ইব্ৰাহিমৰ চাহ দোকান
আমি প্ৰত্যেকেই এৰি অহা বিদ্যালয়, মহাবিদ্যালয়ৰ স্মৃতি ৰোমন্থন কৰি ভাল পাওঁ ৷ এৰি অহা সেই সোণালী দিনবোৰৰ কথা বছৰদিন পাছত কোনো সতীৰ্থক ল’গ পালে ৰোমন্থন কৰোঁ ৷ স্মৃতিকাতৰতাত ভুগো ৷ হেৰুৱা দিনৰ সুবাস বিচাৰি কলেজখনলৈ যাওঁ ৷ পঢ়ি থকা কালতে মহাবিদ্যালয়খনৰ লগত জড়িত ব্যক্তি, শিক্ষক, কৰ্মচাৰীৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি উঠে ৷ হোষ্টেলত থাকিলে সেই সম্পৰ্কবোৰে ভৱিষ্যৎ জীৱনত পাহৰিব নোৱৰা অতীত হৈ পৰে ৷ শিক্ষা সম্পূৰ্ণ কৰি কলেজ এৰি অহাৰ বহু দিনলৈ তেওঁলোকক মনত পৰি থাকে ৷ চাৰি পাঁচ দশকৰ পাছতো পাহৰিব নোৱাৰি ৷ বহু বছৰৰলৈ মই সপোনত হোষ্টেল, কেণ্টিন, চাহদোকান ক্লাছৰুম , সমনীয়া সকলকে দেখি আছিলোঁ, মাজে মাজে এতিয়াও দেখোঁ ৷ কলেজ এৰাৰ ত্ৰিছ বছৰৰ পিছতো সেইদিনা সপোনত দেখিছিলোঁ ইব্ৰাহিমৰ দোকানত চাহ খাই থকা ৷ পৰঠাখন খাবলৈ বেয়া হৈছে বুলি তাক গালি পাৰিছোঁ ৷ সি ওলোটাই কৈছে, “খাবা বয়া হলিও তই মোৰ তাতে আইভা লাগবো ৷“ বাহ! কি ডাইলগ৷ খঙতে সাৰ পালোঁ ৷ ইব্ৰাহিমৰ মৃত্যু হোৱা ইতিমধ্যে সাত বছৰ হৈছে ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰৱেশৰ মূল তোৰণ পাৰ হ’লেই সোঁফালে পোৱা যায় ৭ নং হোষ্টেল ৷ সেই ৭ ...