ভাদ মাহৰ নাম-প্ৰসংগত মিঠাইৰ পয়োভৰ আৰু স্বাস্থ্য সম্পৰ্কীয় কিছু কথা
যোৱা
১৮ চেপ্তেম্বৰত ভাদ মাহ শেষ হ’ল ৷ অসমীয়া বৈষ্ণৱ সমাজত ভাদ মাহক আটাইতকৈ পবিত্ৰ মাহ
হিচাপে গণ্য কৰা হয় ৷ প্ৰতিটো নামঘৰত প্ৰতি দিনে নাম-প্ৰসংগ কৰা হয় ৷ হৰিনাম ধ্বনিৰে
চাৰিওফালে মুখৰিত হয় ৷ দুজনাগুৰুৰ তিৰোভাৱ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এই পবিত্ৰ মাহতে
পৰে ৷ ভক্তপ্ৰাণ ৰাইজে নামঘৰত শৰাই আগবঢ়ায়
আৰু সেৱা লয় ৷ দুই-চাৰিটা পৰিয়াল লগ হৈ অথবা ব্যক্তিগতভাবে পৰিয়ালে শৰাই আগবঢ়োৱা পৰম্পৰা
বছৰ বছৰ ধৰি চলি আহিছে ৷ এইখিনিতে ভাদ মাহৰ নাম-প্ৰসংগৰ লগত জড়িত দুটা কথা উনুকিয়াব খুজিছোঁ ৷
শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা একশৰণ হৰিনাম ধৰ্মৰ মূল বৈশিষ্ট
হ’ল পূজা-পাতলৰ পৰিৱৰ্তে হৰিনাম লোৱা ৷ নামঘৰত নাম-প্ৰসংগৰ পাছত ভকতসকলে প্ৰসাদ হিচাপে
গ্ৰহণ কৰে মাহ-প্ৰসাদ ৷ মাহ-প্ৰসাদত থাকে তিয়াই থোৱা গোটা মগু আৰু ফলমূল বিশেষকৈ মনোহৰ
কল, নাৰিকল, মধুৰিআম, কুঁহিয়াৰ আদি ৷ শ্ৰীমন্ত শংকৰদেৱৰ খাদ্যাভাষ আছিল অতি উৎকৃষ্ট
মানৰ ৷ নিৰামিষ ভোজনত আছিল সুষম আহাৰ ৷ মাহ-প্ৰসাদৰ গুণাগুণ বিচাৰ কৰি চালেই আমি এই
কথা ভালদৰে বুজি পাম ৷ প্ৰসাদ বিতৰণ কৰা হয় কলপাতত ৷ ষোল শতিকাত স্বাস্থ্য সন্মতভাবে
প্ৰসাদ বিতৰণৰ একমাত্ৰ আহিলা হিচাপে গুৰুজনাই কলপাত গ্ৰহণ কৰাটো বিশেষ তাৎপৰ্য বহন
কৰে ৷ মগু হ’ল প্ৰটিন আৰু ভিটামিনেৰে পৰিপূৰ্ণ দেহৰ বাবে অতি প্ৰয়োজনীয় এবিধ আহাৰ ৷
কলত থাকে প্ৰচুৰ পৰিমাণে পটাচিয়াম আৰু আয়ৰন ৷ নাৰিকলত আছে প্ৰটিন আৰু স্নেহ জাতীয় পদাৰ্থ
৷ অন্যান্য ফলমূল যেনে মধুৰিআম, বগৰী, সুমথিৰা, মাটিকঠাল আদিত পোৱা যায় ভিটামিন আৰু
খনিজ পদাৰ্থ যি দেহৰ বাবে অতি প্ৰয়োজনীয় ৷ নাম-প্ৰসংগৰ পাছত স্বাস্থ্যসন্মতভাবে প্ৰস্তুত
কৰা মাহ-প্ৰসাদ গ্ৰহণ কৰিলে দুপৰীয়াৰ আহাৰৰ পৰিপূৰক হৈ পৰে ৷ সুষম খাদ্যাভাষৰ বাবেই
হয়তো শ্ৰীমন্ত শংকৰদেৱে ১১৯ বছৰীয়া আৰু শ্ৰী শ্ৰী মাধৱদেৱ ১০৭ বছৰীয়া দীৰ্ঘায়ু জীৱন
লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বিশেষকৈ জ্যেষ্ঠ নাগৰিকৰ বাবে মাহ-প্ৰসাদৰ উপকাৰিতা যথেষ্ট
বেছি ৷
এইবাৰ ভাদ মাহত ঘৰৰ কাষতে থকা নামঘৰত সেৱা জনাবলৈ গৈছিলোঁ ৷ নাম-প্ৰসংগ
শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিতৰণ কৰি চাহলৈ আমন্ত্ৰণ জনায় ৷ চাহৰ লগত খাবলৈ দিয়া বস্তুবোৰ
দেখিহে মূৰে কপালে হাত দিবলগীয়া হ’ল ৷ চাহৰ লগত আছিল বুন্দিয়াৰ লাড্ডু, বুন্দিয়া-ভুজিয়া,
জিলাপি, কাজু বৰফি, কালাকান্দ, নিমকি আৰু লগতে চেনিৰে পূৰ্ণ পায়স এবাটি ৷ নামঘৰত উপস্থিত
থকা ৯০% তকৈ অধিক লোকৰ বয়স ষাঠিৰ উৰ্দ্ধত আৰু ভগৱানৰ প্ৰসাদ হিচাপে চাহৰ লগত খাবলৈ
দিয়া প্ৰতিটো মিঠাই নিশ্চয়কৈ তেওঁলোকৰ স্বাস্থ্যৰ বাবে অপকাৰী ৷ পিছে মোক আচৰিত কৰি
সকলোৱে তৃপ্তিত সকলোবিধ মিঠাই খালে ৷ জানিব
পাৰিলোঁ যে তেনে চাহ-মিঠাই পৰ্বৰ সৈতে অসমৰ
বিশেষকৈ নগৰাঞ্চলৰ প্ৰতিটো নামঘৰত ভাদ মাহত সপ্তাহত তিনি-চাৰি দিনকৈ নাম-প্ৰসংগৰ আয়োজন
কৰা হয় ৷ ভাদ মাহ পাৰ হ’লে এই সকল আই মাতৃ আৰু বাপ-বান্ধৱ সকলৰ স্বাস্থ্যৰ ওপৰত বিৰূপ
ক্ৰিয়া কৰিব সেয়া ধুৰূপ ৷ শ্ৰীমন্ত শংকৰদেৱৰ দীৰ্ঘায়ু কামনাৰে নামঘৰত যি সুষম আহাৰৰ
ব্যৱস্থা কৰিছিল বৰ্তমানৰ নামঘৰত চলা চাহ-মিঠাই পৰ্ব নিশ্চয়কৈ তাৰ পৰিপন্থী ৷ তদুপৰি
গুৰুজনাই নামঘৰৰ মজিয়াত ধনী-দুখীয়া, উচ্চ – নীচ সকলোকে একেলগ কৰি নাম-প্ৰসংগৰ পাছত
কেৱল মাহ-প্ৰসাদৰ হে ব্যৱস্থা কৰি থৈছিল ৷ নামঘৰত বৰ্তমানে চলা চাহ-মিঠাইৰ দৌৰাত্ম
গুৰুজনাৰ আদৰ্শৰ পৰিপন্থী ৷ দুখীয়া পৰিয়ালে শৰাই এখন দিবলৈ আজিকালি অপৰাগ ৷ কাৰণ শৰাইৰ
লগত আই-বাপ সকলক তিনি-চাৰিবিধ মিঠাই, পায়সেৰে আপ্যায়ণ কৰা বহুতৰ বাবেই সম্ভৱপৰ নহয়
৷ মোৰ বোধেৰে ভাদ মাহৰ নাম-প্ৰসংগৰ পাছত দোকানত
তৈয়াৰী কোনো ধৰণৰ মিঠাই প্ৰসাদৰ লগত দিয়া উচিত নহয় ৷ নামঘৰত পায়স দিয়া প্ৰথা বিংশ শতিকাৰ
শেষৰ ফালেহে আৰম্ভ হৈছে ৷ যিমান দূৰ মনত পৰে লক্ষ্মী পূজাত হে প্ৰসাদৰ বাবে পৰমান্নৰ
ব্যৱস্থা কৰিছিল ৷ সত্তৰ-আশী বছৰীয়া ব্যক্তি এগৰাকীক পায়স খাবলৈ কোনো এজন ডাক্তৰে অনুমতি
নিদিয়ে তেখেতৰ সুস্বাস্থ্যৰ কথা বিবেচনা কৰি ৷ নিজৰ স্বাস্থ্যৰ কথা ভাবি সকলো ভক্তপ্ৰাণ
ৰাইজক নামঘৰৰ প্ৰসাদৰ ওপৰত গভীৰভাবে চিন্তা কৰিবলৈ আহ্বান জনালোঁ ৷
ভাদ মাহ বুলিলেই সত্ৰ নগৰী বৰপেটাত মাধৱদেৱে প্ৰচলন কৰা এটা বিশেষ
পৰম্পৰাৰ কথা মনলৈ আহে ৷ সেয়া হৈছে মহাপুৰুষৰ তিৰোভাৱত আয়োজন কৰা কৰভাৰ ৷ মহাপুৰুষ
শংকৰৰদেৱৰ কীৰ্তন মহোৎসৱত ( তিৰোভাৱ) বৃন্দাৱনহাটী, মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱত
দক্ষিণহাটী আৰু শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতাৰ কীৰ্তনত নহাটীয়ে বৰপেটা সত্ৰলৈ কৰভাৰ দিয়ে
৷ ১৫৬৮ চনত শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত দহা কৰ্ম সম্পাদনৰ বাবে পাটবাউসীলৈ মাধৱদেৱৰ
নিৰ্দেশত চাউল, তেল, চিৰা, দৈ গুৰ আদি নানা সামগ্ৰী পঠিওৱা হয় ৷ সেই পৰম্পৰা আজিও চলি
আছে ৷ ভাদ মাহত দুজনাগুৰুৰ তিৰোভাৱৰ দিনা এক
বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় ৷ সমদলৰ প্ৰথমতে ভকতবৃন্দই ওজাপালি নৃত্য পৰিৱেশন কৰি আগবাঢ়ে ৷ তাৰ পাছত থাকে গায়ন-বায়ন
সহিতে খোল-বাদনৰ দল ৷ তাৰ পাছত নিৰ্দিষ্ট হাটীৰ প্ৰতিটো পৰিয়ালে সমূহ ভকতলৈ আগবঢ়োৱা
সামগ্ৰী ভাৰ বান্ধি ডেকা ল’ৰা বোৰে সমদলত ভাগ লয় ৷ সেই সামগ্ৰীৰ ভিতৰত থাকে বাৰীৰ লাউ,
কোমোৰা, ঔ-টেঙা, পাণ –তামোল, কল, খেতি পথাৰত উৎপন্ন চাউল, চিৰা, মিঠা তেল ইত্যাদি ৷
সমদলৰ শেষত আইসকল আৰু বাপসকলে নাম গাই গাই বৰপেটা কীৰ্তনঘৰলৈ আগবাঢ়ে ৷ শোভাযাত্ৰাই
কীৰ্তনঘৰ পালে সকলো কৰভাৰৰ সামগ্ৰী কীৰ্তনঘৰৰ মঠৰ চোতালত ৰখা হয় ৷ পিছদিনাখন সমূহ ভকতৰ
মাজত ভগাই দিয়া হয় ৷ বৰপেটাৰ প্ৰতিটো পৰিয়ালে কৰভাৰৰ নামত কোনো এবিধ সামগ্ৰী সমূহ ভকতলৈ
আগবঢ়াই নিজকে ভাগ্যবান বুলি ভাবে ৷
দুজনা গুৰুই প্ৰৱৰ্তন কৰা এক শৰণ নামধৰ্মৰ সৈতে জড়িত পৰম্পৰাত অপসংস্কৃতি যাতে সোমাই নপৰে তাৰ বাবে আমি সকলোৱে
চকু ৰখা উচিত ৷ ভাদ মাহৰ নামত চাহ-মিঠাইৰ পৰিৱৰ্তে বৰপেটা সত্ৰত প্ৰচলিত কৰভাৰৰ ব্যৱস্থা
কৰিব পাৰি নেকি ভাবি চাব পৰা যায় ৷ মাহ-প্ৰসাদৰ লগতে ঘৰৰ বাৰীৰ কোনো ফল, শাক-পাচলি
আই-বাপ সকলৰ বাবে আগবঢ়াব পাৰে ৷ সতেজ ফলমূল, শাক-পাচলিয়ে আই মাতৃ আৰু বাপসকলে বজাৰৰ
পৰা কিনা বস্তুতকৈ অধিক স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব পাৰিব ৷ (জিএন আৰচি স্বাস্থ্য, নৱেম্বৰ, ২০২৩ ত প্ৰকাশিত)
Comments
Post a Comment