ডিজিটাইজিঙ অসম

 

এই বছৰ এপ্ৰিল আৰু মে’ মাহদুটা অসমীয়া ভাষা আৰু কৃষ্টিৰ বাবে অতি উল্লেখযোগ্য সময় ৷ এই দুটা মাহতে তিনিটা যুগান্তকাৰী কাম সুচাৰুৰূপে সম্পন্ন কৰা হয় যাৰ সুফল অসমীয়া জাতিয়ে যুগ যুগ ধৰি পাই থাকিব ৷ ১৩ এপ্ৰিল তাৰিখে গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক শিল্পীৰ প্ৰদৰ্শনত ২৭১০ ঢুলীয়াৰ সমকালীন ঢোল বাদনেৰে অসমীয়া জাতিৰ হিয়াৰ আমঠু বিহু নৃত্যই  গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰে। এই সফলতাই  অসম আৰু ইয়াৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মানচিত্ৰত স্থান দিব। এপ্ৰিলৰ ২৪ তাৰিখে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ দ্বিভাষিক অভিধান “হেমকোষ“ৰ ব্ৰেইল সংস্কৰণখন গীনিজ বুক অৱ ৱৰ্লড ৰেকৰ্ডছ ত স্থান পায় ৷  সাহিত্য ইতিহাসত ই এটা মহৎ কাম হিচাপে স্বীকৃতি পাব ৷

তৃতীয় উল্লেখযোগ্য আৰু অসমীয়া জাতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল যোৱা  ১১ মে’, ২০২৩ তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰা প্ৰকল্প “ডিজিটাইজিঙ অসম“ ৷ এই উন্মোচনত সশৰীৰে উপস্থিত থাকি অতিশয় আনন্দিত হ’লোঁ  ৷ প্ৰকল্পটোৰ বিষয়ে আগতে অৱগত নাছিলোঁ ৷ মৃনাল তালুকদাৰে উন্মোচনী অনুষ্ঠানটোত দেখুৱাই দিয়ে কেনেদৰে www.assamarchive.org” ৱেবচাইট খুলি ১৮৪৬ চনত প্ৰথম প্ৰকাশিত অসমীয়া সংবাদপত্ৰ “অৰুনোদই“ৰ পৰা আৰম্ভ কৰি ১৯৭০ চনলৈ প্ৰকাশিত সকলো আলোচনী পঢ়িব পাৰি ৷ ঊনৈশ আৰু বিংশ শতিকাত প্ৰকাশিত বহু পুৰণি আৰু আপুৰুগীয়া গ্ৰন্থ ৱেবচাইটত উপলব্ধ কৰা হৈছে ৷ অসমীয়া ভাষাক ভাল পোৱা প্ৰতিজন নাগৰিকে এটকাও খৰচ নকৰাকৈ ঘৰতে বহি গ্ৰন্থ আৰু আলোচনীসমূহ পঢ়িব পাৰে  ৷ উন্মোচনী অনুষ্ঠানৰ পৰা ঘৰলৈ আহি নিজেও চেষ্টা চলালোঁ ৱেবচাইটত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ৷ প্ৰক্ৰিয়াটো তেনেই সহজ, নিজৰ মোবাইল নম্বৰত অথবা মেইল আইডিত ওটিপি বিচাৰিব ৷ সেইটো দিলে আৰু চাৰ্চ কৰি ৱেবচাইটৰ পৰা আলোচনী সমূহ পঢ়িব পৰা যায় ৷

১৮৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত অসমীয়া ভাষাত প্ৰকাশিত মুঠ ১৬১ খন আলোচনীৰ ৩০৭১ টা সংখ্যা আৰু ২,৪৫,৬৮০ পৃষ্ঠাৰ সৰ্বমূঠ ৬৫০০ খন গ্ৰন্থ স্কেন কৰি ৱেবচাইটত আপলোড কৰা হৈছে ৷ এই সকলোখিনি গ্ৰন্থ, আলোচনী অসমৰ সকলো নাগৰিকে আজি পঢ়িবলৈ  সক্ষম হৈছে কেৱল নন্দ তালুকদাৰ ফাউণ্ডেচনৰ  ডিজিটাইজিঙ অসম প্ৰকল্পৰ জৰিয়তে ৷  ১৯৮৩ চনত এক দুৰ্ঘটনাত অকালতে হেৰুৱাবলগীয়া হোৱা নন্দ তালুকদাৰে নিজৰ একক প্ৰচেষ্টাত কেইবাহাজাৰ গ্ৰন্থ-আলোচনী  সংগ্ৰহ কৰিছিল ৷ সেই গ্ৰন্থসমূহ তেখেতৰ বাসগৃহত সকলোৰে বাবে উপলব্ধ কৰি ৰাখিছিল তেখেতৰ পৰিয়ালে ৷ তেখেতৰ সুপুত্ৰ  মৃনাল তালুকদাৰে ২০২১ চনত এক প্ৰচেষ্টা হাতত লয় – পিতৃৰ সংগৃহীত গ্ৰন্থ-আলোচনীবোৰ  ডিজিটেল মাধ্যমত ভৱিষ্যতৰ বাবে সংগ্ৰহ কৰি ৰখা,  মাতৃভাষাক ভালপোৱা প্ৰতিজন অসমীয়াই এশ বছৰ পাছতো সেই গ্ৰন্থবোৰ পঢ়িব পৰাকৈ সংৰক্ষণ কৰা ৷ এই প্ৰকল্পটোত বহু কেইজন ব্যক্তিয়ে আৰু সংগঠনে সহায়ৰ হাত আগবঢ়ায় ৷ গ্ৰন্থবোৰ ডিজিটেল ফৰ্মেটত ৰাখিবলৈ আৰু একেলগে দহ হাজাৰ মানুহে ৱেবচাইট খুলিবলৈ এটা শক্তিশালী চাৰ্ভাৰৰ প্ৰয়োজন ৷ চাৰ্ভাৰৰ সকলো খৰচ বহন কৰে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসে ৷ বহ্নিমান চিষ্টেমৰ প্ৰতিষ্ঠাপক অভিজিৎ ভূঞাই ৱেবচাইট ডেভেলপমেণ্টৰ সকলো কাম বিনা খৰচে কৰি দিয়ে ৷ প্ৰতিটো পৃষ্ঠা স্কেন কৰি ডিজিটেল ফৰ্মত আনিবলৈ প্ৰয়োজন হয় অৰ্থৰ ৷ তাৰ বাবে নিলয় দাস, পঙ্কজ বৰুৱা আদি বহুতে ব্যক্তিগতভাৱে বৰঙণি আগবঢ়াইছে ৷ ডিজিটাইজিঙ অসম প্ৰকল্পৰ জৰিয়তে কৰিবলীয়া বহু কাম আছে ৷ সকলোৰে সহায়-সহযোগত হয়তো অনতিপলমে ই সম্ভৱ হৈ উঠিব ৷

প্ৰথম কেইদিনমান অৰুনোদই আলোচনীখন পঢ়িলোঁ ৷ ১৭৭ বছৰ আগতে ছপা আকাৰত প্ৰকাশ পোৱা অসমীয়া ভাষাটো পঢ়ি সঁচাকৈ আনন্দৰ চকুলো নিগৰিল ৷ লিখনিবোৰত এটা কথা লক্ষ্য কৰিলোঁ যে অৰুনোদই যুগত অসমীয়া ভাষাটো সৰলীকৰণ কৰি লিখিছিল ৷ ’চ’, ’ছ’ ৰ সলনি কেৱল ’চ’ ব্যৱহাৰ হৈছিল ৷ তেনেদৰে সকলোতে কেৱল ’স’ হে ব্যৱহাৰ হৈছিল ’শ’ বা ’ষ’ ৰ ব্যৱহাৰ দেখা নাপালোঁ ৷ ’য’ ৰ সলনি কেৱল ’জ’, ’ণ’ৰ সলনি কেৱল ’ন’,  ঈ-কাৰৰ সলনি কেৱল ই-কাৰ, ’ঊ’ ৰ সলনি কেৱল ’উ’ ৰ ব্যৱহাৰ হে দেখিবলৈ পালোঁ ৷ নত্ত্ব বিধি, ষত্ত্ব বিধিৰ প্ৰয়োগ নাছিলেই ৷ চন্দ্ৰবিন্দুৰ প্ৰয়োগ তেতিয়াও আছিল ৷ ’থ’ আৰু ’ঠ’, ’ত’ আৰু ’ট’ৰ ব্যৱহাৰ দেখা পোৱা গ’ল ৷ নাথান ব্ৰাউনে বিদেশৰ ছপাকল আনি শিৱসাগৰত বহুৱাই অৰুনোদই সংবাদপত্ৰ ছপাবলৈ লোৱাৰ পাছত ১৮৭২ চনত  নিজৰ দেশলৈ উভতি যায় ৷ তাৰ কিছুবছৰ পাছত ১৮৭৯ চনত আলোচনীখনৰ মৃত্যু ঘটে ৷ অৰুনোদই আলোচনীৰ পাছত ১৮৯০ চনত প্ৰকাশ পায় ’বিজুলী’ আৰু   ১৯০১ চনত প্ৰকাশ পায় ’জোনাকী’ আলোচনীখন ৷ ১৯০৯ চনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পাবলৈ ধৰে ’বাঁহী“ আলোচনী ৷ সেই আলোচনী কেইখনত কিন্তু বৰ্তমান ব্যৱহৃত বৰ্ণমালাৰ সকলো বৰ্ণ, ঈ-কাৰ, ঊ-কাৰ আদি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ’ল ৷ বৰ্ণমালাৰ এই পৰিৱৰ্তনৰ কাৰণ ভাষাবিদ সকলে নিশ্চয় আমাক জনাব পাৰিব ৷

        তেনেদৰে ১৯১৪ চনত প্ৰকাশ পোৱা বাঁহী আলোচনীৰ কেইটামান সংখ্যা “আসাম আৰ্কাইভ“ত উপলব্ধ হৈছে ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই এই আলোচনীখনৰ জৰিয়তে ভাষাৰ উন্নতিৰ লগতে অসমৰ কিছুমান জ্বলন্ত সমস্যা সমাজৰ আগত দাঙি ধৰিছিল ৷ ১৮৩৬ শক, ৮ম সংখ্যাৰ আলোচনীখনত বেজবৰুৱাদেৱে লিখা প্ৰবন্ধ এটাত চকু গ’ল ৷ তেখেতে লিখিছিল এনেদৰে –

   “দুখৰ কথা যে মহাপুৰুষ শঙ্কৰদেৱ মাধৱদেৱৰ তিৰোভাবৰ তিথিৰ দিনা আসামত গবৰ্ণমেণ্ট হলিডে অৰ্থাৎ চৰ্কাৰী অফিচ কেছাৰী স্কুল আদি বন্ধ নহয় ৷ সন্তোষৰ কথা যে দামোদৰদেৱৰ তিথিৰ দিনা কেনেবাকৈ  গবৰ্ণমেণ্ট হলিডে হৈছে ৷“

গুৰুজনাৰ তিৰোভাব তিথিৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ সম্পাদকীয়টোত বেজবৰুৱাদেৱে যথেষ্ট কঠোৰ ভাষাৰে সেই শ্ৰেণী লোকক ককৰ্থনা কৰিছিল ৷ তাৰেই পৰিণতিত হয়তো ব্ৰিটিছ চৰকাৰে গুৰুজনাৰ তিৰোভাব তিথিৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছিল ৷

         এই ৱেবচাইটৰ জৰিয়তে সিদিনা ১৯৪৩ চনত প্ৰকাশিত আন এখন কিতাপ চকুত পৰিল ৷  তৈয়বুল্লাহে লেখা কোৰানৰ কিতাপখনৰ মুখপত্ৰ লিখিছিল গড়মূড় সত্ৰৰ সত্ৰাধিকাৰ  শ্ৰী শ্ৰী গড়মূড়ীয় গোস্বামীদেৱে ৷ আশী বছৰ পাছত আজি অসমত তেনে কথা ভাবিব পাৰোঁ নে ? প্ৰাক স্বাধীনতা কালত হিন্দু মুছলমানৰ সম্প্ৰীতি কথাত নহয় কামতহে প্ৰকাশ পাইছিল ৷ মুখপত্ৰত গোস্বামীদেৱে এনেদৰে লিখিছিল 

“মই আশা কৰো এই কিতাপখন ছপা হৈ ওলাব, আৰু ছপা হৈ ওলালে আমাৰ হিন্দু জনসাধাৰণে এই কিতাপ পঢ়ি ইছলাম ধৰ্মৰ সাৰ তত্ত্ব বুজিব পাৰিব ৷“

   অসমীয়া জাতিৰ ইতিহাস জানিবলৈ প্ৰতিজন অসমীয়াই নন্দ তালুকদাৰ ফাউণ্ডেচনৰ প্ৰকল্প ডিজিটাইজিং অসমৰ www.assamarchive.org খুলি লৈ শতিকাৰ আগৰ আলোচনী আৰু গ্ৰন্থ সমূহ পঢ়া উচিত ৷ অসমীয়া জাতিৰ বাবে  এটা গৌৰৱৰ বিষয় যে আজি আধুনিক অসমীয়া সাহিত্যৰ দুশ বছৰীয়া ইতিহাস ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে ৷ ৰাইজৰ পৰা আৰ্থিক সাহায্য পালে সোনকালে কৰিব পৰা যাব ৷ এটা কথা মন কৰিবলগীয়া যে এই প্ৰকল্পটোৱে যিমানখিনি প্ৰচাৰ পাব লাগিছিল তাৰ দহ শতাংশও নাপালে ৷ ৱেবচাইটৰ বিষয়ে জনসাধাৰণ অৱগত হ’লেহে মানুহে চাবলৈ বিচাৰিব, ৱেবচাইটৰ পৰা জনসাধাৰণ উপকৃত হ’ব ৷ সেয়েহে পঢ়ুৱৈ সমাজৰ প্ৰতি বিনম্ৰ অনুৰোধ এই প্ৰকল্প সম্বন্ধে অসমপ্ৰেমি প্ৰতিজন অসমীয়াক অৱগত কৰাওক আৰু নিজেও ৱেবচাইটৰ জৰিয়তে পঢ়ক ৷    

এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে ৰাজসাহায্য অবিহনে ব্যক্তিগত প্ৰচেষ্টাত বহুতো যুগান্তকাৰী কাম সম্পন্ন কৰিব পাৰি ৷ সেয়া সম্ভৱ কৰি দেখুৱাইছিল শ্ৰীমন্ত শঙ্কৰদেৱে, নাথান ব্ৰাউনে, লক্ষ্মীনাথ বেজবৰুৱাই ৷ ডিজিটাইজিঙ অসমো তেনে এক প্ৰচেষ্টা ৷

(সংযোগ নামৰ আলোচনীত জুলাই প্ৰস্তাৱনা সংখ্যাত প্ৰকাশ পালে ৷)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা