সমূহৰ কথকতা-৬: উমৰাংছু আৰু ফেলকন চৰাইসমূহৰ কথকতা

 

কলেজ এৰাৰ পাছতে জীৱনৰ প্ৰথমটো চাকৰি পাইছিলোঁ উমৰাংছুত অৱস্থিত এটা চিমেণ্ট উদ্যোগত সহকাৰী অভিযন্তা হিচাপে৷ নিয়োগপত্ৰ হাতত লৈও চাকৰিত যোগদান নকৰাৰ সিদ্ধান্ত ল’বলগিয়াত পৰিছিলোঁ৷ ইয়াৰ একমাত্ৰ কাৰণ আছিল ঠাইখনৰ দুৰ্গম যাতায়ত ব্যৱস্থা আৰু সন্ত্ৰাসবাদী সংগঠনৰ আধিপত্য৷ যদিও ২০১০ চনৰ পৰা সন্ত্ৰাসবাদীসকলে মূলসুঁতিলৈ উভতি আহিছিল, লাহে লাহে শান্ত পৰিৱেশ বিৰাজ কৰিছিল, পিছে, যাতায়ত ব্যৱস্থাৰ কোনো উন্নতি হোৱা নাছিল৷ অথচ উমৰাংছু এখন উদ্যোগিক চহৰ হিচাপে কেইবাটাও দশক আগতে সকলোৰে চকুত পৰিছিল৷ ১৯৮৪ চনত কপিলী জলবিদ্যুৎ প্ৰকল্প উমাৰংছুত স্থাপন কৰি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ লৈছিল৷ প্ৰকল্পটো  আজিও চলি আছে৷ তদুপৰি চহৰৰ আশে পাশে থকা পাহাৰবোৰত মজুত আছে চূণ শিলৰ বিশাল ভাণ্ডাৰ৷ চিমেণ্ট উৎপাদনৰ বাবে ই হৈছে অপৰিহাৰ্য৷ ১৯৮৯ চনতে ইয়াত বিনয় চিমেণ্ট নামৰ প্ৰতিষ্ঠানে চিমেণ্ট নিৰ্মাণ উদ্যোগ স্থাপন কৰিছিল৷ ডালমিয়া চিমেণ্ট প্ৰতিষ্ঠানে বিনয় চিমেণ্ট উদ্যোগ কিনি লৈ উদ্যোগটোৰ সম্প্ৰসাৰণ ঘটায়৷ কয়লা খনিৰ বাবেও উমৰাংছু জনাজাত৷ চহৰখনৰ আশে পাশে বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰা দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত কাৰ্বি, লেপালী, ডিমাচা, কুকি অন্যতম৷  

উমৰাংছু বহু কাৰণতে গুৰুত্ব লাভ কৰিবলগীয়া ঠাই যদিও কেইবা দশকজুৰি চলি থকা সন্ত্ৰাসবাদৰ বাবেই চহৰখনৰ উন্নয়ন সম্ভৱ হোৱা নাছিল৷ আন্ত:গাঠনিৰ অৱস্থা  দুখলগা আছিল৷ সংন্ত্ৰাসবাদী সংগঠনৰ সমূহ সদস্যই মূলসুঁতিলৈ অহাৰ বহু বছৰ পাছত সোভাগ্যবশত কেইমাহমান আগত লংকাৰ পৰা উমাৰংছুলৈ ৭০ কিলোমিটাৰ পথচোৱা নতুনকৈ নিৰ্মাণ কৰা হয়৷ ইয়াৰ লগে উমৰাংছু যাত্ৰা সহজ হৈ পৰে৷ লংকা এৰাৰ পৰা গোটেই  যাত্ৰাপথ অতি মনোমোহা৷ প্ৰকৃতিৰ বৰদান লাভ কৰা উমৰাংছুৰ বিনন্দীয়া ৰূপ উপভোগ কৰিবলৈ অন্তত দুদিনৰ বাবে সকলোৱে ইয়ালৈ আহিব লাগে৷ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বাবে কপিলী নদীৰ ওপৰত বান্ধ দি কৃত্ৰিমভাবে সৃষ্টিকৰা জলপৃষ্ঠৰ চাৰিওফালে সমতল ভূমিয়ে আবৰি আছে৷ ইয়াক চাবলৈ, সৌন্দৰ্য উপভোগ কৰিবলৈ লগতে বনভোজৰ বাবে  হাজাৰ হাজাৰ পৰ্যটক প্ৰতি বছৰে আহে৷ ড° ভূপেন হাজৰিকাই কপিলীৰ সৌন্দৰ্য উপভোগ কৰিয়ে লিখিছিল জনপ্ৰিয় গান “কপিলী কপিলী ৰাংধালী ছোৱালী _ _ _ _ “৷ ২০১৫ চনৰ পৰা গ’ল্ফ কোৰ্চৰ সেই বিস্তিৰ্ণ এলেকাত ফেলকন উৎসৱ পাতিবলৈ লৈছে৷ জলপৃষ্ঠৰ চাৰিওফালে আবৰি থকা হাজাৰ হাজাৰ বিঘা সমতল ভূমিত সৰু সৰু কেম্প পাতি লাখৰ ওপৰত পৰ্যটক থাকিবলৈ সুবিধা কৰি দিয়া হয়৷ ফেলকন উৎসৱত দেশৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ সমাগম ঘটে৷ ডিমা হাছাও স্বায়ত্ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৱাবছৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ফেলকন উৎসৱত বলিউডৰ শিল্পী বাদচাহ, আৰমান মালিক, তুলসি কুমাৰ, আষ্ট্ৰা আৰু লগতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে মনমোহা অনুষ্ঠান পৰিৱেশন কৰিছিল৷ এইবাৰো পাঁচ লাখ সংগীতপ্ৰেমীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰিয়ে ডিচেম্বৰ মাহত ফেলকন উৎসৱৰ আয়োজন কৰিছে৷

         উমৰাংছুৰ এক উল্লেখযোগ্য পৰিঘটনা যাক প্ৰকৃতিৰ বৰদান আখ্যা দিব পৰা যায় সেয়া হ’ল প্ৰতি বছৰে অক্তোবৰ মাহৰ শেষত ইয়াৰ এক বিশেষ অঞ্চললৈ (টুংবুং বস্তি) হাজাৰ মাইল দূৰৰ পৰা আগমণ ঘটে অমূৰ ফেলকন (Falco amurensis) চৰাইবিধ৷ লাখৰ ওপৰত অহা পক্ষীয়ে টুংবুং বস্তিত গছৰ ডালত আশ্ৰয় লয়৷ সন্ধিয়াৰ আগে আগে আকাশত অগনন চৰায়ে একেলগে উৰা মাৰে,  ফুৰে, খেলে, চিঞৰে, গান গায় , আকৌ গছৰ ডালত পৰে৷ পৰিভ্ৰমী পখীৰ সেই দৃশ্য  চাই চাই পৰ্যটকসকলে মনৰ আনন্দত বিভোৰ হৈ পৰে৷  কি যে এক নান্দনিক দৃশ্য, নিজ চকুৰে নাচালে বুজা টান৷ অসমত এইবিধ চৰাইৰ প্ৰজাতিক শেন চৰাই বুলিও কয়৷ এই ফেলকন চৰাইবোৰ আহে সুদূৰ চাইবেৰিয়া আৰু চীনৰ উত্তৰফালৰ পৰা৷ চাইবেৰিয়াত সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়া শেষ কৰি অক্তোবৰৰ মাজভাগৰ পৰা এসপ্তাহতে হাজাৰ মাইলৰ দূৰত্ব অতিক্ৰম কৰি ডেৰ মাহৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যত থাকিবলৈ লয়৷ উমৰাংছুৰ উপৰিও অসমৰ  কাৰ্বি আংলং জিলাৰ উম্ৰুখুঁটিলৈও চৰাইবোৰ আহে৷ নাগালেণ্ড দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ওচৰত পাংটি লুথা নামৰ গাঁওখনত অলপ দিনৰ বাবে আহা এই চৰাইৰ  সংখ্যা প্ৰতি বছৰে ১০ লাখতকৈও অধিক৷ এই ঠাইখনক অমূৰ ফেলকন পখীৰ ৰাজধানী বুলিও কোৱা হয়৷  পিছে দুখৰ কথা এয়ে যে কিছুবছৰ আগলৈ হেনো গাঁৱৰ বাসিন্দাই চৰাইবোৰ ধৰি ৰান্ধি খাইছিল৷ পোন্ধৰ বছৰ আগলৈ উমৰাংছুতো তেনে ঘটনা ঘটিছিল৷ এতিয়া কেইবাটাও বেছৰকাৰী প্ৰতিষ্ঠানে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ লগতে বন বিভাগেও চৰাইৰ ৰক্ষণাবেক্ষণত আত্মনিয়োগ কৰিছে৷

 কম সময়ৰ বাবে অহা অমূৰ ফেলকন চৰায়ে উমৰাংছুত থকা দিন কেইটাত  কিট পতংগ বিশেষকৈ উই পৰুৱা খাই শক্তি গোটাই লয় আৰু ডিচেম্বৰ মাহৰ আগে আগে আৰৱ সাগৰৰ ওপৰেৰে দক্ষিণ আফ্ৰিকালৈ যাত্ৰা আৰম্ভ কৰে৷ যাত্ৰা পথত সাধাৰণতে চৰাইবোৰে ভূমিপৃষ্ঠৰ পৰা ১,০০০ মিটাৰ ওপৰেৰে উৰি যায়৷ ৰাছিয়া, চীনৰ পৰা  অহা চৰায়ে অসম তথা নাগালেণ্ডত কিছুদিনৰ আলহী হৈ দক্ষিণ আফ্ৰিকালৈ কৰা ২২,০০০ কিলোমিটাৰৰো অধিক এই যাত্ৰাপথ নিশ্চয়কৈ ৰোমাঞ্চকৰ৷ জীৱনত এবাৰ হ’লেও চৰাইবোৰৰ এই মনমোহা দৃশ্য চাবলৈ আহিব লাগে৷ ইয়াত থাকিবলৈ উমৰাংছু ৰিজ’ৰ্টত আগতীয়াকৈ সংৰক্ষণ কৰিব পাৰে৷ ডালমিয়া চিমেণ্ট আৰু নেপকোৰ অতিথিশালাতো থকাৰ সুবিধা আছে৷ আশাকৰা গৈছে এবছৰৰ ভিতৰতে দুটামান ৰিজ’ৰ্ট নিৰ্মাণ হৈ উঠিব৷

উমৰাংছুৰ যাত্ৰাপথত পানীমূৰ নামৰ এটা সুন্দৰ জলপ্ৰপাত পোৱা যায়৷ জলপ্ৰপাতটোৰ পানী স্ফটিক স্বৰূপ৷ পানীমূৰ জলপ্ৰপাতক অসমৰ নায়েগ্ৰা ফল বুলিও অভিহিত কৰিছে৷ ১০০ মিটাৰ উচ্চতাৰ পৰা বেগেৰে নামি অহা পানীৰ স্ৰোত চাবলৈও হাজাৰ হাজাৰ পৰ্যটক প্ৰতি বছৰে  উপস্থিত হয় ৷ ইয়াত বোটিং, ট্ৰেকিঙৰো সুবিধা আছে৷ উমৰাংছুত লাহে লাহে ইকটুৰিজম, ক্ৰীড়া পৰ্যটনকে ধৰি নানান সুবিধা উপলব্ধ হ’বলৈ ধৰিছে৷ কিছুবছৰৰ ভিতৰতে চহৰখন উত্তৰ পূৰ্বাঞ্চলৰ এক উৎকৃষ্ট পৰ্যটনস্থলি হিচাপে পৰিগণিত হ’ব৷ পৰ্যটকৰ সমাগমৰ মাজত নগৰখনৰ উন্নয়ন অৱশ্যম্ভাৱী৷ কিন্তু এটা কথাত সজাগ হ’ব লাগে যাতে নগৰ উন্নয়ন আৰু পৰ্যটকৰ উপস্থিতিয়ে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ নপৰে৷ এইবাৰ নগৰখনলৈ যাওঁতে দেখা পোৱা গ’ল যে এটা বিশেষ জনগোষ্ঠীৰ উৎসৱ চলি থকাৰ মাজতে কোনোবা দুস্কৃতিকাৰীয়ে হৰিণাৰ মাংস খোলাকৈ বিক্ৰি কৰিছে৷ ভৱিষ্যতলৈ তেনে ঘটনা যাতে নঘটে তাৰ বাবে সদা সতৰ্ক থকা উচিত৷ প্ৰকৃতিক সংৰক্ষণ কৰিব পাৰিলেহে উমৰাংছু এখন লেখত ল’বলগীয়া জনপ্ৰিয় পৰ্যটনস্থলিলৈ পৰিৱৰ্তিত হ’ব৷  স্থানীয় জনগোষ্ঠীয় লোকসকলে এইক্ষেত্ৰত আগবাঢ়ি আহিব লাগে যাতে বহিৰাগতই পৰ্যটন উদ্যোগৰ সকলো সুবিধা লাভ কৰি স্থানীয় নাগৰিকক বঞ্চিত কৰিব নোৱাৰে ৷    

(’অসমীয়া খবৰ’ ৯ নৱেম্বৰ, ২০২৩ প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা