লাচিতৰ জন্ম-বছৰক লৈ বিভ্ৰান্তি

 


অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বীৰ হিচাপে আমি বিশ্বৰ দৰবাৰত প্ৰক্ষেপ কৰিবলৈ লৈছোঁ বীৰ লাচিত বৰফুকনক ৷ স্বৰ্গদেউ চক্ৰধৰ সিংহৰ ৰাজত্বকালত ১৬৬৭ চনতে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনে মোগলৰ লগত যুদ্ধ কৰিবলৈ গুৱাহাটী পায় ৷ সৰু-সুৰা কেইবাখনো যুদ্ধৰ পাছত ১৬৭১ চনত বিখ্যাত শৰাইঘাট ৰণত ৰাম সিংহৰ নেতৃত্বত মোগল সৈন্য হাৰ মানিবলৈ বাধ্য হয় আৰু ভটিয়াই যায় ৷ কথিত আছে যে শৰাইঘাট যুদ্ধৰ সময়তে লাচিতে নিজৰ মোমায়েকক কামৰ গাফলতিৰ বাবে একে কোবে দুচেও কৰিছিল ৷ তীব্ৰ জ্বৰত ভুগি থকা সময়তে নাৱত উঠি ঢাল, তৰোৱাল লৈ সন্মুখ সমৰত নামি পৰিছিল ৷ লাচিতৰ সাহস আৰু বীৰত্বৰ বাবেই মোগলৰ দৰে শক্তিশালী সেনাবাহিনী পলাই লৰ দিয়ে ৷ যোৱা বছৰ আমি লাচিতৰ ৪০০ বছৰীয়া জন্মদিন পালন কৰিলোঁ ৷ লাচিতৰ ওপৰত লিখা নাটকো চালোঁ ৷ এজন চফল ডেকাই লাচিতৰ ভাওত অভিনয় কৰা দেখিলোঁ ৷ প্ৰকাণ্ড ঢাল আৰু তৰোৱাল হাততলৈ চফল ডেকা লাচিতৰ ছবিখন সদায়ে মানস পটত ভাঁহি উঠে ৷ মাছখোৱাত ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা লাচিতৰ প্ৰতিমূৰ্তিয়ে তাকেই প্ৰমাণ কৰে ৷

ইয়াৰ বিপৰীতে প্ৰসিদ্ধ লেখক লক্ষ্মীনাথ তামুলীয়ে ২১, ২৪ আৰু ২৫ নভেম্বৰ, ২০২২ তাৰিখে  আমাৰ অসম কাকতত আৰু মাৰ্চ, ২০২৩ ৰ সাতসৰী আলোচনীত লিখা প্ৰবন্ধবোৰত এইটো প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিলে যে বীৰ লাচিত বৰফুকনৰ জন্ম বছৰ ১৬২২ চন নহয় ১৬১২ চনহে আছিল ৷ মাৰ্চ মাহৰ সাতসৰীত  “অতীত পুনৰুদ্ধাৰত হীৰেণ গোহাঁই“ প্ৰবন্ধত তেখেতে ইয়াৰ সপক্ষে বহু যুক্তি দৰ্শায় আৰু চৰকাৰৰ ৪০০ সংখ্যক জন্ম জয়ন্তীক বিকালবোধন অৰ্থাৎ বিলম্বিত কালত উদযাপিত হোৱা বুলি তুচ্ছ তাচ্ছিল্য কৰে ৷ তেখেতে লাচিতৰ জন্মবৰ্ষৰ যুক্তি দেখুৱাবলৈ ক’ব খোজে যে ১৮৯১ চনত নীলকুমুদ ছদ্মনামেৰে ইন্দিবৰ বৰুৱাই লিখি প্ৰকাশ কৰা ’জীৱনাদৰ্শ’ শীৰ্ষক পুস্তিকাত লাচিতৰ জন্ম বছৰ ১৬১২ চন বুলি উল্লেখ কৰিছিল ৷ তদুপৰি সৰ্বেশ্বৰ শৰ্মা বৰুৱাই ১৯২১ চনত লাচিত বৰফুকন শিৰোনামেৰে লিখা প্ৰবন্ধটোত ১৬১২ চন বুলি কৈছিল ৷ পিছে তামুলীদেৱে সেই লেখক দুজনে কি তথ্যৰ ভিত্তিত ১৬১২ চন লিখিলে তাক উল্লেখ নকৰিলে ৷ দৰাচলতে বুৰঞ্জী বা পুৰণি গ্ৰন্থত লিখিত কোনো কথা, বছৰ আদি প্ৰমাণৰ বাবে শিলালিপি বা অন্যান্য প্ৰত্নলেখৰ তথ্যক  আধাৰ হিচাপে লোৱা হয় ৷ ১৬৭১  চনত যে শৰাইঘাটৰ যুদ্ধ হৈছিল তাৰ প্ৰমাণ হিচাপে তিনিখন শিলালিপিৰ কথা উল্লেখ কৰিব পাৰি ৷ তাৰে লাচিত বৰফুকনে কৰা শিলালিপিখন ৰাজ্যিক সংগ্ৰহালয়ত আছে ৷ বাকী দুখন শিলালিপি  কালৰ সোঁতত এতিয়া বিলুপ্তিৰ পথত  ৷ পিছে লাচিতৰ জন্মবৰ্ষৰ বাবে তেনে কোনো প্ৰমাণসিদ্ধ তথ্য মই জনাত কাৰো হাতত নাই ৷       

লাচিতৰ জন্ম চনকলৈ যেতিয়া বিভিন্নজনে বিতৰ্কত লিপ্ত হয় তেতিয়া মোৰ দৰে প্ৰত্যেকৰে মনত হয়তো এটা প্ৰশ্ন কেতিয়াবা মনলৈ আহে ৷  সেয়া হ’ল এখন ৰাজ্যৰ সেনাবাহিনীৰ সেনাপতিজনৰ বয়স কিমান হোৱা উচিত ৷ কিন্তু সেনাপতিৰ উপযুক্ত বয়সৰ  কথা কতো উল্লেখ নাই ৷  সেনাপতিজন যিহেতু সকলোৰে আগত থিয় হৈ শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিব লাগে সেয়ে নিজৰ শক্তি, সামৰ্থৰে সন্মুখৰ পৰা নেতৃত্ব দিব পৰা গুণ থকাৰ লগতে ডেকা বয়সৰ হোৱাতো নিত্যান্তই প্ৰয়োজন ৷ ষাঠি বছৰীয়া ব্যক্তিক যদিও আজিকালি বৃদ্ধ বুলি কোৱা নহয়, তিনিশ-চাৰিশ বছৰ আগতে বৃদ্ধ বুলিয়ে ভাবিছিল ৷ তেনে ব্যক্তি সন্মুখ সমৰত যুদ্ধ কৰিব পাৰিব বুলি ধৰা নাযায় ৷ বানপ্ৰস্থৰ বাবে নিজকে মানসিক ভাবে সাজু হোৱাৰ সময় হোৱা বুলিহে ক’ব পৰা যায় ৷ পঞ্চাছ বছৰ আগলৈ আমাৰ ৰাজ্যত চাকৰিৰ পৰা অৱসৰ লোৱা বয়স আছিল পঁচপন্ন, তাৰ পাছত হয়গৈ আঠাৱন্ন আৰু এতিয়া বাঢ়ি গৈ হয় ষাঠি বছৰ ৷ সেই সময়ত চাকৰিয়াল এজনৰ অৱসৰৰ দিনটোত সহকৰ্মীসকলে এখন মহাভাৰত বা কীৰ্ত্তন ঘোষা আৰু এটা ছাতি উপহাৰ হিচাপে দিছিল ৷  চিকিৎসা বিদ্যা, প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে লগে আজি ষাঠি বছৰ বয়সতো মানুহ সুস্থ হৈ কাম কৰি থাকিব পৰা হৈছে ৷ পিছে আজিৰ দিনটো সেনাপতি হ’ব নোৱাৰে ৷ সেয়েহে ভাৰতীয় সেনাৰ অৱসৰৰ সময় সীমা ষাঠি বছৰে কৰা হৈছে ৷  নেপলিয়ন বোনাপাৰ্টে ৩০ বছৰ বয়সত ফৰাচী দেশৰ সেনানয়ক হৈ গোটেই ইয়ুৰোপ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হয় ৷ শেষত ৪৫ বছৰ বয়সত ৱাটাৰলু যুদ্ধত পৰাস্ত হয় ৷ মহাৰানা প্ৰতাপে  মোগলক হৰুৱাই সিংহাসনত বহাৰ সময়ত বয়স আছিল ৩৯ বছৰ ৷ মাৰাঠী সেনাপতি বাজিৰাও ৪০ বছৰ বয়সত সমৰক্ষেত্ৰত মৃত্যু বৰণ কৰে ৷ আন এজন বীৰ পুৰুষ আছিল টিপু চুলতান ৷ তেখেত কৰ্ণাটকৰ   মহীশূৰ ৰাজ্যৰ শাসনকৰ্তা আছিল। ব্ৰিটিছ শক্তিয়ে যেতিয়া টিপুক বশ্যতা স্বীকাৰ কৰাব নোৱাৰি ১৭৮৪ চনত মহীশূৰত চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য হয় সেই সময়ত বীৰজনাৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ ।  এই বীৰযোদ্ধাসকল আছিল লাচিতৰ প্ৰায় সমসাময়িক 

শ্ৰদ্ধাৰ লক্ষ্মীনাথ তামুলীৰ কথা শুদ্ধ বুলি ধৰিলে লাচিতৰ জন্ম বছৰ ১৬১২ চনত হয় বুলি মানিব লাগিব ৷ ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধৰ সময়ত তেখেতৰ বয়স হয়গৈ ষাঠি বছৰ ৷ ষাঠি বছৰীয়া বৃদ্ধ এজনে সেনাপতি পদত থাকি বীৰত্ব দেখুৱাই শত্ৰুক মাৰি কাটি খেদি পঠিওৱা সম্ভৱ নহয় ৷ গতিকে লক্ষ্মীনাথ তামুলীয়ে ক’বৰ দৰে লাচিতৰ জন্ম বৰ্ষ ১৬১২ চন কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ ১৬২২ চনত জন্মলাভ কৰিলে শৰাইঘাটৰ যুদ্ধলৈ লাচিতৰ বয়স হয়গৈ পঞ্চাছ বছৰ যিটো সঁচা বুলি গ্ৰহণ কৰিব পাৰি ৷ ২৪ নভেম্বৰৰ  আগে আগে বীৰ লাচিতৰ জন্মবৰ্ষলৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ হয়তো  কোনোবা বিদ্বান ব্যক্তিয়ে বাতৰি কাকতত লিখিবলৈ ল’ব,  এইখিনি কথা  তাৰ আগতে প্ৰকাশ কৰিলোঁ যাতে পঢ়ুৱৈ সমাজে নিজে বিচাৰ কৰি চাব পাৰে ৷   

       (নিয়মীয়া বাৰ্তা কাকতত ১৯-৭-২০২৩ তাৰিখে প্ৰকাশিত)

 

 

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা