“ওৱেটিঙ ফৰ গ’ডো“ –আশা-আকাঙ্ক্ষাৰ অন্তহীন অপেক্ষাত আমি সকলো

 চিত্তৰঞ্জন ওজা


বিংশ শতাব্দীৰ এখন বিশ্ব বিখ্যাত নাটক হ’ল ছেমুৱেল বাৰ্কলে বেকেটৰ ’ওৱেটিঙ ফ’ৰ গ’ডো ৷ বেকেট আছিল আধুনিক ইউৰোপীয় সাহিত্যৰ এজন স্বনামধন্য নাট্যকাৰ   দ্বিতীয় বিশ্ব যুদ্ধৰ  পিছত যেতিয়া সমগ্ৰ মানব জাতিয়ে এক ধ্বংস যজ্ঞ আৰু  অৱক্ষয়ৰ মাজেৰে পাৰ হবলগীয়া হয় সেই সময়তে প্ৰখ্যাত নাট্যকাৰ ছেমুৱেল বেকেটে এই নাটক খন লিখি উলিয়ায় ৷ মানবীয় মূল্যবোধ ভূলুন্ঠিত হোৱাৰ সময়ত, যেতিয়া দুখ-দুৰ্দশা আৰু হতাশাৰ মাজত বাচি থকাটোৱে এটা ডাঙৰ সমস্যা হৈ পৰিছিল সেই সময়তে লিখা এই নাটক “গ’ডোৰ অপেক্ষাত“ ৷   পৃথিবী তোলপাল লগোৱা এই নাটক খনৰ মাজেৰে হয়তো নাট্যকাৰে আমাৰ সৰ্বসাধাৰণ মানুহৰ অন্তৰত থকা আশা-আকাঙ্ক্ষাৰ এক অন্তহীন অপেক্ষাৰ কথাকে বুজাব বিচাৰিছে ৷ এই এবচাৰ্ড নাটকখনে বেকেটক বিশ্ব বিয়াপি খ্যাতিৰ শিখৰলৈ লৈ যায় , ১৯৬৯ চনত নাট্যকাৰক নোবেল বটা প্ৰদান কৰে ৷   নাটকৰ কাহিনী থুলমূলকৈ এনেধৰণৰ আছিল ৷

          ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন এডাল বৃক্ষৰ তলত লগ হয় ৷ তেওঁলোকে বিভিন্ন বিষয়লৈ  আলোচনা কৰে ৷ আলোচনা বোৰৰ পৰা এটা কথা স্পষ্ট যে তেওঁলোক গ’দো বুলি মানুহ এজনৰ অপেক্ষাৰত, মানুহজনক তেওঁলোকে কেতিয়াও লগ পোৱা নাই ৷ কিছু পৰৰ পিছত আৰু দুজন মানুহৰ আবিৰ্ভাৱ ঘটে – প’জো আৰু লগতে তেওঁৰ কৃতদাস লাকী ৷ বজাৰত বিক্ৰি কৰিবলৈ লাকীক লৈ আহিছিল ৷ লাকীৰ গলত এডাল বন্দীত্বৰ ৰচী, সি লগত প’জোৰ বাবে বহিবলৈ চকী আৰু বেগ লৈ ফুৰে ৷ লাকীয়ে বাকীবোৰক নাচি-বাগি আমোদ দিয়ে ৷ কিছু কথা বতৰাৰ পিছত প’জো আৰু লাকী গুচি যায় ৷ ইয়াৰ ঠিক পিছতে গ’ডোৰ বাৰ্তাবাহক এজন আহে, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনক জনায় যে গ’ডো সেইদিনা যদিও আহিবলগীয়া আছিল কিন্তু আহিব নোৱাৰিব ৷ লগতে এইটোও ক’লে যে পিছ দিনাখন তেওঁ নিশ্চয়কৈ আহিব ৷ দুইজন ঘূৰি যাবলৈ সিদ্ধান্ত লয় যদিও দেখা গ’ল তেওঁলোক দুজন মঞ্চৰ পৰা গুচি নগ’ল আৰু নাটকৰ আঁৰকাপোৰ টানি দিয়া হয়  

       পিছৰ দিনা সেই একেই সময়তে ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন একেডাল বৃক্ষৰ তলত লগ হয় ৷ তেওঁলোক গ’ডো বুলি মানুহ জনৰ অপেক্ষাত ৰৈ থাকে ৷ এষ্ট্ৰাগনক  শেষৰাতি গ’ডো ৰ বাবে অপেক্ষাত থকা কথাটো ভ্লাডিমিৰে মনত পেলাই দিব লগীয়া হয় ৷  আগদিনাৰ দৰে সেইদিনাও   প’জো আৰু লাকী মঞ্চত দেখা যায়, এইবাৰ প’জোক দেখা গ’ল অন্ধ  ৰূপত আৰু লাকীক বোবা ৰূপত ৷ প’জো আৰু লাকী গুচি যোৱাৰ পিছত  গ’ডোৰ বাৰ্তাবাহক জন উপস্থিত হয় আৰু জনায় যে গ’ডো সেই ৰাতি আহিব নোৱাৰে কিন্তু পিছৰ দিনা আহিবই  ৷ ভ্লাডিমিৰে যেতিয়া জোৰকৈ ধৰিলে যে আগদিনা ৰাতি কথা দিছিল যে সেইদিনা আহিবই, বাৰ্তাবাহকৰ মতে তেওঁ ভ্লাডিমিহঁতক লগেই পোৱা নাছিল ৷ দুইজন ঘূৰি যাবলৈ সিদ্ধান্ত লয় যদিও দেখা গ’ল তেওঁলোক দুজন মঞ্চৰ পৰা গুচি নগ’ল আৰু নাটকৰ আঁৰকাপোৰ টানি দিয়া হয় ৷   গ’ডো হ’ল নাটকৰ এক অদৃশ্য চৰিত্ৰ, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন যাৰ বাবে অন্তহীন অপেক্ষাৰত ৷ বহুতো সমালোচকে ভাবে যে নাট্যকাৰ যিহেতু নাস্তিক, গ’ডো চৰিত্ৰটো ভগৱানকে বুজাব বিচাৰিছে ৷

ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন  গ’ডোৰ অপেক্ষাত, যদিও কোনোদিন গ’ডোক লগ পোৱা নাই ৷ এই যে গ’ডোৰ বাবে অপেক্ষা, এয়াই নেকি জীৱন যত আছে অপেক্ষা, অন্তহীন অপেক্ষা ৷ জন্মৰ পিছত ডাঙৰ হোৱালৈ অপেক্ষা, চাকৰি, ব্যৱসায় আৰম্ভ কৰালৈ অপেক্ষা, ইয়াৰ পিছত  কামনা-বাসনা, বিবাহ, সন্তান জন্ম, টকা, সম্পত্তিলৈ অপেক্ষা ৷  এইবোৰ প্ৰাপ্তিৰ পিছত পিছত নিজৰ খ্যাতি, সন্মানলৈ, শেষত মৃত্যুলৈ অপেক্ষা ৷ কিছুমানৰ বাবে মৃত্যুৰ পিছতো পুনৰ জনম বা বৈকুন্ঠ প্ৰাপ্তিলৈ অপেক্ষা ৷ মুঠতে জন্মৰ পৰা মৃত্যুলৈ অপেক্ষাৰ শেষ নাই ৷ জীবন যেন এক প্রতীক্ষাৰ গল্প। এই প্রতীক্ষাৰ গল্প  লৈয়ে ছামুৱেল বেকেটৰ যুগান্তকাৰী নাটক “গ’ডোৰ অপেক্ষাত“ ৷

এই অন্তহীন অপেক্ষা, ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনৰ অন্তসাৰশূন্য কথাবতৰা, নাটকৰ প্ৰতিটো চৰিত্ৰৰ মাজেৰে প্ৰকাশ পোৱা শূন্যতাত এক নঞৰ্থকতাবাদ (Nihilism ) ৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে ৷   Nihilism শব্দটো আহিছে লেটিন শব্দ Nihil  ৰ পৰা, ইয়াৰ অৰ্থ  nothing ৷ এই ধাৰণাৰ বশবৰ্তী মানুহে ভাবে যে পৃথিবী সত্য বুলি কোনো কথা নাই, নাই কোনো মুলবোধ, নীতি, আনকি বাস্তবিকতাকো সন্দেহৰ চকুৰে চায় ৷ নাটকৰ চৰিত্ৰ বোৰৰ অন্তসাৰশূন্য কথাবতৰা বোৰে নাট্যকাৰৰ ’এবচাৰ্ড’, হাস্য ৰস আৰু বিচ্চিন্নতাবাদৰ অনুভূতি দেখিবলৈ পাওঁ, ইয়াৰ মূলতে হ’ল  পৃথিবীৰ প্ৰতি নাট্যকাৰৰ  নঞৰ্থকতাবাদী ধাৰণাৰ ৷

          ১১ শতিকাৰ পৰা ১৮ শতিকালৈ এই মধ্যকালীন সময়ৰ   ভক্তি আন্দোলনে ভাৰতবৰ্ষত সাংস্কৃতিক ইতিহাসত এক গভীৰ প্ৰভাৱ পেলাইছিল ৷ সেই সময়তে ভগৱানৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বহুজন ধৰ্মপ্ৰৱৰ্তকে বহুতো ধৰ্মীয় গ্ৰন্থ ৰচনা কৰিছিল ৷ তাৰ ভিতৰত ৰামানন্দ, কবিৰদাস,গুৰু নানক, শ্ৰীমন্ত শংকৰদেৱ, তুলসীদাস, সুৰদাস, মীৰাবাই, হৰিদাস, তুকাৰাম অন্যতম ৷ ভাৰতীয় জাতীয় জীৱনত এই ভক্তি আন্দোলনে এক নঞাৰ্থক প্ৰভাৱ পেলোৱা দেখা যায় ৷ জীৱনটো  দুখ-দুৰ্দশাৰে পৰিপূৰ্ণ এক কাৰাবাস, ধনসম্পদ, সতি-সন্ততি সকলো অসাৰ,  ভগৱানক স্মৰণ কৰি মুক্তিলৈ অন্তহীন অপেক্ষা কৰাত বাহিৰে উপাই নাই, মৃত্যুহে একমাত্ৰ মুক্তিৰ পথ ৷ এইখিনিতে লালা লাজপত ৰায়ৰ এষাৰি উক্তি মনকৰিবলগীয়া ৷ “The general prevailing idea of life in India is that it is necessarily evil. That life itself is a misery and a misfortune from which it is desirable to escape , is so deeply written in the souls of our people that it is not easy to efface it.”  ভক্তি আন্দলোনৰ পৰা সৃষ্টি হোৱা এই বৈৰাগ্য ভাব নঞৰ্থকতাবাদৰ এক উদাহৰণ নহয় জানো ৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে ছেমুৱেল বেকেটৰ নাটকত নঞৰ্থকতাবাদী চিন্তাধাৰাৰ মাজতো কিছু আশাৰ ৰেঙণিও দেখিবলৈ পাওঁ ৷ ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনক  যেতিয়া জনায় যে গ’ডো নাহে, তথাপি তেওঁলোক মঞ্চ এৰি আঁতৰি নাযায়, আৰ কাপোৰ পৰে কিন্তু ৰৈ থাকে, বাস্তবৰ মুখামুখি হবলৈ  ৷ সপোনবোৰ ভঙাৰ পিছতো নতুন সপোন দেখা স্পৃহাই নিৰাশাৰ  মাজত আশাৰ ৰেঙণি ৷

সাহিত্যক জীৱনৰ দাপোন বুলি কোৱা হয় ৷ সাহিত্য কেৱল দাপোনেই নহয়, দাপোনত নেদেখা বহু বস্তু সাহিত্যৰ মাজেৰে প্ৰতিফলিত হয় ৷  ছেমুৱেল বেকেটৰ “গ’ডোৰ অপেক্ষাত“ নাটকৰ মাজেৰেও আমি আমাৰ সমাজখন প্ৰতিফলিত হোৱা দেখা পাওঁ ৷ ভ্লাডিমিৰ আৰু এষ্ট্ৰাগনৰ যি অপেক্ষা, সেয়া আমাৰ সমাজৰ সাধাৰণ মধ্যবিত্ত শ্ৰেনীৰ লোকৰ অসম্পুৰ্ণ আশা-আকাঙ্ক্ষা, সুখ-শান্তি প্ৰতিফলিত কৰা যেন লাগে ৷ বহু আশা আকাঙ্খাৰ অপৰিপূৰ্ণতাৰ আভাস পালেও মানুহৰ প্ৰাণ থাকে সেই অন্তহীন অপেক্ষাত যত এক অনবদ্য আশাৰ ৰেঙণি মনত তিৰবিৰাই থাকে৷ এষ্ট্ৰাগনৰ নিচিনা হয়টো আগৰ দিনটোত কি বিচাৰিছিল পাহৰিয়ে যায় ৷ গ’ডো চৰিত্ৰৰ মাজত আমাৰ জীৱনৰ সেই আশা-আকাঙ্ক্ষাকে দেখিবলৈ পাওঁ যি বহু অপেক্ষাৰ পিছতো দেখা নাযায়, অথচ আশাবোৰও মৰহি নাযায় ৷ 

প’জো চৰিত্ৰটো আমাৰ শাসক শ্ৰেণীক যেন প্ৰতিনিধিত্ব কৰিছে ৷ সময়ৰ লগে লগে নিজৰ কথাবোৰ সলনি হয়, আজি কোৱা কথা কাইলৈ পাহৰি যায় প’জোৰ নিচিনা ৷ সময়ৰ লগে লগে  অন্ধও হৈ যায়, জনসাধাৰণৰ দুখ –দুৰ্দশা নেদেখা হয় ৷ লাকী হ’ল সমাজৰ শোষিত নিপীড়িত জনতাৰ এজন ৷  সৰ্বদা শাসক শ্ৰেনীৰ বোজা কঢ়িয়াই গোলামী কৰিয়ে থাকে, যেতিয়া  শাসক শ্ৰেনীৰ কোনো কামত নাহিব বিক্ৰি কৰিবলৈ কোনো কুন্ঠাবোধ নকৰিব ৷ এই শোষিত শ্ৰেণী প’জোৰ হাতোৰাৰ পৰা বছৰ বছৰ ধৰি ওলাব খুজিও পৰা নাই, দুখ-দুৰ্দশাৰ মাজত যেন লাহে লাহে তেওঁলোক বোবা হৈ যায়, নাটকখনৰ চৰিত্ৰৰ দৰে ৷

          যুগ-যুগ ধৰি  মানব জাতি এই নাটকৰ চৰিত্ৰৰ দৰে অপেক্ষাৰত, ভাল দিনলৈ, সুখ-শান্তিলৈ ৷ নেতিবাচক সময়ৰ সোঁতে আৱৰি ৰখা জীৱনটোৰ প্ৰতি খোজতে মানুহে শুভ সময়ৰ অপেক্ষাত অন্তৰত আশাৰ বাণী কঢ়িয়াই ফুৰে৷ জীবনৰ অর্থ-অনর্থ, আশা-হতাশা, প্রতীক্ষা-প্রাপ্তিৰ এক দুর্লভ নাট্যচিত্র এই নাটক। বিশেষ কোনো ঘটনা  নাথাকিলেও,  বিশেষ কোনো সমাপ্তি নাথাকিলেও দর্শকক ৰখা যায় গভীৰ চিন্তাৰ জগতত,  দর্শকক আনি দিয়ে চিন্তাৰ জগতৰ বুদ্ধিবৃত্তি অনুশীলনৰ অনন্য এক খোৰাক। জীবনৰ সত্য আৰু মৰীচিকাক স্পষ্ট ভাবে প্ৰকাশ হয় এই নাটকৰ মাধ্যমত ।  বেকেটেৰওৱেটিং ফৰ গ’ডো“ ক এইকাৰণেই  ধৰা হয় সমসাময়িক সময়ৰ  এক সৰ্বশ্ৰেষ্ঠ নাটক হিচাপে ৷

            (মো নং ৯৮৬৪০৩৬১৪৩)

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা