ইব্ৰাহিমৰ চাহ দোকান

 

আমি প্ৰত্যেকেই এৰি অহা বিদ্যালয়, মহাবিদ্যালয়ৰ স্মৃতি ৰোমন্থন কৰি ভাল পাওঁ ৷ এৰি অহা সেই সোণালী দিনবোৰৰ কথা বছৰদিন পাছত কোনো সতীৰ্থক ল’গ পালে ৰোমন্থন কৰোঁ ৷ স্মৃতিকাতৰতাত ভুগো ৷ হেৰুৱা দিনৰ সুবাস বিচাৰি কলেজখনলৈ যাওঁ ৷ পঢ়ি থকা কালতে  মহাবিদ্যালয়খনৰ লগত জড়িত  ব্যক্তি, শিক্ষক, কৰ্মচাৰীৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি উঠে ৷ হোষ্টেলত থাকিলে সেই সম্পৰ্কবোৰে ভৱিষ্যৎ জীৱনত পাহৰিব নোৱৰা অতীত হৈ পৰে ৷ শিক্ষা  সম্পূৰ্ণ কৰি কলেজ এৰি অহাৰ বহু দিনলৈ তেওঁলোকক মনত পৰি থাকে ৷ চাৰি পাঁচ দশকৰ পাছতো পাহৰিব নোৱাৰি ৷ বহু বছৰৰলৈ মই সপোনত হোষ্টেল, কেণ্টিন, চাহদোকান ক্লাছৰুম , সমনীয়া সকলকে দেখি আছিলোঁ, মাজে মাজে এতিয়াও দেখোঁ ৷ কলেজ এৰাৰ ত্ৰিছ বছৰৰ পিছতো সেইদিনা সপোনত দেখিছিলোঁ ইব্ৰাহিমৰ দোকানত চাহ খাই থকা ৷ পৰঠাখন খাবলৈ বেয়া হৈছে বুলি তাক গালি পাৰিছোঁ ৷ সি ওলোটাই কৈছে, “খাবা বয়া হলিও তই মোৰ তাতে আইভা লাগবো ৷“ বাহ! কি ডাইলগ৷ খঙতে সাৰ পালোঁ ৷ ইব্ৰাহিমৰ মৃত্যু হোৱা ইতিমধ্যে সাত বছৰ হৈছে ৷  

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰৱেশৰ মূল তোৰণ পাৰ হ’লেই সোঁফালে পোৱা যায় ৭ নং হোষ্টেল ৷ সেই ৭ নং হোষ্টেলৰ মুখতে আছিল ইব্ৰাহিমৰ দোকান ৷ কলেজৰ মাটিত অধক্ষ্যৰ অনুমতি লৈ সৰুকৈ কেচা ঘৰ সজাই  চাহদোকান খন চলাইছিল ৷ আমি কলেজত সোমাইছিলোঁ ১৯৮৬ চনত ৷ তাৰো প্ৰায় পোন্ধৰ বছৰ আগৰ পৰা ইব্ৰাহিমে দোকান দিছিল ৷ প্ৰথমে দোকানখন আছিল ৬ নং হোষ্টেলৰ সন্মুখত ৷ তাৰ পিছত ১৯৭৮ চনত ৭ নং হোষ্টেলৰ মুখত দোকানখন দিয়ে ৷  ওচৰৰ তিনিটা হোষ্টেলৰ ল’ৰা আহিছিল দোকানলৈ প্ৰতি সন্ধিয়া ৷ প্ৰতিজনৰে নাম, হোষ্টেল নং ইব্ৰাহিমে মনত ৰাখিছিল ৷ সহায়কাৰী এজনক লৈ ইব্ৰাহিমে প্ৰতিদিনে চাহৰ লগত পৰঠা, কণী ভুজিয়া, আলুছপ বনাইছিল ৷ খোৱাবস্তু নিজে ল’ব লাগে ৷ খাই উঠি বহীত নিজে লিখি থব লাগে ৷ প্ৰতিজন ছাত্ৰৰ বাবে একোটা পৃষ্ঠা ৷ মাহৰ শেষত কিমান টকা হ’ল হিচাপ কৰাৰ দায়িত্ব ল’ৰাবোৰৰ নিজৰ ৷ কেতিয়াবা কোনোবা এজন-দুজনে অলপ বদমাচী নকৰা নহয় ৷ খাই উঠি এটা বা দুটা খোৱাবস্তুৰ  দাম নিলিখাকৈ থাকে ৷ ইব্ৰাহিমক জনালে কয়, “দে হ’ক দে ৷ তাৰ কিবা টান পৰছে কাৰণেহে নিলিখা কে আছে ৷“ তেওঁ যে ল’ৰাবোৰক ইমান বিশ্বাস কৰিছিল ভাবিলে আচৰিত লাগে ৷ মাহৰ শেষত হোষ্টেলত গৈ ল’ৰাবোৰৰ পৰা চাহৰ বাকী ধন আদায় কৰিছিল ৷ কিছুমানে দিব নোৱাৰিলেও কথা নাই ৷ “হ’ব দে আহা মাহত একেলগে দিবি“, ইব্ৰাহিমৰ সহজ উত্তৰ ৷  স্কলাৰছিপ পোৱাৰ সময়ত  অনাদায় ধন আদায় কৰে ৷ কলেজ এৰি গুচি যোৱা বহুতে চাকৰিৰ দৰমহাৰে ইব্ৰাহিমৰ চাহৰ ধাৰ মাৰিছিল ৷ কলেজ এৰাৰ পাছত বহুবাৰ কেৱল ইব্ৰাৰ খবৰ ল’বলৈ পুৰণি ছাত্ৰ সকলে আহিছিল ৷ ইব্ৰা যেন পৰিয়ালৰ এক সদস্য ৷

     হোষ্টেলৰ চেমিষ্টাৰ পৰীক্ষা শেষ হ’লে কিছুমান ল’ৰাই তাচ খেলত বহা এটা অভ্যাস আছিল ৷ সন্ধিয়া হ’লে ইব্ৰাহিমে মনত পেলায় কোনে কোনে সেইদিনা আহা নাই, তাচ খেলত বহিছে নেকি সোধে ৷ খবৰ পালে দোকান বন্ধ কৰাৰ সময়ত নিজে পৰঠা, চাহ আৰু কিবাকিবি লৈ খেলুৱৈবোৰক বিচাৰি যায় ৷ সকলোকে খাবলৈ দি খেল চাই বহি থাকে ৷ তিনিপাটি বোৰ্ডৰ পৰা চাহৰ খৰচটো উলিয়াই হে ঘৰলৈ যায় ৷ হোষ্টেলত কিবা পাৰ্টি থাকিলে ইব্ৰাহিম থাকিবই ৷ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰবোৰৰ লগত তাৰ বন্ধুত্ব ৷ সকলোকে তই বুলি মাতে ৷ আমিও সকলোৱে তেওঁক শ্বৰ্টকাট কৰি ইব্ৰা বুলি মাতোঁ ৷ আমি থাকোঁতে দেখিছিলোঁ কলেজৰ পুৰণি ছাত্ৰবোৰে ইব্ৰাক লগ ধৰিবলৈ আহে ৷ চাকৰি পোৱাৰ পিছত প্ৰথম দৰমহাৰৰ পৰা অলপ টকা ইব্ৰাক দিয়া এটা নিয়মৰ দৰে আছিল ৷ তেনেকৈ কোনোবা পুৰণি ছাত্ৰই বিয়া পাতিলে ইব্ৰাক মাতিবই ৷ ইব্ৰা অবিহনে দৰা পাৰ্টি আধৰুৱা হৈ পৰে ৷

ঈদৰ সময়ত ইব্ৰাক চাবলৈ ভাল হয় ৷ সকলোকে সি ঈদৰ নিমন্ত্ৰণ দিব লাগে ৷ ইমান ল’ৰাক তই কেনেকৈ খুৱাবি বুলি সুধিলে সি উত্তৰ দিয়ে,“কিমান খাবি ও তহঁতে ৷ হ’ব দে পাৰিম চম্ভালিব ৷ তহঁতৰ বৌৱে অলপ গালি পাৰব, পাৰক দে ৷ তহঁতৰ মুখকেইখেন দেখলি ৰাগ-খঙ নহ হৈ যাব ৷“  

২০১৪ চনত ৬ নং হোষ্টেলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আগে আগে আমি দুজনমানে ইব্ৰাহিমৰ ঘৰলৈ গৈ তাক নিমন্ত্ৰণ  জনাইছিলোঁ ৷ মুকলি মঞ্চত  ইব্ৰাক মাতি সম্বৰ্ধনা জনাইছিলোঁ ৷ ইব্ৰাই নতুনকৈ এটা কোট চিলাইছিল সেইদিনটোৰ বাবে ৷ আমাৰ লগত হেনো সিও চাহাব হ’ব ৷  প্ৰাক্তন ছাত্ৰবোৰৰ বাবে সেইদিনা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ইব্ৰা ৷ লক্ষ্য কৰিছিলোঁ তাৰ ভাঙি পৰা স্বাস্থ্য ৷ হৃদৰোগত  ভুগিছিল সি ৷ বহুতে তাৰ হাতত টকা গুজি দিছিল ৷ “কি কৰিম এ টাকা বিলাক লৈ ৷“ সি কৈছিল ৷ “নাতি-নাতিনীক কিবা কিনি দিবি দে ৷“  আমি তাক কৈছিলোঁ ৷ তাৰ কিছু বছৰ পিছত ইব্ৰাহিম ঢুকাইছিল ৷

প্ৰতিখন কলেজত বা হোষ্টেলত হয়তো একোজন ইব্ৰাহিম থাকে যাৰ বাবে মাজে মাজে কলেজ বা হোষ্টেলৰ স্মৃতি আৰু অধিক আকৰ্ষণিয় হৈ পৰে ৷ ইব্ৰাহিম তই য’তেই আছ শান্তিত থাক ৷

(অসমীয়া খবৰ কাকতত ১৯-৭-২০২৩ তাৰিখে প্ৰকাশিত)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা