সমূহৰ কথকতা-৭: নাৰীৰ সম অধিকাৰ আৰু বৰপেটা সত্ৰ
চীন দেশৰ মাও জেডঙৰ কথাষাৰ ’Women hold up half the sky’ অৰ্থাৎ
’নাৰী তুমি অৰ্ধ আকাশ’ নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৰে অন্তৰত সোমাই থকা এষাৰি
বাক্য৷ এফালে যেনেকৈ প্ৰেম, মমতাৰ প্ৰতীক তেনেকৈয়ে শক্তিস্বৰূপা হৈছে নাৰী৷ মানৱ সৃষ্টিৰ
মূল উৎস হৈছে নাৰী৷ অথচ ৰামায়ণ-মহাভাৰতৰ দিনৰ
পৰা এতিয়ালৈ নাৰী নিৰ্যাতিত হৈ আহিছে৷ শিক্ষাৰ প্ৰচাৰ, সমাজ সচেতনতা, অৰ্থনৈতিক উন্নয়নৰ
পিছতো সকলো ধৰ্ম, ভাষা, জাতি-জনগোষ্ঠীয় লোকৰ মাজত লিঙ্গ অসমতা আজিও আছে৷ লিংগ সমতা কেৱল এক মৌলিক মানৱ
অধিকাৰে নহয়, শান্তিপূৰ্ণ, সমৃদ্ধ আৰু বহনক্ষম পৃথিৱীৰ বাবে এক প্ৰয়োজনীয় আধাৰ৷
২০৩০ চনৰ ভিতৰত বিশ্বজুৰি লিঙ্গ সমতাৰ লক্ষ্য ৰখা হৈছে যদিও সমীক্ষা অনুযায়ী এইটো প্ৰমাণিত
হৈছে যে বিশ্বৰ আধা সংখ্যক বিবাহিতা মহিলাৰ নিজে সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই৷ ১৫-৪৯
বছৰীয়া মহিলাৰ ৩৯% ই আজিও শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ সন্মুখীন হয় ৷ চাকৰিজীৱী মহিলাই
পুৰুষৰ তুলনাত ৩০% কম দৰমহা পায়৷ গৃহিনী সকলে
যদিও নিজৰ বাসগৃহত পুৰুষতকৈ অধিক সময় কাম কৰিব লাগে তথাপি সেই কামৰ স্বীকৃতি কেতিয়াও
নাপায়৷
অকল স্বামীৰ গৃহতে নহয়, নাৰীয়ে নিজৰ পিতৃগৃহতো নিৰ্যাতিত
হ’ব পাৰে৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুযায়ী ভাৰতৰ ৩১% মহিলা (১৫ বছৰৰ ওপৰৰ)
ঘৰুৱা হিংসাৰ সন্মুখীন হয়৷ তাৰ ১০% মহিলাই হে আইনৰ ওচৰ চাপে আৰু ৯০% ই নীৰৱে সহ্য কৰি
যায়৷ সমাজত নাৰী সবলীকৰণৰ ওপৰত চৰকাৰে বিশেষ গুৰুত্ব দি আহিছে আৰু শিক্ষিত নাৰীৰ সংখ্যা
দিনক দিনে বাঢ়িছে৷ চৰকাৰী চাকৰিৰ ৩০% পদ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগে লগে
চৰকাৰী প্ৰতিষ্ঠানত কাম কৰা নাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ কিন্তু দুখৰ কথা যে চৰকাৰী
বা বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰা যথেষ্ট সংখ্যক নাৰীয়ে যৌন নিৰ্যাতন, উৎপীড়নৰ সন্মুখীন
হৈ আছে৷
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাৰীৰ লিঙ্গ সমতাৰ বিষয়ে
উল্লেখ আছে৷ সম অধিকাৰৰ উদ্দেশ্য আগত ৰাখি
১৯৯৬ চনত মহিলা সংৰক্ষণ বিধেয়ক সংসদত উত্থাপন কৰা হয় যদিও গৃহিত নহ’ল৷ ইয়াৰ ২৭ বছৰ
পাছত মহিলা সংৰক্ষণ বিধেয়ক, ২০২৩ উভয় সদনত গৃহীত হয়৷ ইয়াৰ লগে লগে লোকসভা আৰু ৰাজ্যৰ
বিধানসভা সমূহত ৩০% আসন মহিলাৰ বাবে সংৰক্ষণ কৰা বাধ্যতামূলক হ’ব৷ যদিও এই আইন ২০২৪ৰ
লোকসভা নিৰ্বাচনত প্ৰযোজ্য নহয় অনতিপলমে ই ভাৰতবৰ্ষত কাৰ্যকৰী হ’ব৷ অসমতো ২০২৬ চনৰ
পাছত ১৪ টা লোকসভা আসনৰ ৪ টা আৰু ১২৬ টা বিধানসভাৰ আসনৰ ৩৮ খন আসন মহিলাৰ বাবে সংৰক্ষিত
হৈ থাকিব৷ নাৰী সবলীকৰণ আৰু লিঙ্গ সমতাৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত
হ’ব৷
কৰ্মক্ষেত্ৰত আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত যদিও
চৰকাৰী আইন প্ৰণয়নৰ দ্বাৰা লিঙ্গ সমতা লাভত নাৰী আগবাঢ়ি গৈছে তথাপি আমাৰ সমাজত নাৰীয়ে
সম অধিকাৰ লাভ কৰা নাই৷ উদাহৰণ স্বৰূপে বেচৰকাৰী ক্ষেত্ৰত পুৰুষৰ তুলনাত নাৰীক সহজে
পদোন্নতি দিবলৈ ইচ্ছা নকৰে৷ কৰ্মক্ষেত্ৰত উপযুক্ত দক্ষতাৰ পৰিচয় দিয়াৰ পাছতো কেৱল মহিলা
হোৱা বাবে পুৰুষতকৈ কম দৰমহা পোৱা অথবা পদোন্নতিৰ পৰা বঞ্চিত কৰা বহু উদাহৰণ সমাজত
আছে৷ আনকি পি এছ ইউ আৰু চৰকাৰী খণ্ডৰ উচ্চ পদবীতো নাৰী উপেক্ষিত হোৱা বহুতো কাহিনী শুনিবলৈ পাওঁ৷ পুৰুষ প্ৰধান সমাজত
নাৰীৰ প্ৰতি থকা ধাৰণা কেতিয়া সলনি হ’ব তাক কোৱা কঠিন৷
এষাৰ কথা প্ৰায়ে শুনা যায় যে নাৰীৰ প্ৰধান শত্ৰু হ’ল
নাৰী৷ সেয়েহে হয়তো প্ৰায় ঘৰতে বোৱাৰীৰ দ্বাৰা শাহু নিগৃহিত হয় অথবা শাহুৰ দ্বাৰা বোৱাৰী
নিগৃহিত হয়৷ শহুৰৰ পৰা বোৱাৰী বা পুত্ৰৰ পৰা শাহু নিগৃহিত হোৱা কথা কেতিয়াও শুনা নাযায়৷
মহিলাসকল পুৰুষতকৈ অধিক ঈৰ্ষাপৰায়ণ বুলি বহুতে ক’ব খোজে৷ বিশেষকৈ যৌন ঈৰ্ষাতকৈ আৱেগিক
ঈৰ্ষাত অধিক ভুগি থকা দেখা যায়। ইয়াৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় শাহু-বোৱাৰীৰ সম্পৰ্কৰ
মাজত৷
নাৰীৰ লিঙ্গ অসমতা লক্ষ্য কৰা যায় ধৰ্মীয় অনুষ্ঠান
বোৰত৷ এতিয়াও এগৰাকী নাৰীক পূজাৰী ৰূপত বা পাদুৰী ৰূপত দেখা পাবলৈ আমি নিবিছাৰোঁ৷ এখন
সত্ৰৰ সত্ৰাধিকাৰৰ আসনত মহিলাক বহিবলৈ আমি নিদিওঁ৷ আজিও শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা নামঘৰত বিশেষকৈ
দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ নামঘৰত মহিলাৰ
প্ৰৱেশত বাধা প্ৰদান কৰা প্ৰথা চলি আছে৷ মাধৱদেৱ অবিবাহিত আৰু উদাসীন ভকত আছিল বাবেই গোটেই জীৱন নাৰীৰ পৰা
দূৰত্ব বজাই ৰাখিছিল৷ কিন্তু মহাপুৰুষজনাই নামঘৰত নাৰীৰ প্ৰৱেশৰ বিষয়ে নিজে কোনো মন্তব্য
দিয়া দেখা নাযায়৷ মথুৰা দাস বুঢ়া আতা ১৫৯৬ চনত বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ হিচাপে
দায়িত্বভাৰ লোৱাৰ পাছত ৪৪ বছৰ কাল এই দায়িত্ব সুকলমে পালন কৰে৷ সেই সময়ত নামঘৰত মহিলাৰ প্ৰৱেশ সম্বন্ধে বাধা আৰোপ কৰাৰ কথা কতো
লেখা নাই৷ বৰপেটা নামঘৰ আৰু ৰঙিয়াল গৃহ জুইত
জাহ যোৱা সময়ত বুঢ়া আতাৰ পত্নী বলাইৰ মাতৃয়ে
অক্ষয় বন্তিত তেল, শলিতা দি বন্তিগছা জ্বলাই ৰাখিছিল৷ বিংশ শতিকাৰ চল্লিচৰ দশকত কলকাতা
উচ্চ ন্যায়ালয়ে বৰপেটা সত্ৰৰ নিয়মাৱলী প্ৰস্তুত কৰাৰ সময়তো নামঘৰৰ ভিতৰত মহিলাৰ প্ৰৱেশত
বাধা আৰোপ কৰা নাছিল৷ আনকি ডেকা সত্ৰীয়া আৰু বুঢ়া সত্ৰীয়া যে কেৱল পুৰুষ হ’ব লাগিব
সেই কথাটোও লিখা নাছিল৷ সেইফালৰ পৰা চালে মহিলাও সত্ৰাধিকাৰ পদত অধিষ্ঠিত হ’ব পাৰে৷
পৰম্পৰাৰ নামত সত্ৰৰ আইসকলে মহিলাৰ প্ৰৱেশত আজিলৈ বাধা আৰোপ কৰি আহিছে যাৰ ফলত মহিলাই
ধৰ্মৰ ক্ষেত্ৰত সংবিধান প্ৰদত্ত অধিকাৰ সাব্যস্ত কৰিব পৰা নাই৷ এইখিনিতে এটা কথা উল্লেখ
কৰিব পাৰি যে যেতিয়াই সত্ৰৰ নামঘৰৰ ভিতৰত মহিলাৰ প্ৰৱেশৰ দাবী উত্থাপিত হয় সত্ৰ পৰিচালনা
সমিতিয়ে নিজৰ দায়িত্বৰ পৰা আঁতৰি আইসকলক মহিলা প্ৰৱেশৰ ওপৰত সিদ্ধান্ত ল’বলৈ দি নিজে
নিৰাপদ দূৰত্বত অৱস্থান কৰে৷ যোৱাটো শতিকাত অমৃতা প্ৰীতম আৰু মামনি ৰয়চম গোস্বামীয়ে
সত্ৰত মহিলাৰ প্ৰৱেশৰ বাবে কৰা প্ৰচেষ্টা সেই বাবেই অথলে গ’ল৷
১৯২১ চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত বৰপেটা সত্ৰত নাৰীৰ প্ৰৱেশ নিষেধৰ
দৰে ‘অসমতা’ নীতিক বিৰোধ কৰি কীৰ্তন ঘৰ দৰ্শন নকৰিলে। ১৯৬২ চনত আচাৰ্য ৱিনোবা ভাৱে
একে কাৰণতে কীৰ্তন ঘৰত প্ৰৱেশ নকৰিলে। উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান যোগে ৮০০ বছৰ পুৰণি প্ৰথাক অস্বীকাৰ কৰি
কেৰালাৰ সাবৰিমালা মন্দিৰত নাৰীৰ প্ৰৱেশৰ সপক্ষে ৰায়দান কৰে৷ মুখ্য ন্যায়াধীশ দীপক
মিশ্ৰই এই ৰায়দানৰ যোগে কয় যে- সকলোৰে পূজা কৰাৰ অধিকাৰ আছে, লিংগৰ ভিত্তিত পূজা-অৰ্চনা
তথা শ্ৰদ্ধাত ভেদ-ভাৱ থাকিব নোৱাৰে। ভগৱানৰ আগত পুৰুষ-মহিলা সকলো সমান৷ গতিকে আইনৰ
দৃষ্টিত নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৱে নামঘৰত প্ৰৱেশ কৰিব পাৰে৷ আইসকলে ইচ্ছা কৰিলেও
বছৰ বছৰ ধৰি বাধা দি থাকিব নোৱাৰে৷ কোনোবা সচেতন ব্যক্তিয়ে (অধিবক্তা সন্দীপ চমৰীয়াৰ
কথা ইয়াত উল্লেখ কৰিব পাৰি) আইনৰ সহায় বিচাৰি মহিলাৰ পক্ষত ন্যায়ালয়ৰ ৰায়দানলৈ অপেক্ষা
কৰাতকৈ আজিয়ে নামঘৰত মহিলাৰ প্ৰৱেশত থকা হেঙাৰ আঁতৰাব লাগে৷ এইক্ষেত্ৰত সত্ৰৰ বাপসকলে নিজৰ স্থিতি স্পষ্ট কৰিব
লাগে৷ দুৰ্ভাগ্যজনক কথাটো হ’ল বৰপেটাৰ সত্ৰ পৰিচালনা সমিতিত এজনো মহিলা সদস্য আজিলৈ
নাই৷ প্ৰতিজন সদস্যই সমূহ ভকতৰ দ্বাৰা নিৰ্বাচিত হৈ আহে৷ দেশৰ সৰ্বোচ্চ পদত যদি মহিলা
অধিষ্ঠিত হ’ব পাৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বাবে মহিলাই নিৰ্বাচনত থিয় হ’ব পাৰে৷
ইয়াৰ বাবে বৰপেটাৰ মহিলাসকলে আগবাঢ়ি আহিব লাগিব৷ চিৰকালৰ বাবে বৰপেটা সত্ৰত লিঙ্গ অসমতাৰ
দৰে অসাংবিধানিক নিয়ম চলি থাকিবলৈ দিয়া উচিত নহয়৷ ই নিশ্চয়কৈ দুজনাগুৰুৰ আদৰ্শৰ পৰিপন্থী৷
(অসমীয়া খবৰ কাকতত ২৫, নৱেম্বৰ, ২০২৩ ত প্ৰকাশিত)
Comments
Post a Comment