বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কৰ চিন্তাবোৰ
চিত্তৰঞ্জন ওজা
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ
প্ৰযুক্তিবিদ, সফল ব্যাৱসায়ী সকলৰ মাজত সকলোতকৈ বেছি চৰ্চিত আৰু জনপ্ৰিয় ব্যক্তিজন হ'ল এলন মাস্ক। তেওঁ মহাকাশ ভ্ৰমন সংস্থা ’স্পেসএক্স’ আৰু ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা ’টেচলা’ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক। আন্তৰাষ্ট্ৰীয় বজাৰত ’টেচলা’ৰ
শ্বেয়াৰৰ দাম অভাৱনীয় ভাবে বৃদ্ধি হোৱাত এলন মাস্ক পৃথিৱীৰ ভিতৰত সকলোতকৈ ধনী ব্যক্তি
হিচাপে পৰিগণিত হৈছে এই বৰ্ষৰ প্ৰথম সপ্তাহত৷ বৰ্তমান বজাৰৰ মুল্যত তেওঁৰ সম্পত্তিৰ
পৰিমাণ হ’ল ১৮
হাজাৰ ৫০০ কোটি (১৮৫ বিলিয়ন) ডলাৰ৷ যোৱা তিনিবছৰৰ পৰা সকলোতকৈ ধনীৰ আসনত থকা আমাজনৰ
প্রধান কর্মকর্তা জেফ বেজছক চেৰ পেলাই শীৰ্ষ আসনত বহিবলৈ তেওঁ সক্ষম হয়৷ তেওঁ নিজৰ ব্যতিক্ৰমী আৰু উদ্ভাবনী চিন্তাধাৰাৰ বাবে প্ৰখ্যাত।
এলন
মাস্কৰ জন্ম দক্ষিণ আফ্ৰিকাত ১৯৭১ চনত৷ মাত্ৰ ১২ বছৰ বয়সত এবিধ কম্পিউটাৰ খেল নিজে
প্ৰগ্ৰেমিং কৰে আৰু ৫০০ ডলাৰত বিক্ৰি কৰিবলৈ সক্ষম হয়৷ কলেজৰ শিক্ষাৰ বাবে দক্ষিণ আফ্ৰিকাৰ
পৰা প্ৰথমে কানাডা , পিছত আমেৰিকালৈ আহে৷ আমেৰিকাত প্ৰথম Zip2 নামৰ কোম্পানী প্ৰতিষ্ঠা কৰে, পিছত কম্পেক
নামৰ কম্পিউটাৰ বনোৱা প্ৰতিষ্ঠানক ৩০০ মিলিয়ন ডলাৰত বিক্ৰী কৰে ১৯৯৭ চনত৷ ইয়াৰ পিছত
তেওঁ পে প’ল নামৰ এটা অনলাইন টকা আদান-প্ৰদানৰ এপ উলিয়ায়৷ পিছত সেইটো ই-বে’ নামৰ প্ৰতিষ্ঠানক
অভাৱনীয় ১.৫ বিলিয়ন ডলাৰ দামত বিক্ৰী কৰে৷ তেতিয়াই তেওঁ বাতৰিকাকতৰ শিৰোনামা দখল কৰে৷
এলন মাস্কে সৰুৰে
পৰা চিন্তা কৰিছিল যে যদি মানৱ জাতি পৃথিৱীত
হেজাৰ হেজাৰ বছৰলৈ বসবাস কৰিব বিচাৰে, অন্তৰীক্ষত বাসস্থানৰ সন্ধান কৰিবই লাগিব৷
সেই উদ্দেশ্যে তেওঁ স্পেচ এক্স নামৰ প্ৰতিষ্ঠান স্থাপন কৰে৷ ফেল্কন নামৰ ৰকেট কঢ়িওৱা
বাহন উদ্ভাৱন কৰে৷ এলন মাস্ক উদ্ভাৱনী চিন্তাৰে আগ বাঢ়িছে চন্দ্ৰ আৰু মঙলত বস-বাস কৰিবলৈ৷
তেওঁৰ লক্ষ্য ২০২৬ চনত মঙললৈ মানুহ পঠিওৱা৷ ২০৫০ চনত মঙল গ্ৰহত ৮০,০০০ মানুহৰ এখন ক’লনি
প্ৰস্তুত কৰা কামত স্পেচ এক্সে কাম কৰি আছে৷ অন্তৰীক্ষ অভিযানক বানিজ্যিকৰণ কৰা প্ৰথমজন
ব্যক্তি হ’ল এলন মাস্ক৷
মাস্কৰ আটাইতকৈ লাভজনক
প্ৰতিষ্ঠান হৈছে ২০০৪ চনত প্ৰতিষ্ঠা কৰা ’টেচলা’৷ কম খৰচত ইলেক্ট্ৰিক গাড়ী প্ৰস্তুত
কৰা প্ৰতিষ্ঠানে প্ৰথম গাড়ী উলিয়ায় ২০০৬ চনত, নাম ৰাখিছিল স্পিডষ্টাৰ৷ ইয়াৰ পিছত ৰ’ব
লগীয়া হোৱা নাই, ইখনৰ পিছত আনখন নতুন মডেলৰ গাড়ী বজাৰলৈ আহি আছে আৰু প্ৰতিখন গাড়ীৰ
চাহিদা বাঢ়ি গৈ আছে৷ টেচলাৰ সফলতাৰ বাবেই আজি এলন মাস্ক বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ
এক নম্বৰত৷
এলন মাস্কৰ সফলতাৰ
এটা ডাঙৰ গুণ হ’ল কোনেও নভবা কথা চিন্তা কৰি
তাক ব্যৱসায়ীক ভাৱে সফল কৰি তোলা৷ তেওঁ এটা নতুন প্ৰযুক্তিৰ প্ৰস্তাব আগ বঢ়ায় যাৰ নাম হ’ল ’হাইপাৰলুপ’ - যাতায়তৰ বাবে দ্ৰুততম পৰিবহণ
ব্যৱস্থা৷ হাইপাৰলুপ মূলত হ’ল এটা ডাঙৰ বায়ু সোমাব নোৱৰা টিউব যাৰ মাজেৰে মানুহ আৰু
মাল-বস্তু কঢ়িওৱা একোটা কেপচুল অতিবেগত ঘৰ্ষণহীন ভাবে অহা-যোৱা কৰা৷ এই টিউববোৰৰ সৰ্বোচ্চ
গতি-বেগ হ’ব ১২০০ কিলোমিটাৰ প্ৰতি ঘন্টাত, প্ৰায় শব্দৰ গতি-বেগৰ সমান অৰ্থাৎ উৰাজাহাজৰ
বেগতকৈ দুগুণ বেগত যাব পৰা ক্ষমতা৷
এলন মাস্কৰ আন এটা
লেখতলবলগীয়া অৱদান হ’ল শিক্ষা ব্যৱস্থালৈ অনা নতুন চিন্তা৷ তেওঁ প্ৰচলিত শিক্ষা ব্যবস্থাৰ প্ৰতি বীতশ্ৰদ্ধহৈ নিজাকৈ পৰীক্ষামূলক ভাবে স্পেচ এক্সৰ কৰ্মচাৰীৰ সতি-সন্ততিৰ
বাবে এখন স্কুল প্ৰতিষ্ঠা কৰে, নাম থয় "এড আষ্ট্ৰা"। স্কুল খনত নিৰ্দিষ্ট পাঠ্যক্ৰম মানি চলা নহয়। ছাত্ৰ ছাত্ৰীক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক জ্ঞানৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এসোপা হোমৱৰ্ক দি মুখষ্ঠ
কৰাই পৰীক্ষাত ভাল নম্বৰ লবলৈ ইয়াত চেষ্টা কৰা নহয়, ছাত্ৰ-ছাত্ৰীক বিভিন্ন পৰীক্ষাৰ
জৰিয়তে উদ্ভাৱনী চিন্তাৰ বিকাশৰ বাবে চেষ্টা কৰা হয়৷ অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ লগত যেনে ৰব’টিক্স, অন্তৰীক্ষ যান, কৃত্তিম বুদ্ধিমত্তা
ইত্যাদিৰ লগত পৰিচয় কৰাই দিয়া হয়৷ আনকি স্কুলত শিক্ষাৰ্থীৰ বাবে কোনো গ্ৰেডৰ ব্যবস্থাও ৰখা নাই। তেওঁ নিজৰ পাচ সন্তানক লছ এঞ্জেলেচৰ ব্যক্তিগত স্কুলৰ পৰা আনি নিজে স্থাপন কৰা স্কুলত পঢ়ায়। তেওঁৰ মতে স্কুল হ'ব লাগে হাঁহি ধেমালিৰ স্থান। শিক্ষাৰ ক্ষেত্ৰত
নতুন উদ্ভাৱনী চিন্তাৰ নিশ্চয় প্ৰয়োজন আছে৷ নতুন নতুন আৱিস্কাৰ আৰু ইয়াৰ প্ৰয়োগৰ জৰিয়তে
২০৩০ বা ২০৪০ চনত প্ৰযুক্তিবিদ্যাই কি ৰূপ ল’ব অনুমান কৰা টান ৷ এতিয়া প্ৰাইমাৰী স্কুলত
পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলক এক বা দুই দশকৰ
পিছত চাকৰি বা ব্যৱসায়ৰ বাবে তৈয়াৰ কৰিব লাগিব৷ গতিকে বৰ্তমানৰ শিক্ষাৰ্থী সকলৰ শিক্ষাৰ
পদ্ধতি নিশ্চয় এনে হ’ব লাগিব যাতে তেওঁলোকে ২০৩০ বা ২০৪০ চনত সৃষ্টি হ’ব লগীয়া বৃত্তিগত
কামবোৰৰ বাবে নিজকে তৈয়াৰ কৰিব পাৰে৷ প্ৰচলিত শিক্ষা ব্যৱস্থা ইয়াৰ বাবে উপযুক্ত নহয়৷
সেই বাবেই এলন মাস্কৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে প্ৰতিষ্ঠিত স্কুল "এড আষ্ট্ৰা"৷ ইয়াৰ পৰীক্ষামূলক সফলতাৰ পিছত লচ এঞ্জেলেচত লাভহীন ভাবে এক স্বতন্ত্ৰ
স্কুল স্থাপন কৰে – যাৰ নাম ৰাখে ’আষ্ট্ৰা ন’ভা’৷ ইয়াত ৯ বছৰৰ পৰা ১৩ বছৰৰ ল’ৰা-ছোৱালী
অনলাইন মাধ্যম বা স্কুললৈ আহি শিক্ষা গ্ৰহণ কৰিব পাৰে৷ এই স্কুলত পঢ়াৰ বাবে এগৰাকী
শিক্ষাৰ্থীৰ নুন্যতম খৰচ হ’ব বছৰি ৭৫০০ ডলাৰ৷ আশা কৰা গৈছে আগন্তুক ২৷৩ বছৰৰ ভিতৰত
’আষ্ট্ৰা ন’ভা’ বিশ্বৰ প্ৰতিখন দেশৰ শিক্ষাৰ্থীৰ বাবে আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হ’ব৷
আমেৰিকাৰ প্ৰচলিত
শিক্ষা ব্যৱস্থাৰ প্ৰতি বিতশ্ৰদ্ধ হৈ এলন মাস্কৰ নতুন ধৰণৰ স্কুলৰ পৰা নিশ্চয় সেই দেশৰ
শিক্ষাৰ্থী সকল উপকৃত হ’ব৷ কিন্তু আমেৰিকাৰ তুলনাত ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতি তেনেই আঁওপুৰণি
বুলি ক’ব পাৰি৷ আমাৰ দেশৰ শিক্ষা পদ্ধতিত এনে ধৰণৰ চিন্তা চৰ্চা কেতিয়া হ’ব আৰু কেতিয়া
স্বদেশৰ নতুন প্ৰজন্মক ২০৩০ বা ২০৪০ চনৰ বাবে প্ৰস্তুত কৰিব পৰা যায় এয়া এক চিন্তনীয়
বিষয়৷
(দুৰভাষ নং ৯৮৬৪০৩৬১৪৩)
২৪ জানুৱাৰী, ২০২১ তাৰিখে সাদিন কাকতত প্ৰকাশ পালে
Comments
Post a Comment