এনে দৰেই ভাল পাওঁ তোমাক

 


মূল : পাবলো নেৰুডা

অনুবাদ : চিত্তৰঞ্জন ওজা

 

 

তোমাক সাগৰৰ তীৰৰ গোলাপ, মুকুতা

 অথবা দেৱপুস্পই বিয়পোৱা উজ্জল শীখাৰ দৰে ভাল পাব নোৱাৰোঁ:

ভাল পাওঁ তোমাক গোপনে , ছা-অন্তৰাত্মাৰ মাজত

অমুল্য ৰতন  ভাল পোৱাৰ দৰে।

 

ভাল পাওঁ তোমাক এডাল বৃক্ষৰ দৰে যি  নুফুলে অথচ

নুফুলা ফুলবোৰতে লুকাই থাকে স্নিগ্ধ  পোহৰ,

ধন্য তোমাৰ প্ৰেম যি প্ৰেম  মোৰ শৰীৰৰ প্ৰতিটো অঙ্গত

আবৰি আছে মৃত্তিৰ পৰা ওলোৱা সুগন্ধি সুৱাস ৷

 

ভাল পাওঁ তোমাককেনেকৈ, কেতিয়া, কৰ পৰা নজনাকৈ,

ভাল পাওঁ তোমাক দ্বিধাহীন আৰু গৰ্বিত ভাবে,

এনেদৰেই ভাল পাওঁ তোমাক, আন ধৰণে  যে নাজানোঁ  ,

 

ভালপোৱাৰ বিকল্প নাই মোৰ হাতত, নাই তুমি-মোৰ ভিন্নতা,

ইমান অন্তৰঙ্গ যে মোৰ বুকুত ৰখা তোমাৰ হাত খন মোৰেই,

ইমানেই অন্তৰঙ্গ যে তুমি চকু মুদিলেই মোৰ সপোন বোৰেই ভাহি আহে ।


(অক্টোবৰ, ২০২০ ৰ কাঁচিয়লি এমুঠি ৰ’দৰ হাঁহি আলোচনীত প্ৰকাশ পালে) 

Comments

Popular posts from this blog

নাৰী নিৰ্যাতন আৰু আইনী ব্যৱস্থা

উচ্চ শিক্ষাৰ বাবে ভাষা অন্তৰায় হ’ব নোৱাৰে

হাৰিজানৰ কথকতা