৈ প্ৰেম, মমতাৰ প্ৰতীক তেনেকৈয়ে শক্তিস্বৰূপা হৈছে নাৰী৷ মানৱ সৃষ্টিৰ মূল উৎস হৈছে নাৰী৷ অথচ ৰামায়ণ-মহাভাৰতৰ দিনৰ পৰা এতিয়ালৈ নাৰী নিৰ্যাতিত হৈ আহিছে৷ শিক্ষাৰ প্ৰচাৰ, সমাজ সচেতনতা, অৰ্থনৈতিক উন্নয়নৰ পিছতো সকলো ধৰ্ম, ভাষা, জাতি-জনগোষ্ঠীয় লোকৰ মাজত লিঙ্গ অসমতা আজিও আছে৷ লিংগ সমতা কেৱল এক মৌলিক মানৱ অধিকাৰে নহয়, শান্তিপূৰ্ণ, সমৃদ্ধ আৰু বহনক্ষম পৃথিৱীৰ বাবে এক প্ৰয়োজনীয় আধাৰ৷ ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি লিঙ্গ সমতাৰ লক্ষ্য ৰখা হৈছে যদিও সমীক্ষা অনুযায়ী এইটো প্ৰমাণিত হৈছে যে বিশ্বৰ আধা সংখ্যক বিবাহিতা মহিলাৰ নিজে সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই৷ ১৫-৪৯ বছৰীয়া মহিলাৰ ৩৯% ই আজিও শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ সন্মুখীন হয় ৷ চাকৰিজীৱী মহিলাই পুৰুষৰ তুলনাত ৩০% কম দৰমহা পায়৷ গৃহিনী সকলে যদিও নিজৰ বাসগৃহত পুৰুষতকৈ অধিক সময় কাম কৰিব লাগে তথাপি সেই কামৰ স্বীকৃতি কেতিয়াও নাপায়৷ অকল স্বামীৰ গৃহতে নহয়, নাৰীয়ে নি...