Posts

Showing posts from January, 2021

ভাষা সাহিত্যৰ সাহসী যুঁজাৰু ড° ৰমেশ পাঠক

 চিত্তৰঞ্জন ওজা আমেৰিকান সাহিত্যিক আৰ্নেষ্ট হেমিঙৱে লিখা এখন বিখ্যাত উপন্যাস “দি অ'ল্ড মেন এণ্ড দা ছী “ বহুতে হয়তো পঢ়িছে ৷ ১৯৫২ চনত প্ৰকাশিত উপন্যাসখন অতি কমদিনৰ ভিতৰতে গোটেই বিশ্বৰ সাহিত্যানুৰাগীয়ে আঁকোৱালি লয় ৷ ১৯৫৩ চনত উপন্যাসখনে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে আৰু ১৯৫৪ চনত বিশ্ব সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান ন ’ বেল বঁটাৰ বাবে নিৰ্বাচিত হয় ৷             উপন্যাসখন এগৰাকী বৃদ্ধ মাছমৰীয়াৰ কাহিনীকলৈ লিখা ৷ ছাণ্টিয়াগো নামৰ মাছমৰীয়াজনে বয়সৰ ওচৰত হাৰ নামানি প্ৰতি দিনে বিশাল সাগৰত নাও মেলি দিয়ে মাছ ধৰিবলৈ, চফল ডেকা মেন'লিনক সংগী কৰি ৷ কিন্তু ৮৪ দিনৰ বিফলতাৰ পিছত নিজৰ পিতৃৰ কথা পেলাব নোৱাৰি মেন'লিনে ছাণ্টিয়াগোৰ পৰা আঁতৰি যায় ৷ এইবাৰ অকলেই মাছ মাৰিব নাও বাই যায়, সঁচাকৈয়ে সেইদিনা এটা বৃহদ আকাৰৰ মাৰ্লিন মাছে বৰশিৰ টোপ গিলে ৷ মাছটো ইমানেই ডাঙৰ যে মাছেহে নাওখন টানি লৈ যায় ৷ সম্পৰ্ণ দুদিন-দুৰাতি এই বৃহদাকাৰ মাছৰ লগত ছাণ্টিয়াগোৰ যুদ্ধ চলি থাকে ৷ তেওঁ আঘাতপ্ৰাপ্ত, ভাগৰুৱা হ ’ লেও হাৰ নামানিলে ৷ মাছটো ভাগৰুৱা হোৱাৰ উমান পাই ঘৰমূৱা হ...

এনে দৰেই ভাল পাওঁ তোমাক

  মূল : পাবলো নেৰুডা অনুবাদ : চিত্তৰঞ্জন ওজা     তোমাক সাগৰৰ তীৰৰ গোলাপ , মুকুতা ,    অথবা দেৱপুস্পই বিয়পোৱা উজ্জল শীখাৰ দৰে ভাল পাব নোৱাৰোঁ : ভাল পাওঁ তোমাক গোপনে , ছা - অন্তৰাত্মাৰ মাজত অমুল্য ৰতন   ভাল পোৱাৰ দৰে।   ভাল পাওঁ তোমাক এডাল বৃক্ষৰ দৰে যি   নুফুলে অথচ নুফুলা ফুলবোৰতে লুকাই থাকে স্নিগ্ধ   পোহৰ , ধন্য তোমাৰ প্ৰেম যি প্ৰেম   মোৰ শৰীৰৰ প্ৰতিটো অঙ্গত আবৰি আছে মৃত্তিৰ পৰা ওলোৱা সুগন্ধি সুৱাস ৷   ভাল পাওঁ তোমাক – কেনেকৈ , কেতিয়া, কৰ পৰা নজনাকৈ , ভাল পাওঁ তোমাক দ্বিধাহীন আৰু গৰ্বিত ভাবে , এনেদৰেই ভাল পাওঁ তোমাক , আন ধৰণে   যে নাজানোঁ   ,   ভালপোৱাৰ বিকল্প নাই মোৰ হাতত , নাই তুমি - মোৰ ভিন্নতা , ইমান অন্তৰঙ্গ যে মোৰ বুকুত ৰখা তোমাৰ হাত খন মোৰেই , ইমানেই অন্তৰঙ্গ যে তুমি চকু মুদিলেই মোৰ সপোন বোৰেই ভাহি আহে । (অক্টোবৰ, ২০২০ ৰ কাঁচিয়লি এমুঠি ৰ’দৰ হাঁহি আলোচনীত প্ৰকাশ পালে) 

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কৰ চিন্তাবোৰ

  চিত্তৰঞ্জন ওজা   বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিবিদ , সফল ব্যাৱসায়ী সকলৰ মাজত সকলোতকৈ বেছি চৰ্চিত আৰু জনপ্ৰিয় ব্যক্তিজন হ ' ল এলন মাস্ক। তেওঁ মহাকাশ ভ্ৰমন সংস্থা ’ স্পেসএক্স’ আৰু ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা ’ টেচলা’ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক। আন্তৰাষ্ট্ৰীয় বজাৰত ’টেচলা’ৰ শ্বেয়াৰৰ দাম অভাৱনীয় ভাবে বৃদ্ধি হোৱাত এলন মাস্ক পৃথিৱীৰ ভিতৰত সকলোতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে এই বৰ্ষৰ প্ৰথম সপ্তাহত৷ বৰ্তমান বজাৰৰ মুল্যত তেওঁৰ সম্পত্তিৰ পৰিমাণ হ’ল   ১৮ হাজাৰ ৫০০ কোটি (১৮৫ বিলিয়ন) ডলাৰ৷ যোৱা তিনিবছৰৰ পৰা সকলোতকৈ ধনীৰ আসনত থকা আমাজনৰ প্রধান কর্মকর্তা জেফ বেজছক চেৰ পেলাই শীৰ্ষ আসনত বহিবলৈ তেওঁ সক্ষম হয়৷ তেওঁ নিজৰ ব্যতিক্ৰমী আৰু উদ্ভাবনী চিন্তাধাৰাৰ বাবে প্ৰখ্যাত।   এলন মাস্কৰ জন্ম দক্ষিণ আফ্ৰিকাত ১৯৭১ চনত৷ মাত্ৰ ১২ বছৰ বয়সত এবিধ কম্পিউটাৰ খেল নিজে প্ৰগ্ৰেমিং কৰে আৰু ৫০০ ডলাৰত বিক্ৰি কৰিবলৈ সক্ষম হয়৷ কলেজৰ শিক্ষাৰ বাবে দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰথমে কানাডা , পিছত আমেৰিকালৈ আহে৷ আমেৰিকাত প্ৰথম   Zip2 নামৰ কোম্পানী প্ৰতিষ্ঠা কৰে, পিছত কম্পেক নামৰ ক...

“ওৱেটিঙ ফৰ গ’ডো“ –আশা-আকাঙ্ক্ষাৰ অন্তহীন অপেক্ষাত আমি সকলো

  চিত্তৰঞ্জন ওজা বিংশ শতাব্দীৰ এখন বিশ্ব বিখ্যাত নাটক হ’ল ছেমুৱেল বাৰ্কলে বেকেটৰ ’ওৱেটিঙ ফ’ৰ গ’ডো ৷ বেকেট আছিল আধুনিক ইউৰোপীয় সাহিত্যৰ এজন স্বনামধন্য নাট্যকাৰ   ৷   দ্বিতীয় বিশ্ব যুদ্ধৰ   পিছত যেতিয়া সমগ্ৰ মানব জাতিয়ে এক ধ্বংস যজ্ঞ আৰু   অৱক্ষয়ৰ মাজেৰে পাৰ হবলগীয়া হয় সেই সময়তে প্ৰখ্যাত নাট্যকাৰ ছেমুৱেল বেকেটে এই নাটক খন লিখি উলিয়ায় ৷ মানবীয় মূল্যবোধ ভূলুন্ঠিত হোৱাৰ সময়ত, যেতিয়া দুখ-দুৰ্দশা আৰু হতাশাৰ মাজত বাচি থকাটোৱে এটা ডাঙৰ সমস্যা হৈ পৰিছিল সেই সময়তে লিখা এই নাটক “গ’ডোৰ অপেক্ষাত“ ৷    পৃথিবী তোলপাল লগোৱা এই নাটক খনৰ মাজেৰে হয়তো নাট্যকাৰে আমাৰ সৰ্বসাধাৰণ মানুহৰ অন্তৰত থকা আশা-আকাঙ্ক্ষাৰ এক অন্তহীন অপেক্ষাৰ কথাকে বুজাব বিচাৰিছে ৷ এই এবচাৰ্ড নাটকখনে বেকেটক বিশ্ব বিয়াপি খ্যাতিৰ শিখৰলৈ লৈ যায় , ১৯৬৯ চনত নাট্যকাৰক নোবেল বটা প্ৰদান কৰে ৷    নাটকৰ কাহিনী থুলমূলকৈ এনেধৰণৰ আছিল ৷           ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন এডাল বৃক্ষৰ তলত লগ হয় ৷ তেওঁলোকে বিভিন্ন বিষয়লৈ   আলোচনা কৰে ৷ আলোচনা বোৰৰ পৰা এটা কথা...